ল’ৰাৰ দৰেই আপডাল কৰা ৰম্যাই পঞ্চম মানৰ পৰাহে নিজকে ছোৱালী হিচাপে চিনিব পাৰিছিল।
“মজলীয়া স্কুলত মই হাফ পেণ্ট পিন্ধিবলগীয়া হৈছিল আৰু মোৰ কৰঙন ওলাই থাকিছিল,” তেওঁ কয়। “ল’ৰাহঁতৰ লগত বহিবলগীয়া হোৱাত লাজ লাগিছিল।” এতিয়া ত্ৰিশ বছৰ বয়সৰ ৰম্যাই ৰঙা শাড়ী পিন্ধিছে আৰু দীঘলকৈ চুলি ৰাখিছে – নাৰী হিচাপে নিজকে আদৰি লৈছে।
ৰম্যাই চেংগালপট্টু জিলাৰ তিৰুপৰুৰ চহৰৰ সৰু আম্মান (দেৱী) মন্দিৰ পৰিচালনা কৰে। তেওঁৰ মাতৃ ভেংগম্মা তেওঁৰ কাষতে মজিয়াত বহি আছে। “সি (ৰম্যালৈ আঙুলিয়াই) সৰুৰে পৰা চুৰিদাৰ পিন্ধি ভাল পাইছিল, দৱানি (অৰ্ধ-শাড়ী) আৰু কাম্মাল (কাণফুলি) পিন্ধিছিল। আমি তাক ল’ৰা মানুহৰ নিচিনাকৈ থাকিবলৈ কৈছিলো। কিন্তু এনেকৈয়ে তেওঁ থাকিব বিচাৰিছিল,” ৰম্যাৰ ৫৬ বছৰ বয়সীয়া মাতৃয়ে কয়।
কান্নিয়াম্মা দেৱীৰ মন্দিৰটো বন্ধ থকা হেতুকে জন সমাগম নাই, আমাৰ কথা পতাত সুবিধা হৈছে। এইহাল মাক-জীয়েকৰ দৰে ইৰুলাৰ সম্প্ৰদায়ৰ লোকসকলে দিনৰ ভাগত দেৱী কান্নিয়াম্মাৰ উপাসনাৰ বাবে আহে।
ৰম্যা এই চাৰিজন ভাই-ভনীৰ মাজৰ এগৰাকী। ইৰুলাৰ সম্প্ৰদায়ৰ লোকেৰে ভৰা এইখন ঠাইতে তেওঁ ডাঙৰ-দীঘল হৈছিল। ইৰুলাৰসকল তামিলনাডুত বিশেষভাৱে বিপন্ন জনজাতীয় গোট (পিভিটিজি) হিচাপে তালিকাবদ্ধ। তেওঁৰ পিতৃ-মাতৃ সম্প্ৰদায়টোৰ আন লোকৰ দৰে কৃষিপাম, নিৰ্মাণ ছাইট আৰু মনৰেগা (মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ নিয়োগ নিশ্চিতি আইন)ৰ অধীনত ঋতুভিত্তিক শ্ৰমিকৰ কাম দিনে ২৫০ৰ পৰা ৩০০ টকা উপাৰ্জন কৰে।
“তেতিয়াৰ দিনত মানুহে তিৰুনাংগাই (ৰূপান্তৰিত মহিলাৰ বাবে তামিল ভাষাৰ অভিধা) সকলৰ কথা জনা নাছিল। সেয়ে মই ঘৰৰ পৰা ওলাই গ’লে চহৰত মানুহে বু বু-বা বা কৰিছিল,” ৰম্যাই কয়। “তেওঁলোকে কৈছিল ‘সিজনে ল’ৰাৰ পোছাক পিন্ধে, কিন্তু আচৰণবোৰ ছোৱালীৰ দৰে, ল’ৰা নে ছোৱালী বাৰু সিজন?’ এই কথাই মোৰ মনত আঘাত দিছিল।”























