“আমাৰ গাৱঁত ছোৱালীহঁতৰ বাবে কোনো নিৰাপত্তা নাই। সন্ধিয়া ৮ বা ৯ বজাৰ পাছত সিহঁত নিজৰ ঘৰৰ পৰা নোলায়।” পশ্চিম মেদিনীপুৰৰ কুৱাপুৰ নামৰ গাওঁখনৰ প্ৰসংগত শুক্লা ঘোষে ক’লে। “ছোৱালীবোৰে ভয় খাইছে। কিন্তু সিহঁতে বাধা দিয়া আৰু প্ৰতিবাদ সাব্যস্ত কৰাৰ প্ৰয়োজনীয়তাৰ কথাও অনুভৱ কৰিছে।”
কলিকতাৰ আৰ.জে. কৰ হস্পিতালত সংঘটিত প্ৰশিক্ষাৰ্থী যুৱতী চিকিৎসক এগৰাকীক নৃসংশভাৱে বলাৎকাৰ কৰি হত্যাকৰা ঘটনাৰ প্ৰতিবাদত যোৱা সপ্তাহত বৃহৎ সংখ্যাত গোটেই পশ্চিমবংগৰ চুকে কোণে থকা গাঁও আৰু মফচল চহৰবোৰৰ পৰা কলিকতালৈ অহা হাজাৰ হাজাৰ বনুৱা, কৃষক, কৃষি-শ্ৰমিকৰ মাজৰেই কুৱাপুৰৰ এই শ্ৰীমতী ঘোষ আৰু ছোৱালীবোৰ।
এই প্ৰতিবাদী সমদলটো মাৰ্চ ২১, ২০২৪ তাৰিখে চেণ্ট্ৰেল কলিকতাৰ কলেজ ষ্ট্ৰিটৰ পৰা আৰম্ভ কৰি শ্যাম বজাৰলৈ প্ৰায় ৩.৫ কিলোমিটাৰ দূৰত্ব সামৰি ওলাইছিল।
প্ৰতিবাদীসকলৰ দাবী সমূহৰ ভিতৰত আছিল মৃতকক তাৎক্ষণিক ন্যায় আৰু দোষীক উদাহৰণমূলক শাস্তি প্ৰদান, কলিকতাৰ আৰক্ষী অধীক্ষকৰ পদত্যাগ (এইটো চিকিৎসকসকলে সাব্যস্ত কৰা প্ৰতিবাদৰো এক দাবী) আৰু স্বাস্থ্য তথা পৰিয়াল কল্যাণ, আৰু গৃহ তথা পাৰ্বত্য পৰিক্ৰমাৰ দ্বায়িত্বও বহন কৰা মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ পদত্যাগ।












