“মদৰ নিচাত ভোক কি আৰু বহুত কিবাকিবি পাহৰিবলৈ সহজ,” ঝাৰগ্ৰাম জিলাৰ চিংধুই গাঁৱৰ বাসিন্দা ৰবীন্দ্ৰ ভুঞাই কয়।
সবৰ আদিবাসী সম্প্ৰদায়ৰ (পশ্চিমবংগত সৱৰ হিচাপে তালিকাভূক্ত) ভুঞাই পঞ্চাশৰ দেওনা গৰকিছে। মুণ্ডা জনজাতীয় সম্প্ৰদায়ৰ সবৰসকলে ভাৰতৰ পূব ভাগত বাস কৰে, তেওঁলোকক সাওৰা, সোৰা, সবৰ আৰু সুৰি আদি নামেৰে জনা যায়। লোধা সবৰসকল ঘাইকৈ পশ্চিম মেদিনীপুৰ (অবিভক্ত), আৰু খাৰিয়া সবৰসকল পুৰুলিয়া, বাংকুৰা আৰু পশ্চিম মেদিনীপুৰ (অবিভক্ত)ত অধ্যূষিত।
মহশ্বেতা দেৱীৰ দা বুক অৱ দা হাণ্টাৰ (প্ৰথম বাংলা ভাষাত ১৯৯৪ত ব্যাধখণ্ড নামে প্ৰকাশিত)ত এই সম্প্ৰদায়টোৰ উপান্তকৰণ আৰু দাৰিদ্ৰ্যৰ কবলত পৰি হোৱা দুৰ্দশাগ্ৰস্ত অৱস্থাৰ বিষয়ে কোৱা হৈছে। কেবাটাও দশক পাৰ হৈ গ’ল, কিন্তু বিশেষ একো পৰিৱৰ্তন দেখা নগ’ল। লিভিং ৱৰ্ল্ড অৱ দা আদিবাসিজ অৱ ৱেষ্ট বেংগল শীৰ্ষক ২০২০ৰ এক প্ৰতিবেদনত উল্লেখ যে “সমীক্ষাত সামৰি লোৱা গাওঁবোৰৰ ৬৭ শতাংশই বুভুক্ষ অৱস্থাত আছে।”
ওঠৰশ শতিকাৰ দ্বিতীয় ভাগত এই সম্প্ৰদায়টোক ব্ৰিটিছ প্ৰশাসনে ‘অপৰাধী জনজাতি’ বুলি তালিকাভূক্ত কৰিছিল, তেওঁলোকক ডিন’টিফাই কৰা হৈছিল ১৯৫২ত। পাৰম্পৰিকভাৱে চিকাৰী জনজাতি সবৰসকলে অৰণ্যত ফল-মূল, পাত আদি সংগ্ৰহ কৰাৰ লগতে পশু-পক্ষী চিকাৰ কৰাত পাকৈত আছিল। দেশ স্বাধীন হোৱাৰ পিছত একাংশক খেতি কৰিবলৈ মাটি দিয়া হ’ল ঠিকেই, কিন্তু তাৰে বেছিভাগেই আছিল শিলাময় অনুৰ্বৰ মাটি। সেয়ে তেওঁলোকে খেতি এৰি প্ৰব্ৰজিত শ্ৰমিক হিচাপে কাম কৰিবলৈ ল’লে। ডিন’টিফাই হোৱা স্বত্ত্বেও তেওঁলোকে এই সামাজিক কালিমাৰ প্ৰতিদিনে মুখামুখি হ’বলগীয়া হয়। স্থানীয় আৰক্ষী আৰু বন বিভাগৰ লোকে তেওঁলোকৰ গতিবিধি নিয়ন্ত্ৰণত ৰাখে, তেওঁলোকৰ অনুগ্ৰহত এই সম্প্ৰদায়ৰ লোকসকল চলিবলগীয়া হয়।
জীৱিকা উপাৰ্জনৰ নিচেই সীমিত সুবিধা থকা মেদিনীপুৰ আৰু ঝাৰগ্ৰাম জিলাত সবৰ সম্প্ৰদায়ৰ লোকসকলৰ মাজত অন্নৰ নাটনিৰ কথা বুজিব পাৰি। ভুঞাৰ দৰে বহুতেই তেওঁলোকৰ ভোক মদেৰে নিবাৰণ কৰে, নাইবা “দিনটোত তিনিবাৰ আমি পঁইতা ভাত খাও। তেনেকৈয়ে আমি জীয়াই থাকো,” বংকিম মালিকে কয়। তপোবন গাঁৱৰ ৫৫ বছৰ বয়সীয়া মালিকে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনত পৰিয়ালৰ প্ৰতিজন সদস্যই প্ৰতি মাহে গাইপতি পোৱা পাঁচ কিলোগ্ৰাম চাউলৰ কথা কৈছে। “নিমখ বা তেল তাৰ লগত থকাটো বিলাসিতাৰ কথা।” জৰাজীৰ্ণ নিজ ঘৰটোৰ আগত বহি তেওঁ পঁইতা ভাত খাইছে।























