সুপাৰি পুটেলে কিমান বছৰ কিমানখন হস্পিতালৰ ভিতৰত কটাবলগীয়া হৈছে তাৰ হিচাপ তেওঁ ৰখা নাই।
বহুবছৰ ধৰি সুপাৰিয়ে ১৭ বছৰীয়া ৰুগীয়া পুত্ৰৰ চিকিৎসাৰ বাবে ওড়িশা আৰু ছত্তীশগড়ৰ হস্পিতাললৈ গৈ থাকিবলগীয়া হৈছিল। তাৰপিছত খুব কম দিনৰ বাবে মুম্বাইত নিজৰ স্বামীৰ কাৰণে হস্পিতালত থাকিল।
চাৰি মাহৰ ভিতৰতে, ২০১৯ত সুপাৰিক দুখৰ অথাই সাগৰত পেলাই দুয়োজনেই ঢুকাল।
তেওঁৰ স্বামী সুৰেশ্বৰৰ বয়স আছিল মাত্ৰ ৪৪ বছৰ। ২০১৯ৰ ছেপ্টেম্বৰত তেওঁ আৰু সুপাৰিয়ে ওড়িশাৰ বালাংগীৰ জিলাৰ নিজ ঘৰৰ পৰা ১৪০০ কিলোমিটাৰ দূৰৰ মুম্বাইলৈ কাম কৰিবলৈ গ’ল। শ্ৰমিক যোগান ধৰা স্থানীয় এজেণ্ট এজনে তেওঁলোকক নিৰ্মাণৰ ছাইট এটাৰ কামৰ বাবে নিয়োগ কৰিলে। “আমাৰ ধাৰবোৰ মাৰি ঘৰটো (নিৰ্মাণ)ৰ কাম সম্পূৰ্ণ কৰিবলৈ কিছু টকা গোটাম বুলি তালৈ গৈছিলো,” সুপাৰিয়ে কয়। দুয়োজনে মিলি এদিনত ৬০০ টকা দিনহাজিৰা পাইছিল।
“এদিনাখন গধূলি মুম্বাইৰ ছাইটত কাম কৰি থকা সময়ত স্বামীৰ তীৰকঁপে জ্বৰ উঠিল,” টুৰুকেলা ব্লকৰ ৯৩৩ জন বাসিন্দাৰ হিয়াল গাঁৱৰ মাটিৰ ঘৰটোৰ বাৰান্দাত মাটিতে বহি থকা ৪৩ বছৰীয়া সুপাৰিয়ে মনত পেলালে। তেওঁলোকৰ পৰিয়ালটো মালি সম্প্ৰদায়ৰ, অনান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্ভূক্ত।
সুপাৰি আৰু নিৰ্মাণ ছাইটৰ তত্ত্বাৱধায়কজনে সুৰেশ্বৰক অটোৰিক্সা এখনত আৰু পিছত এম্বুলেঞ্চ এখনত উঠাই চহৰখনৰ উপকণ্ঠীয় তিনিখন হস্পিতাল ঘূৰোৱাৰ পিছত উত্তৰ-মধ্য মুম্বাইৰ চিয়নস্থিত লোকমান্য তিলক মিউনিচিপাল জেনেৰেল হস্পিতালত ভৰ্ত্তি কৰিবলৈ সক্ষম হ’ল।
“আমাৰ আধাৰ কাৰ্ড আৰু আন কাগজ-পত্ৰ (সেই সময়ত) নথকাৰ বাবে ইখনৰ পিছত সিখন হস্পিতালে আমাক ভৰ্ত্তি নকৰিলে,” সুপাৰিয়ে কয়। “তেওঁৰ জণ্ডিচ (লক্ষণ) হৈছিল। তেওঁৰ কঁকালৰ তলৰ অংশ বিকল হৈ পৰিছিল, মই তেওঁৰ ভৰিৰ পতা মালিচ কৰি আছিলো,” কি হৈছিল নাজানি তেওঁ তাকেই কৰিছিল বুলি কয়। তাৰে পিছদিনাই, ২০১৯ৰ ৬ নৱেম্বৰত সেইখন হস্পিতালতে সুৰেশ্বৰৰ মৃত্যু হয়।








