মায়া মোহিতে পূজাৰ তিনিমহীয়া কেঁচুৱা শীতলৰ চোৱাচিতা কৰিছে। পূজা কামলৈ গৈছে, সিহঁতৰ তম্বুৰ পৰা বেছি দূৰত নহয়। সঞ্জয় গান্ধী ৰাষ্ট্ৰীয় উদ্যানত টাৰ্প’লিন আৰু কাপোৰৰ তম্বুৱেই হৈছে তেওঁলোকৰ ‘ঘৰ’। মায়াই ওচৰৰে জুৰি এটাৰ পৰা অনা পানীৰে শিল এচটাত বহি বাচন-বৰ্তন ধুইছে। ইফালে কেঁচুৱাটো পুৰণি চিমেণ্টৰ বেগ এটাৰে তৈয়াৰী এখনত ঝুলনাত শুইছে।
‘ইয়াতে চাৰিচকীয়াৰ পাৰ্কিং নিৰ্মাণৰ কাম চলি আছে,’ মায়াই কয়। মুম্বাইৰ বৰিভালি ইষ্টত থকা উদ্যানখনৰ প্ৰৱেশদ্বাৰত এই পাৰ্কিং নিৰ্মাণ কৰি থকা হৈছে। মায়াই তাইৰ পৰিয়ালৰ সাত গৰাকী সদস্যৰ সৈতে ২০১৮ৰ ডিচেম্বৰত মহানগৰীখনলৈ আহিছিল। তাইৰ ননদ পূজাও তাৰে মাজৰে এগৰাকী। তাৰে কিছুমান আহিছে মুম্বাইৰ পৰা ৭০ কিলোমিটাৰ দুৰৰ খপলিত থকা নিৰ্মাণ ক্ষেত্ৰৰ পৰা। পৰিয়ালটোৰ আন কেইজনমানে ৰাজস্থানৰ ক্ষেত্ৰবোৰত কাম শেষ কৰি বৰিভালিৰ পৰা আহি ইয়াতে গোট খাইছে।
প্ৰতিবছৰে বাৰিষা কালত জালনা জিলাৰ জাফেৰাবাদ তালুকৰ হাৰপালা গাঁৱলৈ মোহিতেসকল উভতি আহে। সেই পৰিয়ালটো বেলডাৰ সম্প্ৰদায়ৰ (কিছুমান ৰাজ্যত যাযাবৰ জনজাতি হিচাপে তালিকাভূক্ত)। মায়াৰ পিতৃ-মাতৃ আৰু তিনিজন ভায়েকেও নিৰ্মাণ ক্ষেত্ৰত কাম কৰে আৰু হাৰপালাৰ আশে-পাশে খেতিপথাৰতো কাম কৰে। ‘বিয়া হোৱাৰ সময়ত মই তেনেই সৰু আছিলো তেতিয়া পথাৰত কাম কৰিছিলোঁ,’ ২৫ বৰ্ষীয় মায়াই কয়।
বহুদিনলৈকে মায়াৰ শাহু-শহুৰেও মহাৰাষ্ট্ৰৰ মুম্বাইকে ধৰি আন আন ঠাইৰ নিৰ্মাণ ক্ষেত্ৰতে কাম কৰিছিল। ‘তাৰপিছত তেওঁলোকে গাঁৱতে এক একৰ মাটি কিনি ঘূৰি আহিল,’ তাইৰ ভাই-শহুৰ মুকেশ মোহিতে কয়। কিছু বছৰ ধৰি তেওঁলোকে কেৱল কৃষি শ্ৰমিক হিচাপে কাম কৰি পেট পোহাৰ চেষ্টা কৰিছিল, কিন্তু দিনহাজিৰা বহুদিন ধৰি ১৫০-২০০ টকা হৈয়ে থাকিল, নাবাঢ়িল। সেয়ে পৰিয়ালটোৱে নিৰ্মাণ ক্ষেত্ৰত কাম কৰিবলৈ ল’লে। তাতে দিনে ৪০০-৫০০ টকা পৰ্যন্ত মজুৰি পোৱা যায়, মুকেশে কয়।







