সেয়া আছিল ২০২১ৰ জুলাইৰ ঘন কুঁৱলি পৰা পুৱাৰ ভাগৰ কথা। ভীমাশংকৰ বন্যপ্ৰাণী অভয়াৰণ্যৰ সীমাতে থকা নিজৰ খেতিপথাৰত শিৱৰাম গাৱাৰিয়ে গৈ দেখিলে যে তেওঁৰ পাঁচ গুন্থা মাটিত (প্ৰায় ০.১২৫ একৰ) কৰা খেতিৰ আধাখিনি শস্য কিহবাই খাই শেষ কৰিছে। অৱশিষ্টখিনিও গছকি নষ্ট কৰি থৈ গৈছে।
“আগতে কেতিয়াও এই পৰ্য্যায়ত খেতি নষ্ট হোৱা দেখা নাছিলো,” তেওঁ কয়। তেওঁৰ মনৰ পৰা সেই ঘটনাৰ সাঁচ এতিয়াও মচা যোৱা নাই। তেওঁ সেই জন্তুবিধৰ খোজৰ চিন চাই হাবিত সোমাই গৈ থাকি হঠাত গাৱা (ইণ্ডিয়ান বিচন বা মেঠোন)ৰ মুখৰ আগত পৰিল। গৰুজাতীয় প্ৰাণীৰ ভিতৰত আটাইতকৈ ডাঙৰ প্ৰাণী এই মেঠোন। মতাবোৰ ছফুটৰো বেছি ওখ আৰু ওজন ৫০০ৰ পৰা ১,০০০ কিলোগ্ৰামৰ ভিতৰত।
এই বৃহদাকাৰ মেঠোনবোৰ যেতিয়া খেতিপথাৰত সোমায়, সিহঁতে পথাৰৰ কোমল মাটিত দ গাঁতৰ সৃষ্টি কৰে, সেই গাতত শস্যৰ লগতে পুলি-পোখা সকলো পোত যায়। “গাৱাই মোৰ খেতি এনেকৈ তিনি বছৰ ধৰি নষ্ট কৰি গৈছে। খেতি এৰাত বাদে আন বিকল্প মোৰ হাতত নাই,” শিৱৰামে কয়। তেওঁ ডনত নিজৰ টিনৰ চালি দিয়া ঘৰটোৰ সন্মুখত বহি আছে, তাতেই ২০২১ৰ পৰা গাৱাৰ জাক এটাই খেতি তহিলং কৰে আহিছে।














