“সিহঁতে দিল্লীত আমাৰ প্ৰৱেশৰ সকলো দুৱাৰ বন্ধ কৰি দিছিল,” বিত্তু মল্লনে বুট্টাৰ চৰিনহ গাঁৱৰ এটা মুৰত আমাৰ সৈতে কথা পাতি থাকোতে কয়। “এতিয়া পাঞ্জাৱৰ প্ৰতিখন গাঁৱৰে দুৱাৰ সিহঁতৰ বাবে বন্ধ।”

বিত্তু মল্লন শ্ৰী মুক্তসৰ চাহিব জিলাৰ মল্লন গাঁৱৰ পাঁচ একৰ মাটিৰ খেতিয়ক। সিহঁত মানে তেওঁ কেন্দ্ৰত শাসনাধিষ্ঠ বিজেপি দলৰ কথা কৈছে আৰু পাঞ্জাৱৰ লোকসভা নিৰ্বাচনৰ তেনেই অকলশৰীয়া প্ৰাৰ্থীগৰাকীৰ প্ৰসংগত কথাখিনি কৈছে। আমাৰ মানে তেওঁ কৈছে ২০২০ৰ নৱেম্বৰত ৰাজধানী চহৰ দিল্লীলৈ মাৰ্চ কৰি যোৱা হাজাৰ হাজাৰ কৃষকৰ কথা।

কিষাণ আন্দোলন আৰু ৰাজধানী চহৰৰ বাহিৰত পতা প্ৰতিবাদী কৃষকৰ শিবিৰৰ স্মৃতি পাঞ্জাৱত দকৈ শিপাই আছে। এইখন ৰাজ্যৰ হাজাৰ হাজাৰ খেতিয়কে তিনিটা গ্ৰীষ্মৰ পূৰ্বে বুকুত আশা বান্ধি প্ৰতিবাদত নামিছিল, লং মাৰ্চ কৰিছিল। শ শ কিলোমিটাৰ তেওঁলোকে ট্ৰেক্টৰ আৰু ট্ৰেইলাৰৰ কনভয় সাজি ৰাজধানীৰ দিশে অগ্ৰসৰ হৈছিল এটাই মাত্ৰ দাবী লৈ, সেয়া হৈছে তেওঁলোকৰ জীৱিকাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা তিনি কৃষি আইন প্ৰত্যাহাৰ।

দিল্লী গেট পোৱাত তেওঁলোকৰ সন্মুখত থিয় কৰোৱা হ’ল মতপাৰ্থক্যৰ বৃহত এখন দেৱাল, তেওঁলোকৰ আৰ্জি কাণপাতি শুনিব নিবিচৰা চৰকাৰে দিল্লীৰ সকলো গেট বন্ধ কৰি দিলে। তাৰপিছত প্ৰায় এটা বছৰ তেওঁলোকৰ ৰাতিৰ সংগ হৈ পৰিল নিৰ্জন শীত আৰু অন্যায়ৰ দৰে উগ্ৰ তাপ। পাৰাস্তম্ভ নামি ২ ডিগ্ৰী পালে, উঠি গৈ ৪৫ ডিগ্ৰী পালে, তেওঁলোক তাত থাকিল, লোহাৰ ট্ৰেইলাৰবোৰেই তেওঁলোকৰ আশ্ৰয় হৈ পৰিল।

৩৫৮ দিনৰ এই দীঘলীয়া প্ৰতিবাদী কালছোৱাত দিল্লীৰ উপকণ্ঠ অঞ্চলত পতা শিবিৰত মৃত্যু ঘটা প্ৰায় ৭০০ কৃষকৰ দেহ এটা এটাকৈ পাঞ্জাৱলৈ পঠিওৱা হ’ল, প্ৰতিটো শৱেই যেন নীৰৱে বহন কৰিছিল তেওঁলোকৰ সংগ্ৰামৰ মূল্য। কিন্তু আন্দোলন থমকি ৰোৱা নাছিল। তেওঁলোকৰ কষ্ট অথলে নগ’ল। এনেকৈ আঁকোৰগোজ হৈ দিল্লীৰ বাহিৰত তেওঁলোকে বাহৰ পাতি থকাৰ এটা বছৰৰ পিছত প্ৰধানমন্ত্ৰীগৰাকীয়ে ২০২১ৰ ১৯ নৱেম্বৰত আইন তিনিখন বাতিলৰ কথা ঘোষণা কৰে।

এতিয়া পাঞ্জাৱৰ সেই ধাৰ পৰিশোধৰ পাল। সেয়ে বিত্তু মল্লনৰ দৰে বহু কৃষকে দিল্লীত তেওঁলোকে সন্মুখীন হোৱা আচৰণৰ প্ৰতিদান দিয়াৰ বাবে সাজু হোৱা দেখা গৈছে। ২৩ এপ্ৰিলত বিত্তুৱে কৃষকৰ সংগ্ৰামত হেৰুওৱা প্ৰতিজন কৃষকৰ হৈ তেওঁৰ দায়িত্ব পালন কৰা যেন লাগিল, তেওঁ সাহসেৰে বুট্টাৰ চৰিনহ গাঁৱত ফৰিদকোট লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী হংস ৰাজ হংসক প্ৰশ্নৰে থকা-সৰকা কৰা দেখা গ’ল।

ভিডিঅ’টো চাওক, ‘পাঞ্জাৱৰ খেতিয়কে বিজেপি প্ৰাৰ্থীজনক প্ৰচাৰ অভিযানৰ সময়ত জবাবদিহি কৰিছে’

লংমাৰ্চ কৰা হাজাৰ হাজাৰ কৃষকক ২০২০ৰ নৱেম্বৰত দিল্লীত সোমাবলৈ দিয়া নহ’ল। ২০২৪ত এতিয়া তাৰ প্ৰতিদান দিয়াৰ পাল পৰিছে কৃষকৰ

বিত্তুৰ পৰা ধাৰাসাৰ প্ৰশ্নবাণ আৰু মন্তব্যৰ সন্মুখীন হ’ল হংস: “আমি জীৱ এটাৰ ওপৰেৰে গাড়ী এখন পাৰ কৰিব নোৱাৰোঁ, কিন্তু লখিমপুৰ খেৰিত (অজয় মিশ্ৰা) টেনিৰ পুতেকে জীপগাড়ী চলাই কৃষকক মহতিয়াই নি সিহঁতৰ হাত-ভৰি ভাঙি পেলালে। খানাউৰি আৰু শম্ভুত বুলেট বৰষোৱা হ’ল? প্ৰীতপালৰ অপৰাধ কি আছিল? তেওঁৰ হাড় ভাঙি পেলোৱা হ’ল, মুখ ভাঙি গ’ল। লংগৰত খাদ্য বিলাবলৈ যোৱাটোৱেই তেওঁৰ ভুল আছিল নেকি? তেওঁ পিজিআই (হস্পিতাল), চণ্ডীগড়ত পৰি আছে, তেওঁক দেখা কৰিছেনে?”

“দুই সন্তানৰ পিতৃ, পাতিয়ালাৰ ৪০ বৰ্ষীয় লোকজনে কন্দুৱা গেছৰ খোলা লাগি দৃষ্টিশক্তি হেৰুৱালে। তেওঁৰ মাত্ৰ তিনি একৰ খেতিমাটি আছে। তেওঁৰ ঘৰলৈ আপুনি গৈছেনে? নাই। আপুনি সিংঘুলৈ গৈছেনে? নাইযোৱা।” এই প্ৰশ্নবোৰৰ উত্তৰ হংস ৰাজ হংসৰ হাতত নাছিল।

সমগ্ৰ পাঞ্জাৱত এনে হাজাৰজন বিত্তুৱে বিজেপিৰ প্ৰাৰ্থীয়ে তেওঁলোকৰ গাঁৱলৈ সোমোৱালৈ অধীৰ আগ্ৰহেৰে বাট চাই আছে। তেনে প্ৰতিখন গাঁৱেই একো একোখন বুট্টাৰ চৰিনহ। পাঞ্জাৱত ১ জুনৰ দিনা নিৰ্বাচন অনুষ্ঠিত হ’ব। গেৰুৱা দলটোৱে ১৩ টা সমষ্টিৰ প্ৰথমে কেৱল ৯ টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছিল। কিন্তু ১৭ মে’ত বাকী থকা চাৰিটা সমষ্টিৰ প্ৰাৰ্থীৰ নামো ঘোষণা কৰে। আটাইকেইজনকে কৃষকে ক’লা পতাকা, শ্লোগান আৰু প্ৰশ্নমালাৰে আদৰণি জনালে আৰু বহু গাঁৱত প্ৰৱেশ কৰিব নিদিলে।

“আমি প্ৰীণিত কৌৰক আমাৰ গাঁৱলৈ অহাৰ অনুমতি নিদিও। আমি তেওঁৰ প্ৰতি দশকৰ পিছত দশক ধৰি আনুগত্য দেখুৱাই অহা পৰিয়ালবোৰকো প্ৰশ্ন কৰিছো,” পাতিয়ালা জিলাৰ দাকালা গাঁৱৰ চাৰি একৰ খেতিমাটি থকা ৰাঘবীৰ সিঙে কয়। প্ৰীণিত কৌৰ চাৰিবাৰকৈ পাতিয়ালাৰ পৰা সাংসদ হৈছে আৰু তেওঁ পাঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কংগ্ৰেছ নেতা কেপ্টেইন অমৰিন্দৰ সিঙৰ পত্নী। আন বিজেপি প্ৰাৰ্থীৰ দৰে তেওঁকো ক’লা পতাকা আৰু মুৰ্দাবাদ ধ্বনিৰে আদৰা হৈছে।

অমৃতসৰ, হোছিয়াৰপুৰ, গুৰদাসপুৰ আৰু ভাতিন্দাতো তেওঁৰ দলৰ প্ৰাৰ্থীয়ে একেই ট্ৰিটমেণ্ট পাইছে। তেওঁৰ প্ৰাৰ্থীত্ব ঘোষণাৰ এমাহ পিছত তিনিবাৰকৈ কংগ্ৰেছৰ সাংসদ আৰু এতিয়া বিজেপিৰ লুধিয়ানাৰ প্ৰাৰ্থী ৰৱনীত সিং বিত্তুৱে গাওঁবোৰত অভিযান চলাবলৈ টান পোৱা হৈছে।

PHOTO • Courtesy: BKU (Ugrahan)
PHOTO • Vishav Bharti

বাওঁফালে: বাৰ্ণালাত (সংগ্ৰুৰ)ত প্ৰতিবাদী কৃষকে মানৱীয় অৱৰোধ সাজি শাসকীয় দলৰ প্ৰাৰ্থীক তেওঁলোকৰ গাঁৱত প্ৰৱেশ কৰাত বাধা দিছে। সোঁফালে: শেহতীয়া এক প্ৰতিবাদত মনৰেগা মজদুৰ ইউনিয়ন, পাঞ্জাৱৰ সভাপতি শ্বেৰ সিং ফাৰৱাহি (পতাকাৰে মুখ ঢকাজন)

PHOTO • Courtesy: BKU (Dakaunda)
PHOTO • Courtesy: BKU (Dakaunda)

সংগ্ৰুৰৰ আন এখন গাওঁ মেহালকালানৰ এটা মুৰে বিজেপি প্ৰাৰ্থীক গাওঁখনত সোমোৱাত বাধা দিয়াৰ বাবে ৰৈ আছে কৃষকৰ এটি দল। অঞ্চলটো কৃষকৰ প্ৰতিবাদৰ ইতিহাসেৰে সংপৃক্ত

দেশৰ অন্য প্ৰান্তত ৰাজনীতিবিদসকলে সংখ্যালঘুবিৰোধী আৰু ‘অনুভূতিত আঘাত’ পোৱা ধৰণৰ নেৰেটিভ চলাই ভোট আদায়ৰ চেষ্টা কৰিব পাৰে। কিন্তু পাঞ্জাৱত তেওঁলোক কৃষকৰ ১১ টা প্ৰশ্নৰ সন্মুখীন হৈছে (তলৰ ষ্ট’ৰিটো পঢ়ক)। খেতিয়কে তেওঁলোকক ন্যূনতম সমৰ্থন মূল্য (এমএছপি)ৰ আইনী গেৰাণ্টিৰ কথা সুধিছে, এবছৰীয়া সংগ্ৰামত মৃত্যু ঘটা কৃষকৰ বিষয়ে সুধিছে, লখিমপুৰৰ ছহিদৰ কথা, খানৌৰিত মূৰত বুলেটৰ আঘাতত মৃত্যু ঘটা শুভকৰণৰ কথা সুধিছে, কৃষকৰ ঋণৰ বোজাক লৈ প্ৰশ্নৰ অৱতাৰণা কৰিছে।

কেৱল কৃষকেই নহয়, কৃষি শ্ৰমিকেই কেন্দ্ৰত শাসনত থকা দলটোৰ প্ৰাৰ্থীক প্ৰশ্নৰে জুৰুলা কৰিছে। “বিজেপিয়ে মনৰেগাৰ বাজেট কমাই আঁচনিখন মাৰি পেলালে। সিহঁত কেৱল খেতিয়কৰ কাৰণেই নহয়, কৃষিশ্ৰমিকৰ কাৰণেও বিপজ্জনক,” মনৰেগা মজদুৰ ইউনিয়ন, পাঞ্জাৱৰ সভাপতি শ্বেৰ সিং ফাৰৱাহিয়ে কয়।

সেয়ে তাৰ প্ৰতিদানো প্ৰাৰ্থীয়ে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যাওতে পাইছে। কৃষি আইনকেইখন ১৮ মাহ আগতে প্ৰত্যাহাৰ কৰা হৈছিল, কিন্তু ঘাঁবোৰ এতিয়াও শুকুওৱা নাই। আইনকেইখন আছিল: কৃষকৰ ( সবলীকৰণ আৰু সুৰক্ষা ) মূল্য নিশ্চিতকৰণ চুক্তি আৰু কৃষি সেৱা আইন , ২০২০ ; কৃষকৰ উৎপাদিত সামগ্ৰীৰ ব্যৱসায় আৰু বাণিজ্য (সংবৰ্দ্ধন আৰু সৰলীকৰণ) আইন, ২০২০ ; আৰু অত্যাৱশ্যকীয় সামগ্ৰী (সংশোধনী) আইন, ২০২০ । কৃষকসকল আইনকেইখনক লৈ সন্দিহান আছিল, পিছ দুৱাৰেৰে মনে মনে সেয়া গৃহীত কৰা হৈছিল।

ভোটদানৰ বাবে মাত্ৰ কেইটামান দিন বাকী থকাত পাঞ্জাৱত নিৰ্বাচনী প্ৰচাৰ অভিযান চলি আছে আৰু সমানে চলিছে কৃষকৰ প্ৰতিৰোধ। ৪ মে’ৰ দিনা বিজেপি প্ৰাৰ্থী প্ৰীণিত কৌৰৰ প্ৰৱেশৰ বিৰুদ্ধে আন আন কৃষকৰ সৈতে লগ লাগি প্ৰতিবাদ কৰি থাকোতে পাতিয়ালাৰ চেহৰা গাঁৱৰ সুৰীন্দৰপাল সিং নামে কৃষকজনৰ মৃত্যু ঘটে। খেতিয়কসকলে অভিযোগ কৰিছে যে প্ৰীণিত কৌৰৰ সুৰক্ষা গাৰ্ডে় ৰাস্তা খালি কৰোৱাৰ চেষ্টাত তেওঁৰ মৃত্যু ঘটিছে। অৱশ্যে প্ৰাৰ্থীগৰাকীয়ে এই অভিযোগ পোনচাটে নাকচ কৰিছে।

গমধানৰ খেতি চপোৱাৰ পিছত কৃষকসকল এতিয়া আজৰি হৈছে আৰু আগন্তুক দিনবোৰত তেওঁলোকৰ কাৰ্য্যকলাপ বৃদ্ধি পাব। বিশেষকৈ সংগ্ৰুৰত কৃষকসকলৰ প্ৰতিবাদী সত্তা দকৈ শিপাই আছে। তাত শিশুবোৰেই তেজা সিং স্বতন্তৰ, ধৰম সিং ফক্কৰ আৰু জাগিৰ সিং যোগাৰ দৰে বিদ্ৰোহী কৃষকৰ কাহিনী শুনি ডাঙৰ হৈছে।

গাঁৱত সোমাবলৈ গৈ বিজেপি প্ৰাৰ্থীয়ে ধাৰাসাৰ প্ৰশ্নৰ সন্মুখীন হৈছে

সংকট আৰু বাঢ়িবহে। ভাৰতীয় কিষাণ ইউনিয়ন (বিকেইউ একতা উগ্ৰহন)ৰ নেতা ঝাণ্ডা সিং জেটুকে বৰ্নালাত শেহতীয়াকৈ ঘোষণা কৰিছে: “এসপ্তাহ ৰওঁক। দেখিব যে কেৱল গাঁৱৰ পৰাই নহয়, পাঞ্জাৱৰ চহৰবোৰৰ পৰাও সিহঁতক খেদি পঠিওৱা হ’ব। সিহঁতে কেনেকৈ আমাক দিল্লীৰ পথত গজাল আৰু বেৰ দি সোমোৱাত বাধা দিছিল, মনত আছে? আমি কিন্তু বেৰিকেড দিয়া, ৰাস্তাত গজাল পাৰি দিয়া কামবোৰ নকৰোঁ। সিহঁতে লখিমপুৰত আমাৰ গাৰ ওপৰেৰে গাড়ী চলাই নিব পাৰে, কিন্তু আমি কেৱল সিহঁতক আমাৰ গাঁৱত সোমাবলৈ নিদিও, সিমানেই।”

তথাপি সিহঁতে ন্যায়কামী খেতিয়কক ধন্যবাদ দিবই লাগিব, শিৰোমণি আকালি দলৰ নেতা বিক্ৰম সিং মাজিথিয়াই কয়। “সিহঁতে কেৱল গাঁৱলৈ যোৱা ৰাস্তা অৱৰোধ কৰিছে। বিজেপি নেতাক সিহঁতে কন্দুৱা গেছ আৰু ৰাবাৰ বুলেটেৰেতো আঘাত দিবলৈ যোৱা নাই, যিটো বিজেপিয়ে দিল্লীত কৰিছিল।”

প্ৰতিবাদৰ ন-পুৰণি দিনবোৰ পাঞ্জাৱৰ চেতনাত এতিয়াও সজীৱ হৈ আছে। ২৮ মাহ আগত এইসকল লোকেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ফিৰোজপুৰৰ ফ্লাইঅভাৰ এখনত অৱৰোধ কৰিছিল। আজি সিহঁতে তেওঁৰ দলটোৰ প্ৰাৰ্থীক গাঁৱত প্ৰৱেশত বাধা দিছে। সত্যপাল মালিকক মোদী চৰকাৰে দুখন ৰাজ্যত ৰাজ্যপাল হিচাপে নিযুক্তি দিছিল, তেওঁ দলটোক নেতাসকলক কৈছিল, “পাঞ্জাৱীসকলে তেওঁলোকৰ শত্ৰুক সহজে নাপাহৰে।”

অনুবাদ: পংকজ দাস

Vishav Bharti

Vishav Bharti is a journalist based in Chandigarh who has been covering Punjab’s agrarian crisis and resistance movements for the past two decades.

यांचे इतर लिखाण Vishav Bharti
Editor : P. Sainath

पी. साईनाथ पीपल्स अर्काईव्ह ऑफ रुरल इंडिया - पारीचे संस्थापक संपादक आहेत. गेली अनेक दशकं त्यांनी ग्रामीण वार्ताहर म्हणून काम केलं आहे. 'एव्हरीबडी लव्ज अ गुड ड्राउट' (दुष्काळ आवडे सर्वांना) आणि 'द लास्ट हीरोजः फूट सोल्जर्स ऑफ इंडियन फ्रीडम' (अखेरचे शिलेदार: भारतीय स्वातंत्र्यलढ्याचं पायदळ) ही दोन लोकप्रिय पुस्तकं त्यांनी लिहिली आहेत.

यांचे इतर लिखाण साइनाथ पी.
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

यांचे इतर लिखाण Pankaj Das