পুৱা ৭ বাজিছে, দৌলতগঞ্জৰ ছাদিক মঞ্জিল চ’কটো ব্যস্ততাৰে ভৰি পৰিছে। ট্ৰাকবোৰে কৰ্কশ শব্দ কৰি পাৰ হৈ গৈছে, দোকানবোৰৰ ছাটাৰবোৰ খোলাৰ ঘেৰঘেৰ শব্দ শুনা গৈছে। ওচৰৰে মন্দিৰ এটাৰ পৰা মাইকৰ পৰা হনুমান চালিচা ভাঁহি আহিছে।

দোকান এখনৰ চিৰিত বহি থকা ঋষি মিশ্ৰাই চিগাৰেট এটা হুপি আছে আৰু আশে-পাশে থকা মানুহখিনিৰ লগত ডাঙৰ ডাঙৰকৈ কথা পাতিছে। তেওঁলোকৰ আলোচনাৰ বিষয় হৈছে অলপতে হৈ যোৱা সাধাৰণ নিৰ্বাচন আৰু গঠন হ’বলগীয়া নতুন চৰকাৰ। মানুহে তৰ্ক-বিতৰ্ক কৰি থকা দেখি কাষতে বহি চাধা মলি থকা নজৰুদ্দিন আহমেদে কৈছে, “তহঁতে তৰ্ক কিয় কৰিছ? যোনেই চৰকাৰ গঠন নকৰক কিয়, আমি নিজৰ পেট পালিবলৈ কাম কৰিবই লাগিব।”

ঋষি আৰু নজৰুদ্দিন সেই ঠাইত পুৱাৰ ভাগত গোট খোৱা দিনহাজিৰাৰ কাম বিচাৰি অহা মানুহ। তেওঁলোক গোট খোৱা ঠাইখিনিক লেবাৰ চ’ক বুলিও কয়। পালামুৰ আশে-পাশে গাওঁবোৰত কাম নাই, তেওঁলোকে কয়। ছাদিক মঞ্জিলৰ সেই লেবাৰ চ’কটোত প্ৰায় ২৫-৩০ গৰাকী মানুহ কামৰ আশাত বহি আছে। তেওঁলোকে ঝাৰখণ্ডৰ আশে-পাশে থকা গাওঁবোৰৰ পৰা আহি পুৱাৰ ভাগত সদায় এনেকৈ কামৰ আশাত আহি বহি থাকে। তাত তেনেকুৱা লেবাৰ চ’ক প্ৰায় পাঁচটামান আছে।

PHOTO • Ashwini Kumar Shukla
PHOTO • Ashwini Kumar Shukla

পালামু জিলাৰ সিংগ্ৰহ কালান গাঁৱৰ ঋষি মিশ্ৰা (বাওঁফালে) আৰু নেউৰা গাঁৱৰ নজৰুদ্দিন (সোঁফালে) তেনে বহু দিনহাজিৰা কৰা মানুহৰ মাজৰ দুজন, তেওঁলোকে কামৰ সন্ধানত দৌলতগঞ্জৰ ছাদিক মঞ্জিলত আন শ্ৰমিকৰ সৈতে আহি গোট খায়। শ্ৰমিকসকলে কয় যে গাঁৱত কাম নোপোৱা হৈছে

PHOTO • Ashwini Kumar Shukla
PHOTO • Ashwini Kumar Shukla

ছাদিক মঞ্জিলক লেবাৰ চ’ক বুলিও কোৱা হয়, দৌলতগঞ্জত থকা এনে পাঁচটামান চ’কৰ ভিতৰত সিটোও এটা। ‘প্ৰতিদিনে ৫০০ লোক আহে। তাৰে ১০ জনে কাম পায়, বাকীবোৰে শুদাহাতে ঘৰলৈ যায়,’ নজৰুদ্দিনে কয়

“আঠ বজালৈ ৰৈ দিয়ক। ইমান মানুহ তেতিয়ালৈ গোট খাব যে ভৰি দিবলৈ ঠাই নাইকিয়া হ’ব,” ম’বাইল ফোনটোত সময় চাই ঋষিয়ে কয়।

ঋষিয়ে ২০১৪ত আইটিআই প্ৰশিক্ষণ লৈছিল আৰু ড্ৰিলিং মেচিন চলাব জানে, সেই কাম পাব বুলি তেওঁ আশা পালি ইয়াত ৰৈ আছে। “কামৰ আশাত আমি এই চৰকাৰক ভোট দিছিলো। (নৰেন্দ্ৰ) মোদীয়ে ১০ বছৰ শাসনত থাকিল। কিমান পদ মুকলি কৰাৰ ঘোষণা আপুনি শুনিছে আৰু কিমানক চাকৰি দিছে?” সিংগ্ৰহ কালান গাঁৱৰ ২৮ বৰ্ষীয় ডেকাল’ৰাজনে কয়। “এইখন চৰকাৰ যদি আৰু পাঁচ বছৰ থাকে, তেন্তে আমাৰ আৰু একো আশা কৰিবলগীয়া নাথাকিব।”

একেই ভাব ৪৫ বৰ্ষীয় নজৰুদ্দিনৰ মনতো খেলিছে। নেউৰা গাঁৱৰ ৰাজমিস্ত্ৰী নজৰুদ্দিনে অকলে নিজৰ সাতজনীয়া পৰিয়ালটো চলায়। “কোনে দুখীয়া মানুহ আৰু খেতিয়কৰ কথা চিন্তা কৰে?” নজৰুদ্দিনে প্ৰশ্ন কৰে। “প্ৰতিদিনে ইয়ালৈ ৫০০ মানুহ আহে। কেৱল ১০ জনে কাম পায় আৰু বাকীবোৰে শুদাহাতে ঘৰলৈ উভতে।”

PHOTO • Ashwini Kumar Shukla
PHOTO • Ashwini Kumar Shukla

ৰাস্তাৰ দুয়োকাষ পুৰুষ আৰু মহিলা শ্ৰমিকেৰে ভৰি পৰিছে। কোনোবা আহি ওলালে তেওঁলোকে দিনটোৰ কামৰ আশাত আগুৰি ধৰে

মটৰ চাইকেলত লোক এজন আহিলত, আমাৰ কথোপকথনত ব্যাঘাত জন্মিল। মানুহবোৰে আৰোহীজনক আগুৰি ধৰিলে, কিজানি দিনটোৰ বাবে কাম পায়। মজুৰি নিৰ্ধাৰণ কৰাৰ পিছত ডেকা ল’ৰাজনক বাচি লোৱা হ’ল। মটৰ চাইকেলৰ পিছফালে উঠি তেওঁ গ’ল।

ঋষি আৰু তেওঁৰ লগৰীয়া শ্ৰমিক বন্ধুসকল আকৌ নিজৰ ঠাইলৈ উভতি আহিল। “এই কাৰবাৰখন চাওকচোন। এজন মানুহ আহিলনে, আটাইবোৰ একেবাৰে জপিয়াই পৰিল,” ঋষিয়ে কয়। কওতে তেওঁ ভেকাহিয়ে মাৰিছে নে হাঁহিছে, ধৰিব পৰা নগ’ল।

পিছফালে বহি থকা ঋষিয়ে কয়, “যি দলেই চৰকাৰ গঠন নকৰক কিয়, দুখীয়া মানুহৰ সহায় হ’ব লাগে। বস্তু-বাহানিৰ দাম কমিব লাগে। মন্দিৰ বনালে দুখীয়াৰ পেট ভৰিব জানো?”

অনুবাদ: পংকজ দাস

Ashwini Kumar Shukla

अश्विनी कुमार शुक्ला झारखंड स्थित मुक्त पत्रकार असून नवी दिल्लीच्या इंडियन इन्स्टिट्यूट ऑफ मास कम्युनिकेशन इथून त्यांनी पदवी घेतली आहे. ते २०२३ सालासाठीचे पारी-एमएमएफ फेलो आहेत.

यांचे इतर लिखाण Ashwini Kumar Shukla
Editor : Sarbajaya Bhattacharya

Sarbajaya Bhattacharya is a Senior Assistant Editor at PARI. She is an experienced Bangla translator. Based in Kolkata, she is interested in the history of the city and travel literature.

यांचे इतर लिखाण Sarbajaya Bhattacharya
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

यांचे इतर लिखाण Pankaj Das