দ-দম্-দম্...দ-দম্-দম্...! শান্তি নগৰ বস্তিৰ গলিয়ে গলিয়ে এই বিশেষ মাতে আপোনাৰ পিছ নেৰিব। সেয়া ঢোলৰ মাত। আৰু আমি সেই ঢোল বনোৱা, ৰাস্তাই ৰাস্তাই কান্ধত ওলমাই লৈ বিক্ৰী কৰি ফুৰা ৩৭ বৰ্ষীয় ঢোল নিৰ্মাতা ইৰফান শ্বেইখৰ লগত ঘুৰি ফুৰিছো। তেওঁ আমাক মুম্বাইৰ উত্তৰ ভাগৰ উপকণ্ঠ অঞ্চলৰ প্ৰব্ৰজনকাৰীৰ এই বস্তিটোৰ আন শিল্পীসকলৰ সৈতে চিনাকি কৰাই দিছে।
এই ঠাইৰ প্ৰায় আটাইবোৰ শিল্পীৰে ঘাই ঘৰ বিচাৰিলে উত্তৰ প্ৰদেশৰ বাৰাবাঁকি জিলাতে ওলাবগৈ। ব্যৱসায়বিধত তেওঁলোকৰ প্ৰায় ৫০ গৰাকী লোক আছে। “আমি যিফালেই চায়, সিফালেই আমাৰ বিৰাদৰী (সম্প্ৰদায়)ৰ মানুহক এই শিল্পত ব্যস্ত হৈ থকা দেখিবলৈ পাব,” সমগ্ৰ মুম্বাইকে ধৰি ৰাজ্যখনৰ বিভিন্ন অংশলৈ তেওঁলোকৰ ঢোল সৰবৰাহ হোৱাৰ দাবী কৰি তেওঁ গৌৰৱেৰে কথাষাৰ কয়। (বিৰাদৰী মানে দৰাচলতে ভ্ৰাতৃত্ববোধ বুজায়, কিন্তু প্ৰায়ে নিজৰ জাতি, সম্প্ৰদায় বা সমভাৱাপন্ন লোকৰ সমাজ বুজাবলৈহে প্ৰায়ে ব্যৱহাৰ কৰা হয়)।






