অঞ্জলিয়ে সদায় তুলসীক আম্মা বুলিয়েই মাতিছিল। গৌৰৱৰ আভা বিয়পাই হাঁহি মাৰি তেওঁ কয়। পিন্ধনত গুলপীয়া ৰঙৰ এখন পৰিপাটিকৈ পিন্ধা শাড়ী আৰু মূৰত খোপা। তুলসী এগৰাকী ৰূপান্তৰিত মহিলা আৰু নবছৰীয়া ছোৱালী অঞ্জলিৰ মাক।
বিশ বছৰ বয়সৰ দেওনা পাৰ হোৱাৰ সময়ত তুলসীয়ে নিজকে কাৰ্তিগা বুলি পৰিচয় দিবলৈ ভাল পাইছিল। কিন্তু বিষয়া এগৰাকীয়ে ৰেচন কাৰ্ডত তেওঁৰ নামটো তুলসী লিখি থ’লে - তুলসী নামটো পুৰুষ-মহিলা সকলোৰে ক্ষেত্ৰত খাটে। তেঁৱো সেই নামটোকে আঁকোৱালি ল’লে আৰু এতিয়া দুয়োটা নামেই তেওঁৰ।
তামিলনাডুৰ তিৰুপৰুৰ তালুকৰ দাৰ্গাছ নামে ইৰুলাৰ চুবুৰী এটাৰ সৰু খেৰীঘৰ এটাত জীয়েক অঞ্জলিৰ সৈতে তুলসী থাকে। অঞ্জলি পানীকেঁচুৱা হৈ থকা অৱস্থাতে তুলসীৰ পত্নীয়ে তেওঁক এৰি যায় আৰু তেতিয়াৰে পৰা অকলেই তেওঁ অঞ্জলিৰ চোৱা-চিতা কৰি আহিছে। দম্পতিহালে ২০১৬ৰ ঘূৰ্ণীবতাহত তেওঁলোকৰ প্ৰথমটো সন্তান ছবছৰ বয়সত হেৰুৱাইছিল।
এতিয়া দুকুৰি বয়সৰ তুলসী ভালেকেইবছৰ ধৰি তিৰুনাংগাই (ৰূপান্তৰিত মহিলাৰ তামিল নাম) পৰিয়ালৰ অংশ। কোলাত বহি থকা অঞ্জলিলৈ চেনেহেৰে চাই তেওঁ কয়, “তাইৰ হাতত গাখীৰৰ বটল এটা দি আমাৰ (তিৰুনাংগাই) মিটিংবোৰলৈ মই লৈ যাওঁ।”


















