“সিহঁতে দিল্লীত আমাৰ প্ৰৱেশৰ সকলো দুৱাৰ বন্ধ কৰি দিছিল,” বিত্তু মল্লনে বুট্টাৰ চৰিনহ গাঁৱৰ এটা মুৰত আমাৰ সৈতে কথা পাতি থাকোতে কয়। “এতিয়া পাঞ্জাৱৰ প্ৰতিখন গাঁৱৰে দুৱাৰ সিহঁতৰ বাবে বন্ধ।”
বিত্তু মল্লন শ্ৰী মুক্তসৰ চাহিব জিলাৰ মল্লন গাঁৱৰ পাঁচ একৰ মাটিৰ খেতিয়ক। সিহঁত মানে তেওঁ কেন্দ্ৰত শাসনাধিষ্ঠ বিজেপি দলৰ কথা কৈছে আৰু পাঞ্জাৱৰ লোকসভা নিৰ্বাচনৰ তেনেই অকলশৰীয়া প্ৰাৰ্থীগৰাকীৰ প্ৰসংগত কথাখিনি কৈছে। আমাৰ মানে তেওঁ কৈছে ২০২০ৰ নৱেম্বৰত ৰাজধানী চহৰ দিল্লীলৈ মাৰ্চ কৰি যোৱা হাজাৰ হাজাৰ কৃষকৰ কথা।
কিষাণ আন্দোলন আৰু ৰাজধানী চহৰৰ বাহিৰত পতা প্ৰতিবাদী কৃষকৰ শিবিৰৰ স্মৃতি পাঞ্জাৱত দকৈ শিপাই আছে। এইখন ৰাজ্যৰ হাজাৰ হাজাৰ খেতিয়কে তিনিটা গ্ৰীষ্মৰ পূৰ্বে বুকুত আশা বান্ধি প্ৰতিবাদত নামিছিল, লং মাৰ্চ কৰিছিল। শ শ কিলোমিটাৰ তেওঁলোকে ট্ৰেক্টৰ আৰু ট্ৰেইলাৰৰ কনভয় সাজি ৰাজধানীৰ দিশে অগ্ৰসৰ হৈছিল এটাই মাত্ৰ দাবী লৈ, সেয়া হৈছে তেওঁলোকৰ জীৱিকাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা তিনি কৃষি আইন প্ৰত্যাহাৰ।
দিল্লী গেট পোৱাত তেওঁলোকৰ সন্মুখত থিয় কৰোৱা হ’ল মতপাৰ্থক্যৰ বৃহত এখন দেৱাল, তেওঁলোকৰ আৰ্জি কাণপাতি শুনিব নিবিচৰা চৰকাৰে দিল্লীৰ সকলো গেট বন্ধ কৰি দিলে। তাৰপিছত প্ৰায় এটা বছৰ তেওঁলোকৰ ৰাতিৰ সংগ হৈ পৰিল নিৰ্জন শীত আৰু অন্যায়ৰ দৰে উগ্ৰ তাপ। পাৰাস্তম্ভ নামি ২ ডিগ্ৰী পালে, উঠি গৈ ৪৫ ডিগ্ৰী পালে, তেওঁলোক তাত থাকিল, লোহাৰ ট্ৰেইলাৰবোৰেই তেওঁলোকৰ আশ্ৰয় হৈ পৰিল।
৩৫৮ দিনৰ এই দীঘলীয়া প্ৰতিবাদী কালছোৱাত দিল্লীৰ উপকণ্ঠ অঞ্চলত পতা শিবিৰত মৃত্যু ঘটা প্ৰায় ৭০০ কৃষকৰ দেহ এটা এটাকৈ পাঞ্জাৱলৈ পঠিওৱা হ’ল, প্ৰতিটো শৱেই যেন নীৰৱে বহন কৰিছিল তেওঁলোকৰ সংগ্ৰামৰ মূল্য। কিন্তু আন্দোলন থমকি ৰোৱা নাছিল। তেওঁলোকৰ কষ্ট অথলে নগ’ল। এনেকৈ আঁকোৰগোজ হৈ দিল্লীৰ বাহিৰত তেওঁলোকে বাহৰ পাতি থকাৰ এটা বছৰৰ পিছত প্ৰধানমন্ত্ৰীগৰাকীয়ে ২০২১ৰ ১৯ নৱেম্বৰত আইন তিনিখন বাতিলৰ কথা ঘোষণা কৰে।
এতিয়া পাঞ্জাৱৰ সেই ধাৰ পৰিশোধৰ পাল। সেয়ে বিত্তু মল্লনৰ দৰে বহু কৃষকে দিল্লীত তেওঁলোকে সন্মুখীন হোৱা আচৰণৰ প্ৰতিদান দিয়াৰ বাবে সাজু হোৱা দেখা গৈছে। ২৩ এপ্ৰিলত বিত্তুৱে কৃষকৰ সংগ্ৰামত হেৰুওৱা প্ৰতিজন কৃষকৰ হৈ তেওঁৰ দায়িত্ব পালন কৰা যেন লাগিল, তেওঁ সাহসেৰে বুট্টাৰ চৰিনহ গাঁৱত ফৰিদকোট লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী হংস ৰাজ হংসক প্ৰশ্নৰে থকা-সৰকা কৰা দেখা গ’ল।







