জিলা উদ্যোগ প্ৰচাৰ আৰু উদ্যমী উন্নয়ন কেন্দ্ৰৰ (ডিআইপিইডিচি) অনুমান অনুসৰি মীৰাটত ৩৪৭ টা কাৰ্যকৰী ক্ৰিকেট-বল নিৰ্মাণ গোট আছে। এই সংখ্যাটোত ঔদ্যোগিক এলেকাত অৱস্থিত বৃহৎ কাৰখানাৰ লগতে মীৰাট জিলাৰ নগৰ তথা গ্ৰাম্য আৱাসিক অঞ্চলৰ ক্ষুদ্ৰ উৎপাদন গোটো অন্তৰ্ভুক্ত হৈ আছে।
অৱশ্যে এই আনুমানিক সংখ্যাটোত অসংখ্য বিক্ষিপ্ত অসংগঠিত উৎপাদন কেন্দ্ৰ তথা ঘৰুৱা একক অন্তৰ্ভুক্ত নহয়, য'ত গোটেই বলবোৰ তৈয়াৰ কৰা হয় বা একক কাম আউটচ’ৰ্চ কৰা হয়। ইয়াৰ ভিতৰত আছে মীৰাট জিলাৰ সিপাৰে অৱস্থিত জাংগেথি, গাগ’ল আৰু ভৱনপুৰৰ দৰে গাওঁ। মদনে কয়, " আজ গাঁওকে বিনা বিলকুল পুৰ্তি নেহি হোগি মীৰাট মে [আজি মীৰাটৰ গাওঁবোৰৰ অৱদান অবিহনে ক্ৰিকেট বলৰ যোগানেই সম্ভৱ নহ’ব।"
"চহৰখনৰ গাওঁ আৰু ডাঙৰ কাৰখানাবোৰৰ অধিকাংশ কাৰিকৰেই হৈছে জাটৱ, কিয়নো ক্ৰিকেট বলবোৰ চামৰাৰে নিৰ্মাণ কৰা হয়," তেওঁ এইদৰে বৰ্ণনা কৰে৷ ১৯০৪ চনৰ জিলা গেজেটৰৰ মতে, জাটৱ বা চমাৰ সম্প্ৰদায়ে (উত্তৰ প্ৰদেশত অনুসূচীত জাতি হিচাপে তালিকাভুক্ত) মীৰাটৰ চামৰা উদ্যোগৰ শ্ৰমিকৰ সৰ্ববৃহৎ সামাজিক গোট গঠন কৰিছিল। তেওঁ লগতে কয়, "ক্ৰিকেট বলৰ ৰূপত চামৰাৰ সৈতে মানুহৰ কোনো সমস্যা নাই, কিন্তু ইয়াৰ সৈতে কাম কৰাৰ ক্ষেত্ৰতহে এনেবোৰ পৰিস্থিতি আহি পৰে।"
শোভাপুৰতো তেওঁৰ পৰিয়ালৰ এখন চামৰাৰ দোকান আছে ৷ ই একমাত্ৰ অঞ্চল য'ত ক্ৰিকেট-বল উদ্যোগবোৰৰ বাবে বলবোৰ এলুম-টেন কৰা হয় (পঢ়ক: কঠিন পিটচটো বেটিং অব্যাহত মীৰাটৰ চৰ্মকাৰৰ)। তেওঁ কয়, "এলুম-টেনৰ বৰ্ধিত চাহিদা দেখি মই অনুভৱ কৰিছিলো যে ক্ৰিকেট বলৰ চাহিদা কেতিয়াও হ্ৰাস নহ'ব।" এই প্ৰতিশ্ৰুতিপূৰ্ণ বজাৰে তেওঁক ২০ বছৰ পূৰ্বে মেচাৰ্ছ বি.ডি. এণ্ড ছন্স আৰম্ভ কৰিবলৈ প্ৰেৰিত কৰিছিল যি অঞ্চলটোত থকা দুটা ক্ৰিকেট-বল নিৰ্মাণ গোটৰ ভিতৰত অন্যতম এটা।
মদনে কয় যে বল এটা নিৰ্মাণ কৰিবলৈ বহুতো প্ৰক্ৰিয়াৰ প্ৰয়োজন, সেয়েহে এটা বল নিৰ্মাণ কৰিবলৈ কিমান ঘণ্টা সময়ৰ প্ৰয়োজন সেয়া সঠিকভাৱে অনুমান কৰাটো কঠিন, আৰু ঋতু তথা চামৰাৰ গুণগত মানেও ইয়াৰ সময়ৰ ওপৰত প্ৰভাৱ পেলায়। ''দো হাফতে লগতে হেই এক গেণ্ড কো তৈয়াৰ হোনে মে কম ছে কম [এটা বল সম্পূৰ্ণ প্ৰস্তুত হ'বলৈ অতি কমেও দুসপ্তাহ পৰ্যন্ত সময়ৰ প্ৰয়োজন],'' তেওঁ কয়।
মদনৰ গোটৰ চৰ্মকাৰসকলে প্ৰথমে চামৰাখিনি এলুমেৰে প্ৰক্ৰিয়াকৰণ কৰে, ৰঙা ৰং বোলায়, ইয়াক ৰ’দত শুকুৱাবলৈ দিয়ে, ইয়াক টেলো বা জন্তুৰ চৰ্বিৰে গ্ৰীজ কৰে আৰু তাৰ পিছত ইয়াক কোমল কৰিবলৈ কাঠৰ হাতুৰী প্ৰয়োগ কৰে। "বগা বলৰ বাবে, কোনো ৰঙৰ প্ৰয়োজন নহয় কিয়নো এলুম-টেনিং কৰা চামৰাবোৰ বগা ৰঙৰেই হয়। গৰুৰ গাখীৰেৰে তৈয়াৰ কৰা দৈ গ্ৰীজ হিচাপে ব্যৱহাৰ কৰা হয়," মদনে কয়।