কামৰ কাৰণে কিমানখন গাঁৱলৈ গৈছে মঙলা হৰিজনে তাৰ হিচাপ দিছে। “কাঞ্চুৰ, কুৰাগুণ্ড, ক্যাতানাকেৰি…এবাৰ মই ৰট্টিহালিলৈকেও গৈছো,” কৰ্ণাটকৰ হাভেৰি জিলাৰ হিৰেকেৰুৰ তালুকত গাঁৱৰ নামবোৰ তেওঁ গণি যায়। কৃষিশ্ৰমিক হিচাপে মঙলাই আওহতীয়া গাওঁখনৰ পৰা ১৭-২০ কিলোমিটাৰ নিতৌ অহা-যোৱা কৰে।
“মই যোৱা দুবছৰ ধৰি কনানতালিলৈ গৈ আছো,” তেওঁ মোক কয়। কনানতালি আৰু মঙলাৰ গাওঁ মেনাচিনাহাল দুয়োখনেই হাভেৰিৰ ৰাণীবেন্নুৰ তালুকৰ অন্তৰ্গত। তাৰপৰা হিৰেকেৰুৰ তালুকৰ দূৰত্ব প্ৰায় ৩৫ কিলোমিটাৰ। মঙলা আৰু মেনাচিনাহালৰ তেওঁলোকৰ মাডিগা কেৰী নামে মাডিগা দলিত সম্প্ৰদায়ৰ চুবুৰীটোৰ আন মাডিগা মহিলাসকলে ৮-১০ জনীয়া গোট হৈ কামৰ বাবে বিভিন্ন ঠাইলৈ যায়।
তেওঁলোকে প্ৰত্যেকেই দিনে ১৫০ টকা উপাৰ্জন কৰে, আকৌ বছৰটোৰ কেইটামান মাহৰ কাৰণে ৯০ টকা বেছিকৈ পায় যেতিয়া তেওঁলোকে হস্ত-পৰাগযোগ ঘটোৱা কাম কৰে। এই কামটোৰ বাবে তেওঁলোক ইখনৰ পৰা সিখন জিলা ঘুৰে আৰু তেওঁলোকে যাৰ খেতিপথাৰত কাম কৰে তাৰে মালিকে অটোৰিক্সাৰে তেওঁলোকক ঘৰৰ পৰা অহা-যোৱাৰ ব্যৱস্থা কৰি দিয়ে। “অটোচালকে ৮০০ৰ পৰা ৯০০০ টকা বিচাৰে, সেইখিনি টকাৰ বাবে মালিকে (খেতিয়কে) আমাৰ পাবলগীয়াখিনিৰ পৰা ১০ টকাকৈ কাটি ৰাখে,” মঙলাই কয়। লগতে ইয়াকো কয় যে “আগতে অটোৰিক্সা নথকা দিনবোৰত তেওঁলোকে খোজকাঢ়িয়ে ইমানদূৰ বাট অহা-যোৱা কৰিছিল।”
ক্ষীণকায় চেহেৰাৰ ৩০ বছৰীয়া মঙলাক দেখিলেই বুজিব পাৰি যে তেওঁৰ ওজন তেনেই কম। তেওঁ দিনহাজিৰা কৰা গিৰীয়েক আৰু চাৰিটা সন্তানৰ সৈতে এটা কোঠাৰ সৰু জুপুৰী এটাত থাকে। জুপুৰীটোত এটা বাল্ব জ্বলি আছে, এটা চুকত পাকঘৰ কৰি ৰখা হৈছে, আনটো চুকত কাপোৰবোৰ দ’মাই থোৱা আছে। আন এটা ফালে ষ্টীলৰ এটা ভগা আলমাৰি বেৰত লগাই থোৱা আছে, মাজৰ মুকলি ঠাইখিনি ভাত খোৱা আৰু শোৱাৰ বাবে ব্যৱহাৰ কৰা হয়। বাহিৰত ওখ শিল এচটাত তেওঁ কাপোৰ আৰু বাচন-বৰ্তন ধোৱে।










