বাৰু, এইটো মোৰ চকুত পৰা নাছিল। পাৰিৰ পাঠক আৰু দৰ্শকসকললৈ মোৰ ক্ষমা প্ৰাৰ্থনা। পাৰিৰ সকলো অনুগামীয়ে আমাৰ টপ চাৰ্টবাষ্টাৰ আলু গীতটো মনত ৰাখিছে নিশ্চয়। সেইটো গীতটো কেৰালাৰ ইডুকি পাহাৰৰ আটাইতকৈ ভিতৰুৱা আৰু একমাত্ৰ জনজাতীয় পঞ্চায়ত এডমালকুড়িৰ এটা সৰু জনজাতি উন্নয়ন প্ৰকল্পৰ বিদ্যালয়ত পঢ়া ৮ৰ পৰা ১১ বছৰীয়া (১ম-৪ৰ্থ শ্ৰেণীৰ)পাঁচজনী ছোৱালীয়ে গাইছে।
তালৈ যোৱা আমি আঠোগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ প্ৰিয় বিষয়টো কি সুধিছিলোঁ? তেওঁলোকে কৈছিল “ইংৰাজী”। সেই অঞ্চলটোত এনে এখনো চাইনব’ৰ্ড আমি দেখা পোৱা নাছিলো য’ত ইংৰাজী ভাষাৰ এটাও শব্দ আছিল। গতিকে এই উত্তৰটো শুনি আমি আচৰিত হৈছিলো। ইংৰাজীত নিজৰ দখল প্ৰদৰ্শন কৰিবলৈ প্ৰত্যাহ্বান জনাই তেওঁলোকে খিলখিলাই গীত জুৰিবলৈ আৰম্ভ কৰিলে।
যিটো পাৰিৰ সৰ্বকালৰ প্ৰিয় হৈ পৰিল। কিন্তু তাৰ মাজতো কিবা এটা ৰৈ গৈছিল আৰু সেইয়া আজি আপোনালোকলৈ লৈ আহিছো। ছোৱালীবোৰে ‘আলু গীত’ৰ সুন্দৰ নিৰ্দশন আগবঢ়োৱাৰ পিছত আমি ল’ৰাবোৰৰ ফালে চকু ঘূৰালো। তেওঁলোক যে এতিয়ালৈকে পিছপৰি আছে আমি জনালো আৰু ইংৰাজীত তেওঁলোকৰ পাৰদৰ্শিতা দেখুওৱাবলৈ ক’লো।
তেওঁলোকে জানিছিল যে ছোৱালীবোৰক পিছ পেলোৱাটো টান হ’ব, তথাপিও তেওঁলোক আগবাঢ়ি আহিল। গান গোৱাৰ মান বা উপস্থাপন ছোৱালীবোৰৰ নিচিনা নাছিল। কিন্তু গীতটোৰ অনন্য কথাত এক নিৰ্মল মাদকতা আছিল।
এনে এখন গাঁও য’ত কোনেও ইংৰাজীত এটা শব্দও নকয়, তাত ছোৱালীকেইজনীয়ে, তেওঁলোকে নোখোৱা, আলুৰ এটাৰ গীত গাইছিল৷ ল’ৰাবোৰে এটা গাইছিল (বা আবৃত্তি কৰিছিল) এগৰাকী ডাক্তৰক লৈ। (তাত থকা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোত এটা দশকৰো অধিক সময় ধৰি কোনো পূৰ্ণকালীন চিকিত্সক নাছিল)। ভাৰতৰ বহু অংশত, গ্ৰাম্য আৰু চহৰৰ দৰেই চিকিৎসক আৰু শল্য চিকিৎসক দুয়োকে বুজাবলৈ ‘ডাক্তৰ’ শব্দটোৱে ব্যৱহাৰ কৰা হয়। প্ৰায়ে, তেওঁলোকক একেগৰাকী ব্যক্তিয়েই বুলি মানি লোৱা দেখা যায়। গীতটোত আধুনিক এলোপেথিক চিকিৎসাবিজ্ঞানৰ প্ৰতি থকা মৰ্মস্পৰ্শী আস্থাও প্ৰতিফলিত হৈছিল।


