তেওঁৰ যিমানখিনি মনত পৰে, জীন যোৱা হাতুৰিৰ কোবটোৰ সুৰে মোহনলাল লোহাৰক বিস্মিত কৰিছিল। তালে তালে ঝন ঝননিৰ সুৰ শুনি ডাঙৰ হোৱা তেওঁ বুজি পাইছিল যে সেইবোৰ হাতেৰে সাজিবলৈ জীৱনযোৰা আৱেগ লাগিব।
ৰাজস্থানৰ বাৰমাৰ জিলাৰ নন্দ গাৱঁৰ এক লোহাৰ(কমাৰ)পৰিয়ালত মোহনলালৰ জন্ম হৈছিল। ৮ বছৰ বয়সৰ পৰা তেওঁ দেউতাক স্বৰ্গীয় ভাৱৰাম লোহাৰক হাতুৰী আৰু আন আন সজুঁলি তুলি দি সহায় কৰিছিল। তেওঁ ক’লে, “মই কেতিয়াও পঢ়াশালিলৈ যোৱা নাই, কেৱল মাথোঁ এই সঁজুলিৰ টুকুৰাবোৰৰ স’তে খেলিছোঁ।”
মাৰৱাৰী আৰু হিন্দী ভাষী পৰিয়ালটো ৰাজস্থানৰ অন্যান্য পিছপৰা শ্ৰেণীৰ তালিকাভুক্ত গাডুলিয়া লোহাৰ সমাজৰ অন্তৰ্ভুক্ত। অধিক কাম বিচাৰি পাঁচ দশকৰ আগেয়ে ১৯৮০ ৰ প্ৰথমাৰ্ধত মোহনলাল যেতিয়া জয়ছেলমীৰলৈ আহিছিল তেতিয়া তেওঁ কিশোৰ আছিল। তেতিয়াৰ পৰাই তেওঁ বিভিন্ন ধাতৱ পদাৰ্থ যেনেঃ এলুমিনিয়াম, ৰূপ, ষ্টীল আৰু আনকি পিতলৰ পৰাও মৰ্চাং সাজি আহিছে।
“লোহা [লো]ৰ টুকুৰা এটা কেৱল স্পৰ্শ কৰিয়েই তাৰ পৰা ভাল শব্দ ওলাব নে নাই মই কৈ দিব পাৰোঁ,” ২০,০০০ ঘণ্টাতকৈয়ো অধিক সময় ৰঙা-উত্তপ্ত লোহা হাতুৰীৰে পিটি পিটি জয়ছালমীৰৰ বালিৰ টিলাবোৰৰ মাজে মাজে শুনিবলৈ পোৱা তালবাদ্য মৰ্চাং সাজি অতিবাহিত কৰা মোহনলালে ক’লে।
“মৰ্চাং সজাটো কঠিন কাম,” আজিলৈকে কিমান কেইটা মৰ্চাং সাজিলে তাৰ হিচাব মনত পেলাব নোৱাৰা ৬৫ বছৰ বয়সীয়া লোকজনে ক’লে, “গিন্টি চে বাহৰ হেই ৱহ [তাৰ কোনো হিচাব নাই]।”
মৰ্চাং এটা (মৰ্চিং বুলিও কোৱা হয়) প্ৰায় ১০ ইঞ্চিমান দীঘল য’ত হৰ্চশ্বু আকাৰৰ এটা ধাতুৰ ৰিং আৰু দুটা সমান্তৰাল কাঠি থাকে। সেই দুডালৰ মাজত এখন ধাতৱ জিভা থাকে যিডাল ট্ৰিগাৰ (ঘোড়া) বুলি জনা যায় আৰু এটা মূৰত তাক লগাই থোৱা হয়। বাদ্য শিল্পীয়ে সন্মূখৰ দাঁতেৰে তাক ধৰি লয় আৰু তাৰ মাজেৰে শ্বাস টানে আৰু নিশ্বাস এৰে। এটা হাতেৰে বাদ্য শিল্পীজনে মৰ্চাঙৰ জিভাখন লৰাই সাংগিতীক মূৰ্চনাৰ সৃষ্টি কৰে; আনটো হাতে লোৰ চকৰিটো ধৰি ৰখাত সহায় কৰে।












