“মোৰ ভয়ৰ কথা কিনো কম?মোৰ বুকুখন একেবাৰে কঁপি উঠে। মোৰ এনে লাগে যেন মই কেতিয়াবা মুকলি ঠাইলৈ গুচি যাম,’’ সুন্দৰবনৰ ঘন মেংগ্ৰোভ অৰণ্যত কেঁকোৰা ধৰিবলৈ যোৱা সময়ত হোৱা অনুভৱ সম্পৰ্কে এইদৰে কয় ৪১ বছৰীয়া কেঁকোৰা চিকাৰী আৰু মাছমৰীয়া পাৰুল হালদাৰে। জোপোহাৰ মাজত লুকাই থকা বাঘৰ আক্ৰমণৰ পৰা হাত সাৰিবলৈ কেঁকোৰা চিকাৰৰ বতৰত মেংগ্ৰোভ অৰণ্যৰ মাজত থকা নৈ আৰু জলাশয়বোৰেৰে অতি সন্তৰ্পণে তেওঁ নাও চলায়।
দক্ষিণ ২৪ পৰগনা জিলাৰ গোছাবা ব্লকৰ লক্ষবাগান গাঁৱৰ পাৰুলে নাওখন গৰাল নদীৰ ফালে ঘূৰাই অলপ দূৰৈৰ জালৰ বেৰখনলৈ চালে। বেৰখনৰ সিটো পাৰে মৰিচঝাপীৰ অৰণ্য, য’ত সাত বছৰ পূৰ্বে বাঘৰ হাতত প্ৰাণ হেৰুৱাইছিল তেওঁৰ স্বামী ইছৰ ৰঞ্জিত হাল্ডাৰে।
নাওখনৰ ছৈত বঠা থৈ পাৰুলে এখন্তেক জিৰালে। প্ৰচণ্ড গৰমকো নেওচি পাৰুলৰ মাক লখীয়ো জীয়েকৰ সৈতে নাওখনত উঠি ওলাই আহিছে। জীয়েকৰ দৰে ৫৬ বছৰীয়া লখীয়ো এগৰাকী মাছমৰীয়া।
ইছৰৰ লগত বিয়া হোৱাৰ সময়ত পাৰুলৰ বয়স আছিল মাত্ৰ ১৩ বছৰ। শহুৰেকহঁতৰ অৱস্থা ভাল নাছিল যদিও তেওঁলোকে কেতিয়াও দ হাবিত মাছ মাৰিবলৈ বা কেঁকোৰা মাৰিবলৈ যোৱা নাছিল। পাৰুলে মনত পেলাইছে, "মইয়েই তেওঁক বুজাই-বঢ়াই হাবিলৈ লৈ আহিছিলো।" "আৰু সোতৰ বছৰৰ পাছত, সেই হাবিতেই তেওঁ প্ৰাণ হেৰুৱালে।"
কথাখিনি মনত পৰা পাৰুল ক্ষন্তেক সময়ৰ বাবে স্তম্ভিত হৈ পৰিল। মৃত্যুৰ সময়ত ইছৰৰ বয়স আছিল ৪৫ বছৰ। তেতিয়াৰ পৰাই চাৰিগৰাকী ছোৱালী ডাঙৰ-দীঘল কৰাৰ দায়িত্ব অকল পাৰুলৰ মূৰৰ ওপৰত।
ঘৰ্মাক্ত দেহেৰে পাৰুল আৰু লখীয়ে আকৌ হাতত বঠা তুলি ল’লে। বৰ্তমান মাছ ধৰাৰ বাবে বন্ধ হৈ থকা অৰণ্যৰ পৰা নিৰাপদ দূৰত্বলৈ নাওখন লৈ গৈ থাকিল। মাছবোৰে যাতে শান্তিৰে প্ৰজনন কৰিব পাৰে তাৰ বাবে সুন্দৰবনৰ গভীৰত এপ্ৰিলৰ পৰা জুন মাহলৈকে মাছ ধৰা নিষিদ্ধ। মাছ ধৰাৰ বতৰ শেষ হ’লে পাৰুলে সাধাৰণতে নিজৰ পুখুৰীৰ মাছ বিক্ৰী কৰি ঘৰ চলাবলগীয়াত পৰে।
''আজিকালি বহু দুৰ্ঘটনা সংঘটিত হৈছে,’’ বিশ্বৰ একমাত্ৰ বাঘ বসতিপ্ৰধান মেংগ্ৰোভ অৰণ্য সুন্দৰবনত বাঘৰ আক্ৰমণৰ সন্দৰ্ভত এইদৰে কয় পাৰুলে। তেওঁ আৰু কয়, “আজিকালি বহু মানুহ অৰণ্যলৈ আহিবলৈ লৈছে, সেয়েহে এনে ঘটনাও বৃদ্ধি পাইছে। বন বিভাগে আমাক বনাঞ্চলত প্ৰৱেশ কৰিবলৈ নিদিয়াৰ অন্যতম কাৰণ এইটোৱেই।”
বিশেষকৈ মাছ ধৰা বতৰত সুন্দৰবনত বাঘৰ আক্ৰমণত মৃত্যু হোৱাটো অস্বাভাৱিক নহয়। ২০১৮ চনৰ পৰা ২০২৩ চনৰ জানুৱাৰী মাহৰ ভিতৰত চৰকাৰীভাৱে মাত্ৰ ১২ জন লোকৰ মৃত্যুৰ বাতৰি পোৱা গৈছে যদিও প্ৰকৃত সংখ্যা ইয়াতকৈ বেছি হোৱাৰ সম্ভাৱনা আছে, কিয়নো স্থানীয় লোকে আৰু বহু আক্ৰমণৰ বাতৰি প্ৰকাশ কৰিছে।
চৰকাৰৰ ষ্টেটাছ অৱ টাইগাৰছ প্ৰতিবেদন অনুসৰি, ২০১৮ চনৰ পিয়ল অনুসৰি ৮৮টা বাঘৰ বিপৰীতে ২০২২ চনত সুন্দৰবনত বাঘৰ সংখ্যা হৈছেগৈ ১০০টা।
*****
মাতৃৰ পৰা মাছ ধৰাৰ প্ৰশিক্ষণ লৈ ২৩ বছৰ বয়সৰ পৰাই মাছ ধৰাৰ কাম আৰম্ভ কৰিছিল পাৰুলে।
লখীয়ে সাত বছৰ বয়সৰ পৰাই নিজে মাছ ধৰিবলৈ আৰম্ভ কৰিছিল; আগতে দেউতাকৰ লগত হাবিলৈ গৈছিল। ২০১৬ চনত তেওঁৰ স্বামী ৬৪ বছৰীয়া সন্তোষ মণ্ডাল বাঘৰ আক্ৰমণৰ পৰা কথমপি ৰক্ষা পৰে।
"তেওঁৰ হাতত এখন ডেগাৰ আছিল, ডেগাৰেৰে বাঘটোৰ লগত যুঁজ দি বাচি আহিছিল। কিন্তু সেই ঘটনাৰ পিছত তেওঁৰ সাহস হেৰুৱালে, তেওঁ আৰু হাবিলৈ যাব নোখোজা হ’ল,’’ লখীয়ে কয়। কিন্তু লখীয়ে এৰি দিয়া নাছিল। স্বামীয়ে হাবিলৈ যোৱা বন্ধ কৰাৰ পিছত জীয়েক পাৰুল আৰু জোঁৱাই ইছৰৰ সৈতে তেওঁ হাবিলৈ গৈছিল; তেনেতে এদিন জোৱায়েক ইছৰেও বাঘৰ হাতত প্ৰাণ হেৰুৱালে।
“মই আন কাৰোবাৰ লগত হাবিলৈ যাবলৈ সাহস নকৰো। ময়ো পাৰুলক অকলে যাবলৈ নিদিওঁ। মই জীয়াই থকালৈকে তাইৰ লগত যাম,’’ লখীয়ে কয়। "অৰণ্যত কেৱল নিজৰ মানুহেহে ৰক্ষা কৰিব পাৰে।"
মাতৃ-কন্যা দুয়োগৰাকীয়ে পানীৰ ঢৌৰ তালে তালে কোনোধৰণৰ ইংগিত, আও-ভাও অবিহনেই সুন্দৰকৈ নাও চলাই গৈ থাকে। কেঁকোৰা আৰু মাছ ধৰাৰ বতৰ আৰম্ভ হ’লেই বন বিভাগৰ নাও ভাড়া কৰি হাবিৰ ভিতৰলৈ যাব পাৰি।
পাৰুলে দিনটোত ৫০ টকা ভাড়া দিব লাগে। সাধাৰণতে তেওঁলোকৰ লগত তৃতীয় এগৰাকী মহিলাও থাকে। তিনিওজনে কমেও ১০ দিন হাবিত থাকে। “আমি নাৱত শুওঁ, ৰান্ধো, খাওঁ। ভাত, দাইল, ড্ৰামত খোৱা পানী আৰু সৰু চৌকা এটা লৈ যাও৷ কোনো কাৰণতে আমি নাও এৰি নাযাও, আনকি শৌচ কৰিবলৈও নামি নাযাও,’’ পাৰুলে কয়। তেওঁ কয় যে শেহতীয়াকৈ বাঘৰ আক্ৰমণ বৃদ্ধি পোৱাৰ বাবেই এই সতৰ্কতা।
পাৰুলে আৰু কয়, “বাঘে আজিকালি নাৱত উঠি মানুহ টানি লৈ যায়। মোৰ নিজৰ স্বামীক নাৱতে আক্ৰমণ কৰিছিল বাঘে।”
সেই দহদিন মাছ ধৰাৰ সময়ছোৱাত ধুমুহাময় বতৰতো মহিলাকেইগৰাকী নাওতে থাকে। "নাওখনৰ এটা চুকত মানুহ, এটা চুকত কেঁকোৰা, আৰু আনটো চুকত ৰন্ধা-বঢ়াৰ কাম চলে," লখীয়ে আৰু ক'লে।
হাবিত সঘনাই যাবলৈ বাধ্য হোৱা পুৰুষসকলৰ দৰে সুন্দৰবনৰ ছোৱালী-মহিলাসকলেও বাঘৰ মুখত পৰাৰ ভয় লৈয়েই মাছ মাৰিবলৈ যায়। ইয়াৰ মাজতে বাঘ-মানৱৰ সংঘাতৰ হটস্পট হিচাপে পৰিচিত সুন্দৰবনত কিমানগৰাকী মহিলা বাঘৰ চিকাৰ হৈছে তাৰ কোনো তথ্য নাই।
“লিপিবদ্ধ হোৱা মৃত্যুৰ অধিকাংশই পুৰুষৰ। মহিলাও বাঘৰ মুখত পৰে যদিও ইয়াৰ তথ্য সংগ্ৰহ হোৱা নাই। ছোৱালী-মহিলাও নিশ্চয় অৰণ্যলৈ যায়, কিন্তু পুৰুষতকৈ কম,’’ এইদৰে কয় ক্ষুদ্ৰ মাছমৰীয়া ৰাষ্ট্ৰীয় মঞ্চৰ আহ্বায়ক প্ৰদীপ চট্টোপাধ্যায়ে। বনাঞ্চলৰ কিমান ওচৰত মানুহৰ বসতি আছে সেয়া এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হৈ পৰে। বনাঞ্চলৰ পৰা দূৰৈৰ গাঁৱত বাস কৰা ছোৱালীবোৰ সাধাৰণতে হাবিলৈ নাযায়। লগতে তেওঁলোকৰ লগত ছোৱালী বেছি হ’লেহে যায়।
২০১১ চনৰ লোকপিয়ল অনুসৰি লাক্সবাগানৰ পাৰুল আৰু লখিৰ গাঁৱৰ মুঠ জনসংখ্যা ৪,৫০৪ জন; ইয়াৰে ৪৮% মহিলা। গাঁৱৰ পৰা মাত্ৰ পাঁচ কিলোমিটাৰ দূৰত থকা মৰিচঝাংগী হাবিলৈ যোৱা যুৱতী-মহিলা প্ৰতিটো ঘৰতে আছে।
বজাৰত কেঁকোৰাৰ দাম বেছি হোৱাটোও এই দুঃসাহসিকতাৰ অন্যতম কাৰণ। "মাছ বিক্ৰী কৰিলে বেছি উপাৰ্জন নহয়। মোৰ মূল টকা কেঁকোৰাৰ পৰা আহে। হাবিলৈ গ’লে দিনটোত ৩০০-৫০০ টকা পৰ্যন্ত উপাৰ্জন কৰো,’’ পাৰুলে কয়। ডাঙৰ কেঁকোৰা প্ৰতি কিলোত ৪০০-৬০০ টকাত বিক্ৰী হয়, আনহাতে সৰু কেঁকোৰাৰ দাম প্ৰতি কিলোত ৬০-৮০ টকালৈ বৃদ্ধি পায়। তিনিজনী ছোৱালীয়ে এবাৰ হাবিলৈ গৈ ধৰা মুঠ কেঁকোৰাৰ পৰিমাণ ২০-৪০ কিলোগ্ৰাম পৰ্যন্ত হ’ব পাৰে।
*****
বাঘৰ ভয়ৰ বাহিৰেও কেঁকোৰাৰ সংখ্যা হ্ৰাস পাবলৈ লোৱাতোও সুন্দৰবনত কেঁকোৰা চিকাৰীৰ বাবে আন এটা ডাঙৰ সমস্যা হিচাপে দেখা দিছে। “আজিকালি অধিক সংখ্যক লোক হাবিলৈ কেঁকোৰা ধৰিবলৈ আহিছে। আগতে বহু কেঁকোৰা পোৱা গৈছিল, এতিয়া কেঁকোৰা বিচাৰিবলৈ আগতকৈ বহু সময় লাগে,’’ পাৰুলে কয়।
কেঁকোৰাৰ সংখ্যা কমি অহাৰ লগে লগে পাৰুলৰ দৰে মাছমৰীয়াই হাবিৰ গভীৰতালৈ যাবলৈ বাধ্য হয়, য’ত বাঘৰ আক্ৰমণৰ আশংকা বেছি।
প্ৰদীপ চট্টোপাধ্যায়ে জনোৱা মতে অঞ্চলটোৰ মাছমৰীয়াসকলে পৰ্যাপ্ত পৰিমাণৰ মাছ আৰু কেঁকোৰাৰ সন্ধানত মেংগ্ৰোভ বনাঞ্চলৰ গভীৰলৈ সোমাই গৈছে, য’ত স্বাভাৱিকতে বাঘৰ সৈতে সংঘাতত লিপ্ত হয়। তেওঁৰ ভাষাত, "বন বিভাগ কেৱল বাঘ সংৰক্ষণত ব্যস্ত। কিন্তু মাছ বচাব নোৱাৰিলে বাঘ বচাব নোৱাৰি। নদীত মাছ বাঢ়িলে মানুহ-বন্যপ্ৰাণীৰ সংঘাতো কমি যাব।’’
নদীৰ পৰা উভতি অহাৰ পিছত পাৰুলে দুপৰীয়াৰ আহাৰ বনোৱাত ব্যস্ত হৈ পৰে। পুখুৰীৰ মাছখিনি কুটি-বাচি ৰান্ধি এফালে ভাত বাঢ়ে, আনফালে আমৰ চাটনিত চেনি মিহলাই লয়।
কেঁকোৰা খাবলৈ পাৰুলে ইমান ভাল নাপায়। মাক লখীয়েও দুই এটা কথা কৈ গৈছে। "মই কেঁকোৰা নাখাওঁ, মোৰ ছোৱালীয়েও নাখায়," লখীয়ে ক'লে। কেঁকোৰা কিয় নোখোৱাৰ কোনো বিশেষ কাৰণ নাই যদিও অঘটনৰ কথাকেই আকাৰে-ইংগিতে ক’বলৈ চেষ্টা কৰিলে। হয়তো জোৱায়েক ইছৰৰ মৃত্যুৰ সৈতে ইয়াৰ কোনো কাৰণ লুকাই আছে।
পাৰুলৰ চাৰিগৰাকী কন্যা পুষ্পিতা, পাৰমিতা, পাপিয়া আৰু পাপৰিৰ কোনো এগৰাকীয়েই হাবিত কাম কৰিবলৈ নাযায়। পুষ্পিতা আৰু পাপিয়াই পশ্চিম বংগৰ অন্যান্য জিলাত ঘৰুৱা সহায়িকা হিচাপে কাম কৰাৰ বিপৰীতে পাৰমিতাই বাংগালুৰুৰ এটা ব্যক্তিগত সংস্থাত কাম কৰে। সৰু ১৩ বছৰীয়া পাপৰি গাঁৱৰ ওচৰৰ হোষ্টেলত থাকে। কিন্তু তাই অসুস্থ হৈ আছে। “পাপৰিৰ টাইফয়েড, মেলেৰিয়া হৈছে। তাইৰ চিকিৎসাৰ বাবে মই ১৩ হাজাৰ টকা খৰচ কৰিছো। হোষ্টেলৰ ভাৰাৰ বাবেও মাহে ২০০০ টকা দিব লাগে,’’ পাৰুলে কয়।
পাৰুল নিজেই অসুস্থ। বুকুৰ বিষৰ বাবে এই বছৰ মাছ ধৰিবলৈ বা কেঁকোৰা চিকাৰ কৰিবলৈ যাব পৰা নাই। এতিয়া কন্যা পাৰমিতাৰ সৈতে মাজে-সময়ে বাংগালুৰুত থাকে।
''কলকাতাৰ এজন চিকিৎসকে কেইবাটাও এম আৰ আই স্কেন বিচাৰিছিল, সকলোবোৰৰ বাবে ৪০ হাজাৰ টকা খৰচ হৈছিল। মোৰ হাতত ইমান টকা নাই,’’ তেওঁ কয়। গতিকে তেওঁ দাক্ষিণাত্যৰ চহৰখনলৈ যোৱাৰ সিদ্ধান্ত ল’লে, তাতেই কন্যা আৰু জোঁৱায়েক দুয়ো ব্যক্তিগত কোম্পানীত কাম কৰে। বাংগালুৰুত ডাক্তৰৰ ওচৰলৈকো গৈছিল পাৰুল, ডাক্তৰে ঔষধ লিখি দি ছমাহৰ বাবে জিৰণি ল’বলৈ কৈছিল।
“মই ভাবো বুকুৰ বিষটো আৰম্ভ হৈছিল সকলো সময়তে ভয় খাই থকাৰ পৰা, বিশেষকৈ হাবিলৈ যোৱাৰ সময়ত। মোৰ স্বামীক বাঘে খাইছিল, দেউতাকো বাঘে আক্ৰমণ কৰিছিল। হয়তো এই কাৰণেই বুকুখন বিষায়,’ পাৰুলে কয়।
অনুবাদ: ধ্ৰুৱজ্যোতি ধনন্তৰি