সিদ্দুৱে যাব বিচাৰিছিল পঢ়াশালীলৈ। কিন্তু মাক-দেউতাকে তেওঁক দায়িত্ব দিলে ৫০ টা ভেড়া চৰোৱাৰ। তেওঁৰ পৰিয়াল আৰু বন্ধুবৰ্গৰ দৰে তেঁৱো বংশপ্ৰদত্ত ভেড়াচালকৰ জীৱিকাকে আদৰি লোৱাটো পৰিয়ালে বিচাৰিছিল, সেয়ে তেওঁ স্কুললৈ যোৱা নহ’ল।
গাৱড়ে মহাৰাষ্ট্ৰৰ ধনগৰ সম্প্ৰদায়ৰ। যাযাবৰ এই জনগোষ্ঠীৰ লোকে ভেড়া আৰু ছাগলী পালন কৰে। তেওঁলোকে ঘৰৰ পৰা শ কিলোমিটাৰ পৰ্যন্ত দূৰত বাহৰ পাতি থাকি পশুধন চৰায়। ছমাহৰো বেছি কাল তেওঁলোকে তেনেদৰে ঘৰৰ পৰা বাহিৰত থাকে।
এবাৰ ঘৰৰ পৰা এশ কিলোমিটাৰ মান দূৰৰ উত্তৰ কৰ্ণাটকৰ কাৰ্দগা গাঁৱত ভেড়া চৰাই থাকোতে তেওঁ লগৰীয়া ভেড়াৰখীয়াক কপাহী সূতা ফুৰাই থকা দেখিলে। “দেখি মোৰ মনত আগ্ৰহ জন্মিল।” কপাহী সূতা ব্যৱহাৰ কৰি জ্যেষ্ঠ ধনগৰ ভেড়াৰখীয়াই কেনেদৰে জালি (ঘূৰণীয়া মোনা) তৈয়াৰ কৰি উলিয়াইছিল, বনাই গৈ থাকোতে বগা সূতাবোৰৰ ৰং মুগা হৈ পৰিছিল।
এনেকৈয়ে তেওঁৰ এই পৰম্পৰাগত সামগ্ৰীবিধ নিৰ্মাণৰ যাত্ৰা আৰম্ভ হৈছিল আৰু আজি ৭৪ বছৰ ধৰি তেওঁ এই কাম কৰি আহিছে।
জালি হৈছে হাতেৰে বোৱা এবিধ কপাহী কাপোৰৰ বেগ, কান্ধত ওলমাই লোৱা হয়। “ভেড়া চৰাবলৈ যোৱা সময়ত প্ৰতিটো ধনগৰ সম্প্ৰদায়ৰ লোকে এই জালি বেগ লৈ ওলায়,” সিদ্দুৱে কয়। “এই বেগটোত কমেও ১০ খন ভাখৰি আৰু কেইজোৰামান কাপোৰ ধৰে। বহু ধনগৰে ইয়াত তামোল-পান আৰু চূণো ৰাখে।”
এই মোনাটো বনোৱাৰ কৌশল এইটোৱে যে তেওঁলোকে কোনোধৰণৰ স্কেল বা ফিটা ব্যৱহাৰ নকৰে যদিও জোখটো সদায়েই একেটাই হয়। “এয়া হাতৰ তলুৱা আৰু চাৰি আঙুল জোখৰ হ’ব লাগে,” সিদ্দুৱে কয়। তেওঁ বনোৱা এটা এটা জালি অতিকমেও ১০ বছৰ চলে। “বৰষুণত ভিজিব নালাগে। আকৌ এন্দুৰ-নিগনিয়ে কুটি বৰ ভাল পায়, সেয়ে অলপ যতনেৰে ৰাখিব লাগে।”
এতিয়া কাৰ্দগাত কপাহী সূতা ব্যৱহাৰ কৰি জালি বনাব পৰা খেতিয়ক কেৱল সিদ্দুৱেই আছে। “কানাড়া ভাষাত ইয়াক জালগি বুলি কোৱা হয়,” তেওঁ কয়। কাৰ্দগাখন আছে মহাৰাষ্ট্ৰ-কৰ্ণাটকৰ সীমান্তৰ বেলাগাভি জিলাৰ চিকোৰি (চিক্কোৰি বুলিও কয়) তালুকত। গাওঁখনত প্ৰায় ৯,০০০ মান মানুহ আছে, তেওঁলোকে মাৰাঠী আৰু কানাড়া দুয়োটা ভাষাই ক’ব পাৰে।
শৈশৱত সিদ্দুৱে সূতা (কপাহী সূতা) অনা ট্ৰাকবোৰৰ কাৰণে ৰৈ থাকিছিল। “বতাহত সূতাবোৰ ট্ৰাকৰ পৰা উৰি যায় আৰু মই সেয়া সংগ্ৰহ কৰো,” তেওঁ কয়। সেই সূতাবোৰেৰে পেচ কেনেকৈ দিয়ে, সেয়া তেওঁ নিজে চেষ্টা কৰি চাইছিল। “কোনেও মোক জালি বনোৱা কাম শিকোৱা নাই। ডাঙৰবোৰে বনোৱা চাই চাই মই শিকিছো।”
প্ৰথম বছৰটোত সিদ্দুৱে সূতাবোৰ মেৰিয়াবলৈ যত্ন কৰিছিল আৰু গাঁঠি দিবলৈ চাইছিল। “শেষত, কেবাশ কিলোমিটাৰ মোৰ ভেড়া আৰু কুকুৰটোৰ সৈতে গৈ গৈ এই জটিল কামটো শিকিছো,” তেওঁ কয়। “কৌশলবিধ হৈছে কেনেকৈ সমান সমান আকাৰৰ পেচ দি ঘুৰণীয়া আকাৰ এটা দিব পাৰি। গোটেই জালিটো হোৱালৈকে জোখবোৰ একে ৰাখিব লাগে, লগতে আকৃতিও,” পেচ দিবলৈ বেজীৰ প্ৰয়োজন নোহোৱা শিল্পীজনে কয়।
পাতল সূতাৰে ভালকৈ গাঠিব নোৱাৰে। সেয়ে তেওঁ প্ৰথমে কেইডালমান সূতা মিলাই ডাঠ কৰি লয়। এইটো কামত তেওঁক ২০ ফুট দীঘল সূতাৰ প্ৰয়োজন হয়। তেওঁ সেই সূতাখিনি পৰম্পৰাগত কাঠৰ এবিধ টাকুৰীত (মাৰাঠী টাকলি বা ভিংগ্ৰী বুলি কয়) ফুৰাই লয়। টাকলি হৈছে কাঠৰ এডাল দীঘল সঁজুলি, ২৫ চেণ্টিমিটাৰ দীঘল। এটা মূৰে বেংচটাৰ দৰে আকৃতি এটা থাকে।
তেওঁ তাৰপিছত এই ৫০ বছৰ পুৰণি বাবুল কাঠৰ টাকলিডাল তেওঁৰ বাওঁভৰিখনত লগাই লৈ সেইডাল ক্ষীপ্ৰগতিত ঘূৰাবলৈ ধৰিলে। সেইডাল নৰখোৱাকৈয়ে তেওঁ টাকলিডাল তেওঁৰ বাওঁহাতেৰে দাঙি লৈ তাত সূতা ফুৰাবলৈ আৰম্ভ কৰে। “সূতা ডাঠ কৰাৰ এয়া পৰম্পৰাগত পদ্ধতি,” তেওঁ কয়। ২০ ফুট দীঘল সূতা মেৰিয়াবলৈ তেওঁক প্ৰায় দুঘণ্টা লাগে।
সিদ্দুৱে এই পদ্ধতিৰেই কাম কৰি আহিছে। কিয়নো ডাঠ সূতা কিনিবলৈ পইচা বেছি লাগে। “ তীন পাদাৰ চা কাৰৱা লাগটে (ডাঠ সূতাডাল বনাবলৈ তিনিডাল সূতা লাগে)।” কিন্তু ভৰি আৰু টাকলিৰ মাজত ঘঁহনি খাই ছাল জ্বলে। “ মাগ কাই হতাই, দন দিৱস আৰাম কাৰাযাচা (তেতিয়া আৰু কি, দুটা দিনৰ বাবে জীৰাই লওঁ,” তেওঁ হাঁহি মাৰি কয়।
এতিয়া আৰু টাকলি বিচাৰি পাবলৈ টান হৈছে, সিদ্দুৱে কয়। “নতুন বাঢ়ৈবোৰে বনাব নাজানে।” সত্তুৰৰ দশকত তেওঁ ৫০ টকাত সেইডাল গাঁৱৰ এজন বাঢ়ৈৰ পৰা কিনি আনিছিল। তেতিয়া সেইখিনি পইচাও বহুত আছিল। কিয়নো এক টকাত ভাল জাতৰ চাউল এক কিলোগ্ৰাম তেতিয়া পোৱা গৈছিল।
জালি এটা বনাবলৈ তেওঁ দুই কিলোগ্ৰাম কপাহী সূতা কিনিব লাগে। সূতা কিমান মোটা, সেইটোৰ ওপৰত নিৰ্ভৰ কৰি তেওঁ কেইডালমান সূতা মেৰিয়াবলৈ লয়। এটা বছৰ আগলৈকে তেওঁ ঘৰৰ পৰা ন কিলোমিটাৰ দূৰৰ ৰেন্দাল গাঁৱৰ পৰা সূতা কিনিছিল। “এতিয়া আমাৰ গাঁৱতে পায়, গুণগত মানৰ ওপৰত নিৰ্ভৰ কৰি এক কিলোগ্ৰামত ৮০ৰ পৰা ১০০ টকা লাগে।” ৯০ৰ দশকৰ শেষৰফালে সেই একেখিনি সূতাৰে দাম আছিল ২০ টকা আছিল আৰু তেওঁ প্ৰায় ২ কিলো কিনিছিল।
জালি বনোৱা শিল্পবিধ পৰম্পৰাগতভাৱে পুৰুষৰ হাতত আছিল যদিও তেওঁৰ পত্নী মায়াব্বাই তেওঁক সুতাবোৰ মোটা কৰি লোৱাত সহায় কৰিছিল। “তেওঁ আছিল পাকৈত শিল্পী,” সিদ্দুৱে মনত পেলায়। ২০১৬ত বৃক্ক বিকল হৈ মায়াব্বাৰ মৃত্যু ঘটে। “তেওঁ ভুল চিকিৎসাৰ চিকাৰ হৈছিল। আমি হাপানিৰ চিকিৎসাৰ বাবে গৈছিলো আৰু দৰৱৰ পাৰ্শ্চক্ৰিয়া ইমানেই বেছি আছিল যে তেওঁৰ বৃক্ক বিকল হৈ গ’ল,” তেওঁ কয়।
তেওঁৰ পত্নীৰ দৰে কিছুমানে ভেড়া চৰোৱা আৰু ঊণসূতা বনোৱা কামটো ভালকৈ শিকি লৈছিল, সিদ্দুৱে কয়। ধনগৰসকলে সেই সূতাবোৰ চাংগাৰসকলক দিছিল। তেওঁলোকে তাঁতশালত বহি সেই সূতাৰ পৰা ঘোংগৰি (ঊণৰ কম্বল) বই উলিয়াইছিল।
গ্ৰাহকে যিধৰণে বিচাৰে, আৰু হাতত থকা সময় অনুসৰি সিদ্দুৱে সূতাবোৰ মোটা কৰে, বা ক্ষীণ কৰে। তাৰপিছত তেওঁ আগবাঢ়ে আটাইতকৈ জটিল কামটোলৈ। সেয়া হৈছে আঙুলিৰে জালিটো বোৱা কাম। তেওঁ ক্ষীপ্ৰতাৰে চোঁচনি গাঁঠি মাৰি যায়। তেওঁ এটা মোনাৰ বাবে সমান সমান ব্যৱধানত ২৫ ডাল সূতাৰ গাঁঠি মাৰে।
“আটাইতকৈ টান কামটো হৈছে আৰম্ভ কৰাটো আৰু বৃত্তাকাৰ ৰূপ দিয়াটো।” গাওঁখনৰ ২-৩ জন ধনগৰে জালি বনাবলৈ জানে, কিন্তু “তলিখনৰ ঘূৰণীয়া আকাৰ দিবলৈ কষ্ট পায়। সেয়ে বনাবলৈ এৰিছে।”
সিদ্দুক এই বৃত্তাকাৰ ৰূপ দিয়া কামটোত ১৪ ঘণ্টা সময় লাগে। “ভুল কৰিলে গোটেই প্ৰক্ৰিয়াটো পুনৰাই কৰিব লাগিব।” জালি এটা বনাবলৈ অতিকমেও ২০ দিন সময় লাগে, যদিহে সিদ্দুৱে দিনে কমেও ৩ ঘণ্টা সময় কামটোত দিব পাৰে। তেওঁ ৬০ ঘণ্টাত ৩০০ ফুট দীঘল সূতাৰ গাঁঠি মাৰে, প্ৰতিটো গাঠিৰে জোখ সমান হয়। সিদ্দুৱে এতিয়া বেছিভাগ সময় খেতিত কটায়। তাৰ মাজতে জালি বনাবলৈ সময় উলিয়ায়। যোৱা সাতটা দশকত তেওঁ ভালেকেইজন ধনগৰ লোকৰ বাবে ১০০ টাৰো অধিক জালি বনাইছে। এই কামত তেওঁৰ ৬,০০০ ঘণ্টা খৰছ কৰিছে, তেনেকৈয়ে তেওঁ নিপুণ হৈ উঠিছে।
সিদ্দুৱে সদায় বগা পাগুৰি এটা পিন্ধে বাবে সেই ঠাইত তেওঁক পাটকৰ মাহতাৰা (পাগুৰি পিন্ধা বুঢ়া মানুহ) বুলিও কয়।
বয়স বঢ়া স্বত্ত্বেও তেওঁ মহাৰাষ্ট্ৰৰ সোলাপুৰ জিলাৰ পান্ধাৰপুৰ চহৰৰ বিথোৱা মন্দিৰত পতা ৱাৰি উৎসৱৰ বাবে যোৱা ন বছৰ ধৰি প্ৰতিবছৰে ৩৫০ কিলোমিটাৰ বাট খোজকাঢ়ি যায়। মহাৰাষ্ট্ৰ আৰু উত্তৰ কৰ্ণাটকৰ কেইখনমান জিলাৰ ভক্তসকলে আহাৰ আৰু কাতি মাহত (দেৱালীৰ পিছত) দল বান্ধি তালৈ যায়। তেওঁলোকে ভক্তিমূলক গীত যেনে অভং আৰু তুকাৰাম, জ্ঞানেশ্বৰ আৰু নামদেৱৰ ভক্তিগীত গাই তালৈ যাত্ৰা কৰে।
“মোক বাহন নালাগে। বিথোৱা আহে মাঝেচবাত। কাহিহী হোত নাহি (বিথোৱাৰ মোৰ প্ৰতি কৃপাদৃষ্টি আছে, একো সেয়ে মোৰ একো নহয়),” তেওঁ কয়। পান্ধাৰপুৰৰ ভিত্থাল-ৰুক্মিনী মন্দিৰ পাবলৈ তেওঁক ১২ দিন লাগিছিল। মাজতে বিশ্ৰাম লোৱা সময়খিনি তেওঁ কপাহী সূতাৰে জালি গাঁঠিবলৈ লয়।
সিদ্দুৰ পিতৃ প্ৰয়াত বালুয়েও জালি বনাইছিল। জালি বনোৱা শিল্পী এতিয়া নোহোৱা হোৱাত ধনগৰসকলে আজিকালি কাপোৰৰ বেগ কিনা কৰিছে। “যিমানখিনি সময় আৰু সামগ্ৰী খৰছ হয়, এতিয়া আৰু এইবিধ কাম কৰি থাকিব নোৱাৰা হৈছো,” সিদ্দুৱে কয়। তেওঁ সূতাৰ নামত ২০০ টকা খৰছ কৰে আৰু জালিটো বনাই উঠি বিক্ৰী কৰিলে দাম পায় ২৫০ৰ পৰা ৩০০ টকা। “ কাহিহি উপয়োগ নাহি (এই কামটো কৰাৰ একো অৰ্থ নাইকিয়া হৈছে),” তেওঁ কয়।
তেওঁৰ তিনিগৰাকী পুত্ৰ আৰু এগৰাকী জীয়ৰী আছে। ৫০ বছৰীয়া মাল্লাপা আৰু ৩৫ বছৰীয়া কাল্লাপাই ভেড়া চৰোৱা কাম এৰি দুয়োজনে গাইপতি এক একৰ মাটিত খেতি কৰিবলৈ লৈছে। ৪৫ বছৰীয়া বালুও এগৰাকী খেতিয়ক আৰু তেওঁ নিজৰ ৫০ টা ভেড়াৰ জাকটো লৈ দূৰ-দূৰণিলৈ যায়। সিদ্দুৰ জীয়ৰী ৩০ বছৰীয়া চানা এগৰাকী গৃহিণী।
তেওঁৰ কোনো এজন পুতেকে এইবিধ কলা নিশিকিলে। “সিহঁতে নিশিকিলে, চেষ্টাও কৰি নাচালে। এবাৰো মন দি কামটো কেনেকুৱা চাই লওঁ, সেয়াও নকৰিলে,” একে উশাহতে তেওঁ কয়। মানুহে বৰ মনযোগেৰে তেওঁৰ কাম চায়, কিন্তু কোনেও কামটো শিকিব নিবিচাৰে।
গাঁঠি মৰাটো সহজ কাম যেনেই লাগে, কিন্তু ইমান সময় ধৈৰ্য্য ধৰি কামটো কৰি থকাটো সিদ্দুৰ বাবে কেতিয়াবা কঠিন হৈ পৰে, গাৰ বিষ উঠে। “ হাতালা মুংগায়া যেতাত (হাত-ভৰি জিনজিনাই যায়),” তেওঁ কয়। তাৰোপৰি এই কামটোত তেওঁৰ কঁকাল বিষায়, চকুও জ্বলা-পোৰা কৰে। কেইবছৰমান আগতে তেওঁৰ চকুৰ কেটাৰেক্টৰ অস্ত্ৰোপচাৰ হৈছিল, এতিয়া তেওঁ চশমা পিন্ধে। তেওঁ আগৰ দৰে ক্ষীপ্ৰ গতিত কাম কৰিব নোৱাৰে যদিও মনৰ উদ্যামত তেওঁ এই কামটো কৰি গৈছে।
২০২২ৰ জানুৱাৰীত ভাৰতৰ পশুখাদ্য উতপাদন বিষয়ক কেন্দ্ৰ কৰি প্ৰকাশিত গ্ৰাছ এণ্ড ফৰেজ চায়েন্সেজত প্ৰকাশিত এক প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতত সেউজীয়া পশুখাদ্যৰ অনাটন ঘটিছে। আনকি পশুখাদ্যৰ অনান্য উপাদানৰ লগতে আনকি শুকান খেৰৰো অভাৱ ঘটিছে। ই পশুখাদ্যৰ এক গুৰুতৰ অনাটনৰ যি সমস্যা চলি আছে, তাৰেই ইংগিত দিয়ে।
ধনগৰসকলে ভেড়া-ছাগলী পালিবলৈ এৰাৰ অন্যতম কাৰণটোও হৈছে পশুখাদ্যৰ অনাটন। “যোৱা ৫-৭ বছৰত আমি কেবাটাও ভেড়া আৰু ছাগলীৰ মৃত্যু হোৱাৰ খবৰ পাইছো। আমাৰ খেতিয়কসকলে অতিপাত কীটনাশক আৰু অপতৃণনাশক ব্যৱহাৰ কৰা কাৰণে এনে হৈছে,” তেওঁ কয়। কৰ্ণাটকৰ কৃষকে ২০২২-২৩ত ১,৬৬৯ মেট্ৰিক টন ৰাসায়নিক কীটনাশক ব্যৱহাৰ কৰিছিল। এয়া কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ তথ্য। ২০১৮-১৯ত এই পৰিমাণ আছিল ১,৫২৪ টন।
ভেড়াৰখীয়াজনে আমাক তেওঁ ৬০ ঘণ্টাত বনাই সম্পূৰ্ণ কৰা জালিটো গৌৰৱেৰে দেখুৱাইছে। তেওঁ কয় যে আজিকালি ভেড়া চৰোৱাৰ খৰছ বাঢ়িছে, তাৰ লগত আকৌ সিহঁতৰ নামত কিনিবলগীয়া হোৱা দৰৱ-পাতিৰো খৰছ বাঢ়িছে। “প্ৰতি বছৰে ভেড়াৰখীয়া এজনে দৰৱ-পাতি আৰু বেজীৰ নামত অতিকমেও ২০,০০০ টকা খৰছ কৰিবলগীয়া হৈছে, আজিকালি ভেড়া আৰু ছাগলীবোৰ ঘনাই বেমাৰত পৰা হৈছে।”
তেওঁ কয় যে প্ৰতিটো ছাগলীক বছৰি ছটাকৈ বেজী (চিটা) দিবলগীয়া হয়। “ভেড়াটো বাচি থাকিলেহে কিবা এটা উপাৰ্জন হ’ব।” তাৰোপৰি অঞ্চলটোত খেতিয়কে কুঁহিয়াৰৰ খেতি কৰে, এটুকুৰা মাটিও চন পৰি থাকিবলৈ নিদিয়ে। ২০২১-২২ত ভাৰতে প্ৰায় ৫০ কোটি মেট্ৰিক টন কুঁহিয়াৰ উৎপাদন কৰিছিল, বিশ্বৰ ভিতৰতে চেনীৰ সৰ্ববৃহৎ উৎপাদনকাৰী হৈ পৰিছিল।
সিদ্দুৱে ভেড়া আৰু ছাগলী চৰোৱা কাম দুটা দশক আগতেই এৰিছে আৰু পুতেকহঁতক ৫০ টামান যি ভেড়া-ছাগলী যি আছে গতাই দিছিল। বাৰিষা পৰোতে পলম হোৱাত খেতি কেনেকৈ ক্ষতিগ্ৰস্ত হৈছে, তেওঁ সেয়া কৈছিল। “এইবছৰ জুনৰ পৰা জুলাইৰ মাজভাগলৈ পানী নথকাৰ কাৰণে মোৰ তিনি একৰ মাটি চন পৰি থাকিল। চুবুৰীয়া এজনে সহায় কৰাত বাদামৰ খেতি কৰিব পাৰিলো।”
গৰম বতাহ বেছিকৈ বলাৰ কাৰণে আৰু বৃষ্টিপাত অনিয়মীয়া হৈ পৰা কাৰণে আজিকালি খেতি কৰাটো কঠিন হৈ পৰিছে, তেওঁ কয়। “আগতে মাক-দেউতাকহঁতে ভেড়া আৰু ছাগলীবোৰ সন্তানক গতাই দিছিল (সম্পত্তি হিচাপে)। কিন্তু এতিয়া সময় সলনি হৈছে আৰু বিনা পইছাই দিলেও কোনেও ৰাখিব নিবিচাৰে।”
এই ষ্ট’ৰিটো মৃণালিনী মুখাৰ্জী ফাউণ্ডেচনৰ পৰা প্ৰাপ্ত অনুদানেৰে সংকেত জৈনে গ্ৰামীণ শিল্পীসকলৰ ওপৰত কৰা প্ৰতিবেদনলানিৰ এটা।
অনুবাদ: পংকজ দাস