নাম: বজেসিংহ পাৰগি। জন্ম: ১৯৬৩ । গাওঁ: ইতাৱা। জিলা: দাহোদ, গুজৰাট। সম্প্ৰদায়: আদিবাসী পঞ্চমহলি ভিল। পৰিয়ালৰ সদস্যসমূহ: পিতৃ চিচকা ভাই। মাতৃ চতুৰা বেন। পাঁচগৰাকী ভাই-ভনীৰ মাজত বজেসিংহ ডাঙৰজন। পৰিয়ালৰ জীৱিকা: কৃষিশ্ৰম।
এক দৰিদ্ৰ আদিবাসী পৰিয়ালত জন্ম লোৱাটোৰ বিৱৰণ কবিজনাৰ ভাষাত এনেধৰণৰ: ‘মাতৃৰ অন্ধকাৰ গৰ্ভ,’ ‘নিঃসংগতাৰ মৰিচীকা।’ ‘ঘামেৰে ভৰ্তি এটা কুঁৱা,’ কেতিয়াবা আকৌ হতাশাৰ ৰংসনা ভোক, কেতিয়াবা আকৌ জোনাকী পৰুৱাৰ ক্ষীণ পোহৰেৰে তেওঁ আদিবাসী জীৱনটোক শব্দৰে তুলি ধৰিছে।
মাটিৰ হৈ লগা যুঁজ এখনত এটা গুলি তেতিয়াৰ ডেকা কবিৰ মুখ আৰু গল ফালি ওলাই গৈছিল। সেই আঘাতে তেওঁৰ কণ্ঠ প্ৰায় বিকল কৰি তোলে। সাত বছৰ চিকিৎসা কৰালে, চৌধ্যবাৰকৈ চাৰ্জাৰিও হ’ল, কিন্তু তেওঁ ধাৰতহে পোত গ’ল, কণ্ঠ ঘূৰি নাহিল। এয়া আছিল তেওঁৰ বাবে মোক্ষম আঘাত। যিটো সম্প্ৰদায়ৰ হৈ মাত মাতিবলৈ তেওঁ এটা কণ্ঠ পাইছিল, যিটো সম্প্ৰদায়ৰ কথা শুনিবলৈ কোনো নাছিল, সিটো সম্প্ৰদায়ত জন্ম হোৱা কবিয়ে নিজৰ মাতটোৱে হেৰুৱালে। অৱশ্যে তেওঁ থমকি নৰ’ল। তেওঁ দীৰ্ঘদিন ধৰি গুজৰাটী সাহিত্যৰ আৰ্হি-পাঠক হিচাপে কাম কৰি আহিছে। তেওঁৰ নিজৰ লিখনীয়ে অৱশ্যে প্ৰাপ্য স্বীকৃতি এতিয়ালৈ পোৱা নাই।
পঞ্চমহলি ভিলি ভাষাত বজেসিংহই নিজৰ মনৰ দ্বিধাগ্ৰস্ত অৱস্থাক লৈ লিখা কবিতাটোৰ অসমীয়া অনুবাদ:
મરવું હમુન ગમતું નથ
ખાહડા જેતરું પેટ ભરતાં ભરતાં
ડુંગોર ઘહાઈ ગ્યા
કોતેડાં હુકાઈ ગ્યાં
વગડો થાઈ ગ્યો પાદોર
હૂંકળવાના અન કરહાટવાના દંન
ઊડી ગ્યા ઊંસે વાદળાંમાં
અન વાંહળીમાં ફૂંકવા જેતરી
રઈં નીં ફોહબાંમાં હવા
તેર મેલ્યું હમુઈ ગામ
અન લીદો દેહવટો
પારકા દેહમાં
ગંડિયાં શેરમાં
કોઈ નીં હમારું બેલી
શેરમાં તો ર્યાં હમું વહવાયાં
હમું કાંક ગાડી નીં દીઈં શેરમાં
વગડાવ મૂળિયાં
એવી સમકમાં શેરના લોકુએ
હમારી હારું રેવા નીં દીદી
પૉગ મેલવા જેતરી ભૂંય
કસકડાના ઓડામાં
હિયાળે ઠૂંઠવાતા ર્યા
ઉનાળે હમહમતા ર્યા
સુમાહે લદબદતા ર્યા
પણ મળ્યો નીં હમુન
હમારા બાંદેલા બંગલામાં આસરો
નાકાં પર
ઘેટાં-બૉકડાંની જેમ બોલાય
હમારી બોલી
અન વેસાઈં હમું થોડાંક દામમાં
વાંહા પાસળ મરાતો
મામાનો લંગોટિયાનો તાનો
સટકાવે વીંસુની જીમ
અન સડે સૂટલીઈં ઝાળ
રોજના રોજ હડહડ થાવા કરતાં
હમહમીને સમો કાડવા કરતાં
થાય કી
સોડી દીઈં આ નરક
અન મેલી દીઈં પાસા
ગામના ખોળે માથું
પણ હમુન ડહી લેવા
ગામમાં ફૂંફાડા મારે સે
ભૂખમરાનો ભોરિંગ
અન
મરવું હમુન ગમતું નથ.
মৰিবলৈ মই বিচৰা নাই
জাহ গ’ল সেউজ পথাৰ
চিন-চাব হেৰাল পুখুৰী-ঘৰৰ,
হেৰাই গ’ল সোতত
গাওঁবোৰ
সোণোৱালী পক ধৰা দিনবোৰ বিলীন হ’ল বতাহত।
বুকুত সিমানকণো উশাহ নাইকিয়া হ’ল
যে সুখৰ বাঁহীত সুৰ এটা তুলি ধৰিম,
তেনেকৈয়ে উদৰত এটা গহ্বৰ লৈ এদিন মই ওলাই আহিলো,
নিজকে দিলো নিৰ্বাসন চহৰত…
এখন আচহুৱা দেশ, বিভ্ৰান্ত
চহৰ
তাত কাৰো আমাৰ বাবে নাছিল লেশমানো দৰদ
আমি যে ইতৰ শ্ৰেণীৰ মানুহ।
শিপা এৰি আহিছো গাঁৱত
আৰু সভ্যতাৰ এই সমাজত
ভৰিদুখন থ’বলৈকো
এচিকুটো ঠাই
আমাৰ বাবে নাই।
তিৰ্পাল তৰি আমি আশ্ৰয় লৈছো,
শীতৰ ৰাতি কঁপিছো,
তপত ৰ’দত গলিছো,
বৰষুণ পাতি লৈছো গাত।
তেজ-ঘাম দি আমি সজা বঙলাবোৰত
আমাৰ কোনো ঠাই নাই।
চাৰিআলিত গৰু-ছাগলীৰ
দৰেই আমাৰ দৰ-দাম চলিছে
তেনেই সামান্য মজুৰিত
আমি বিক্ৰী হৈছো।
ঐ লেংটিমাৰা, ঐ আদিবাসী
বুলি
সিহঁতে যে আমাক মাতে,
আৰু আমি আহত হওঁ,
একুৰা জুই বুকুত
আৰু একুৰা জ্বলে পেটত।
এই নৰকত কত যে যাতনা ভূগিছো
কত যে গ্লানি সহিছো,
শ্বাসৰুদ্ধ হৈ পৰিছো হাজাৰবাৰ।
কি এটা ইতৰ শ্ৰেণীৰ জীৱন নিয়াইছো
কেতিয়াবা ভাবো
উভতি যাও গাওঁখনলৈ,
সেয়াই কিজানি মোৰ শেষ আশ্ৰয়।
কিন্তু মোৰ গাওঁখন !
তাতে যে এটা সাপে লেউলেৱাই ফুৰিছে,
আমাক গোটে গোটে গিলিবলৈ।
নাম তাৰ দুৰ্ভিক্ষ।
কিন্তু,
মৰিবলৈ মই বিচৰা নাই…
কবি বৰ্তমান দাহোদৰৰ কাজিয়াৰ মেডিকেল নাৰ্ছিং হোমত চতুৰ্থ পৰ্য্যায়ৰ কৰ্কট ৰোগৰ সৈতে যুঁজি আছে।
অনুবাদ: পংকজ দাস