বৈশালী য়েডেয়ে তাইৰ গাঁওখনৰ বাটত খৰখেদা খোজ দিছে, মানুহক মিচিকীয়া হাঁহিৰে সম্ভাষণ জনাইছে আৰু সমৰ্থনৰ বাবে অনুৰোধ জনাইছে। ‘মি তুমচিচ্ মুলগি আহো (মই আপোনালোকৰেই জীয়ৰী),’ তাই স্থানীয় বাৰহাদী ভাষাত হাতজোৰ কৰি গঞাক কৈছে।
তাইৰ প্ৰতি মানুহৰ আগ্ৰহ দেখি তাই সন্তোষ পাইছে কিন্তু ‘মাহয়াবাৰ লাকচ্ অছুদ্য জী’ (মোক আপোনালোকৰ প্ৰাৰ্থনা আৰু ভাৱনাত ৰাখক)বুলি কোৱা কথাষাৰ কৃষি বৈধব্যৰ চিকাৰ হোৱা মহিলাসকলৰ কথা আৰু গিৰীয়েকবোৰৰ আত্মহত্যাৰ পিছত তেঁওলোকৰ মানসিক আৰু আৰ্থিক বিপৰ্যয়ৰ ছবিখন যাতে গঞাই পাহৰি নাযায় তাৰবাবেও একধৰণৰ গোহাৰি।
মাজে-সময়ে ২৮ বৰ্ষীয় বৈশালীয়ে হাউলি বয়সস্থজনৰ আশীৰ্বাদো লৈছে। ছোৱালীবোৰৰ সৈতে হাত মিলাইছে। দমকলৰ পানী নিবলৈ গোট খোৱা মহিলাবোৰলৈ হাত জোকাৰি অভিবাদন জনাইছে। তাৰপিছত তাই ছয়-সাতখন গাড়ীৰে ৰৈ থকা মিচিলটোৰ এখনত বহিছেগৈ আৰু ৪২ ডিগ্ৰী উষ্ণতাৰ প্ৰখৰ ৰ’দত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আন এখন গাঁৱলৈ ঢাপলি মেলিছে।
পূৱ মহাৰাষ্ট্ৰৰ য়াভাটমাল-ৱাচিম সমষ্টিৰ পৰা ২০১৯ৰ লোকসভা নিৰ্বাচনৰ বৈশালী অৱতীৰ্ণ হৈছে। প্ৰায় ১৭.৫ লাখ ভোটাৰে ১১ এপ্ৰিলৰ দিনা ভোট দিব। অমৰাৱতী জিলাৰ অচলপুৰৰ ৪৮ বৰ্ষীয় বিধায়ক ওমপ্ৰকাশ (বাচ্ছু) কাডুৰ নেতৃত্বাধীন স্থানীয় ৰাজনৈতিক দল প্ৰহৰ জনশক্তি পক্ষৰ তৰফৰ পৰা বৈশালীয়ে প্ৰাৰ্থীত্ব আগবঢ়াইছে। কৃষক আৰু কৃষিশ্ৰমিকৰ ওপৰত গুৰুত্ব আৰোপ কৰা বাচ্ছুৰ দলটোৱে বিদৰ্ভত ধীৰে ধীৰে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে।


