सूखा
रोज़ बरसता नैनों का जल
रोज़ उठा सरका देता हल
रूठ गए जब सूखे बादल
क्या जोते क्या बोवे पागल
सागर ताल बला से सूखे
हार न जीते प्यासे सूखे
दान दिया परसाद चढ़ाया
फिर काहे चौमासे सूखे
धूप ताप से बर गई धरती
अबके सूखे मर गई धरती
एक बाल ना एक कनूका
आग लगी परती की परती
भूखी आंखें मोटी मोटी
हाड़ से चिपकी सूखी बोटी
सूखी साखी उंगलियों में
सूखी चमड़ी सूखी रोटी
सूख गई है अमराई भी
सूख गई है अंगनाई भी
तीर सी लगती है छाती में
सूख गई है पुरवाई भी
गड्डे गिर्री डोरी सूखी
गगरी मटकी मोरी सूखी
पनघट पर क्या लेने जाए
इंतज़ार में गोरी सूखी
मावर लाली बिंदिया सूखी
धीरे धीरे निंदिया सूखी
आंचल में पलने वाली फिर
आशा चिंदिया चिंदिया सूखी
सूख चुके सब ज्वारों के तन
सूख चुके सब गायों के थन
काहे का घी कैसा मक्खन
सूख चुके सब हांडी बर्तन
फूलों के परखच्चे सूखे
पके नहीं फल कच्चे सूखे
जो बिरवान नहीं सूखे थे
सूखे अच्छे अच्छे सूखे
जातें, मेले, झांकी सूखी
दीवाली बैसाखी सूखी
चौथ मनी ना होली भीगी
चन्दन रोली राखी सूखी
बस कोयल की कूक न सूखी
घड़ी घड़ी की हूक न सूखी
सूखे चेहरे सूखे पंजर
लेकिन पेट की भूक न सूखी
খৰাং
দুচকুৰে সৰে বৰষুণ নিতৌ,
হাতৰ মুঠিৰ পৰা নাঙল খহি খহি পৰে
ডাৱৰো যেতিয়া শুকান, খঙাল, দিনৌ
হেৰৌ মূৰুখমতি ! এই ডৰা মাটিতনো কোনে খেতি কৰে
শুকান মহাসাগৰ, শুকান খাল-বিল
ফাটি ছিৰাছিৰ দি পথাৰো শুকাই মৰিল
গোঁসাইৰ নামত চাকি-বন্তি নৈবেদ্য কিমান যে দিলোঁ
তথাপিতো হাতপাতি এটোপাল বৰষুণ নাপালোঁ
ধৰিত্ৰী দগ্ধ, (বেলিটোৰে দোষ)
এতিয়া আৰু বাচি নেথাকিব, এতিয়াযে মৰ খৰ পৰিছে
এটা পতান, এটা শস্যৰ দানাও নেথাকিব৷
এই পতিত ভূমিক শাওপাত দে, ই যে উদং হৈ পৰিছে৷
ভোকাতুৰ চকুবোৰ জলমলাই ওলাই আহিছে৷
হাঁড়ত লাগি থকা শুকান মঙহবোৰ চকুত লাগিছে৷
শুকান ছাল, হেৰৌ মৰখৰ!
শুকান আঙুলিবোৰে শুকান ৰুটিবোৰ চিঙে৷
বাৰীখন শুকাল, চোতালো শুকাল
মোৰ বুকুখনৰ মাজেদি
এপাত শেলৰ নিচিনাকৈ,
বতাহখিনিও শুকাই গ’ল৷
কলহ, বাল্টি, কাঠৰ বিৰীয়া,
কপিকল আৰু পঘা গোটেইবোৰ শুকাল,
পানী আনিবলৈ যাওঁনো ক’লৈ?
চিৰকাল আশাৰে ৰৈ থকা তাই আশাহীন হৈ শুকাই পৰিছে৷
প্ৰথমে গোলাপী গাল দুখন আৰু কপালৰ ফোঁটটো,
তাৰ পিচত ক্ৰমে তাই টোপনি হেৰুৱালে খৰত,
আৰু তাৰ পিছত কিন্তু এটি আশা আহি তাইৰ কোলাত ফুলিবলৈ ল’লে,
তাই তাকো হেৰুৱালে, টোপ টোপকৈ৷
বলধবোৰৰ গা শুকাল
গাই গৰুবোৰৰ ওহাৰ শুকাল
কিহেৰে ঘিউ হ’ব? কিহেৰে মাখন হ’ব?
ঘৰৰ বাচনবোৰো শুকাল৷
পকাৰ আগতেই ফলবোৰ শুকাল৷
ফুলৰ পাহিবোৰ শুকাল৷
এসময়ৰ সেউজীয়া গছবোৰ শুকাল৷
দিন আৰু সময়বোৰো শুকাল৷
উৎসৱ, মেলা, আৰু সমদল,
দীপাৱলী, বৈশাখী, চৌথ, ফাকুৱা,
চন্দন তিলক নাই, কুমকুম নাই,
আনকি এইবেলি ৰাখীও শুকান৷
কিন্তু কুলিৰ গীত এতিয়াও জী আছে৷
জীয়াই আছে বুকুৰ দুখ আৰু যন্ত্ৰণাবোৰ৷
জীৱনশূন্য মুখবোৰ আৰু জঁকাবোৰৰ আঁৰত
ক্ষুধাৰ জুইকুৰা জুইশালত দপদপাই জ্বলিছে৷