‘‘এই মাজাৰ [সমাধি সৌধ]টো হৈছে আমি নিৰ্মাণ কৰা এক অস্থায়ী ব্যৱস্থা৷ সাৱলা পীৰৰ প্ৰকৃত মাজাৰটো ভাৰত-পাক সামুদ্ৰিক সীমাত অৱস্থিত’’, ফকিৰাণী জাট সম্প্ৰদায়ৰ ৭০ বৰ্ষীয় আধ্যাত্মিক নেতা আগা খান সাৱলানীয়ে এইদৰে কয়৷ যিটো অস্থায়ী ব্যৱস্থাৰ কথা তেওঁ উল্লেখ কৰিছে, সেয়া হৈছে এটা সৰু, অকলশৰীয়া, পাতল-সেউজীয়া ৰঙ সনা এক সমাধিক্ষেত্ৰ, যি লখপট তালুকাস্থিত পিপাৰ চুবুৰীৰ কাষৰ এক মুকলি পথাৰত অৱস্থিত৷ আৰু কেইঘণ্টামানৰ পিছতে সাৱলা পীৰ উৎসৱত ভাগ ল’বলৈ ঠাইটুকুৰা ভক্তপ্ৰাণ লোকেৰে উদুলি-মুদুলি হৈ পৰিব৷

নিৰাপত্তাজনিত কাৰণত ২০১৯ চনৰ পৰাই এটা দ্বীপত থকা প্ৰকৃত সমাধিক্ষেত্ৰটো ভক্তৰ বাবে বন্ধ কৰি থোৱা হৈছে৷ বৰ্তমান সেই অঞ্চলটোত সীমান্ত সুৰক্ষা বল (বিএছএফ)ৰ এটা পোষ্ট স্থাপন কৰা হৈছে৷ ‘‘স্বাধীনতাৰ পূৰ্বে সাৱলা পীৰৰ গৃহভূমি কোটেশ্বৰৰ সিপাৰৰ কোৰী ক্ৰীকত এই মেলা ধুমধামেৰে পালন কৰা হৈছিল৷ সেই সময়ত বৰ্তমানে পাকিস্তানত অৱস্থিত সিন্ধৰ পৰা জাটসকলে প্ৰাৰ্থনা কৰিবলৈ আহিছিল’’, এক জৈৱ সাংস্কৃতিক সম্প্ৰদায়ৰ প্ৰট’কলত এইদৰে উল্লেখ কৰা হৈছে৷

হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ লোকে সেই স্থানত উদযাপিত মেলাত অংশগ্ৰহণ কৰি প্ৰাৰ্থনা কৰাটো এক পৰম্পৰাৰ দৰে হৈ পৰিছে৷ সম্প্ৰদায়টোৱে প্ৰতি বছৰে গুজৰাটী কেলেণ্ডাৰ অনুসৰি চ’ত মাহৰ তৃতীয় দিনা বা চতুৰ্থ দিনা আৰু ইংৰাজী কেলেণ্ডাৰ অনুসৰি মাৰ্চ বা এপ্ৰিল মাহৰ ভিতৰত এই মেলাৰ আয়োজন কৰে৷

‘‘সাৱলা পীৰৰ সমাধিক্ষেত্ৰ সকলোৰে বাবে মুকলি। ইয়াত কোনো বাচ-বিচাৰ নাই৷ যিকোনো লোকে ইয়ালৈ আহি নিজৰ মংগল কামনাৰে প্ৰাৰ্থনা কৰিব পাৰে৷ আপুনি সন্ধিয়ালৈ ৰৈ ইয়াত কিমান ভিৰ হয় চাব পাৰে,’’ কচ্ছৰ পিপাৰ চুবুৰী নিবাসী ৪০ বৰ্ষীয় চনু জাটে এইদৰে কয়৷ এই চুবুৰীত প্ৰায় ৫০ৰ পৰা ৮০ ঘৰ জাট পৰিয়ালে বাস কৰে৷

PHOTO • Ritayan Mukherjee

গুজৰাটৰ লখপট তালুকাৰ পিপাৰ গাঁৱত সাৱলা পীৰৰ এটা নতুন সমাধিক্ষেত্ৰ স্থাপন কৰা হৈছে৷ প্ৰকৃত সমাধিক্ষেত্ৰটো ভাৰত-পাক সীমান্তত অৱস্থিত যি ২০১৯ চনৰ পৰাই ভক্তসকলৰ বাবে বন্ধ কৰি থোৱা হৈছে

কচ্ছৰ সাগৰতীৰত ফকিৰাণী জাটসকলে প্ৰজন্ম ধৰি বাস কৰি আহিছে আৰু তেওঁলোকে উটৰ ওপৰত নিৰ্ভৰশীল৷ তেওঁলোকে খৰাই নামৰ এক স্থানীয় জাতৰ উট পালন কৰে আৰু লগতে কচ্ছী উটো পালন কৰে৷ পশুপালন বৃত্তিৰ ওপৰত নিৰ্ভৰশীল এই সম্প্ৰদায়টোৱে শতিকাজুৰি অঘৰী জীৱন-যাপন কৰি আহিছে৷ পৰম্পৰাগতভাৱে তেওঁলোকে দুগ্ধজাত সামগ্ৰী যেনে মাখন, ঘিউ, গাখীৰ, ঊল আৰু সাৰ চহৰাঞ্চললৈ যোগান ধৰি আহিছে৷ তেওঁলোকে ঘাইকৈ ভেড়া, ছাগলী, ম’হ, গৰু আদি পোহে৷ কিন্তু তেওঁলোকক প্ৰধানতঃ উটৰ সৈতেহে অহা-যোৱা কৰা দেখা যায়৷ এইক্ষেত্ৰত ফকিৰাণী মহিলাসকলে নৱজাত উট পোৱালিৰ বিশেষ যত্ন লোৱা দেখা যায়৷

‘‘প্ৰথম আমি উট পালক নাছিলো’’, অঞ্চলটোৰ চুফী কবি ওমৰ হাজি চুলেমানে এইদৰে কয়৷ ‘‘এবাৰ দুজন ৰাবাৰি ভাতৃদ্বয়ৰ উটৰ মালিকীস্বত্বক লৈ বিবাদ হৈছিল’’, তেওঁ এইদৰে ফকিৰাণী জাটসকলৰ জীৱিকাৰ অন্তৰালৰ কাহিনীটো ক’বলৈ আৰম্ভ কৰে৷ ‘‘সেই বিবাদ নিষ্পত্তি কৰিবলৈ তেওঁলোকে আমাৰ সাৱলা পীৰৰ কাষলৈ গৈছিল৷ সাৱলা পীৰে মৌ-সিটাৰে এটা উটৰ সৃষ্টি কৰে আৰু ভাতৃ দুজনক প্ৰকৃত উটটো চিনাক্ত কৰিবলৈ কয়৷ জ্যেষ্ঠ ভাতৃজনে ততালিকে প্ৰকৃত উটটো চিনাক্ত কৰে আৰু সেই স্থান পৰিত্যাগ কৰে৷ কনিষ্ঠ ভাতৃ দেৱীদাস ৰাবৰি সেই মৌ-সিটাৰ উটটোৰ সৈতে ৰৈ যায়৷ তেতিয়া সন্তগৰাকীয়ে দেৱীদাসক এইবুলি আশ্বস্ত কৰে যে উভতাৰ পথত এজাক উটে দেৱীদাসক অনুসৰণ কৰিব৷ দেৱীদাসে যদি ঘৰ পোৱালৈ পিছলৈ ঘূৰি নোচোৱাৰ প্ৰতিশ্ৰুতি দিয়ে, তেন্তে সেই জাকটোৰ সংখ্যা বৃদ্ধি হৈ গৈ থাকিব৷

‘‘দেৱীদাসে নিজৰ কৌতুহল সামৰিব নোৱাৰি ঘৰ পোৱাৰ আগতেই পিছলৈ ঘূৰি চালে৷ সেই সময়ত গোটাচেৰেক উটে দেৱীদাসৰ পিছে পিছে আহি আছিল কিন্তু তেওঁ প্ৰতিশ্ৰুতি ভংগ কৰাৰ বাবে উটৰ সংখ্যা বৃদ্ধি হৈ গৈ নাথাকিল। সাৱলা পীৰে দেৱীদাসক ইয়াকো কৈছিল যে যদি তেওঁৰ ওচৰত অধিক উট থাকে, তেওঁ সেইবোৰৰ চোৱাচিতাৰ দায়িত্ব জাটসকলক দিব লাগিব৷ সেয়েহে সেই তেতিয়াৰ পৰা আজিলৈ জাটসকলে উটসমূহৰ প্ৰতিপালন কৰি আহিছে৷ আৰু তেতিয়াৰে পৰা ইয়াৰ সকলোৱে সাৱলা পীৰৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি আহিছে’’, তেওঁ এইদৰে কয়৷

ফকিৰাণী জাটসকল হ’ল মুচলিম আৰু ‘সাৱলা পীৰে’ ৪০০ বছৰ পূৰ্বে এটা উটৰ জাকৰ সৈতে ক’ৰি ক্ৰীকত বসবাস কৰিছিল৷ প্ৰতিবছৰৰ দৰে এইবাৰো তেওঁলোকে দুদিনীয়াকৈ লখপটত ২৮ আৰু ২৯ এপ্ৰিল ২০২৪ তাৰিখে সাৱলা পীৰ নু মেলো’ৰ উদযাপন কৰিছে৷

PHOTO • Ritayan Mukherjee
PHOTO • Ritayan Mukherjee

ভক্তসকলে সৰু সুসজ্জিত কাঠৰ নাও এখন সমাধিক্ষেত্ৰলৈ লৈ আনে৷ চুফী কবি ওমৰ হাজি চুলেমানৰ মতে এই নাওখনে সাৱলা পীৰৰ উপস্থিতি দৰ্শায় কিয়নো সন্তগৰাকীয়ে সেই দ্বীপৰ মাজে মাজে নাৱেৰে পৰিভ্ৰমণ কৰিছিল

*****

এই মেলাত বিভিন্ন অনুষ্ঠান, ৰং, ধ্বনি আৰু আৱেগৰ সমাহাৰ ঘটে৷ জাটসকলে সন্ধিয়াৰ কাৰ্যসূচীৰ বাবে এখন বিশাল পেণ্ডেল নিৰ্মাণ কৰে৷ কাপোৰ, খাদ্য, বিভিন্ন উপকৰণ আৰু হস্ততাঁত সামগ্ৰীৰ সৰু সৰু দোকান বহে৷ চাহ খাই থকা এমুঠিমান প্ৰৌঢ় লোকে মোক দেখি সম্ভাষণ জনাই ক’লে, ‘‘এই মেলাত অংশগ্ৰহণ কৰিবলৈ তুমি ইমান দূৰৰ পৰা অহা দেখি খুব সন্তোষ পাইছো৷’’

এই মেলালৈ বহু ভক্তই পদব্ৰজে, বাহনেৰে আৰু অধিকাংশই টেম্পো ভাড়া কৰি আহিছে৷ ভিন্নৰঙী পোছাক পৰিধান কৰি বৃহৎ সংখ্যক মহিলাই ফটো উঠিবলৈ বা কথা পাতিবলৈ অনিচ্ছুকতা দেখুৱাইছে।

নিশা ৯ বাজিছে আৰু ঢোলবাদকসকলে সংগীত পৰিৱেশন কৰিবলৈ সাজু হৈছে৷ ঢোলৰ ধীৰ গতিৰ ছন্দোময় গুমগুমনিয়ে বতাহজাকক আন্দোলিত কৰিবলৈ আৰম্ভ কৰিছে৷ এজন বয়সস্থ লোকে সাৱলা পীৰক উদ্দেশ্যি সিন্ধি ভাষাত এটা ভক্তিমূলক গীত গোৱা আৰম্ভ কৰিলে৷ কেইমিনিটমানৰ পিছত বহুলোকে তেওঁৰ গীতৰ সৈতে যোগদান কৰিলে৷ আন কিছুমানে বৃত্ত এটা গঠন কৰি নৃত্য পৰিৱেশন কৰিবলৈ আৰম্ভ কৰিলে৷ গীতৰ সুৰ আৰু ঢোলৰ ধ্বনিৰ সৈতে তাল মিলাই সকলোৱে সেই নিশা আকণ্ঠ ভক্তিত নিমজ্জিত হৈ পৰিল৷

পিছদিনা আছিল ২৯ এপ্ৰিল, উৎসৱৰ প্ৰধান দিন৷ পুৱাই সম্প্ৰদায়টোৰ নেতৃবৰ্গই ধৰ্মীয় কথোপকথনেৰে উৎসৱৰ শুভাৰম্ভ কৰে৷ দোকানবোৰ এখন দুখনকৈ খুলিবলৈ আৰম্ভ কৰে৷ ভক্তসকলে আহি ভক্তিমনেৰে আশীৰ্বাদ গ্ৰহণ কৰে আৰু মেলাৰ আনন্দত বিলীন হৈ পৰে৷

সাৱলা পীৰ মেলাৰ চাও আহক

‘‘আমি সমদলৰ বাবে সাজু হৈছো; অনুগ্ৰহ কৰি আটায়ে প্ৰাৰ্থনাস্থলীত গোট খাওক’’, সন্ধিয়া ৩ বজাত মাইকত এই ধ্বনি ভাঁহি আহে৷ সৰু সৰু কাঠৰ নাও শিৰত লৈ ভক্তসকলৰ ভিৰটো ৰং-তামাচাৰ হৈ-হাল্লাৰে আগবাঢ়ে, মুখত সাৱলা পীৰৰ জয়ধ্বনিৰে সমাধিক্ষেত্ৰৰ চৌপাশে ধূলিৰে ধূসৰিত পোহৰ আৰু সন্ধিয়াৰ আগজাননী দিয়া ক’লা মেঘৰ পোহৰৰ আঁৰে আঁৰে ভক্তসকলৰ ভিৰটো আগবাঢ়ে৷ শিৰত লোৱা নাওখনে সাৱলা পীৰৰ উপস্থিতিৰ জাননী দিয়ে কাৰণ সন্তজনে নাৱেৰে দ্বীপসমূহৰ মাজে মাজে পৰিভ্ৰমণ কৰিছিল৷

‘‘মই ইয়ালৈ প্ৰতিবছৰে আহোঁ৷ আমাক সাৱলা বাবাৰ আশীৰ্বাদৰ প্ৰয়োজন’’, মেলাৰ সময়ত লগ পোৱা ৪০ বৰ্ষীয় জয়েশ ৰাবৰীয়ে এইদৰে কয়৷ তেওঁ অঞ্জৰৰ পৰা আহিছে৷ ‘‘আমি গোটেই নিশা ইয়াত কটাও৷ ফকিৰাণী ভাইসকলৰ সৈতে চাহ খাও আৰু মেলা শেষ হোৱাৰ পিছত প্ৰফুল্ল চিত্তে ঘৰলৈ উভতি যাওঁ৷’’

‘‘যেতিয়াই মোৰ পৰিয়ালে কোনো সমস্যাৰ সন্মুখীন হয়, আমি ইয়ালৈ আহি প্ৰাৰ্থনা কৰো আৰু আমাৰ সমস্যা সমাধান হৈ যায়৷ মই বিগত ১৪ বছৰে ধৰি ইয়ালৈ আহি আছো’’, ভুজৰ পৰা মেলালৈ খোজকাঢ়ি অহা ৩০ বৰ্ষীয়া গীতা বেন ৰাবাৰিয়ে এইদৰে কয়৷

‘‘সকলো ধৰ্মৰে মূলবীজ হ’ল প্ৰেম৷ মনত ৰাখিবা, প্ৰেম অবিহনে ধৰ্ম অস্তিত্বহীন’’, দুদিনীয়া মেলাৰ অন্তত কবি ওমৰ হাজি চুলেমানৰ পৰা বিদায় খুজিবলৈ যাওঁতে তেওঁ এইষাৰ কথা মোক কৈছিল৷

PHOTO • Ritayan Mukherjee

ফকিৰাণী জাট সম্প্ৰদায়ৰ লোকে উটৰ গাখীৰেৰে চাহ প্ৰস্তুত কৰিছে যি তেওঁলোকৰ সংস্কৃতিৰ অভিন্ন অংগ

PHOTO • Ritayan Mukherjee

সম্প্ৰদায়টোৰ এগৰাকী বয়োজ্যেষ্ঠ লোক মাৰুফ জাটে ঈশ্বৰক প্ৰাৰ্থনা জনায়৷ ‘মই শান্তি আৰু সকলোৰে কল্যাণৰ বাবে প্ৰাৰ্থনা কৰো, তোমাৰ আৰু তোমাৰ পৰিয়ালৰ বাবেও’, তেওঁ কয়

PHOTO • Ritayan Mukherjee

পিপাৰ গাঁৱৰ লোকসকলে সন্ধিয়াৰ নামাজৰ প্ৰস্তুতি চলাইছে

PHOTO • Ritayan Mukherjee

আগদিনা সন্ধিয়াৰ পৰাই কাপোৰ, খাদ্য, উপকৰণ আৰু হস্ততাঁত সামগ্ৰীৰ দোকানবোৰ বহিবলৈ আৰম্ভ কৰে

PHOTO • Ritayan Mukherjee

নিশা যেতিয়া চৌদিশে নীৰৱতাই বিৰাজ কৰে আৰু পৰিৱেশ প্ৰশান্তিৰে ভৰি পৰে, তেতিয়াই তীৰ্থযাত্ৰীসকলে তেওঁলোকৰ সংগীত পৰিৱেশন আৰম্ভ কৰে৷ ঢোলবাদকে অনুষ্ঠান আৰম্ভণিৰ ঘোষণা কৰাৰ পিছতেই মেলাৰ মুকলি পথাৰখনত নিশা দহ বজাৰ পৰা দৰ্শকৰ সোঁত ববলৈ ধৰে

PHOTO • Ritayan Mukherjee

বৃত্তাকাৰে নৃত্য কৰা পুৰুষসকল আৰু পোহৰত সৃষ্টি হোৱা ছাঁবোৰে দুপৰ নিশালৈ অন্য এক জগত যেন পৰিৱেশ এটা সৃষ্টি কৰে

PHOTO • Ritayan Mukherjee

দুদিনীয়া এই উদযাপনত সকলো সম্প্ৰদায় নিৰ্বিশেষে আবাল-বৃদ্ধ-বনিতাই অংশগ্ৰহণ কৰে

PHOTO • Ritayan Mukherjee

তীৰ্থযাত্ৰীসকলে সুসজ্জিত একোখন সৰু নাও শিৰত লৈ সমদল কৰে আৰু সমাধিক্ষেত্ৰত অৰ্পণ কৰে

PHOTO • Ritayan Mukherjee

পুৰুষসকলে সমদলত অংশগ্ৰহণ কৰে৷ মহিলাসকলৰ যদিও বৃহৎ সংখ্যাত সমাধিক্ষেত্ৰত সমাৱেশ ঘটে, তেওঁলোকে সমদল বা নৃত্যত অংশগ্ৰহণ নকৰে

PHOTO • Ritayan Mukherjee

পীৰৰ নামেৰে সু-সজ্জিত নাওবোৰ বছৰি একত্ৰিত হোৱা ৰাইজৰ সোঁতত যেন ভাঁহি আহি থাকে

PHOTO • Ritayan Mukherjee

সমদলটো যিমানেই আগবাঢ়ে সিমানেই মেলাখনৰ প্ৰতিটো চুক-কোণে সাৱলা পীৰৰ নামৰ ধ্বনি অনুৰণনিত হৈ উঠে

PHOTO • Ritayan Mukherjee

পুৰুষৰ ভীৰটোৱে সাৱলা পীৰৰ নামৰ ধ্বনি ঐকান্তিকভাৱে নিমজ্জিত ভক্তিৰে উচ্চাৰণ কৰি বৃত্তাকাৰে সমদল কৰে আৰু সমাধিক্ষেত্ৰত নৈবেদ্য অৰ্পণ কৰে

PHOTO • Ritayan Mukherjee

সমাধিক্ষেত্ৰত ক্ষন্তেক প্ৰাৰ্থনা কৰাৰ পিছত তীৰ্থযাত্ৰীসকলে সন্ধিয়াৰ প্ৰাৰ্থনা কৰে আৰু শেষত ঘৰমুৱা হয়

অনুবাদক: মনোৰঞ্জন মজুমদাৰ

Ritayan Mukherjee

रितायन मुखर्जी कोलकाता-स्थित हौशी छायाचित्रकार आणि २०१६ चे पारी फेलो आहेत. तिबेटी पठारावरील भटक्या गुराखी समुदायांच्या आयुष्याचे दस्ताऐवजीकरण करण्याच्या दीर्घकालीन प्रकल्पावर ते काम करत आहेत.

यांचे इतर लिखाण Ritayan Mukherjee
Editor : Pratishtha Pandya

प्रतिष्ठा पांड्या पारीमध्ये वरिष्ठ संपादक असून त्या पारीवरील सर्जक लेखन विभागाचं काम पाहतात. त्या पारीभाषासोबत गुजराती भाषेत अनुवाद आणि संपादनाचं कामही करतात. त्या गुजराती आणि इंग्रजी कवयीत्री असून त्यांचं बरंच साहित्य प्रकाशित झालं आहे.

यांचे इतर लिखाण Pratishtha Pandya
Translator : Manoranjan Majumder

Manoranjan Majumder is a professional translator. He loves to watch films and read.

यांचे इतर लिखाण Manoranjan Majumder