গড়চিৰোলি লোকসভা সমষ্টিটোত ১৯ এপ্ৰিলৰ দিনা সাতটা পৰ্য্যায়ত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচন, ২০২৪ৰ ভোটদান অনুষ্ঠিত হোৱাৰ এসপ্তাহ আগৰ কথা। জিলাখনৰ ১২ খন টেহচিলৰ প্ৰায় ১৪৫০ খন গাওঁসভাই কংগ্ৰেছ প্ৰাৰ্থীগৰাকীলৈ সমৰ্থন আগবঢ়ায়, যিটো এক নজীৰবিহীন পদক্ষেপ।

এয়া নজীৰবিহীন বুলিয়েই ক’ব লাগিব, কিয়নো এই জনজাতীয় লোকসকলে কাচিৎহে ৰাজনৈতিক পক্ষ লয়। জিলা পৰ্য্যায়ৰ ফেডাৰেচনৰ অধীনত গ্ৰামসভাৰ সমৰ্থনে কংগ্ৰেছক আচৰিত কৰাৰ বিপৰীতে ভাৰতীয় জনতা পাৰ্টিক হতাশ কৰিছে, য’ত বৰ্তমানৰ সাংসদ অশোক নেটেয়ে তৃতীয়টো কাৰ্য্যকালৰ বাবে পুনৰ নিৰ্বাচিত হোৱাৰ আশা পালি আছে।

গাওঁসভাৰ প্ৰায় হাজাৰজন কাৰ্য্যালয় কৰ্মকৰ্তা আৰু গাওঁসভাৰ প্ৰতিনিধিসকলে গড়চিৰোলি চহৰৰ বিবাহভৱন এটাত সুপ্ৰভাত মংগল কাৰ্য্যালয়ত ধৈৰ্য্যসহকাৰে ১২ এপ্ৰিলৰ দিনটো কংগ্ৰেছ প্ৰাৰ্থী আৰু নেতৃবৃন্দৰ সৈতে মুকলি সভা এখনৰ বাবে অপেক্ষা কৰিলে। সন্ধিয়া ভামৰাগড়ৰ দক্ষিণ-পূব ব্লকৰ মাড়িয়াৰ বিপন্ন জনজাতীয় গোটৰ উকীল আৰু সমাজকৰ্মী লাচু নগতিয়ে কিৰ্ষাণৰ আগত সৰু সৰুকৈ অথচ স্পষ্টভাৱে পঢ়ি শুনাইছে। তেওঁ সমৰ্থন পত্ৰখন গ্ৰহণ কৰিছে আৰু সাসংদ হিচাপে নিৰ্বাচিত হ’লে তেওঁলোকে কৰা দাবীসমূহ মানি চলাৰ অংগীকাৰ কৰিছে।

এই চৰ্তসমূহৰ ভিতৰত আছে জিলাখনৰ বনাঞ্চলত চলি থকা অবাধ আৰু কোনো চিন্তা-চৰ্চা নোহোৱাকৈ কৰা খনন বন্ধ কৰা, বন অধিকাৰ আইনৰ নিয়মসমূহ সুচল কৰা, দাবীসমূহ পেণ্ডিং হৈ থকা গাওঁবোৰত সামূহিক বন অধিকাৰ (কমিউনিটি ফৰেষ্ট ৰাইটচ্ চমুকৈ চিএফআৰ)ৰ ব্যৱস্থা কৰা আৰু ভাৰতৰ সংবিধানখনৰ কঠোৰ অনুপালন।

“আমাৰ সমৰ্থন কেৱল নিৰ্বাচনৰ বাবে,” চিঠিখনত এইকথা স্পষ্ট কৰি কোৱা হৈছে, “প্ৰতিশ্ৰুতি ভংগ কৰিলে আমি অন্য মতত উপনীত হ’ব পাৰো।”

গাওঁসভাই এই পদক্ষেপ কিয় গ্ৰহণ কৰিলে?

“আমি চৰকাৰক খনিয়ে দিয়া ৰাজহতকৈ অধিক ৰাজহ দিম,” কংগ্ৰেছ দলটোৰ প্ৰাক্তন নেতা আৰু এগৰাকী প্ৰবীণ জনজাতীয় সমাজকৰ্মী সঞ্জু গ’তাই কয়। “এই অঞ্চলত বন ধ্বংস কৰি খনন কৰাটো ভুল কাম হ’ব।”

Left: Lalsu Nogoti is a lawyer-activist, and among the key gram sabha federation leaders in Gadchiroli.
PHOTO • Jaideep Hardikar
Right: Sainu Gota, a veteran Adivasi activist and leader in south central Gadchiroli, with his wife and former panchayat samiti president, Sheela Gota at their home near Todgatta
PHOTO • Jaideep Hardikar

বাওঁফালে: গড়চিৰোলিৰ গাওঁসভা ফেডাৰেচনৰ নেতাসকলৰ মাজৰ এজন লালচু নগতি এগৰাকী উকীল তথা সমাজকৰ্মী। সোঁফালে: প্ৰবীণ আদিবাসী সমাজকৰ্মী আৰু দক্ষিণ কেন্দ্ৰীয় গড়চিৰোলিৰ নেতা সঞ্জু গ’তা, তেওঁৰ পত্নী তথা প্ৰাক্তন পঞ্চায়ত সমিতিৰ সচিব শীলা গ’তাৰ সৈতে, টোড়গাট্টাৰ কাষৰ তেওঁলোকৰ ঘৰৰ কাষত

গ’তাই সকলোৰে সাক্ষী - হত্যা, দমন, বন অধিকাৰ প্ৰাপ্তিৰ দীঘলীয়া অপেক্ষা আৰু গোণ্ড আদিবাসীৰ দীৰ্ঘদিনীয়া দমন আদি সকলো। ষাঠিউৰ্দ্ধ মোচ থকা ওখ-পাশ হৃষ্ট-পুষ্ট গ’তাই কয় যে অনুসূচিত এলেকালৈ সম্প্ৰসাৰিত পঞ্চায়ত চমুকৈ পিইএছএৰ অধীনস্থ গাওঁসভাই বিজেপিৰ বৰ্তমানৰ সাসংদগৰাকীৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰাৰ্থীজনলৈ সমৰ্থন আগবঢ়োৱাৰ দুটা কাৰণ দৰ্শাইছে: এটা হৈছে বন অধিকাৰ আইনৰ শিথিলকৰণ আৰু বনাঞ্চলত অবাধ খননৰ ফলত ধ্বংস হ’বলগীয়া তেওঁলোকৰ সংস্কৃতি আৰু বসতিস্থল। “পুলিচে সততে কৰা অত্যাচাৰত মানুহ চলিব নোৱাৰা হৈছে, সেয়া বন্ধ হ’বই লাগিব,” তেওঁ কয়।

তিনিবাৰকৈ বৈঠক অনুষ্ঠিত হৈছিল, তাৰ পিছতহে জনজাতীয় গাওঁসভাৰ প্ৰতিনিধিসকলে এক সন্মিলিত সিদ্ধান্তলৈ আহে আৰু সমৰ্থনৰ বাবে চৰ্তসমূহ নিৰ্ধাৰিত কৰে।

“এয়া দেশখনৰ বাবে বৰ অতি গুৰুত্বপূৰ্ণ নিৰ্বাচন,” নগতিয়ে কয়, তেওঁ ২০১৭ত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে জিলা পৰিষদত নিৰ্বাচিত হৈছিল। তেওঁক জিলাখনত ৱকিল চাহেব বুলি মানুহে জানে। “মানুহে এক জ্ঞাত স্থিতিত অৱস্থান কৰাটো জৰুৰী বুলি বিবেচনা কৰিলে।”

যোৱা নৱেম্বৰত (২০২৩) এই লোৰ আকৰেৰে সমৃদ্ধ অঞ্চলটোত আন এটা খনি খোলাৰ বিৰুদ্ধে জনজাতীয় সম্প্ৰদায়ৰ লোকে কৰা 253 দিনীয়া নীৰৱ প্ৰতিবাদস্থলীত গড়চিৰোলি আৰক্ষীয়ে কোনো প্ৰৰোচনামূলক কাৰ্য্যকলাপ নথকা স্বত্ত্বেও অত্যাচাৰ চলায়।

তেওঁলোকে সুৰক্ষা গোট এটাৰ ওপৰত আক্ৰমণ চলোৱাৰ মিছা অভিযোগ আনি সশস্ত্ৰ সেনা বাহিনীৰ গোট এটাই তোড়গাট্টা গাঁৱত গোট খাই প্ৰতিবাদ কৰি থকা প্ৰায় ৭০ খন গাঁৱৰ প্ৰতিবাদস্থলী তচনচ কৰি পেলায়। তেওঁলোকে সুৰ্য্যগঢ় এলেকাত ছটা প্ৰস্তাবিত আৰু নিলামকৃত খনিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল।

Left: The Surjagarh iron ore mine, spread over nearly 450 hectares of land on the hills that are considered by local tribal communities as sacred, has converted what was once a forest-rich area into a dustbowl. The roads have turned red and the rivers carry polluted water.
PHOTO • Jaideep Hardikar
Right: The forest patch of Todgatta village will be felled for iron ore should the government allow the mines to come up. Locals fear this would result in a permanent destruction of their forests, homes and culture. This is one of the reasons why nearly 1,450 gram sabhas openly supported the Congress candidate Dr. Namdev Kirsan ahead of the Lok Sabha elections
PHOTO • Jaideep Hardikar

বাওঁফালে: প্ৰায় ৪৫০ হেক্টৰ মাটিত বিয়পি থকা সুৰ্য্যগঢ় লোৰ আকৰৰ খনিটো জনজাতীয় লোকে পৱিত্ৰ জ্ঞান কৰা অহা পাহাৰত, এসময়ৰ সেই অৰণ্যখন এতিয়া ধূলিময় হৈ পৰিছে। ৰাস্তাবোৰ ৰঙা হৈ পৰিছে আৰু নদীয়ে প্ৰদূষিত পানী কঢ়িয়াইছে। সোঁফালে: লোৰ আকৰৰ খনিৰ বাবে তোড়গাট্টা গাঁৱৰ এই অঞ্চলটোৰ গছ-গছনি কাটি পেলাবলগীয়া হ’ব। স্থানীয় লোকে তেওঁলোকৰ অৰণ্য, ঘৰ আৰু সংস্কৃতিৰ স্থায়ী ধ্বংসৰ এক ভবিষ্যত দেখা পাইছে। সেই কাৰণতে ১৪৫০ গাওঁসভাই লগ লাগি লোকসভা নিৰ্বাচনত ড. নামদেৱ কিৰ্ষাণক মুকলিকৈ সমৰ্থন কৰিছে

বৰ্তমান লইডচ মেটেল এণ্ড এনাৰ্জি লিমিটেড নামে কোম্পানীটোৰ চলাই থকা সুৰ্য্যগঢ় খনিয়ে যিদৰে পৰিৱেশ ধ্বংস কৰি পেলাইছে, তাক দেখি সৰু সৰু গাওঁ আৰু চুবুৰীৰ লোকে পাল পাতি ধৰ্ণাস্থলীত বহিছিল। প্ৰতি চাৰিঘণ্টাত ১০-১২ জন লোকে প্ৰায় আঠ মাহ এনেকৈ ধৰ্ণা চলাই গৈছিল। কোনো অসম্ভৱ দাবী তেওঁলোকে উত্থাপন কৰা নাছিল: অঞ্চলটোত খনন চলাব নালাগিব। এয়া কেৱল তেওঁলোকৰ অৰণ্যখন সংৰক্ষিত কৰি ৰাখিবলৈ বুলিয়েই নহয়, তেওঁলোকৰ বিভিন্ন ধৰ্মীয় স্থানেৰে ভৰি থকা ঠাইখনৰ সাংস্কৃতিক পৰম্পৰা ৰক্ষাৰ বাবেই তেওঁলোকে এই দাবী জনাছিল।

আৰক্ষীয়ে তেওঁলোকৰ মাজৰ পৰা বাচি বাচি আঠজনমান নেতাক ধৰি তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে। স্থানীয় লোকৰ পৰা তেওঁলোকে গৰিহণা পালে, তেওঁলোকৰ মাজত উত্তেজনা বাঢ়িল। সেয়াই আছিল শীৰ্ষবিন্দু।

তাৰপিছত যেন সাময়িক নীৰৱতা।

গড়চিৰোলি জিলাত সামূহিক অৰণ্য অধিকাৰ (চিএফআৰ)ৰ ক্ষেত্রত দেশখনৰ ভিতৰতে আগবঢ়া, পিইএছএ-ৰ অধীনস্থ এলেকাৰ বাহিৰে-ভিতৰে প্ৰায় ১৫০০ গাওঁসভা আছে।

জনগোষ্ঠীসমূহে লগ লাগি বন ব্যৱস্থাপনা কৰাত লাগিল। তেওঁলোকে সৰু-সুৰা বনজ সামগ্ৰী সংগ্ৰহ কৰিলে আৰু ভাল দামৰ বাবে নিলামৰ ব্যৱস্থা কৰিলে আৰু এনেকৈ তেওঁলোকৰ আয় বাঢ়িল। দশক দশক জুৰি চলি থকা সংঘৰ্ষ আৰু বিবাদৰ বিপৰীতে চিএফআৰ-য়ে জনজাতীয় লোকলৈ সামাজিক আৰু অৰ্থনৈতিক সুস্থিৰতা ঘূৰাই আনিলে।

সুৰ্য্যগঢ় খনিয়ে তেওঁলোকৰ সুস্থিৰ প্ৰক্ৰিয়াটোত ব্যাঘাত হানি আহিছে। পাহাৰবোৰ খান্দি পেলোৱা হ’ল, পাহাৰৰ পৰা বৈ অহা নৈ আৰু জান-জুৰিবোৰত ৰঙা প্ৰদূষিত পানী প্ৰৱাহিত হ’বলৈ ধৰিলে। ফেঞ্চি দিয়া বাটেৰে শ শ ট্ৰাকৰ শাৰী আপুনি খননস্থলীৰ পৰা ওলোৱা দেখিব। খনিৰ আশে-পাশে থকা গাওঁবোৰ ধূলিয়ৰি শুকান পাহাৰৰ ছাঁত পৰিণত হ’ল, তেনে গাওঁবোৰৰ অস্তিত্ত্বৰ প্ৰতি ভাবুকি আহি পৰিল।

Huge pipelines (left) are being laid to take water from a lake to the Surjagarh mines even as large trucks (right) ferry the iron ore out of the district to steel plants elsewhere
PHOTO • Jaideep Hardikar
Huge pipelines (left) are being laid to take water from a lake to the Surjagarh mines even as large trucks (right) ferry the iron ore out of the district to steel plants elsewhere
PHOTO • Jaideep Hardikar

সুৰ্য্যনগৰ খনিলৈ পানী নিয়াৰ বাবে বিল এখনত ডাঙৰ ডাঙৰ পাইপলাইন বহুওৱা হৈছে (বাওঁফালে), আনফালে জিলাখনৰ পৰা আন তীখাৰ কললৈ লোৰ আকৰ কঢ়িয়াই নিছে ট্ৰাকবোৰে (সোঁফালে)

Left: People from nearly 70 villages have been protesting peacefully at Todgatta against the proposed iron ore mines.
PHOTO • Jaideep Hardikar
Right: The quiet and serene Mallampad village lies behind the Surjagarh mines. Inhabited by the Oraon tribe, it has seen a destruction of their forests and farms
PHOTO • Jaideep Hardikar

বাওঁফালে: তোড়গাট্টাত প্ৰায় ৭০ খন গাঁৱৰ মানুহে প্ৰস্তাবিত লোৰ খনিৰ বিৰুদ্ধে শান্তিপূৰ্ণভাবে প্ৰতিবাদ কৰি আহিছে। সোঁফালে: সুৰ্য্যগঢ় খনিৰ পাৰ্শ্চভাগত অৱস্থিত মালমপাৰি গাওঁখনৰ শান্ত-সমাহিত পৰিৱেশ। ওৰাওঁ জনজাতীয় লোক অধ্যুষিত গাওঁখনৰ বাসিন্দাই বনাঞ্চল আৰু খেতিপথাৰ ধ্বংস হোৱা দেখিছে

মাল্লমপাৰ গাওঁখনৰ উদাহৰণকেই লওঁক। গাওঁখনক স্থানীয়ভাৱে মালমপাৰি বুলি জনা যায়। চামৰ্চি খণ্ডৰ ওৰাওঁ জনগোষ্ঠী অধ্যুষিত চুবুৰীটো সুৰ্য্যগঢ় খনিৰ ঠিক পিছফালে অৱস্থিত। খনিৰ পৰা ওলোৱা প্ৰদূষকৰ ফলত কেনেকৈ গাঁৱৰ খেতি-বাতি ক্ষতিগ্ৰস্ত হৈছে, সেইবিষয়ে গাঁৱৰ ডেকাচামে কয়। তেওঁলোকে ধ্বংসকাৰ্য্য, বিপৰ্য্যয় আৰু বৰ্তমান সৃষ্টি হোৱা স্বাস্থ্যজনিত সমস্যাৰ বিষয়ে তেওঁলোকে কয়। বাহিৰৰ মানুহে যাক ‘উন্নয়ন’ বুলি কয়, তাৰ বিপৰীতে শান্তিত থকা সৰু সৰু জনজাতীয় চুবুৰীবোৰে কেৱল ধ্বংস দেখিছে।

গড়চিৰোলি জিলাত ৰাজ্যিক সুৰক্ষা বল আৰু চিপিআই (মাওবাদী)ৰ গেৰিলা যুদ্ধৰ এক দীঘলীয়া ইতিহাস আছে, বিশেষকৈ জিলাখনৰ দক্ষিণ, পূৱ আৰু উত্তৰ অঞ্চলত।

এই ইতিহাস ৰক্তাক্ত। বহুজনক আটক কৰা হ’ল। হত্যা, বন্দীকৰণ, সংঘৰ্ষ, শাৰীৰিক অত্যাচাৰ আদি তিনিটা দশক ধৰি চলিল। দুৰ্ভিক্ষ আৰু অনাহাৰৰ লগতে মেলেৰিয়া আৰু বৰ্দ্ধিত নৱজাতক তথা প্ৰসূতি মৃত্যুৰ হাৰ বাঢ়িল। মানুহ মৰিল।

“আমাক কি লাগে আৰু কি বিচাৰো সেয়া এবাৰ সোধক,” নিজৰ সম্প্ৰদায়ৰ মাজৰ প্ৰথমগৰাকী শিক্ষিত প্ৰজন্মৰ নগতিয়ে মিচিকীয়াই হাঁহি প্ৰশ্ন কৰে। “আমাৰ নিজৰ পৰম্পৰা আছে, আমাৰ নিজা গণতান্ত্ৰিক ব্যৱস্থা আছে, নিজৰ বাবে কি ভাল সেয়া আমি নিজে চিন্তা কৰিব পাৰো।”

অনুসূচিত জনজাতি (এছটি)ৰ বাবে সংৰক্ষিত এই বিশাল সমষ্টিটোত ১৯ এপ্ৰিলৰ দিনা প্ৰায় ৭১ শতাংশ ভোটদান সম্পন্ন হৈছে আৰু ভোটগণনাৰ পিছত যেতিয়া চৰকাৰে নতুন এখন চৰকাৰ পাব, তেতিয়া জানিব পৰা যাব যে গাওঁসভাৰ এই পদক্ষেপে কিবা পৰিৱৰ্তন আনিব পাৰিলে নে নোৱাৰিলে।

অনুবাদ: পংকজ দাস

Jaideep Hardikar

जयदीप हर्डीकर नागपूर स्थित पत्रकार आणि लेखक आहेत. तसंच ते पारीच्या गाभा गटाचे सदस्य आहेत.

यांचे इतर लिखाण जयदीप हर्डीकर
Editor : Sarbajaya Bhattacharya

Sarbajaya Bhattacharya is a Senior Assistant Editor at PARI. She is an experienced Bangla translator. Based in Kolkata, she is interested in the history of the city and travel literature.

यांचे इतर लिखाण Sarbajaya Bhattacharya
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

यांचे इतर लिखाण Pankaj Das