৮২ বছৰীয়া জীৱনত আৰিফাই সকলো দেখিছে। তেওঁৰ আধাৰ কাৰ্ডৰ মতে ১৯৩৮ৰ ১ জানুৱাৰীত আৰিফাৰ জন্ম হৈছিল। জন্মৰ তাৰিখটো শুদ্ধ হয় নে নহয়, আৰিফাই নাজানে। কিন্তু তেওঁৰ মনত আছে যে ১৬ বছৰমান বয়সত তেওঁ ২০ বছৰীয়া ৰিজৱান খানৰ দ্বিতীয় পত্নী হয় আৰু হাৰিয়ানাৰ নুহ জিলাৰ বিৱান গাঁৱলৈ আহে। ‘মোৰ ডাঙৰ বাইদেউ (ৰিজৱানৰ প্ৰথমা পত্নী) ছটা সন্তানৰ সৈতে দেশ বিভাজনৰ সময়ত পদপৃষ্ট হৈ মৃত্যু হোৱাৰ পিছত মোৰ মাতৃয়ে মোক ৰিজৱানৰ সৈতে বিবাহপাশত আৱদ্ধ কৰোৱায়,’ আৰিফাই (প্ৰকৃত নাম নহয়) মনত পেলালে।
পাকিস্তানলৈ নাযাবলৈ মেও মুছলমানসকলক আহ্বান জনাবলৈ মেৱাটৰ এখন গাঁৱলৈ মহাত্মা গান্ধী অহাৰ সময়ৰ অস্পষ্ট স্মৃতি তেওঁৰ এতিয়াও আছে। হাৰিয়ানাৰ মেও মুছলমান সম্প্ৰদায়ে নহুৰ ঘাছেৰা গাঁৱলৈ মহাত্মা গান্ধী অহাৰ ১৯ ডিচেম্বৰৰ দিনটোক ‘মেৱাট দিৱস’ৰূপে উদযাপন কৰে। (২০০৬ৰ আগলৈকে নুহক মেৱাট বুলি কোৱা হৈছিল)।
কাষত বহাই লৈ মাতৃয়ে ৰিজৱানৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱাৰ কাৰণ ব্যাখ্যা কৰাৰ স্মৃতি আৰিফাৰ হুবহু মনত আছে। ‘মাতৃয়ে মোক কৈছিল, সি সকলো হেৰুৱালে। তাৰ পিছত মায়ে মোক তেওঁলৈ বিয়া দিলে,’ আৰিফাই কয়। নিজৰ গাওঁ ৰেঠোৰাৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ নিলগৰ বিৱান তেওঁৰ ঘৰ হৈ পৰাৰ কথা তেওঁ মনত পেলায়। দুয়োখন গাওঁ একেখন জিলাত আছে আৰু দেশৰ উন্নয়নৰ দুখজনক অৱস্থাৰ সূচক স্বৰূপ।
হাৰিয়ানা আৰু ৰাজস্থানৰ সীমান্তৱৰ্তী অঞ্চলত থকা আৰাৱলী পৰ্বতৰ পাদদেশত দেশৰ ৰাজধানী দিল্লীৰ পৰা প্ৰায় ৮০ কিলোমিটাৰ দূৰত্বত ফিৰোজপুৰ ঝিৰ্কা উন্নয়ন খণ্ডত বিৱান অৱস্থিত। দেশৰ জনমূৰি উপাৰ্জনৰ স্থানত থকা বিত্তীয় আৰু ঔদ্যোগিক কেন্দ্ৰস্থল দক্ষিণ হাৰিয়ানাৰ গুৰুগ্ৰামৰ মাজেৰে দেশৰ আটাইতকৈ পিছপৰা ৪৫তম জিলাখনলৈ দিল্লীৰ পৰা নুহ সংলগ্ন পথেৰে আপুনি আহিব লাগিব। সেউজীয়া পথাৰ, অনুৰ্ব্বৰ পাহাৰ, পিছপৰা আন্তঃগাঁথনি আৰু পানীৰ নাটনি আৰিফাৰ দৰে বহুতৰ দৈনন্দিন জীৱন।
হাৰিয়ানাৰ এই অঞ্চল আৰু ৰাজস্থানৰ কিছুমান অঞ্চলত মেও মুছলমান সম্প্ৰদায়ে বসবাস কৰে। নুহ জিলাৰ মুঠ জনসংখ্যাৰ ৭৯.২ শতাংশ মুছলমান (২০১১ৰ লোকপিয়ল)।
বিৱানৰ পৰা খোজকাঢ়ি যাব পৰা দূৰত্বৰ শিল, বালি আৰু চিলিকা খনিত আৰিফাৰ স্বামী ৰিজৱানে যেতিয়া ১৯৭০ৰ পৰা কাম কৰিবলৈ আৰম্ভ কৰিছিল, তেতিয়াৰে পৰা আৰিফাৰ পৃথিৱীখন পাহাৰৰ পৰিধিৰ মাজত সীমাবদ্ধ হৈ পৰিছিল আৰু পানী অনা তেওঁৰ প্ৰধান কাম আছিল। ২২ বছৰৰ আগতে ৰিজৱানৰ যেতিয়া মৃত্যু হয়, তাৰ পিছত নিজৰ আৰু তেওঁৰ আঠটা সন্তানৰ বাবে উপাৰ্জন কৰিবলৈ আৰিফাই খেতি পথাৰত কাম কৰিবলৈ আৰম্ভ কৰে। দৈনিক ১০ৰ পৰা ২০ টকা পৰ্যন্ত উপাৰ্জন কৰিছিল। ‘আমাৰ মানুহে কয়, যিমান পাৰা সিমান সন্তান জন্ম দিয়া, আল্লাই সিহঁতৰ লালন-পালন কৰিব,’ তেওঁ কয়।










