চালপীৰাখনত বহি থকা অৱস্থাৰেই সুধীৰ কোছাৰিয়ে নিজৰ যন্ত্ৰণাৰ কথাবোৰ আমাক কৈ গৈছে। সোঁভৰিৰ তলুৱাৰ কটা অংশটো আমাক দেখুৱাইছে, তেওঁৰ সোঁভৰিৰ ঊৰুতো অতিকমেও ৫ চেণ্টিমিটাৰ দীঘল আঘাতৰ চিন। সোহাতখনটো দীঘলীয়াকৈ কাটিছে আৰু কটা ঠাইখিনিত চিলাই কৰিবলগীয়া হৈছে। তেওঁৰ গোটেই শৰীৰটোতে আঘাতৰ চিন স্পষ্ট।
আধা প্লাষ্টাৰ কৰা কম পোহৰৰ দুকোঠলীয়া ঘৰটোত তেওঁ ভাৱলেশহীনভাৱে যন্ত্ৰণাবোৰ সহ্য কৰি গৈছে। তেওঁৰ কাষত আছে পত্নী, মাতৃ আৰু ভাতৃ। কেবাদিনো ধৰি একেৰাহে ৰ’দ দি থকাৰ পিছত সেই অঞ্চলটোত অৱশেষত বৰষুণ পৰিছে।
২০২৩ চনৰ ২ জুলাইৰ সন্ধিয়া লোহাৰ-গাদী (এওঁলোকক গাড়ি লোহাৰ বুলিও জনা যায়, ৰাজ্যখনত অনান্য পিছপৰা শ্ৰেণী হিচাপে তালিকাভুক্ত) সম্প্ৰদায়ৰ ভূমিহীন শ্ৰমিক সুধীৰে ফাৰ্মত কাম কৰি থকা অৱস্থাত বনগাহৰিৰ আক্ৰমণৰ সন্মুখীন হয়। সেই আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা ৩০ বছৰীয়া শ্ৰমিকজনে কোনোমতে বুকু আৰু মুখত আঘাত পোৱাৰ পৰা ৰক্ষা পৰে।
'পাৰি’ৰ তৰফৰ পৰা চন্দ্ৰপুৰ জিলাৰ ছাওলি মৌজাৰ বনাঞ্চলৰ কাৱাথি নামৰ দুৰ্গম গাঁওখনত থকা তেওঁৰ নিজৰ গৃহত যোৱা ৮ জুলাইৰ সন্ধিয়া সুধীৰক লগ কৰা হৈছিল। তেতিয়া তেওঁ হাস্পতালৰ পৰা কিছু সুস্থ হৈ ঘৰ আহি পাইছিল।
কেনেকৈ ট্ৰেক্টৰেৰে মাটি চহাই থকা এজন শ্ৰমিকে চিঞৰ-বাখৰ শুনি দৌৰি আহি নিজৰ সুৰক্ষাৰ কথা নাভাবি সাহসেৰে শিল দলিয়াই বন গাহৰিটোক খেদি তেওঁক বচাইছিল সেই কথা তেওঁ কৈ গৈছিল।
বন-গাহৰিটো সম্ভৱতঃ মাইকী আছিল আৰু জোঙা দাঁতেৰে সুধীৰক আক্ৰমণ কৰিছিল, ভয়াৰ্ত সুধীৰে ওপৰমুৱাকৈ পৰি গৈছিল। ''জন্তুটোৱে এবাৰ পিছুৱাই গৈ আকৌ আগুৱাই আহি তীক্ষ্ণ দাঁতবোৰ মোৰ গাত বহুৱাই দিছিল,’’ সুধীৰে কৈ গৈছে আৰু কাষতে থকা মত্যুৰ মুখৰ পৰা কোনোমতে বাচি অহা স্বামীলৈ বিস্ময়নেত্ৰে চাই ৰৈছে পত্নী দৰ্শনাই।
বন-গাহৰিটো পিছত ওচৰতে থকা জংঘলত লুকাই পৰে যদিও তেতিয়ালৈ সুধীৰ বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিল।


















