'ৰজা সুপদকাণ্ণ - অসমীয়াত যাৰ অৰ্থ হাতীৰ কাণৰ দৰে কাণ থকা ৰজা - গুজৰাটী ভাষাৰ এই গল্পটো মোৰ শৈশৱৰ অন্যতম প্ৰিয় গল্প আছিল। সৰুতেই প্ৰথম মাৰ মুখত শুনা গল্প। তাৰ পাছতো বিভিন্ন ৰূপত গল্পটো শুনা মনত আছে। গিজুভাই বাধেকাৰ শিশুৰ বাবে লিখা চুটিগল্পৰ কিতাপখনতে এই গল্পটো মই নিজে পঢ়িছিলোঁ। বাধেকাৰ সংকলনখনত পৃথিৱীৰ নানান লোকগাথাৰ সংমিশ্ৰণ ঘটিছে। ইয়াৰে ৰজা মিডাচৰ গাধৰ লেখীয়া কাণৰ গল্পটোৱে 'ৰজা সুপদকাণ্ণ'ক প্ৰভাৱান্বিত কৰাৰ সম্ভাৱনাটোক অস্বীকাৰ কৰিব নোৱাৰি।
কাহিনীটো আছিল এজন ৰজাৰ যিয়ে এবাৰ অৰণ্যত বাট হেৰুৱাই ভোকে-পিয়াহে জৰ্জৰিত হৈ ঘৰচিৰিকা এজনীৰ ডিঙি মুচৰি মাৰি খাই থ'লে। গ'ল কথা গুচিল। পিছে সেই কাৰ্যটোৰ বাবে অভিশাপগ্ৰস্ত ৰজাৰ কাণ দুখন হাতীৰ কাণৰ দৰে প্ৰকাণ্ড হৈ পৰিল। এনেহেন কাণ দুখন লুকুৱাই থোৱাটো মহা সমস্যা। ৰাজমহললৈ উভতি আহি ৰজাই ভিন ভিন ধৰণৰ পাগুৰি, মুকুট আৰু গলবস্ত্ৰৰে কাণ দুখন লুকুৱাই ৰাখিলে। হওঁতে কথাটোত তেওঁৰ প্ৰজাগণ আচৰিত নোহোৱা নহয়। এনেকৈনো কিমান দিন সাৰিব! উপায় নাপাই জধে-মধে বাঢ়ি অহা দাড়ি-চুলি কটোৱাবৰ কাৰণে তেওঁ এদিন নাপিত এজনক মাতি পঠিয়াবলগীয়াত পৰিল।
ৰজাৰ কাণ দুখন দেখি বপুৰা নাপিত মুৰ্চা যোৱাৰ দৰে হ'ল। আৰু এইদৰে বিয়াগোম কাণ দুখনৰ লজ্জাজনক ৰহস্যটো ফাদিল হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিল। পিছে প্ৰতাপী ৰজাই নিমাখিত নাপিতক হুংকাৰ দি ভুলতো যেন এই কথা কাৰো কাণত নপৰে সেইবুলি হুমকি দি পঠালে। হ'লে কি হ'ব? দিনৰ দিনটো মানুহৰ লগত লাগি থকা নাপিতবোৰ এনেয়ে কথাচহকী, তেওঁলোকেনো বাৰু কিবা কথা পেটত ৰাখিব পাৰেনে? ফলত হাজাৰ চেষ্টা কৰিও ৰজাৰ নাপিতে ৰজাৰ কাণৰ ৰহস্যটো ধৰি ৰখাত বিফল হ'ল। হাবিলৈ গৈ গছ এজোপাক ফুচফুচাই কৈ দিলে, "বোলো গম পোৱানে, আমাৰ ৰজাৰ কাণ দুখন হাতীৰ কাণৰ লেখীয়া।"
পিছে লেঠা লাগিল তাতেই। এদিন হাবিখনলৈ আহিল এজন খৰিকটীয়া, কাটিবলৈ চকু পৰিল আকৌ সেইজোপাতহে। যেই কুঠাৰেৰে ঘাপ মাৰিলে, গানৰ সুৰত দিলে গছে কথাটো কৈ। যাদুকৰী কাঠডোখৰ খৰিকটীয়াই বেচি দিলে এজন ঢোল সজা মানুহৰ ওচৰত। তেওঁ তাৰে এটা ঢোল সাজিলে। পিছে ঢোলত চাপৰ মাৰিলে সি সৌটো গানকেহে গায়। এনেকৈয়ে ৰাস্তাত ঢোল বজাই থকা মানুহ এজনৰ খবৰ পাই ৰজাই পোনেই তেওঁক মাতি পঠিয়ালে। যিমানদূৰ মনত আছে, যথেষ্ট দীঘলীয়া গল্পটোৰ শেষৰ পিনে ৰজাই নিজৰ কাৰ্যত অনুতপ্ত হৈ তেওঁৰ সাম্ৰাজ্যত এখন পক্ষী অভয়াৰণ্য পাতি দিলে।



