কাৰখানাৰ ওপৰত কোনো নামফলক নাই। মহম্মদ আজীমে কয়, "য়ে ত’ এক গুমনাম দোকান হেয়, [ই কেৱল এখন বেনামী দোকান]।" কাৰখানাৰ ভিতৰত চাৰি বৰ্গফুটৰ চালিৰ এচবেষ্টছ বেৰবোৰ এলান্ধু আৰু মকৰা জালেৰে আবৃত। ভিতৰত চুক এটাত থিয় কৰাই থোৱা আছে এটা সৰু লো আৰু মাটিৰ অগ্নিশাল আৰু মাজত আছে নীলা তিৰ্পালেৰে আবৃত পোৰা ক'লা মাটিৰ এটা দ’ম।
প্ৰত্যেক ৰাতিপুৱা প্ৰায় ৭ বজাত আজীমে পশ্চিম হায়দৰাবাদৰ দুধ বাউলিৰ ঠেক পথটোৰ মাজে মাজে চাইকেল চলাই যায় আৰু কাৰখানাৰ ওচৰতে তেওঁৰ চাইকেলখন ৰখাই থয়, ইয়াৰ পিছফালৰ দেৱালখন হাকিম মীৰ ৱাজিৰ আলী কবৰস্থানৰ চৌহদৰ দেৱালত লগ লাগিছে।
ইয়াত ধূলিময় প্লাষ্টিকৰ পাত্ৰ, মামৰে ধৰা ধাতুৰ বাকচ, ভগা বাল্টি, আৰু মজিয়াত সিঁচৰতি হৈ থকা সঁজুলি আৰু বিন্ধনাবোৰৰ মাজত – য’ত কাম কৰিবলৈ প্রায় ঠাই নোহোৱাৰ দৰে, তাতে তেওঁ তেওঁৰ কৰ্মদিন আৰম্ভ কৰে, অতি কষ্ট স্বীকাৰ কৰি তেওঁ বালি-সাঁচত ধাতুৰ টোকেনবোৰ তৈয়াৰ কৰে।
হায়দৰাবাদৰ কেইখনমান পুৰণি চাহৰ দোকান আৰু ভোজনালয়ে এতিয়াও ২৮ বছৰীয়া আজীমে তৈয়াৰ কৰা এই টোকেন (বা মুদ্ৰা) ব্যৱহাৰ কৰে। অতীতত একে ধৰণৰ কেণ্টিন টোকেনসমূহ কলঘৰ, সামৰিক বিপনী, ৰেল, বেংক, ক্লাব, সমবায় আৰু অন্যান্য বিভিন্ন প্ৰতিষ্ঠানৰ দ্বাৰা ব্যৱহাৰ কৰা হৈছিল। কিন্তু সময়ৰ লগে লগে মানুহে প্লাষ্টিকৰ টোকেন বা কাগজৰ ৰচিদ ব্যৱহাৰ কৰিবলৈ লোৱাত ধাতুৰ টোকেনৰ চাহিদা যথেষ্ট হ্ৰাস পাবলৈ ধৰে। এতিয়াও ধাতুৰ টোকেনৰ ওপৰত নিৰ্ভৰ কৰা কেইখনমান হায়দৰাবাদ ৰেষ্টুৰেণ্টে দিনটোৰ উপাৰ্জন গণনা কৰিবলৈ সেইবোৰ ব্যৱহাৰ কৰেঃ এবাৰ গ্ৰাহকে খাদ্য সামগ্ৰী অৰ্ডাৰ কৰিলে, তেওঁলোকক সেই ব্যঞ্জনৰ সৈতে খাপ খোৱা টোকেন দিয়া হয়।
আজীমক পৰিয়ালৰ সদস্য আৰু অন্যান্য দোকানীয়ে অজ্জু বুলি কোৱাৰ দৰে, তেওঁ চহৰখনৰ অন্তিম শিল্পকাৰসকলৰ ভিতৰত এজন, যি এতিয়াও এই মুদ্ৰাবোৰ তৈয়াৰ কৰাত বিশেষজ্ঞ আৰু হায়দৰাবাদ চহৰত এতিয়া ১০ জনতকৈও কম এনে শিল্পকাৰ আছে।



















