মুম্বাইৰ প্ৰতিটো চুক-কোণ মেট্ৰো আৰু এক্সপ্ৰেছৱেৰ লগত সংযোজিত হোৱাৰ সময়ত দামু নগৰৰ এতিয়াও নৰকত বাস কৰাৰ লেখীয়া অৱস্থা। তেওঁলোকে মুকলিত শৌচ কৰিবলগীয়া হয়। তাৰবাবে পাৰ হ’ব লাগে এখন পথাৰ। এফুট ওখ দেৱাল এখন পাৰ হৈ তাৰ কাষে কাষে জাবৰ-জোঁথৰ আৰু মানুহৰ বিষ্ঠাৰ গোন্ধ লৈ তেওঁলোকে শৌচ কৰিবলৈ যায়। আশে-পাশে থকা ঘাঁহবোৰ শুকাই গৈছে, মাজে-মাজে দুই-এডাল গছ আছে, সামান্য ছাঁ আৰু লজ্জা নিবাৰণৰ বাবে আঁৰ।

আঁৰ বুলিবলৈ সঁচাই কিবা আছেনে? “ইয়াত গোপনীয়তা ৰক্ষা কৰিব পৰা একোৱেই নাই,” দামু নগৰৰ বহু পুৰণি বাসিন্দা ৫১ বৰ্ষীয় মীৰা য়েড়েয়ে কয়। “কোনোবা অহাৰ উমান পালে আমি থিয় হৈ দিব লাগে।” বছৰ বাগৰাৰ লগে লগে পথাৰখন দুটা ভাগত বিভক্ত হৈ পৰিছে, বাঁওফালে মহিলা আৰু সোঁফালে পুৰুষ। কিন্তু তাত সমস্যা আছে, মীৰাই কয়, “দুভাগ হ’লেও মাজত সীমা বুলিবলৈ নাই, কেইমিটাৰমান পাৰ্থক্য আছে চাগে। কোনেনো জুখিব?” ভাগ দুটাৰ মাজত কোনো বেৰা-খোৰা নাই।

দামু নগৰ, য’ৰ প্ৰায়ভাগ লোকেই প্ৰথম নাইবা দ্বিতীয় প্ৰজন্মৰ গ্ৰামীণ প্ৰব্ৰজনকাৰী, তেওঁলোকৰ এই মুম্বাই নৰ্থ সমষ্টিত নিৰ্বাচন আহিল আৰু গ’ল, কিন্তু সমস্যাবোৰ সমস্যা হৈয়েই থাকি গ’ল। এয়া ১৮তম লোকসভা নিৰ্বাচন, ৫৪৩ গৰাকী প্ৰাৰ্থীক জয়ী কৰা এই প্ৰক্ৰিয়া আগবঢ়াৰ সময়তো তেওঁলোকে সেই প্ৰাথমিক সমস্যাৰ লগতে যুঁজি থাকিবলগীয়া হৈছে। তথাপি মীৰাৰ পুত্ৰ প্ৰকাশ য়েড়েয়ে কয, “এনেকুৱা এটা পৰিৱেশ গঢ়ি তোলা হৈছে যেন দেশত সকলো ভালেই চলি আছে।” প্ৰকাশে তেওঁৰ ঘৰৰ দুৱাৰমুখত আমাৰ সৈতে কথা পাতিছে। ঘৰ মানে ধাতুৰ পাট এখনেৰে চালি দিয়া ঘৰ, সেই চালিখনে চাগে ঘৰটোৰ ভিতৰখনৰ উষ্ণতা কেইডিগ্ৰীমান বঢ়াই পেলায়।

“দেশৰ এইটো প্ৰান্তত আচল সমস্যাবোৰ কোনোৱেই আলোচনা কৰিব নিবিচাৰে,” শৌচালয়, পানী, বিদ্যুতৰ সংযোগ আদিৰ সুবিধা নোপোৱা দামু নগৰৰ ১১,০০০ৰো অধিক বাসিন্দাই কেনেদৰে এক বিপদসংকুল জীৱন নিৰ্বাহ কৰি থাকিবলগীয়া হৈছে তাকে উল্লেখ কৰি ৩০ বৰ্ষীয় প্ৰকাশে কয়। লোকপিয়লত ভীম নগৰ বুলি লিপিবদ্ধ এইখন বস্তিৰ বাসিন্দাসকলৰ ঘৰবোৰ জৰাজীৰ্ণ বেৰ, তিৰ্পালেৰে বেৰা আৰু টিনপাত দিয়া হেলেক-পেলেক। সঞ্জয় গান্ধী ৰাষ্ট্ৰীয় উদ্যানৰ টিলা এটাত অৱস্থিত বস্তিটোলৈ যোৱা পথ ওখোৰা-মোখোৰা, শিলাময়, কোনোমতে নলাত ভৰি নপৰাকৈ যাব পাৰি।

PHOTO • Jyoti Shinoli
PHOTO • Jyoti Shinoli

বাওঁফালে: প্ৰকাশ য়েড়ে দামু নগৰৰ তেওঁৰ ঘৰৰ সন্মুখত। তেওঁ মাক মীৰা আৰু দেউতাক জ্ঞানাদেৱৰ লগত থাকে। সোঁফালে: ভীম নগৰ বুলিও জনা দামু নগৰ বস্তিলৈ সোমোৱা ৰাস্তাটো

PHOTO • Jyoti Shinoli
PHOTO • Jyoti Shinoli

বাওঁফালে : ঘৰত শৌচালয়ৰ ব্যৱস্থা নথকাৰ বাবে দামু নগৰবাসীয়ে এফুট ওখ দেৱালখন পাৰ হৈ সিটো পাৰে থকা জাবৰৰ দ মবোৰ পাৰ হৈ মুকলি পথাৰতে শৌচ কৰিবলগীয়া হয় সোঁফালে : পৌৰ নিগমে তেওঁলোকৰ বাবে পানী , বিদ্যুৎ কিম্বা শৌচালয় আদি একোৰে ব্যৱস্থা কৰা নাই , তেওঁলোকক অবৈধ বুলি গণ্য কৰে

আগৰ বাৰৰ দৰে এইবাৰ মানুহে কেৱল মৌলিক সা-সুবিধাৰ বাবেই ভোট নিদিয়ে।

“এইবোৰ সব বাতৰিৰ কথা। বাতৰি সদায় সত্যৰ ওপৰত আধাৰিত হ’ব লাগে। মিডিয়াই আমাৰ দৰে মানুহৰ সঁচা কথাবোৰ প্ৰচাৰ নকৰে,” প্ৰকাশ য়েড়েয়ে কয়। তেওঁ ভুল তথ্য, মিছা আৰু পক্ষপাততুষ্ট বাতৰিক লৈ ক্ষোভ প্ৰকাশ কৰে। “মানুহে যি দেখে, যি শুনে, তাৰ আধাৰতে ভোট দিয়ে। আৰু যি দেখে, শুনে সেয়া কেৱল প্ৰধানমন্ত্ৰীগৰাকী প্ৰশংসাই শুনে।”

প্ৰকাশে নিজে বিজ্ঞাপনমুক্ত আৰু স্বতন্ত্ৰ মিডিয়া গোষ্ঠীৰ বাতৰি পঢ়ে। “আমাৰ বয়সৰ বহুতেই কৰ্মহীন। তেওঁলোক হাউছকিপিং আৰু মেনুৱেল লেবাৰৰ কামত নিযুক্ত। দ্বাদশ উত্তীৰ্ণ কেইগৰাকীমানেহে পেচাদাৰী শ্ৰমিক,” নিবনুৱা সমস্যা দেশৰ বাবে এক চিন্তাজনক বিষয় বুলি তেওঁ উল্লেখ কৰে।

প্ৰকাশে দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পিছত মালাড়ৰ প্ৰাইভেট ফাৰ্ম এখনত ফটো এডিটৰ হিচাপে কাম কৰিছিল। দৰমহা আছিল ১৫,০০০ টকা। কিন্তু কৃত্ৰিম বুদ্ধমত্তা (এআই) প্ৰযুক্তি আহি তেওঁৰ কামটোৰ প্ৰয়োজনীয়তা নাইকিয়া কৰি পেলালে। “প্ৰায় ৫০ গৰাকী কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ’ল। তেতিয়াৰে পৰা এমাহ হ’ল, মই কৰ্মহীন হৈ পৰি আছো,” তেওঁ কয়।

শিক্ষিত যুৱকৰ মাজত নিবনুৱাৰ হাৰ দেশজুৰি বাঢ়িছে। ২০০০ চনৰ ৫৪.২ শতাংশৰ পৰা ২০২২ত এই হাৰ ৬৫.৭ শতাংশ হৈছে। এয়া ভাৰতৰ নিবনুৰা প্ৰতিবেদন, ২০২৪ৰ তথ্য। এই প্ৰতিবেদন আন্তৰাষ্ট্ৰীয় শ্ৰমিক সংস্থা (আইএলঅ’) আৰু ইনষ্টিটিউট অৱ হিউমেন ডেভলপমেণ্ট (আইএইছডি)ৰ তথ্য।

PHOTO • Jyoti Shinoli
PHOTO • Jyoti Shinoli

বাওঁফালে : ‘ বাতৰি সত্যৰ ওপৰত আধাৰিত হ লাগে , কিন্তু মিডিয়াই আমাৰ দৰে মানুহৰ বিষয়ে সঁচা কথা নকয় ,’ প্ৰকাশে কয় সোঁফালে : ২০১৫ত দামু নগৰত চিলিণ্ডাৰ বিস্ফোৰণ ঘটি হোৱা অগ্নিকাণ্ডত চন্দ্ৰকলা খাৰাটে তেওঁৰ স্বামীক হেৰুৱাইছিল এতিয়া তেওঁ ৰাস্তাৰ দাঁতি আৰু জাবৰৰ দ মৰ পৰা প্লাষ্টিকৰ সামগ্ৰী সংগ্ৰহ কৰি সেয়া স্ক্ৰেপ ডিলাৰৰ তাত বিক্ৰী কৰে

যোৱা কেইটামান বছৰত প্ৰকাশৰ আয়ে পৰিয়ালটোক আৰ্থিক দিশত সকাহ দিছিল। কিন্তু তেওঁৰ সফলতাৰ পিছে পিছে আহিছিল দুৰ্যোগ। ২০১৫ত দামু নগৰত ৰন্ধন গেছৰ ধাৰাবাহিক বিস্ফোৰণৰ ফলত জুই লাগিছিল । য়েড়ে পৰিয়ালটোৱে যাতনা ভুগিছিল। “সকলো জ্বলি গৈছিল, কেৱল গাৰ কাপোৰকেইটাহে বাচিছিল। নথি-পত্ৰ, গহনা, আচবাব, সঁজুলি-পাতি, ইলেকট্ৰনিক সামগ্ৰী সকলো ছাঁই হৈ গৈছিল,” মীৰাই কয়।

“বিনোদ তাৱাড়ে (তেতিয়া মহাৰাষ্ট্ৰৰ শিক্ষামন্ত্ৰী আৰু বৰিভেলি বিধানসভা সমষ্টিৰ বিধায়ক)য়ে আমাক এমাহৰ ভিতৰতে পকীঘৰ সাজি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল,” সেই ভয়ানক দুৰ্যোগৰ পিছত মন্ত্ৰীগৰাকীয়ে কৰা প্ৰতিশ্ৰুতিৰ কথা মনত পেলাই প্ৰকাশে কয়।

তেতিয়াৰে পৰা আঠ বছৰ পাৰ হৈ গ’ল। তাৰপিছত তেওঁলোকে ২০১৯ত সাধাৰণ নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনত ভোটদান কৰিছিল। কিন্তু তেওঁলোকৰ জীৱনত কোনো পৰিৱৰ্তন অহা নাছিল। প্ৰকাশৰ ককাদেউতাক জালনা জিলাৰ ভূমিহীন শ্ৰমিক আছিল, তেওঁলোকে ১৯৭০ৰ দশকতে মুম্বাইলৈ প্ৰব্ৰজন কৰিছিল।

তেওঁৰ পিতৃ জ্ঞানেন্দ্ৰ (৫৮) এগৰাকী ৰং মিস্ত্ৰী আৰু মাক মীৰা এগৰাকী ঠিকাভিত্তিক চাফাই কৰ্মচাৰী। তেওঁ ঘৰে ঘৰে গৈ জাবৰ সংগ্ৰহ কৰে। “প্ৰকাশৰ দৰমহাকে ধৰি আমি তিনিটাই ৩০,০০০ টকা উপাৰ্জন কৰিব পাৰিছিলো। চিলিণ্ডাৰ, তেল, চাউল আৰু খাদ্যবস্তুৰ দাম বাঢ়িলেও আমি সেইখিনি টকাৰে চলিব পাৰিছিলো,” মীৰাই কয়।

প্ৰতিবাৰেই তেওঁলোকে নিজৰ জীৱনবোৰ সু-শৃংখলিত কৰিবলৈ ধৰাৰ লগে লগে নতুন এক দুৰ্যোগে তেওঁলোকক বিধ্বস্ত কৰে। “জুই লগাৰ পিছত আহিল বিমূদ্ৰাকৰণ। তাৰপিছত ক’ৰনা আহিল, লকডাউন আহিল। চৰকাৰৰ ফালৰ পৰাও কোনো সাহায্য নাপালো,” তেওঁ কয়।

PHOTO • Jyoti Shinoli
PHOTO • Jyoti Shinoli

বাওঁফালে : য়েড়ে পৰিয়ালে ২০১৫ৰ অগ্নিকাণ্ডত তেওঁলোকৰ ঘৰৰ আটাইবোৰ বয় - বস্তু হেৰুৱাইছিল বিনোদ তাৱাড়ে , তেতিয়াৰ বৰিভেলি সমষ্টিৰ বিধায়কজনে পকী ঘৰ বনাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল আঠ বছৰ পাৰ হৈ গ , প্ৰতিশ্ৰুতি তেনেকৈয়ে থাকি গ সোঁফালে : প্ৰকাশে মালাড়ৰ প্ৰাইভেট ফাৰ্ম এখনত ফটো এডিটৰ হিচাপে কাম কৰিছিল কিন্তু কৃত্ৰিম বুদ্ধিমত্তা আহিলত , তেওঁ সেই কাম হেৰুৱালে এতিয়া তেওঁ নিবনুৱা হৈ থকাৰ এমাহ হ

PHOTO • Jyoti Shinoli

দামু নগৰখন সঞ্জয় গান্ধী ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিৰে তিলা এটাত আছে , তাত , ৩০০ ঘৰ মানুহ আছে ঠেক , শিলাময় আৰু ওখোৰা - মোখোৰা গলিৰে গৈ তেওঁলোকৰ বস্তিটো পায়

মোদী চৰকাৰে প্ৰধানমন্ত্ৰী আবাস যোজনাৰ অধীনত “হাউছিং ফৰ অল (আৰ্বান)” আঁচনিৰ অধীনত ২০২২ৰ ভিতৰত সকলো যোগ্য পৰিয়ালক আবাস যোজনাৰ ঘৰ দিয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল। প্ৰকাশে তেতিয়াৰে পৰা তেওঁলোকৰ পৰিয়ালটোক ‘যোগ্য’ কৰি তোলাৰ চেষ্টা কৰি আছে।

“মই আঁচনিৰ সুবিধা লাভৰ বাবে চেষ্টা কৰি আছো। কিন্তু আয়ৰ প্ৰমাণপত্ৰ আৰু প্ৰয়োজনীয় নথিপত্ৰ নাই হেতুকে মই সেই আঁচনিৰ বাবে কেতিয়াও যোগ্য নহ’ম যেন লাগে,” তেওঁ কয়।

তেওঁ এইবছৰ ফেব্ৰুৱাৰীত (২০১৪ত) মহাৰাষ্ট্ৰ চৰকাৰে শিক্ষাৰ অধিকাৰ ( আৰটিই )খন এক সূচনাৰ যোগেদি সালসলনি ঘটোৱাক লৈও তেওঁলোকৰ দৰে উপান্ত শ্ৰেণীৰ লোকে সন্মুখীন হোৱা সমস্যাৰ কথা কয়। এই সূচনাত কোৱা হৈছে যে যদিহে শিশু এটিৰ বসতিৰ এক কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত চৰকাৰী নাইবা চৰকাৰী সাহায্যপ্ৰাপ্ত স্কুল থাকে, তেন্তে শিশুটিয়ে তাতেই নামভৰ্তি কৰাব লাগিব। তাৰমানে আৰটিই-য়ে ইংৰাজী মাধ্যমৰ বিদ্যালয়কে ধৰি ব্যক্তিগত বিদ্যালয়ত উপান্ত শ্ৰেণীৰ শিশুৰ বাবে নিৰ্ধাৰিত কৰি দিয়া ২৫ শতাংশ কোটাৰ পৰা শিশুটি বঞ্চিত হ’ব। “ই আৰটিই আইনখনৰ বিৰোধী,” অনুদানিত শিক্ষা বচাও সমিতিৰ অধ্যাপক সুধীৰ পৰাঞ্জাপেয়ে পাৰিক কয়।

“এনেকুৱা সিদ্ধান্ত ল’লে আমি ভাল গুণগত মানৰ শিক্ষা লাভ কৰিব নোৱাৰিম। যিখন আইনে আমাৰ ভাল শিক্ষা সুনিশ্চিত কৰিছিল, সেইখন এতিয়া নাই (এই সালসলনিৰ পিছত)। কেনেকৈ আমি আগবাঢ়িম?” তেওঁ ক্ষোভেৰে কয়।

গুণগত শিক্ষাই প্ৰকাশৰ দৰে দামু নগৰৰ নতুন চামৰ বাবে নতুন জীৱনলৈ অগ্ৰসৰ হোৱাৰ বাট মুকলি কৰিব। দামু নগৰৰ শিশুৰ উপান্ত শ্ৰেণীৰ বিষয়টোক লৈ সন্দেহো আছে। দামু নগৰত চাৰিটা দশক ধৰি বাস কৰি অহা প্ৰায়ভাগ বাসিন্দাই নৱ-বুদ্ধধৰ্মালম্বী। তাৰমানে দলিত। তেওঁলোকৰ ককা আৰু পিতৃ-মাতৃয়ে জালনা আৰু সোলাপুৰ জিলাৰ পৰা ১৯৭২ৰ খৰাঙত ৰাজ্যখন বিধ্বস্ত হৈ যোৱা পৰিস্থিতিত পৰি সেই ঠাইলৈ প্ৰব্ৰজন কৰিছিল।

PHOTO • Jyoti Shinoli
PHOTO • Jyoti Shinoli

বাওঁফালে: ৰাজ্য চৰকাৰে জাৰী কৰা ৰাজপত্ৰিত সূচনা অনুযায়ী প্ৰাইভেট স্কুলসমূহ শিক্ষাৰ অধিকাৰ আইনৰ অধীনৰ ২৫ শতাংশ কোটাৰ পৰা ৰেহাই দিয়া হৈছে যদিহে এক কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত চৰকাৰী নাইবা চৰকাৰী সাহায্যপ্ৰাপ্ত স্কুল আছে। ইয়ে দামু নগৰৰ উপান্ত শ্ৰেণীৰ শিশুৱে শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব পাৰে বুলি অনুদানিত শিক্ষা বচাও সমিতিৰ অধ্যাপক সুধীৰ পাৰাঞ্চাপে কয়। সোঁফালে: দামু নগৰৰ মহিলাসকলৰ বাবে নিৰাপদ শৌচালয়ৰ সুবিধা নাই। ‘আপোনাৰ যদি গা বেয়া লাগে নাইবা কিবা আঘাত পায়, তথাপিও আপুনি পানীৰ বাল্টি লৈ যাব লাগিব,’ লতা সোণাৱানেয়ে কয় (সেউজীয়া দোপাত্তা লৈ থকাগৰাকী)

PHOTO • Jyoti Shinoli
PHOTO • Jyoti Shinoli

বাওঁফালে আৰু সোঁফালে : ঘৰত নিজৰ ল ৰা - ছোৱালীৰ সৈতে লতা

এনেকুৱা নহয় যে কেৱল আৰটিইৰ সুবিধা নোপোৱাটোৱে একমাত্ৰ সমস্যা। প্ৰকাশৰ চুবুৰীয়া আবাচাহেব মাস্কেয়ে নিজাকৈ ‘লাইট বটল’ উদ্যোগ এটা আৰম্ভ কৰিছিল যদিও সেয়া বিফল হ’ল। “এইবোৰ আঁচনি কেৱল নামতহে আছে,” ৪৩ বৰ্ষীয় মাস্কেয়ে কয়। “মই মুদ্ৰা যোজনাৰ অধীনত ঋণৰ বাবে দৰ্খাস্ত কৰিছিলো। কিন্তু নাপালো। মই আগৰ ঋণৰ ১০,০০০ টকাৰ কিস্তি দিব পৰা নাছিলো। সেয়ে মোক ব্লেকলিষ্ট কৰি থৈছিল।”

পাৰিয়ে গ্ৰামীণ আৰু নগৰাঞ্চালৰ দৰিদ্ৰসকলৰ স্বাস্থ্য আৰু কল্যাণমূলক আঁচনিৰ সুবিধাসমূহৰ উপলব্ধতাক লৈ নিয়মিত প্ৰতিবেদন যুগুতাই আহিছে। (উদাহৰণ স্বৰূপে পঢ়িব পাৰে: চিকিৎসা বিনামূলীয়া, খৰছ আহুকলীয়া আৰু যাযাবৰ শান্তাবাঈৰ নাতি-নাতিনীৰো এদিন হ’ব এটা ভাল ঘৰ… )।

মাস্কেয়ে তেওঁৰ ৱৰ্কশ্বপ আৰু ঘৰ দুয়োটাই দহ বৰ্গফুটৰ জুপুৰীটোতে চলায়। তেওঁৰ জুপুৰীটোৰ বাওঁফালে পাকঘৰ আৰু মৰি (বাথৰুম)। তাৰ গাতে লাগি আছে বটলবোৰ সজোৱাৰ বাবে ব্যৱহাৰ কৰা সামগ্ৰী। সেয়া কেবিনেটবোৰত পৰিপাটিকৈ ভৰাই থোৱা আছে।

“মই কান্দিৱালি আৰু মালাড়ৰ ৰাস্তাই ৰাস্তাই ঘূৰি এই লাইটবোৰ বিক্ৰী কৰোঁ।” তেওঁ সুৰাৰ বিপণী আৰু স্ক্ৰেপ ডিলাৰৰ পৰা খালি বটলবোৰ সংগ্ৰহ কৰোঁ। “বিমল (তেওঁৰ পত্নী)য়ে সেয়া চাফা কৰে, ধোৱে আৰু শুকুৱায়। তাৰপিছত সেই বটলবোৰ মই কৃত্ৰিম ফুল আৰু সূতাৰে সজাও। তাঁৰ আৰু বেটাৰী যোগ দিওঁ,” তেওঁ ‘লাইট বটল’ বনোৱাৰ প্ৰক্ৰিয়া বুজাই আমাক কয়। “তাৰপিছত মই বটলটোৰ ভিতৰত কৃত্ৰিম ফুল আৰু লাইট ভৰাও। এনেকৈয়ে লেম্পটো সাজু হৈ উঠে। আপুনি বেটাৰীৰে সেয়া অন-অফ কৰিব পাৰে।” তেওঁ সেই বটলবোৰক ডেকৰেটিভ লাইটেৰে এক শৈল্পিক ৰূপ দিয়ে, সিয়ে মানুহৰ ঘৰ শুৱনি কৰে।

“মই শিল্পক লৈ খুবেই আগ্ৰহী আৰু মই মোৰ কৌশল উন্নত কৰিব বিচাৰো যাতে মই ভাল উপাৰ্জন কৰিব পাৰো আৰু মোৰ তিনিজনী কন্যাসন্তানক ভাল শিক্ষা দিব পাৰো,” আবাচাহেব মাস্কেয়ে কয়। প্ৰতিটো বটল সাজি উলিয়াওতে ৩০ৰ পৰা ৪০ টকা খৰছ হয়। মাস্কে প্ৰতিটো লাইট ২০০ টকাকৈ বিক্ৰী কৰে। তেওঁৰ দৈনিক আয় ৫০০ টকাতকৈও কম। “মই মাহৰ ত্ৰিশটা দিন কাম কৰি মাহে ১০,০০০ টকাৰ পৰা ১২,০০০ টকা উপাৰ্জন কৰোঁ।” তাৰমানে তেওঁ দিনে দুটা বটল বিক্ৰী কৰে। “এনেকৈ পাঁচজনীয়া পৰিয়াল চলোৱাটো মস্কিল,” তেওঁ কয়। হাস্কেৰ আচল ঘৰ জালনা জিলাৰ জালনা তালুকৰ থেৰগাওঁ গাঁৱত।

PHOTO • Jyoti Shinoli
PHOTO • Jyoti Shinoli

বাওঁফালে : আবাচাহেব মাস্কে আলোকসজ্জিত বটল বনায় আৰু কান্দিৱালি আৰু মালাড়ত বিক্ৰী কৰে তেওঁ পৰিয়ালৰ দহ বাই দহৰ কোঠাটোতে সেই কাম কৰে সোঁফালে : আবাচাহেবে বনোৱা সুসজ্জিত বটলবোৰ তেওঁ সুৰাৰ বিপণী আৰু স্ক্ৰেপ ডিলাৰৰ পৰা বটলবোৰ আনে

PHOTO • Jyoti Shinoli
PHOTO • Jyoti Shinoli

বাওঁফালে : তেওঁৰ পত্নী বিমলাই বটলবোৰ চাফা কৰে , ধোৱে আৰু শুকুৱায় সোঁফালে : প্ৰতিটো বটল বনাওতে ৩০ৰ পৰা ৪০ টকা খৰছ হয় মাস্কেয়ে সেয়া ২০০ টকাকৈ বিক্ৰী হয় আৰু মাহে ১০ৰ পৰা ১২ হাজাৰ উপাৰ্জন কৰে তাৰমানে তেওঁ এদিনত দুটা বটল বিক্ৰী কৰিব পাৰে

তেওঁ প্ৰতিবছৰে নিজ গাঁৱলৈ জুন মাহমানত আহে আৰু তেওঁৰ ডেৰ একৰ মাটিত ছয়াবিন আৰু জোৱাৰৰ খেতি কৰে। “প্ৰতিবাৰেই খেতি বেয়া হয়। বৰষুণ ভাল নোহোৱাত শস্য বহুত কম উৎপাদন হয়,” তেওঁ কয়। মাস্কেয়ে যোৱা কেইবছৰমান ধৰি খেতি কৰিবলৈ এৰিছে।

প্ৰকাশ, মীৰা, মাস্কে আৰু দামু নগৰৰ আন বাসিন্দাসকল ২০১১ৰ লোকপিয়লত লিপিবদ্ধ ৬ কোটি ৫০ লাখ বস্তিবাসীৰ নগণ্য অংশ। কিন্তু পৌৰনিগমৰ নিৰ্বাচন নাইবা আন নিৰ্বাচনবোৰত তেওঁলোকৰ সংখ্যা গুৰুত্বপূৰ্ণ।

“বস্তি অঞ্চলবোৰ গ্ৰামীণ প্ৰব্ৰজনকাৰীৰ বেলেগ এখন দুনীয়া,” আবাচাহেবে কয়।

২০ মে'ত কান্দিৱালিৰ জনতাই মুম্বাই নৰ্থ লোকসভা আসনৰ বাবে ভোট দিব। বৰ্তমানৰ সাসংদ বিজেপিৰ গোপাল শেট্টীয়ে ২০১৯ত কংগ্ৰেছ প্ৰাৰ্থী উৰ্মিলা মাতুন্দকাৰক চাৰে-চাৰিলাখমান ভোটৰ ব্যৱধানত হৰুৱাইছিল।

এইবাৰ বিজেপিয়ে গোপাল শেট্টীক টিকট নিদিলে। তাৰ পৰিৱৰ্তে মুম্বাই নৰ্থৰ পৰা পিযুশ গোৱেলে খেলিব। “বিজেপিয়ে ইয়াৰ পৰা দুবাৰ (২০১৪ আৰু ২০১৯ত) জিকিছে। তাৰ আগত কংগ্ৰেছ আছিল। কিন্তু যিটো দেখিছো বিজেপিৰ সিদ্ধান্ত দুখীয়াৰ হকে নহয়,” আবাচাহেব মাস্কেয়ে কয়।

PHOTO • Jyoti Shinoli
PHOTO • Jyoti Shinoli

বাওঁফালে : দামু নগৰৰ ঠেক গলিবোৰ এই বস্তিটোৰ বাসিন্দাসকলে ২০ মে দিনা ভোটদান কৰিব সোঁফালে : আবাচাহেব মাস্কে , বিমল আৰু তেওঁৰ সন্তানকেইটা , তেওঁলোকৰ ঘৰত এই নিৰ্বাচন (...) আমাৰ দৰে বঞ্চিত নাগৰিকৰ অধিকাৰ ঘুৰাই অনাৰ নিৰ্বাচন বুলি মোৰ মনে ধৰে

ইভিএমত মীৰাৰ বিশ্বাস নাই, তেওঁ বেলট পেপাৰহে বেছি বিশ্বাসযোগ্য বুলি ভাবে। “এই ভোটিং মেচিনবোৰ মোৰ থগবাজি যেন লাগে। কাগজত দিয়া ভোটহে ভাল আছিল। কাক ভোট দিছো, অন্ততঃ নিশ্চিত হ’ব পাৰিছিলো,” মীৰাই কয়।

নিবনুৱা প্ৰকাশৰ বাতৰি আৰু ভুৱা খবৰক লৈ মন্তব্য, মীৰাৰ ইভিএমক লৈ বিশ্বাসহীনতা আৰু চৰকাৰী সাহায্যত মাস্কেয়ে নিজাকৈ কিবা এটা কৰাৰ বিফলতা। এই আটাইবোৰেই এটা এটা কাহিনী।

“আমাৰ সমস্যাবোৰ তুলি ধৰিবপৰা প্ৰাৰ্থী এজনক মই ভোট দিব খোজো,” প্ৰকাশে কয়।

“এতিয়ালৈ যিসকল জিকিছে, তেওঁলোকে আমাৰ একো উন্নতি সাধিব পৰা নাই। আমাৰ সংগ্ৰাম একেই আছে। যাকেই ভোট নিদিও লাগিলে, আমাৰ কঠোৰ পৰিশ্ৰমেহে আমাক জীয়াই ৰাখিছে। সেই নেতাই নহয়। আমি নিজৰ জীৱন গঢ়াৰ বাবে পৰিশ্ৰম কৰিব লাগে, নেতাৰ জীৱন নহয়,” মীৰাই কয়।

“মই ভাবো এই নিৰ্বাচন কেৱল মৌলিক সা-সুবিধা লাভৰ নহয়। এই নিৰ্বাচন আমাৰ দৰে বঞ্চিতজনৰ অধিকাৰ ঘূৰাই অনাৰ,” আবাচাহেবে কয়। আন কথাত দামু নগৰে এইবাৰ গণতন্ত্ৰৰ বাবে ভোট দিব।

অনুবাদ: পংকজ দাস

Jyoti Shinoli

Jyoti Shinoli is a Senior Reporter at the People’s Archive of Rural India; she has previously worked with news channels like ‘Mi Marathi’ and ‘Maharashtra1’.

यांचे इतर लिखाण ज्योती शिनोळी
Editor : P. Sainath

पी. साईनाथ पीपल्स अर्काईव्ह ऑफ रुरल इंडिया - पारीचे संस्थापक संपादक आहेत. गेली अनेक दशकं त्यांनी ग्रामीण वार्ताहर म्हणून काम केलं आहे. 'एव्हरीबडी लव्ज अ गुड ड्राउट' (दुष्काळ आवडे सर्वांना) आणि 'द लास्ट हीरोजः फूट सोल्जर्स ऑफ इंडियन फ्रीडम' (अखेरचे शिलेदार: भारतीय स्वातंत्र्यलढ्याचं पायदळ) ही दोन लोकप्रिय पुस्तकं त्यांनी लिहिली आहेत.

यांचे इतर लिखाण साइनाथ पी.
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

यांचे इतर लिखाण Pankaj Das