উত্তৰ প্ৰদেশৰ ৰাষ্ট্ৰীয় দুৰ্য্যোগ ব্যৱস্থাপনা প্ৰাধীকৰণে স্বীকাৰ কৰিছে যে দেশৰ অন্যতম খাদ্যশস্য যোগানকৰ্তা উত্তৰ প্ৰদেশত অনাবৃষ্টি অন্যতম এক দুৰ্যোগৰ ৰূপত গা কৰি উঠিছে। যোৱা ২৯ বছৰত এইখন ৰাজ্যৰ প্ৰায় ৫১ খন জিলাই অনেকবাৰ অনাবৃষ্টিৰ মুখামুখি হ’বলগীয়া হৈছে। ৰাজ্যখনত বহুসংখ্যক মানুহ বৰ্ষানিৰ্ভৰ খেতিকে অৱলম্বন কৰি জীয়াই থাকে। সেয়ে বাৰে বাৰে অহা উষ্ণপ্ৰৱাহ, টুটি অহা ভূগৰ্ভৰ পানী আৰু অনাবৃষ্টিয়ে ৰাজ্যখনৰ খেতিয়কক বাৰুকৈয়ে ক্ষতিগ্ৰস্ত কৰিছে।

খৰাঙৰ কবলত পৰাজনেহে জানে খৰাঙৰ ভয়াৱহতা। চহৰত বাস কৰাজনৰ বাবে এয়া মাথো খবৰ কাগজৰ টুকুৰা। পথাৰত মূৰৰ ঘাম মাটিত পেলাই শ্ৰম কৰা খেতিয়কজনৰ বাবে বছৰ বছৰ ধৰি পৰা খৰাং মানে দুৰ্ভিক্ষৰ আগমন। শুকাই শোটোৰা পৰা চকুৰে আকাশলৈ চাই ৰোৱা খেতিয়ক, তলত চিৰাল ফাঁট দিয়া শাওনৰ পথাৰ, শুকাই হাড়ে-ছালে লগা বুভুক্ষ শিশুবোৰ, মৰা গৰু-ম’হৰ কংকালৰ দমবোৰ আৰু পানীৰ সন্ধানত ঘূৰি ফুৰা মহিলাবোৰ - এয়া গোটেই ৰাজ্যখনৰ এক পৰিচিত দৃশ্য।

এই কবিতাটো মধ্য ভাৰতত অনাবৃষ্টিৰ ফলত পৰা খৰাঙৰ মোৰ নিজা অভিজ্ঞতাৰ পৰা সৃষ্ট।

মূল হিন্দী কবিতাটো ছৈয়দ মেৰাজুদ্দিনে পাঠ কৰা শুনক

কবিতাটোৰ ইংৰাজী অনুবাদ প্ৰতিষ্ঠা পাণ্ড্যাই পাঠ কৰা শুনক

सूखा

रोज़ बरसता नैनों का जल
रोज़ उठा सरका देता हल
रूठ गए जब सूखे बादल
क्या जोते क्या बोवे पागल

सागर ताल बला से सूखे
हार न जीते प्यासे सूखे
दान दिया परसाद चढ़ाया
फिर काहे चौमासे सूखे

धूप ताप से बर गई धरती
अबके सूखे मर गई धरती
एक बाल ना एक कनूका
आग लगी परती की परती

भूखी आंखें मोटी मोटी
हाड़ से चिपकी सूखी बोटी
सूखी साखी उंगलियों में
सूखी चमड़ी सूखी रोटी

सूख गई है अमराई भी
सूख गई है अंगनाई भी
तीर सी लगती है छाती में
सूख गई है पुरवाई भी

गड्डे गिर्री डोरी सूखी
गगरी मटकी मोरी सूखी
पनघट पर क्या लेने जाए
इंतज़ार में गोरी सूखी

मावर लाली बिंदिया सूखी
धीरे धीरे निंदिया सूखी
आंचल में पलने वाली फिर
आशा चिंदिया चिंदिया सूखी

सूख चुके सब ज्वारों के तन
सूख चुके सब गायों के थन
काहे का घी कैसा मक्खन
सूख चुके सब हांडी बर्तन

फूलों के परखच्चे सूखे
पके नहीं फल कच्चे सूखे
जो बिरवान नहीं सूखे थे
सूखे अच्छे अच्छे सूखे

जातें, मेले, झांकी सूखी
दीवाली बैसाखी सूखी
चौथ मनी ना होली भीगी
चन्दन रोली राखी सूखी

बस कोयल की कूक न सूखी
घड़ी घड़ी की हूक न सूखी
सूखे चेहरे सूखे पंजर
लेकिन पेट की भूक न सूखी

খৰাং

দুচকুৰে  সৰে বৰষুণ নিতৌ,
হাতৰ মুঠিৰ পৰা নাঙল খহি খহি পৰে
ডাৱৰো যেতিয়া শুকান, খঙাল, দিনৌ
হেৰৌ মূৰুখমতি ! এই ডৰা মাটিতনো কোনে খেতি কৰে

শুকান মহাসাগৰ, শুকান খাল-বিল
ফাটি ছিৰাছিৰ দি পথাৰো শুকাই মৰিল
গোঁসাইৰ নামত চাকি-বন্তি নৈবেদ্য কিমান যে দিলোঁ
তথাপিতো হাতপাতি এটোপাল বৰষুণ নাপালোঁ

ধৰিত্ৰী দগ্ধ, (বেলিটোৰে দোষ)
এতিয়া আৰু বাচি নেথাকিব, এতিয়াযে মৰ খৰ পৰিছে
এটা পতান, এটা শস্যৰ দানাও নেথাকিব৷
এই পতিত ভূমিক শাওপাত দে, ই যে উদং হৈ পৰিছে৷

ভোকাতুৰ চকুবোৰ জলমলাই ওলাই আহিছে৷
হাঁড়ত লাগি থকা শুকান মঙহবোৰ চকুত লাগিছে৷
শুকান ছাল, হেৰৌ মৰখৰ!
শুকান আঙুলিবোৰে শুকান ৰুটিবোৰ চিঙে৷

বাৰীখন শুকাল, চোতালো শুকাল
মোৰ বুকুখনৰ মাজেদি
এপাত শেলৰ নিচিনাকৈ,
বতাহখিনিও শুকাই গ’ল৷

কলহ, বাল্টি, কাঠৰ বিৰীয়া,
কপিকল আৰু পঘা গোটেইবোৰ শুকাল,
পানী আনিবলৈ যাওঁনো ক’লৈ?
চিৰকাল আশাৰে ৰৈ থকা তাই আশাহীন হৈ শুকাই পৰিছে৷

প্ৰথমে গোলাপী গাল দুখন আৰু কপালৰ ফোঁটটো,
তাৰ পিচত ক্ৰমে তাই টোপনি হেৰুৱালে খৰত,
আৰু তাৰ পিছত কিন্তু এটি আশা আহি তাইৰ কোলাত ফুলিবলৈ ল’লে,
তাই তাকো হেৰুৱালে, টোপ টোপকৈ৷

বলধবোৰৰ গা শুকাল
গাই গৰুবোৰৰ ওহাৰ শুকাল
কিহেৰে ঘিউ হ’ব? কিহেৰে মাখন হ’ব?
ঘৰৰ বাচনবোৰো শুকাল৷

পকাৰ আগতেই ফলবোৰ শুকাল৷
ফুলৰ পাহিবোৰ শুকাল৷
এসময়ৰ সেউজীয়া গছবোৰ শুকাল৷
দিন আৰু সময়বোৰো শুকাল৷

উৎসৱ, মেলা, আৰু সমদল,
দীপাৱলী, বৈশাখী, চৌথ, ফাকুৱা,
চন্দন তিলক নাই, কুমকুম নাই,
আনকি এইবেলি ৰাখীও শুকান৷

কিন্তু কুলিৰ গীত এতিয়াও জী আছে৷
জীয়াই আছে বুকুৰ দুখ আৰু যন্ত্ৰণাবোৰ৷
জীৱনশূন্য মুখবোৰ আৰু জঁকাবোৰৰ আঁৰত
ক্ষুধাৰ জুইকুৰা জুইশালত দপদপাই জ্বলিছে৷


টেক্সট্ অনুবাদ: পংকজ দাস
কবিতাৰ অনুবাদ: ৰুবী বৰুৱা দাস

Syed Merajuddin

सैद मेराजुद्दीन एक कवी आणि शिक्षक आहेत. ते मध्य प्रदेशातील आगराचे रहिवासी आहेत. ते आधारशीला शिक्षा समिती या संस्थेचे सह-संस्थापक आणि सचिव आहेत. ही संस्था विस्थापनानंतर कुनो अभयारण्याच्या वेशीवर राहत असलेल्या आदिवासी आणि दलित मुलांसाठी माध्यमिक शाळा चालवते.

यांचे इतर लिखाण Syed Merajuddin
Illustration : Manita Kumari Oraon

Manita Kumari Oraon is a Jharkhand based artist, working with sculptures and paintings on issues of social and cultural importance to Adivasi communities.

यांचे इतर लिखाण Manita Kumari Oraon
Editor : Pratishtha Pandya

प्रतिष्ठा पांड्या पारीमध्ये वरिष्ठ संपादक असून त्या पारीवरील सर्जक लेखन विभागाचं काम पाहतात. त्या पारीभाषासोबत गुजराती भाषेत अनुवाद आणि संपादनाचं कामही करतात. त्या गुजराती आणि इंग्रजी कवयीत्री असून त्यांचं बरंच साहित्य प्रकाशित झालं आहे.

यांचे इतर लिखाण Pratishtha Pandya
Translator : Rubee Barooah Das

Rubee Barooah Das is a senior journalist working in the field of development. She also considers herself as a student of literature and translation. She can be reached at [email protected]

यांचे इतर लिखाण Rubee Barooah Das
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

यांचे इतर लिखाण Pankaj Das