‘‘আপুনি বিদ্যুতৰ পোহৰত জন্ম হৈছে আৰু আমি আন্ধাৰত’’, কেঁচা ঘৰটোৰ বাৰান্দাত বহি নন্দৰাম জামুনকাৰে এইদৰে কয়৷ আমি আছো অমৰাৱতী জিলাত খড়িমল গাঁৱত৷ ২৬ এপ্ৰিল ২০২৪ তাৰিখে ইয়াত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব৷ নন্দৰামে উল্লেখ কৰা আন্ধাৰৰ কথা প্ৰকৃততেই আক্ষৰিক; মহাৰাষ্ট্ৰৰ এই জনজাতীয় গাঁওখনে কেতিয়াও বিদ্যুতৰ পোহৰ দেখা নাই৷
‘‘প্ৰত্যেক পাঁচ বছৰৰ মূৰে মূৰে কোনোবা এজন আহি বিদ্যুৎ যোগানৰ প্ৰতিশ্ৰুতি দিয়ে৷ কিন্তু বিদ্যুত বাদেই, তেওঁলোকে উভতিও নাচায়’’, ৪৮ বৰ্ষীয় ব্যক্তিজনে এইদৰে কয়৷ ২০১৯ চনত শিৱসেনাৰ প্ৰাৰ্থী তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আনন্দৰাও আদছুলক পৰাজিত কৰি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নৱনীত কৌৰ ৰাণা ক্ষমতালৈ আহিছিল৷ এই বছৰ তেওঁ ভাৰতীয় জনতা দলৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে৷
চিখালদাৰা তালুকাৰ এই গাঁওখনত ২০১১ চনৰ লোকপিয়ল অনুসৰি ১৯৮টা পৰিয়াল আছে যি জীৱিকাৰ বাবে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীন নিয়োজন নিশ্চিতি (মনৰেগা) আঁচনিৰ ওপৰত নিৰ্ভৰশীল৷ যিকেইঘৰ লোকৰ নিজা ভূমি আছে, তেওঁলোকে বৰষুণৰ ওপৰত নিৰ্ভৰশীল খেতি কৰে, বিশেষকৈ মাকৈৰ খেতি৷ খড়িমল গাঁৱৰ অধিকাংশ লোকেই অনুসূচীত জনজাতিৰ (এছটি) আৰু তেওঁলোকে খোৱা পানী তথা বিদ্যুতৰ সুবিধা নোপোৱাকৈয়ে জীৱন নিৰ্বাহ কৰি আছে৷ কৰ্কু জনজাতিৰ নন্দৰামে কৰ্কু ভাষা কয় আৰু এই ভাষাটোক ২০১৯ চনত জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে বিপদাপন্ন ভাষা হিচাপে চিহ্নিত কৰিছে৷
‘আমাৰ গাঁৱত কোনো ৰাজনৈতিক ব্যক্তিক প্ৰৱেশ কৰিবলৈ নিদিও৷ ইমান বছৰ ধৰি তেওঁলোকে আমাক মুৰ্খ সজাই আহিছে, আৰু নহ’ব’
‘‘আমি পৰিৱৰ্তনৰ আশাত ৫০ বছৰ ধৰি ভোটদান কৰি আহিছো, কিন্তু আমি প্ৰতিবাৰেই নিৰাশ হওঁ’’, নন্দৰামৰ কাষতে বহি তেওঁক সান্ত্বনা দি দিনেশ বেলকাৰে এইদৰে কয়৷ তেওঁৰ নিজৰ ৮ বছৰীয়া পুত্ৰক ১০০ কিলোমিটাৰ দূৰৈৰ আবাসিক বিদ্যালয়ত থৈ আহিছে৷ গাঁওখনত এখন প্ৰাথমিক বিদ্যালয় আছে, কিন্তু যাবলৈ পথ আৰু পৰিবহণৰ ব্যৱস্থা নাই৷ সেয়ে শিক্ষকৰ উপস্থিতিও অনিয়মীয়া৷ ‘‘তেওঁলোকে সপ্তাহত দুদিনকৈ আহে’’, ৩৫ বছৰীয়া দিনেশে এইদৰে কয়৷
‘‘বহুতে [নেতাই] ইয়াত ৰাজ্যিক পৰিবহণ বাছৰ ব্যৱস্থা কৰি দিম বুলি প্ৰতিশ্ৰুতি দিয়ে৷ কিন্তু নিৰ্বাচনৰ পিছতে তেওঁলোক অদৃশ্য হৈ পৰে’’, ২৪ বছৰীয়া ৰাহুলে এইদৰে কয়৷ তেওঁ এজন মনৰেগা কৰ্মী৷ পৰিবহণৰ সুব্যৱস্থা নথকাৰ ফলত সময়ত নথিপত্ৰ জমা কৰিব নোৱাৰি তেওঁ মহাবিদ্যালয়ৰ অধ্যয়ন আধাতে সামৰিবলগীয়া হৈছে৷ ‘‘আমি সম্পূৰ্ণৰূপে অধ্যয়ন ত্যাগ কৰিবলগীয়া হৈছে’’, তেওঁ লগতে এইদৰে কয়৷
‘‘শিক্ষা পিছত, প্ৰথমে আমাক খোৱা পানীৰ প্ৰয়োজন’’, আবেগসম্বলিত কণ্ঠৰে নন্দৰামে কৈ উঠে৷ উজনি মেলঘাট অঞ্চল দীৰ্ঘদিন ধৰি পানীৰ অভাৱত ভুগি আছে৷
খোৱা পানীৰ বাবে গাঁওবাসীয়ে প্ৰতিদিনে ১০-১৫ কিলোমিটাৰ বাট অতিক্ৰম কৰিবলগীয়া হয় আৰু এই কাম কৰে মহিলাসকলে৷ গাঁৱৰ কোনোটো ঘৰতে পানীৰ নলৰ ব্যৱস্থা নাই৷ ৰাজ্য চৰকাৰে অঞ্চলটোত তিনি কিলোমিটাৰ দূৰৈৰ নাৱালগাঁৱৰ পৰা পানীৰ যোগান ধৰিবলৈ পাইপ বহুৱাইছে৷ কিন্তু জহকালি পাইপবোৰ শুকান হৈ থাকে৷ আনহাতে নাদৰ পানী খোৱাৰ অনুপযোগী৷ ‘‘অধিকাংশ সময় আমি ঘোলা পানী খাব লাগে’’, দিনেশে এইদৰে কয়৷ সেইবাবে পূৰ্বে এবাৰ বিশেষকৈ গৰ্ভৱতী মহিলা আৰু শিশুসকলৰ মাজত ডায়েৰিয়া আৰু টাইফয়েডৰ এক মহামাৰী হৈছিল৷
খড়িমলৰ মহিলাসকলৰ দিনটো কাহিলিপুৱা তিনি অথবা চাৰি বজাৰ পৰা খোৱা পানী আনিবলৈ দীঘলীয়া পথ অতিক্ৰম কৰাৰ পৰা আৰম্ভ হয়৷ ‘‘আমি খোৱা পানীৰ শাৰীত তিনিৰ পৰা চাৰি ঘণ্টা অপেক্ষা কৰিব লাগে’’, ৩৪ বৰ্ষীয়া নম্যা ৰামা ধিকাৰে এইদৰে কয়৷ নিকটৱৰ্তী দমকলটো ছয় কিলোমিটাৰ দূৰৈতে অৱস্থিত৷ নদীৰ পানী শুকাই যোৱাৰ পৰিপ্ৰেক্ষিতত ঠাইডোখৰ পিয়াহত আতুৰ বনৰীয়া জন্তু যেনে ভালুক আৰু উজনি মেলঘাটৰ চেমাদোহ ব্যাঘ্ৰ অভয়াৰণ্যৰ পৰা অহা বাঘৰ বিচৰণ ভূমিলৈ পৰিণত হৈছে৷
দিনটোৰ প্ৰথম কামেই হ’ল খোৱা পানী সংগ্ৰহ কৰা৷ নম্যাৰ দৰে মহিলাসকলে পুৱা ৮ বজাত মনৰেগাৰ কাম কৰিবলৈ যোৱাৰ পূৰ্বে ঘৰৰ বাহী-বন সম্পন্ন কৰিব লাগে৷ দিনটোৰ হাঁড়ভগা পৰিশ্ৰমৰ অন্তত সন্ধিয়া ৭ বজাত পুনৰ পানী সংগ্ৰহৰ বাবে যাব লাগে৷ ‘‘আমি অকণো আহৰি নাপাও৷ আমি ৰুগীয়া আনকি গৰ্ভৱতী হ’লেও পানী সংগ্ৰহ কৰিবলৈ যাবই লাগিব৷ সন্তান জন্ম দিয়াৰ পিছতো আমি কেৱল দুই বা তিনি দিনৰ বিশ্ৰাম পাওঁ’’, নম্যাই এইদৰে কয়৷
আগন্তুক লোকসভাৰ নিৰ্বাচনৰ ক্ষেত্ৰত নম্যাই এক দৃঢ় সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ‘‘গাঁৱত খোৱা পানীৰ নলৰ ব্যৱস্থা নোহোৱা পৰ্যন্ত মই ভোট নিদিও৷’’
তেওঁৰ কণ্ঠ সমগ্ৰ গাঁওখনতে অনুৰণিত হৈ পৰে৷
‘‘আমি পথ, বিদ্যুৎ আৰু খোৱা পানীৰ সুবিধা নোপোৱালৈ ভোট নিদিও৷ আমি আমাৰ গাঁৱত কোনো ৰাজনৈতিক নেতা প্ৰৱেশ কৰিবলৈ নিদিও৷ ইমান বছৰ ধৰি তেওঁলোকে আমাক মুৰ্খ সজালে, আগলৈ এয়া হ’ব নিদিও’’, খড়িমলৰ প্ৰাক্তন চৰপঞ্চ বাবনু জামুনকাৰে এইদৰে কয়৷
অনুবাদক: মনোৰঞ্জন মজুমদাৰ