নিত্যযাত্ৰীৰ গিজগিজনি আৰু চিঞৰ-বাখৰত আন্ধেৰীৰ সন্ধিয়াটোৰ আন্ধাৰখিনি ভাগিছে। তেওঁলোকে ট্ৰেইনখনত য’ত যেয়ে যেনেকৈ পাৰে তেনেকৈ ধৰি যাত্ৰা কৰাৰ চেষ্টা কৰিছে, কোনোবাই দুৱাৰৰ হেণ্ডেলতে ধৰিছে, কোনোবাই কাৰোবাৰ বাহুতে ধৰি যাব বিচাৰিছে। মানুহেৰে গিজগিজাই থকা ৰেলখনত সকলোৱে হেঁচা-ঠেলা কৰিছে, উৎসুকতাৰে ইফালে-সিফালে চাইছে, ক’ৰবাত কিজানি বহিবলৈ চুক এটা পায়েই। কোনোৱে অনুৰোধ কৰিছে, কোনোৱে তৰ্ক। কিছুমানে আকৌ ইতিমধ্যে বহি থকাজনক ঠেলি অকণমান ঠাই ওলায় নেকি চাইছে।
তেনেই এজাক নিত্যযাত্ৰীক ঠেলি-হেঁচি নিজৰ ঠাই উলিয়াই লৈছে ৩১ বছৰীয়া কিষণ যোগী আৰু তেওঁৰ দহ বছৰীয়া জীয়াৰী ভাৰতীয়ে, পিন্ধনত তাইৰ সাগৰ-নীলা ৰাজস্থানী স্কাৰ্ট আৰু ব্লাউজ। ৱেষ্টাৰ্ন চাবআৰ্ব লাইনত ৭ বজাৰ মুম্বাই ল’কেল ট্ৰেইনখন তেওঁলোক দুজনৰ বাবে পঞ্চমখন ট্ৰেইন, য’ত দেউতাক-জীয়াৰীয়ে দ্বৈত পৰিৱেশনৰ বাবে সাজু হৈছে।
ট্ৰেইনখন চলিবলৈ ধৰে মানে আৰু যাত্ৰীবোৰ থান-থিত লাগে মানে কিষণৰ সাৰংগীৰ সুৰৰ লহৰে পৰিৱেশটো গহীন কৰি পেলাইছে।
“তেৰি আখে ভুল ভুলইয়া...বাতে হে ভুল ভুলইয়া...”
তেওঁ সোঁহাতখনেৰে বৰ সুন্দৰকৈ ৰেপনীখনেৰে তিনিডাল গুণত খৰকৈ ৰেপিছে। সুন্দৰ এক সংগীতৰ লহৰ সৃষ্টি হৈছে। তন্ত্ৰী বাদ্যযন্ত্ৰবিধৰ আনটো মূৰত এটা সৰু চাউণ্ড চেম্বাৰ আছে, সেই ফালটো তেওঁ নিজৰ বুকু আৰু বাহুৰ মাজত ৰাখিছে। তেওঁ যিদৰে ২০২২ৰ জনপ্ৰিয় ভুল ভুলইয়া গীতটি বজাইছে, গীতটি আৰু বেছি মৰ্মস্পৰ্শী হৈ পৰিছে।
দবাটোত বহি থকা কেইগৰাকীমানে মূৰ তুলি চাইছে আৰু সেই সুমধুৰ সুৰ শুনিছে। কিছুমানে ফোন উলিয়াই লৈ তেওঁৰ ভিডিঅ’ ৰেকৰ্ডিং কৰিছে। কিছুমানে ইষৎ হাঁহিছে। কিন্তু যাত্ৰীবোৰ আকৌ ফোনত ব্যস্ত হৈ পৰিছে, এয়াৰপ্লাগ লগাই লৈছে। কণমানি ভাৰতীয়ে তেওঁলোকক হেচুকি দি পইচা বিচাৰি কম্পাৰ্টমেণ্টটোত ঘূৰিছে।










