সেয়া আছিল ২০২১ৰ জুলাইৰ ঘন কুঁৱলি পৰা পুৱাৰ ভাগৰ কথা। ভীমাশংকৰ বন্যপ্ৰাণী অভয়াৰণ্যৰ সীমাতে থকা নিজৰ খেতিপথাৰত শিৱৰাম গাৱাৰিয়ে গৈ দেখিলে যে তেওঁৰ পাঁচ গুন্থা মাটিত (প্ৰায় ০.১২৫ একৰ) কৰা খেতিৰ আধাখিনি শস্য কিহবাই খাই শেষ কৰিছে। অৱশিষ্টখিনিও গছকি নষ্ট কৰি থৈ গৈছে।
“আগতে কেতিয়াও এই পৰ্য্যায়ত খেতি নষ্ট হোৱা দেখা নাছিলো,” তেওঁ কয়। তেওঁৰ মনৰ পৰা সেই ঘটনাৰ সাঁচ এতিয়াও মচা যোৱা নাই। তেওঁ সেই জন্তুবিধৰ খোজৰ চিন চাই হাবিত সোমাই গৈ থাকি হঠাত গাৱা (ইণ্ডিয়ান বিচন বা মেঠোন)ৰ মুখৰ আগত পৰিল। গৰুজাতীয় প্ৰাণীৰ ভিতৰত আটাইতকৈ ডাঙৰ প্ৰাণী এই মেঠোন। মতাবোৰ ছফুটৰো বেছি ওখ আৰু ওজন ৫০০ৰ পৰা ১,০০০ কিলোগ্ৰামৰ ভিতৰত।
এই বৃহদাকাৰ মেঠোনবোৰ যেতিয়া খেতিপথাৰত সোমায়, সিহঁতে পথাৰৰ কোমল মাটিত দ গাঁতৰ সৃষ্টি কৰে, সেই গাতত শস্যৰ লগতে পুলি-পোখা সকলো পোত যায়। “গাৱাই মোৰ খেতি এনেকৈ তিনি বছৰ ধৰি নষ্ট কৰি গৈছে। খেতি এৰাত বাদে আন বিকল্প মোৰ হাতত নাই,” শিৱৰামে কয়। তেওঁ ডনত নিজৰ টিনৰ চালি দিয়া ঘৰটোৰ সন্মুখত বহি আছে, তাতেই ২০২১ৰ পৰা গাৱাৰ জাক এটাই খেতি তহিলং কৰে আহিছে।
মহাৰাষ্ট্ৰৰ ভীমাশংকৰ বন্যপ্ৰাণী অভয়াৰণ্যৰ আশে-পাশে থকা বসতিস্থলৰ মাজৰ এখন হৈছে এই ডন গাওঁ। অভয়াৰণ্যখন হৰিণ, বন গাহৰি, চাম্বাৰ, নাহৰফুটুকী আৰু বিৰল প্ৰজাতিৰ বাঘৰ বসতিস্থল। ষাঠি বছৰীয়া শিৱৰামে গোটেই জীৱনটো আম্বেগাঁৱতে কটাইছে। তেওঁ কয় যে আগতেও এনেকৈ বনৰীয়া জন্তুই খেতি নষ্ট কৰিছিল, কিন্তু বিধ্বংসী ৰূপ লোৱা নাছিল। “জন্তুবোৰ ধৰি লৈ যাব লাগে,” তেওঁ কয়।
একেৰাহে তৃতীয়টো বছৰতো খেতি এনেকৈ বনৰীয়া জন্তুৱে নষ্ট কৰিব বুলি ভাবিয়েই তেওঁ এবছৰ আগতে খেতি কৰিবলৈ এৰিছে। আন বহু খেতিয়কৰ খেতিপথাৰ চন পৰিছে। তেওঁলোকে খৰি আৰু হিৰ্দা নামে এবিধ আয়ুৰ্বেদিক দৰৱত ব্যৱহৃত ফল সংগ্ৰহ কৰি বিক্ৰী কৰিবলৈ লৈছে। ২০২৩ৰ কেন্দ্ৰ চৰকাৰৰ এক প্ৰতিবেদনৰ মানৱ-গৌড় সংঘাত প্ৰশমন অনুযায়ী খাদ্য অভাৱ আৰু বসতিস্থল টুটি অহাৰ ফলত এই জন্তুবিধে খেতিপথাৰত নামিছে।
*****
২০২১ত ডন গাঁৱৰ আশে-পাশে থকা মেঠোনৰ জাকটো সৰু আছিল - তিনি কি চাৰিটামান আছিল। ২০২৪ত সিহঁতৰ সংখ্যা বাঢ়িল আৰু খেতিপথাৰত আগ্ৰাসনো বাঢ়িল। চন পৰা খেতিপথাৰ এৰি সিহঁত গাঁৱত সোমাবলৈ ল’লে। ফলত গাওঁখনত সৃষ্টি হ’ল এক আতংকৰ পৰিৱেশ।
গাওঁখনৰ সৰহভাগ খেতিয়কে খাবলৈ বুলিহে খেতি কৰে। তেওঁলোকে সমতল ভূমিত থকা সৰু সৰু খেতিমাটিৰ টুকুৰাত খেতি কৰে। পাহাৰৰ দাঁতিত তেওঁলোকৰ খেতিপথাৰবোৰ কেই একৰমানতকৈ বেছি নহয়। দুই-এজনে নিজা কুঁৱা খান্দিছে। মুষ্টিমেয় কেইগৰাকীমানৰ ব’ৰৱেল আছে। খেতি বুলিলে বৰ্ষানিৰ্ভৰ খেতিয়েই হয়। তেওঁলোকে বছৰত কৰা এখন খেতি, তাকো মেঠোনৰ আক্ৰমণৰ ফলত নষ্ট হৈছে। ফলত খাদ্যৰ নাটনিয়ে দেখা দিছে।
বুদ্দা গাৱাৰিয়ে তেওঁৰ ঘৰৰ কাষতে থকা তিনি গুন্থা মাটিত খেতি কৰে। গাঁৱৰ আন খেতিয়কৰ গৰে তেওঁ বাৰিষা ৰাইভোগ জাতৰ ধানখেতি কৰে আৰু শীতকালি মচুৰ দাইল আৰু হাৰ্বাৰাৰ খেতি কৰে। “মই কঠীয়া তুলি পথাৰত ভূঁই ৰুবলৈ ওলাইছিলো। কিন্তু সেই কঠীয়া সিহঁতে (গাৱা) নষ্ট কৰিলে আৰু মোৰ গোটেই খেতিখন নষ্ট হ’ল। ঘৰত খাবলৈ বুলি যিখন ঘাই খেতি কৰোঁ, সেইখনেই নষ্ট হৈ গ’ল। ধান নহ’লে গোটেই বছৰটো কষ্ট খাব লাগিব,” ৫৪ বৰ্ষীয় খেতিয়কগৰাকীয়ে কয়।
বুদ্দা কলি মহাদেৱ সম্প্ৰদায়ৰ, ৰাজ্যখনত অনুসূচিত জনজাতি হিচাপে তালিকাবদ্ধ। “মই মোৰ উত্পাদিত একো সামগ্ৰী বিক্ৰী নকৰো। বেচিব পৰাকৈ খেতি মই নকৰো,” তেওঁ কয়। বছৰেকীয়া হিচাপত তেওঁৰ খেতিৰ শস্যখিনিৰ মূল্য প্ৰায় ৩০ৰ পৰা ৪০ হাজাৰ বুলি তেওঁ ধাৰণা কৰে। খেতিত ব্যয় হয় প্ৰায় ১০ৰ পৰা ১৫ হাজাৰ টকা। যিখিনি খেতি হয়, সেইখিনিৰে তেওঁৰ পাঁচজনীয়া পৰিয়ালটো বছৰটো চলিবলৈ নোজোৰে। যিখিনি শস্যপথাৰ তেওঁৰ নষ্ট হ’ল, সেইখিনি নষ্ট নোহোৱা হ'লে তেওঁৰ পৰিয়ালটোৱে বছৰটো মোটামুটি খাদ্যশস্যৰ বাবে চিন্তা কৰিব নালাগিলহেঁতেন।
শিৱৰাম আৰু বুদ্দা খেতি নষ্ট হোৱাৰ পিছত বন বিভাগৰ সৈতে যোগাযোগ কৰিছিল আৰু পঞ্চনামা (তদন্তৰ প্ৰতিবেদন) দাখিল কৰা হৈছিল। ছমাহ পিছত শিৱৰামে ৫,০০০ টকা আৰু বুদ্দাই ৩,০০০ টকা ক্ষতিপূৰণ হিচাপে লাভ কৰিলে। সেয়া তেওঁলোকৰ হোৱা লোকচানৰ ১০ শতাংশও নহয়। “ক্ষতিপূৰণ বিচাৰি মই এটা চৰকাৰী অফিছৰ পৰা আনটো চৰকাৰী অফিছলৈ যাওতেই মোৰ হাজাৰৰ পৰা পোন্ধৰশ টকা খৰছ হৈছে,” বুদ্দাই কয়। সৰপঞ্চ সীতাৰাম গাৱাৰিয়ে কয় যে কৃষি মন্ত্ৰালয়ৰ নিয়মবোৰ অনুসৰণ কৰা হোৱা নাই।
বুদ্দাৰ পুত্ৰ বালকৃষ্ণ গাৱাৰিয়ে কয়, “আয়ৰ অতিৰিক্ত উত্স মনৰেগা থকা হ’লে আমাৰ বৰ উপকাৰ হ’লহেঁতেন। আমি কুঁৱা আদি খান্দিব পাৰিলোহেঁতেন।” মনৰেগা (মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ নিয়োগ নিশ্চিতি আঁচনি)ৰ কাম কম হোৱাৰ ফলত খেতিয়কে কাষৰ মানচৰ আৰু ঘোড়েগাওঁ আদিত আনৰ খেতিপথাৰত দিনহাজিৰা কৰিবলগীয়া হৈছে। ইয়াত মাটি বেছি উৰ্বৰা আৰু সহ্যাদ্ৰী পৰ্বতমালাৰ পৰা নামি অহা পানীৰে পথাৰ উপচি পৰে। পৰম্পৰাগত শস্য বৰই আৰু চাৱাত চোৱাচিতাৰ খৰছ কম, সেই খেতিৰেই তেওঁলোকৰ পৰিয়ালটো চলে।
*****
অৰণ্য টুটি অহাৰ লগতে জীৱ-জন্তুৰ সংখ্যা বাঢ়ি অহাৰ ফলত, তাৰোপৰি অস্বাভাৱিক জলবায়ু পৰিৱৰ্তনে জীৱ-জন্তুৰ বাবে খাদ্যৰ নাটনি ঘটাইছে, অল ইণ্ডিয়া কিষাণ সভাৰ পুণে জিলাৰ স্থানীয় সমাজকৰ্মী ড. আমোল ৱাঘমাৰেয়ে কয়। “এই জন্তুবোৰে খাদ্য আৰু পানীৰ সন্ধানত অৰণ্যৰ আন অংশৰ পৰা প্ৰব্ৰজিত হৈ আহিব পাৰে,” তেওঁ কয়। ডন গাঁৱৰ মানুহে কয় যে গাৱাবোৰক ২০২১ৰ গ্ৰীষ্মকালত দেখা গৈছিল, যেতিয়া হাবিত খাদ্যৰ পৰিমাণ কমি আহিছিল।
ড. ৱাঘমাৰেয়ে কয়, “ডন গাওঁ আৰু তাৰ আশে-পাশে বন বিভাগৰ কেইটামান চকী আছে। প্ৰায়ভাগ বন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ প্ৰায়ভাগেই ৬০-৭০ কিলোমিটাৰ দূৰত থাকে,” মানৱ-জন্তুৰ সংঘাত ৰোধৰ ক্ষেত্রত বন বিভাগৰ ভূমিকাৰ বিষয়ে বুজাই তেওঁ কয়। “জৰুৰী অৱস্থাত, এই ধৰক নাহৰফুটুকী এটা কাৰোবাৰ ঘৰত সোমাল, তেতিয়া বন বিভাগৰ মানুহ আহি পাওতে ভালেখিনি সময় লাগে। তেওঁলোকে নিশাৰ ভাগত গাঁৱলৈ আহিবলৈ সংকোচ কৰে,” তেওঁ কয়।
গাওঁখনৰ উপ-সৰপঞ্চ সীতাৰাম গাৱাৰি, যাৰ খেতিও মেঠোনে তহিলং কৰিছে, তেওঁ কয় যে বন বিভাগৰ আগত বিষয়টো কেবাবাৰো দাঙি ধৰাৰ চেষ্টা তেওঁ কৰিছে। বাৰে বাৰে কৈ থকাত বন বিভাগে মেঠোনৰ চলাচল নিয়ন্ত্ৰণ কৰিবলৈ গাঁৱৰ দাঁতিত ফেঞ্চ বহুওৱাৰ প্ৰস্তাৱ দিছে। “কিন্তু আমাৰ মানুহখিনিৰ জীৱিকা হাবিৰ লগত জৰিত, গতিকে তেনে প্ৰস্তাৱ গ্ৰহণযোগ্য নহয়,” তেওঁ কয়।
ভোকাতুৰ মেঠোনবোৰ এতিয়াও আশে-পাশে আছে, সেয়ে অহাবাৰ শিৱৰাম আৰু আন খেতিয়কসকলে খেতিত নধৰে। “প্ৰতিবাৰে এনেকৈ খেতি নষ্ট হোৱা চাব নোৱাৰি। ইতিমধ্যে বহুত কষ্ট খাইছো,” তেওঁ কয়।
অনুবাদ: ধ্ৰুৱজ্যোতি ধনন্তৰি