জয়ালক্ষ্মাম্মাই কাম পোৱা দিনবোৰত ১২ ঘণ্টাজোৰা কঠোৰ পৰিশ্ৰম কৰে। কিন্তু তাৰ পিছতো জেইলৰ কয়দী এটাক এবাৰত দিয়া চাউলৰ চাৰিভাগৰ এভাগ পৰিমাণৰ চাউলহে তেওঁ পায়। দৰাচলতে তেওঁ গড় হিচাপত গোটেই দিনটোত যিমানখিনি চাউল পায়, সেয়া এজন কাৰাবন্দীৰ এসাজ ভাততকৈও বহুখিনি কম।
জয়ালক্ষ্মাম্মা আচলতে কোনো জেইলৰ কয়দী নহয়, তেওঁ এগৰাকী প্ৰান্তীয় খেতিয়কহে। তেওঁৰ ঘৰ মাণ্ডিয়া জিলাৰ হুলুংগনাহালি গাঁৱত আৰু তেওঁৰ স্বামী এইচ. এম. কৃষ্ণাই চাৰি বছৰৰ আগতে আত্মহত্যা কৰিছিল। মৃত্যুৰ সময়ত কৃষ্ণাৰ বয়স আছিল ৪৫ বছৰ। কৰ্ণাটকৰ এই জিলাখন ২০০৩ চনত কৃষকৰ আত্মহত্যাৰ ঘটনাৰ প্ৰভাৱত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হিচাপে পৰিগণিত হৈছিল। মাণ্ডিয়া জিলাত জয়ালক্ষ্মাম্মাই বি.পি.এল. (দৰিদ্ৰ সীমাৰেখাৰ তলৰ) কাৰ্ডৰ জৰিয়তে এমাহত মাথো ৪ কিলোগ্ৰাম চাউল আৰু ১ কিলোগ্ৰাম আটা পায়। এই চাৰি কে.জি. চাউল ৰাজ্য চৰকাৰে তেওঁৰ দৰে কৃষকক ৰাজসাহায্য হিচাপে দিয়ে। কিন্তু বৰ্তমানৰ বজাৰ মূল্যৰ দৰত ইয়াতকৈ অধিক চাউল কিনিব পৰা ক্ষমতাও তেওঁৰ নাই। জয়ালক্ষ্মাম্মা হ’ল ভাৰতবৰ্ষৰ এক লাখতকৈ অধিক স্বামীহাৰা মহিলাৰ ভিতৰৰ এগৰাকী, যাৰ কৃষক স্বামীয়ে যোৱা ১৪ বছৰৰ ভিতৰত দেশত উৎপন্ন হোৱা কৃষি সংকটৰ বাবে আত্মহত্যাৰ দৰে চৰম পন্থা হাতত ল’বলগীয়া হৈছে।
ভাৰতীয় ছাত্ৰ ফেডাৰেছনৰ ৰাজ্যিক উপ-সভাপতি তথা একেখন জিলাৰে কৃষক পৰিয়ালৰ এজন সদস্য টি. যশৱন্তই ক’লে, “এমাহত চাৰি কিলোগ্ৰাম চাউল পোৱা মানে দিনে মাত্ৰ ১৩৫ গ্ৰামহে খৰচ কৰিব পাৰে। আনকি এজন বিচাৰাধীন ব্যক্তি বা অপৰাধীয়েও ইয়াতকৈ বেছি চাউল লাভ কৰে। তাতোকৈ ডাঙৰ কথা সিহঁতে ৰন্ধা ভাত খাবলৈ পায়। ইয়াৰ পৰিৱৰ্তে তেওঁক চাৰি কিলো চাউলহে দিয়া হয়। তাৰোপৰি ৰাজ্যৰ জেইলৰ কয়দীসকলৰ খাদ্যাভাসতো ভিন্নতা থকা দেখা যায়, সেইমতে তেওঁলোকে “ভাতৰ থালি”, “ৰাগীৰ থালি” (মিলেট বা একধৰণৰ চাউল) বা “চাপাতি বা ৰুটিৰ থালি” গ্ৰহণ কৰিব পাৰে।” বেংগালুৰুৰ জেইলৰ বিষয়াসকলে ‘দ্য হিন্দু’ কাকতখনক জনোৱা মতে, ‘যিসকল কঠোৰ কাৰাদণ্ড লাভ কৰা কয়দীয়ে ভাত খায়, তেওঁলোকক প্ৰতি সাজত ৭১০ গ্ৰাম ৰন্ধা ভাত দিয়া হয়৷ আৰু যিয়ে ভাতৰ পৰিৱৰ্তে অন্য খাদ্য খাবলৈ পছন্দ কৰে, তেওঁলোককো আনকি ২৯০ গ্ৰাম পৰিমাণৰ ভাত দিয়া হয়৷ তাৰোপৰি বিচাৰাধীন বা কম শাস্তি পোৱা অপৰাধীকো (যিসকলে ভাত খায়) প্ৰতি সাজত ৫০৫ গ্ৰাম ভাত খাবলৈ দিয়া হয়৷’
কঠোৰ দণ্ড লাভ কৰা অপৰাধীসমূহে দিনে ৮ ঘণ্টা পৰিশ্ৰম কৰিবলগীয়া হোৱাৰ বিপৰীতে জয়ালক্ষ্মাম্মাই ১২ ঘণ্টা বা তাতকৈও অধিক সময় কাম কৰিব লাগে৷ যশৱন্ত ডাঙৰীয়াই আমাক এইখিনিতে কথা এটা যোগ দিয়ে, “কিন্তু তেওঁ যদি দিনে তিনিসাজ আহাৰ খায়, তেতিয়া প্ৰতিসাজত তেওঁৰ ভাগত পৰিব মাথো ৪৫ গ্ৰাম চাউলহে”৷ পিছে সেইবোৰ অংক কৰিবলৈ তেওঁৰ সময় নাই৷ তেওঁৰ ছোৱালীজনীয়ে বৰ্তমান বেংগালুৰুৰ কাপোৰৰ উদ্যোগ এটাত পেটে-ভাতে খাবপৰাকৈ মজদুৰি কৰি আছে৷ তেওঁৰ গাঁৱত আমি উপস্থিত হওঁতে জয়ালক্ষ্মাম্মাই আমাৰ আগত ক’লে, “তাই বছৰেকত অতি বেছি ৫০০ টকা আমালৈ পঠিয়াব পাৰে।” সেইবাবেই হয়তো তেওঁ আৰু তেওঁৰ ল’ৰাটো ঘৰতে থাকে৷ তেওঁলোক দুয়োজনৰে বিপিএল কাৰ্ড দুখন মিলাই প্ৰতিদিনৰ হিচাপত লাভ কৰা চাউলৰ পৰিমাণ হ’ল ২৭০ গ্ৰাম৷ এই পৰিমাণ আনকি জেইলত ’ৰাগী খাদ্য’ খোৱা কয়দীতকৈও কম কাৰণ সিহঁতেও ২৯০ গ্ৰাম বা তাতকৈ অধিক ভাত খাবলৈ পায়৷




