‘সুন্দৰবনত আমি জীয়াই থাকিবলৈ প্ৰতিদিনে সংগ্ৰাম কৰো। ক’ৰণাভাইৰাছে যদিও সাময়িকভাৱে আমাক অচল কৰিছে, আমি জানো যে আমি বাচি থাকিম। আমাৰ খেতি পথাৰত আলু, পিয়াজ, তিতা কেৰেলা, ধুন্দুলি আৰু ছজিনা আছে। ধানৰ নাটনিও হোৱা নাই। পুখুৰী মাছেৰে ভৰি আছে। গতিকে আমি অনাটনত মৰাৰ প্ৰশ্ন নুঠে,’ মৌসানি অঞ্চলৰ শিক্ষক সৰল দাসে ফোনত ক’লে। ’
দেশজোৰা তলাবন্ধৰ ফলত যিসময়ত সমগ্ৰ দেশত খাদ্য-সামগ্ৰী যোগান ব্যাহত হৈছে, সেই সময়ত মৌসানিত এই বিষয়ে কোনো উদ্বেগ সৃষ্টি হোৱা নাই। ভাৰতীয় সুন্দৰবনৰ পশ্চিমফালৰ ২৪ বৰ্গকিলোমিটাৰ মাটিকালিৰ এটা সৰু দ্বীপ মৌসানি। ‘নামখানা আৰু কাকদ্বীপ বজাৰলৈ ইয়াৰ পৰা নাৱেৰে প্ৰতিদিনে শাক-পাচলি আৰু অনান্য উৎপাদিত সামগ্ৰী পঠোৱা হৈছিল যদিও এতিয়া তলাবন্ধৰ কাৰণে এই পথেৰে পঠাব পৰা নাই,’ দাসে ক’লে।
মৌসানিৰ পৰা ২০ আৰু ৩০ কিলোমিটাৰ দূৰত থকা নামখানা আৰু কাকদ্বীপৰ পাইকাৰী বজাৰলৈ ইয়াৰ পৰা জৰুৰী প্ৰয়োজন পূৰাবলৈ ‘বিশেষ নাৱেৰে’ শাক-পাচলি লৈ যোৱা হৈছে। নাৱেৰে ৩০ মিনিটৰ পথ, তাৰপাছত ৰেল আৰু ট্ৰাকেৰে এই সামগ্ৰী কলকাতালৈ লৈ যোৱা হয় যদিও এতিয়া প্ৰায় নোহোৱা হ’ল।
কলকাতাৰ বজাৰৰ মৌসানিৰ চাউল, তিতা কেৰেলা আৰু পানৰ বিৰাট চাহিদা আছে। ‘সেই কাৰণে এইটো উদ্বেগৰ বিষয় যে কলকাতাই এতিয়া এই বস্তুবিলাক ক’ৰ পৰা পাব,’ মৌসানি দ্বীপৰ বাগদাংগা সমবায় বিদ্যালয়ৰ কেৰাণী ৫১ বছৰীয়া দাসে কয়। তেওঁৰ পাঁচ একৰ খেতিৰ মাটি আছে, বাগদাংগা গাঁৱত থকা এই মাটি তেওঁ খেতি কৰিবলৈ আধিয়াৰ কৃষকক দিয়ে।








