সেই কথা লৈ কোনো ভুল ধাৰণা নাছিল। তাতে এটা হাতী আছিল। এজন মানুহ তাৰ পিঠিৰ ওপৰত বহি আছিল। আমি আটাইকেইজন সৰগুজা-পলামুৰ সীমান্তৱৰ্তী এলেকাত এটা নিজান পৰিৱেশত খোজ কাঢ়ি আছিলো, তেতিয়াই সেই মানুহ আৰু জন্তুটোক আমি দেখিছিলো। আমি তিনিওজনে ইজনে সিজনক সুধি কথাটো নিশ্চিত কৰিলো। অৱশ্যে আমাৰ মাজৰ কাৰো তেনেকুৱা লৰালৰি নাছিল যে ওচৰলৈ গৈ কথাটো ভালদৰে জানি লও।
এই কথাটোক লৈ দলীপ কুমাৰ অসন্তুষ্ট হ'ল। তেখেতে মোক লগ পাবৰ বাবে ছন্দৱাৰপৰা ইয়ালৈকে আহিছিল। তেওঁ ক'লে যে আমাৰ ব্যৱহাৰ-পাতি অদ্ভুত আছিল। "আমি এই একেটাই দৃশ্য যদি পাটনা বা ৰাঁচীৰ কোনো নগৰ এলেকাত দেখিলোহেঁতেন, তেতিয়া একো আখজা নালাগিলহেঁতেন। এয়া হাবি। এয়া হাতীৰে এলেকা আৰু আমি বুৰ্বকামি কৰি আছো।"
আৰু বোধকৰো আমি বুৰ্বকামিয়ে কৰি আছো। সেয়া হাবি আছিল। নিশ্চয়কৈ দলীপৰ কথা শুদ্ধ আছিল। কথাই-কাজে মিলিবৰ জোখাৰে তেওঁ নিজেই উত্সাহ হেৰুওৱা বুলি নিজমুখে স্বীকাৰ কৰিছিল। ইয়াৰ উপৰিও অলপ সময়ৰ বাবে আমি এই কথাত নিশ্চিত হ'বপৰা নাছিলো যে তাৰে ওপৰত মানুহ এজন বহি আছিল।
কিন্তু তেতিয়ালৈ আমাক মানুহজনে দেখিছিল। তেওঁ উত্সাহেৰে আমালৈ চাই হাত জোকাৰিলে আৰু তেওঁৰ সেই বৃহদাকাৰ বাহনখন আমাৰ ফালে ঘুৰাই দিলে। তাইৰ নাম পাৰ্বতী আছিল আৰু তাই সিমানখিনি শান্ত স্বভাৱৰ আছিল যে তাইক যিকোনো ঠাইতে লগ কৰিবপৰা যায়। তেওঁৰ নামো মিলি যোৱাধৰণৰেই আছিল- প্ৰভু। তেওঁ তাইক এনে এটা মন্দিৰলৈ লৈ গৈ আছিল যি ঠাইৰ কথা আমি আগতে শুনা নাছিলো। তেওঁ সেই অঞ্চলটোৰ আটাইবোৰ মন্দিৰত এপাক ফুৰা বুলি আমাক ক'লে। তাতে তেওঁ অলপ ধনো ঘটিব পাৰিলেহেঁতেন। উত্সৱ-পাৰ্বণ থাকিলে দুপইছা বেছিকৈও পাব পাৰি। ইয়াৰ উপৰিও ৰাস্তাত পোৱা গাওঁবোৰত মানুহবোৰে খোৱাবস্তু আৰু টকা-পইছা দিছিল।
প্ৰভুৱে ক'লে যে তেওঁ মধ্যপ্ৰদেশৰ সৰগুজাত থাকে। অৱশ্যে তেওঁ আৰু পাৰ্বতী পলামুৰ সীমাৱৰ্তী এলেকাত অহা-যোৱা কৰি থাকে। দিল্লী, গোৱা আৰু নাগালেণ্ড একলগ কৰি দিলে যিমান ডাঙৰ হ'ব সিমানখিনি কেৱল সৰগুজা জিলাখনেই আগুৰিব। পলামু বিহাৰত পৰে**। দুয়োখনেই ৰাজ্যৰ দুখীয়া জিলাৰ তালিকাত পৰে। অৰ্থাত দুয়োখন ঠাইতে দুখীয়া লোকৰ সংখ্যা অধিক। কিন্তু সম্পদৰ ফালৰপৰা দুয়োখন ঠায়েই সমৃদ্ধ।





