“এয়া আপোনালৈ বুলি উপহাৰ,” গুমলা জিলাৰ তেঁতৰা গাওঁ পঞ্চায়তৰ সচিব টেৰেছা লাক্ৰালৈ স্থানীয় ‘হিতাধিকাৰী কমিটি’ৰ সদস্য বিহাৰী লাক্ৰাই উপহাৰ এটি আগবঢ়াই ক’লে। এনেকৈ কৈ তেওঁ ৫,০০০ টকা টেৰেছাৰ হাতত গুজি দিলে। টেৰেছাই জনাই নাছিল যে সেই উপহাৰৰ টোপোলাটো আছিল দৰাচলতে নগদ ৫,০০০ টকা। তেওঁ সেই পইচাখিনি নাপালেও – কিয়নো ঠিক সেই মুহূৰ্ততে ৰাঁচীৰ দুৰ্নীতি নিবাৰক ব্যুৰ’ (এ.চি.বি.)ৰ দল এটা খাপ পিতি ৰৈ আছিল। দুৰ্নীতি নিবাৰণ আইন, ১৯৮৮ৰ অধীনত “অবৈধ উৎকোচ” বিচৰাৰ অপৰাধত তেওঁক তাতেই গ্ৰেপ্তাৰ কৰা হয়।
এই ঘটনাই ৪৮ বৰ্ষীয় ওৰাওঁ জনজাতিৰ টেৰেছাক মানসিকভাৱে বিধ্বস্ত কৰি পেলালে। গাওঁ পঞ্চায়তখন যিটো এলেকাত অৱস্থিত, ঝাৰখণ্ডৰ বচিয়া খণ্ডৰ ৮০ হাজাৰ লোকো এই ঘটনাটোত আশ্চৰ্য্যশ্বকিত হৈ পৰিল ঠিকেই, কিন্তু ৫,০০০ টকাৰ উৎকোচ লোৱা ধৰিবলৈ ৰাঁচীৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ দূৰত্বৰ এই ঠাইলৈ এ.চি.বি.ৰ দল এটা অহাটোক লৈ কোনোৱে আশ্চৰ্য্য প্ৰকাশ নকৰিলে। এছ.ইউ.ভি. এখনত মই সেই ঠাই পাবলৈ প্ৰায় দুঘণ্টাৰো অধিক সময় লাগিছিল। অৱশ্যে যিজন ন্যায়াধীশৰ আগত তেওঁক থিয় কৰোৱা হ’ল, তেওঁ সেই কথা মন নকৰাকৈ নাথাকিল। এ.চি.বি.ৰ দলটোক নিজে সেই ঠাইলৈ সৰু গাড়ীৰে অহা-যোৱা কৰোঁতে পাঁচ ঘণ্টামান লাগিছিল আৰু সেই যাত্ৰাতে সিমানখিনি টকা খৰচ হোৱাটো স্বাভাৱিক, অনান্য খৰচ আছেই।
এই কথাটোলৈকো কাৰো চকু নগ’ল যে টেৰেছাক সিদিনা ঘটনাস্থলী - বচিয়া খণ্ডৰ পঞ্চায়তৰ কাৰ্য্যালয়লৈ গাওঁ পঞ্চায়তৰ বিশেষ কেইগৰাকীমান সদস্যই লৈ গৈছিল। সেইকেইগৰাকী ব্যক্তিয়েই তেওঁৰ বিৰুদ্ধে সাক্ষী দিলে। এই কথাটোও মন কৰিবলগীয়া যিটো টেৰেছাই আঙুলিয়াই দিলে, “মোক তেওঁলোকে বচিয়া আৰক্ষী থানালৈ নিনিলে” – সেই থানাখন খণ্ডটোৰ পঞ্চায়তৰ কাৰ্য্যালয়ৰ ঠিক সন্মুখতে আছিল - নাটকখন হোৱা ঠাইৰ পৰা কেইটামান খোজৰ দূৰত। তালৈ নিয়াৰ পৰিৱৰ্তে “তেওঁলোকে মোক ১০-১৫ কিলোমিটাৰ দূৰৰ কামদাৰা খণ্ডৰ আৰক্ষী থানালৈ নিলে।”
সেয়া আছিল ২০১৭ চনৰ জুন মাহৰ কথা।
এতিয়া উভতি চাই দ্বাদশ শ্ৰেণী উত্তীৰ্ণ টেৰেছাই বুজি পাইছে যে “বচিয়া আৰক্ষী থানাত সকলোৱে মোক জানে। মই যে উৎকোচ নলওঁ, সেই কথাও তেওঁলোকে জানে,” সেই কাৰণতে তেওঁক তালৈ নিয়া নহ’ল। পাছত তেওঁক ৰাঁচীৰ বিশেষ আদালতত হাজিৰ কৰোৱা হ’ল।






