বাৎসালাৰ কাৰণেই মণিৰামৰ জীৱন ৰক্ষা পৰিছিল।

“আমি পাণ্ডৱ জনপ্ৰপাতলৈ গৈছিলো,” মণিৰামে কয়। “বাৎসালাই চৰিবলৈ গৈ ঘূৰি ঘূৰি দূৰ এঠাই পাইছিল আৰু মই তাইক আনিবলৈ যাওতে বাটতে বাঘ এটা আহি ওলাইছিল।”

মণিৰামে যেতিয়া সহায়ৰ বাবে চিঞৰিলে, “তাই ক’ৰবাৰ পৰা দৌৰি আহি ওলাল আৰু আগভৰিখন আগুৱাই মোক উঠি ল’ব দিলে। তাৰপিছত ভৰিখনেৰে মাটিত প্ৰচণ্ড গোৰ এটা মাৰিলে। টাইগাৰ ভাগ গয়া (বাঘটো পলাই গ’ল),” স্বস্তিৰ নিশ্বাস এৰা মাহৱত (মাউত)গৰাকীয়ে কয়।

পান্না টাইগাৰ ৰিজাৰ্ভৰ বয়োজ্যেষ্ঠ এইগৰাকী মাতৃ বাৎসালাৰ বয়স ১০০ বছৰৰো অধিক - বিশ্বৰ সৰ্বাধিক জীৱনকালৰ অধিকাৰী এইগৰাকী বাৎসালা। “কিছুমানে কয় তাইৰ বয়স ১১০ বছৰ, কিছুমানে কয় ১১৫ বছৰ। সেয়াই সঁচা চাগে,” ১৯৯৬ৰ পৰা বাৎসালাৰ চোৱাচিতা কৰি থকা গোণ্ড আদিবাসী সম্প্ৰদায়ৰ লোক মণিৰামে কয়।

বাৎসালা এছীয়ায় হাতী (Elephas maximus), তাই কেৰালা আৰু মধ্যপ্ৰদেশৰ থাকিছে। মণিৰামে কয় যে তাই বৰ শান্ত স্বভাৱৰ, কিন্তু সৰু থাকোতে তাই বৰ প্ৰাণচঞ্চল আছিল। এতিয়া চকুৰে কম দেখে আৰু কাণেৰে কম শুনে যদিও তাই গোটেই জাকটোক বিপদৰ প্ৰথমটো সংকেত পোৱামাত্ৰকে সতৰ্ক কৰি দিয়ে।

মণিৰামে কয় যে তাইৰ ঘ্ৰাণশক্তি এতিয়াও প্ৰৱল আৰু আন জন্তুৰ পৰা হ’বপৰা সাম্ভাব্য বিপদৰ তাই আগজাননী পায়। তেনে সম্ভেদ পালে তাই গোটেই জাকটোক মাতে আৰু মাজত হাতীৰ পোৱালীবোৰ ৰাখি ঘুৰণীয়াকৈ জুম বান্ধে। “কিবা জন্তুই যদি আক্ৰমণ কৰিবলৈ চেষ্টা কৰে, তেতিয়া সিহঁতে গছৰ ঠানি, শিল আদি সুৰেৰে দাঙি ভয় খুৱাই তাক আঁতৰাই পঠিয়ায়,” মণিৰামে কয়। “আগতে তাই বৰ চোকা আছিল।”

PHOTO • Priti David
PHOTO • Priti David

বাওঁফালে: মধ্যপ্ৰদেশৰ পান্না টাইগাৰ ৰিজাৰ্ভত বাত্সালা আৰু তাইৰ মাউত মণিৰাম। সোঁফালে: বাত্সালা বিশ্বৰ আটাইতকৈ বয়সীয়াল হাতী বুলি জনাজাত, তাইৰ বয়স এশৰো অধিক

PHOTO • Sarbajaya Bhattacharya
PHOTO • Sarbajaya Bhattacharya

বাত্সালা এছীয়ায় হাতী (Elephas maximus)। তাইৰ জন্ম কেৰালাত আৰু ১৯৯৩ত মধ্যপ্ৰদেশৰ হোচংগাবাদ (নৰ্মদাপুৰম বুলি পুনৰ নামাংকৃত)লৈ অনা হয়

বাত্সালাৰ দৰে মণিৰামেও বনৰীয়া জীৱ-জন্তুক ভয় নকৰে, সেয়া লাগিলে বাঘেই হওঁক, যাৰ সংখ্যা ২০২২ৰ এই প্ৰতিবেদন অনুসৰি পান্না টাইগাৰ ৰিজাৰ্ভত ৫৭ৰ পৰা ৬০ টা। “হাথী কে সাথ ৰেহতে থে, তৌহ টাইগাৰ কা ডৰ নহী ৰেহতা থা (হাতীৰ লগত থাকিছিলো, সেয়ে বাঘৰ ভয় নাছিল),” তেওঁ কয়।

পান্না টাইগাৰ ৰিজাৰ্ভৰ হিনৌতা গেটৰ হাতীশালৰ কাষত পাৰিয়ে তেওঁৰ সৈতে কথা পাতিছে। এটা দমৰা হাতীকে ধৰি মুঠ দহটা হাতীয়ে দিনটোৰ প্ৰথমসাজ আহাৰৰ বাবে অপেক্ষা কৰিছে। গছ এডালৰ কাষত থকা বাত্সালাৰ ওচৰলৈ মণিৰামে আমাক লৈ যায়। মাটিত পুতি থোৱা কাঠৰ কুণ্ডা এটাত শিকলিৰে তাইক বান্ধি থোৱা আছে। তাইৰ কাষতে আছে দুমহীয়া কৃষ্ণকলি।

বাত্সালাৰ নিজা সন্তান নাই। “কিন্তু তাই সদায়েই আন হাতীৰ পোৱালীবোৰৰ যত্ন লয়। দুছৰি কি বচ্চিয়াঁ বহুত চাহতি হ্যে (তাই আনৰ পোৱালীবোৰক বৰ মৰম কৰে),” মণিৰামে সেমেকা হাঁহিৰে কয়, “তাই পোৱালীবোৰৰ সৈতে খেলে।”

*****

বাত্সালা আৰু মণিৰাম দুয়োজনেই মধ্য প্ৰদেশৰ উত্তৰ-পূব জিলা পান্নালৈ প্ৰব্ৰজিত হৈ অহা। অঞ্চলটোৰ অৰ্ধেক অংশই হাবিয়ে আৱৰা। বাত্সালাৰ জন্ম হৈছিল কেৰালাত আৰু ১৯৯৩ত তাইক মধ্য প্ৰদেশৰ হোচংগাবাদলৈ (বৰ্তমানৰ নৰ্মদাপুৰম) অনা হয়। মণিৰামৰো জন্ম তাতে আৰু তাতেই তেওঁৰ বাত্সালাৰ সৈতে প্ৰথম সাক্ষাৎ হয়।

“মই সদায়েই হাতী ভাল পাওঁ,” পঞ্চাছৰ ঘাইত ভৰি দিয়া মণিৰামে কয়। তেওঁৰ পৰিয়ালৰ কোনোৱেই জীৱ-জন্তু লালন-পালন কৰা নাই। তেওঁৰ পিতৃয়ে তেওঁলোকৰ পাঁচ একৰ খেতিমাটিত খেতি কৰিছিল আৰু মণিৰামৰ পুত্ৰইও সেয়াই কৰে। “আমি গেহুঁ (ঘেঁহু), চানা (বুটমাহ) আৰু তিলি (তিল)ৰ খেতি কৰিছিলোঁ,” তেওঁ কয়।

বাত্সালাই দিনটো কেনেকৈ কটায় চাওঁ আহক

বাত্সালাৰ বয়স এশৰো অধিক বুলি কোৱা হয় - তাই বিশ্বৰ সৰ্বাধিক বছৰ জীয়াই থকা হাতী, গোণ্ড আদিবাসী সম্প্ৰদায়ৰ তাইৰ মাউত মণিৰামে কয়

হোচংগাবাদত মণিৰামে মাউত এজনক সহায় কৰি থাকোতে বাত্সালা উপস্থিত হৈছিল। “তাই তাত ট্ৰাক এখনত কাঠৰ কুণ্ডা বোজাই কৰি আছিল,” তেওঁ কয়। কেইবছৰমান পিছত বাত্সালা পান্নালৈ গ’ল। “তাৰ কেইবছৰমান পিছত পান্নাৰ মাউতজন আন ঠাইলৈ বদলি হৈ যোৱাৰ বাবে তেওঁলোকে মোক মাতি পঠিয়ায়,” মণিৰামে কয়। তেতিয়াৰে পৰা তেওঁ পান্না টাইগাৰ ৰিজাৰ্ভৰ দুটা কোঠালীৰ ঘৰ এটাত থাকে আৰু এতিয়া বয়সে ভাটি দিয়া বাত্সালাৰ চোৱাচিতা কৰে।

তেওঁৰ বন্ধুগৰাকীৰ দৰে মণিৰামো বন বিভাগৰ স্থায়ী কৰ্মচাৰী নহয়। “জব চাছন ৰিটায়াৰ কৰ দেংগে, তব চলে জায়েংগে (যেতিয়া চৰকাৰে অৱসৰ দিব, তেতিয়া গুছি যাম),” তেওঁ কয়। তেওঁ মাহে পোৱা ২১ হাজাৰ টকাৰ চুক্তি বছৰি    নৱীকৰণ কৰা হয়। এনেকৈ কিমানদিন কাম কৰি থাকিব পাৰিব, তেওঁ তাক লৈ নিশ্চিত নহয়।

“মোৰ দিনটো আৰম্ভ হয় পুৱা ৫ বজাতে,” মণিৰামে কয়। “মই দালিয়া (ভগা ঘেঁহু) ৰান্ধো, বাত্সালাক খুৱাও আৰু হাবিলৈ পঠিয়াই দিওঁ।” তাই তাত আন ২০ টামান হাতীৰ সৈতে চৰি ফুৰে মানে ইফালে তেওঁ তাইৰ থালিখন চাফা কৰে আৰু তাইৰ বাবে দহ কিলো দালিয়াৰে ৰাতিৰ আহাৰ ৰান্ধে। লগতে নিজৰ বাবেও ৰুটি সেকে বা ভাত ৰান্ধে। হাতীবোৰ সন্ধিয়া ৪ মান বজাত ঘূৰি আহে আৰু বাত্সালাক গা ধুৱাই উঠি তেওঁ ৰাতিৰ আহাৰ খুৱায়। এনেকৈয়ে এটা কষ্টকৰ দিন মণিৰামে সামৰে।

“তাই ধান খাই বৰ ভাল পায়। কেৰালাত থাকোতে তাই ধানেই খাইছিল,” মণিৰামে কয়। কিন্তু ১৫ বছৰ আগৰ কথা, ৰাম বাহাদুৰ নামে এটা দঁতাল হাতীয়ে প্ৰায় ৯০ৰ পৰা ১০০ বছৰীয়া বাত্সালাক আক্ৰমণ কৰে। তাই পিঠিত আৰু পেটত আঘাত পায়। ডাক্তৰ মাতি অনা হয় আৰু “ডাক্তৰৰ লগতে আমি তাইৰ যত্ন লৈ থাকিলো,” মণিৰামে কয়। কিন্তু সেই আক্ৰমণৰ পিছত তাই বৰ দুৰ্বল হৈ পৰে, ফলত হেৰুওৱা শক্তি ঘূৰাই পাবলৈ তাইৰ খাদ্যাভাসো সলনি কৰিবলগীয়া হয়।

PHOTO • Priti David
PHOTO • Sarbajaya Bhattacharya

বাওঁফালে: বন বিভাগৰ কেয়াৰটেকাৰ আশীষে হাতীৰ বাবে দালিয়া ৰান্ধিছে। সোঁফালে: মণিৰামে বাত্সালাক পুৱাৰ আহাৰ খুৱাবলৈ নিছে

PHOTO • Priti David
PHOTO • Sarbajaya Bhattacharya

পোন্ধৰ বছৰ আগৰ কথা, ৰাম বাহাদুৰ নামে এটা দঁতাল হাতীয়ে প্ৰায় ৯০ৰ পৰা ১০০ বছৰীয়া বাত্সালাক আক্ৰমণ কৰে। তাই পিঠিত আৰু পেটত আঘাত পায়। সেই আক্ৰমণৰ পিছত তাই বৰ দুৰ্বল হৈ পৰে, ফলত হেৰুওৱা শক্তি ঘূৰাই পাবলৈ তাইৰ খাদ্যাভাসো সলনি কৰিবলগীয়া হয়

তাই তেনেকৈয়ে কামৰ পৰা অৱসৰ লয় - আগৰ দৰে তাই আৰু ট্ৰাকত কাঠৰ কুণ্ডা লোড কৰা কাম নকৰা হ’ল। কাম সলনি হ’ল আৰু তাই হাবিত টহল দিয়া আৰু বাঘ ট্ৰেকিং কৰা আদি কামত সহায় কৰিবলৈ লয়।

সিহঁত দুজনে ইজনে সিজনক বৰ মিচ কৰে। মণিৰামে কয়, “ঘৰত থাকিলে তাইলৈ বৰ মনত পৰে। তাইবা কি কৰিছে, ভালকৈ খাইছে নে নাই…এইবোৰ চিন্তা মনলৈ আহে।” তাইৰো একেই অৱস্থা হয় চাগে - মাউতজন এসপ্তাহতকৈ বেছিদিন নাথাকিলে তাই পেট পুৰাই খাদ্য নোখোৱা হয়।

“উচকৌ পতা চলতি হ্যে কি অব মাহৱত চাব আ গয়ে (তাই অনুমান কৰিব পাৰে যে মাউত আহিছে),” মণিৰামে কয়। তেওঁ আনকি গেটত থিয় হৈ থাকিলেও চাৰিৰ পৰা পাঁচশ মিটাৰমান দূৰৰ পৰাই তাই শুঁৰ দাঙি মাতি মাউতজনক আদৰে।

বছৰ বাগৰাৰ লগে লগে তেওঁলোকৰ বান্ধোন আৰু মজবুত হৈ পৰিছে। “মেৰি দাদী জেইছি লগতি হ্যে (তাই মোৰ আইতাৰ দৰে),” দাঁত নিকটাই হাঁহি মাৰি মণিৰামে কয়।

প্ৰতিবেদকে এই প্ৰতিবেদন প্ৰস্তুতিত সহায় আগবঢ়োৱা দেৱাশ্ৰী সোমানিলৈ ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছে।

অনুবাদ: পংকজ দাস

Sarbajaya Bhattacharya

Sarbajaya Bhattacharya is a Senior Assistant Editor at PARI. She is an experienced Bangla translator. Based in Kolkata, she is interested in the history of the city and travel literature.

यांचे इतर लिखाण Sarbajaya Bhattacharya
Editor : Priti David

प्रीती डेव्हिड पारीची वार्ताहर व शिक्षण विभागाची संपादक आहे. ग्रामीण भागांचे प्रश्न शाळा आणि महाविद्यालयांच्या वर्गांमध्ये आणि अभ्यासक्रमांमध्ये यावेत यासाठी ती काम करते.

यांचे इतर लिखाण Priti David
Photographs : Sarbajaya Bhattacharya

Sarbajaya Bhattacharya is a Senior Assistant Editor at PARI. She is an experienced Bangla translator. Based in Kolkata, she is interested in the history of the city and travel literature.

यांचे इतर लिखाण Sarbajaya Bhattacharya
Photographs : Priti David

प्रीती डेव्हिड पारीची वार्ताहर व शिक्षण विभागाची संपादक आहे. ग्रामीण भागांचे प्रश्न शाळा आणि महाविद्यालयांच्या वर्गांमध्ये आणि अभ्यासक्रमांमध्ये यावेत यासाठी ती काम करते.

यांचे इतर लिखाण Priti David
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

यांचे इतर लिखाण Pankaj Das