শস্তি ভূনিয়াই যোৱা বছৰ বিদ্যালয় এৰিছিল। তাৰ পাছত তাই সুন্দৰবন অঞ্চলত অৱস্থিত তাইৰ গাঁও সীতাৰামপুৰৰ পৰা প্রায় ২,০০০ কিল’মিটাৰ দূৰৈৰ বেংগালুৰুলৈ বুলি ট্রেইনত উঠিছিল। “আমি অত্যন্ত দুখীয়া। মই বিদ্যালয়ৰ মধ্যাহ্ন ভোজন কৰিবলৈ পোৱা নাছিলোঁ”, তাই কয়। শস্তি ১৬ বছৰীয়া আৰু তাই ৯ম শ্রেণীত অধ্যয়ন কৰি আছিল আৰু পশ্চিমবঙ্গকে ধৰি সমগ্র ভাৰতত চৰকাৰী বিদ্যালয় সমুহত কেৱল অষ্টম শ্রেণীলৈকেহে মধ্যাহ্ন ভোজনৰ ব্যৱস্থা আছে।
এই বছৰৰ মার্চত শস্তিয়ে দক্ষিণ ২৪ পৰগনা জিলাৰ কাকদ্বীপ খণ্ডত থকা তাইৰ গাঁৱলৈ উভতি আহে। লকডাউনৰ বাবে বেংগালুৰুত তাইৰ ঘৰুৱা সহায়িকাৰ কামটো এৰি দিব লগা হয়। তাৰ লগে লগে তাইৰ ৭,০০০ টকাৰ উপার্জন- যাৰ কিছু অংশ প্রতিমাহে তাই ঘৰলৈকো পঠাইছিল, সিও বন্ধ হৈ পৰে।
গাঁওখনৰ অন্য বহুতৰ দৰে, শস্তিৰ পিতৃ ৪৪ বছৰীয়া ধনঞ্জয় ভূনিয়াইও সীতাৰাম উপকূলৰ ঠিক কাষৰ নায়াচৰ দ্বীপত এজন মাছমৰীয়া হিচাপে কাম কৰে। তেওঁ খালী হাতেৰে নাইবা কেতিয়াবা সৰু জালেৰে মাছ আৰু কেঁকোৰা ধৰে, যিবোৰ ওচৰ-পাজৰৰ বজাৰত বিক্রী কৰে। তেওঁ প্রতি ১০-১৫ দিনৰ মূৰত ঘৰলৈ আহে।
মাটি লেপা বেৰেৰে খেৰী জুপুৰীটোত ধনঞ্জয়ৰ মাতৃ মহাৰাণী, দুই জীয়াৰী ২১ বছৰীয়া জঞ্জালি তথা ১৮ বছৰীয়া শস্তি আৰু ১৪ বছৰীয়া পুত্র সুব্রত থাকে। তেওঁৰ পত্নী সুব্রত জন্ম হোৱাৰ কিছুমাহৰ পাছতে ঢুকাইছিল। “আমি দ্বীপটোত আগৰ দৰে মাছ আৰু কেঁকোৰা নোপোৱা হ’লো, (আগৰ বছৰবোৰতকৈ এতিয়া) আমাৰ উপার্জন বহুত কমি আহিল”, ধনঞ্জয়ে কয়। তেওঁৰ মাহিলী উপার্জন বর্তমান ২০০০ ৰপৰা ৩০০০ টকা। “এতিয়া আমি জীয়াই থাকিবলৈ মাছ আৰু কেঁকোৰা ধৰিব লাগে। সিহঁতক বিদ্যালয়লৈ পঠিয়াই কি পাম?”
যিদৰে শস্তিয়ে বিদ্যালয় এৰিছিল, ঠিক একেদৰে আন আন শিক্ষাৰ্থীয়েও সুন্দৰবনৰ শ্রেণীবোৰৰ পৰা খুব সোনকালে নোহোৱা হ’ব ধৰিছে। লৱণযুক্ত মাটিত খেতি কৰাটো কঠিন হৈ আহিছে, আৰু বহল হৈ অহা নদী তথা বাৰে বাৰে অহা ঘূর্ণীয়ে বদ্বীপটোত তেওঁলোকৰ ঘৰবোৰ বিধ্বস্ত কৰি যাব ধৰিছে। ফলস্বৰূপে, এই অঞ্চলটোৰ গাওঁসমূহৰ বহুজনে জীৱিকাৰ তাগিদাত প্রব্রজন কৰিছে। আনকি প্রথম প্রজন্মৰ শিকাৰু শিশুহঁতো ১৩-১৪ বছৰত কামৰ সন্ধানত প্রব্রজন কৰিবলৈ বাধ্য হৈছে। তাৰ পাছত আৰু সিহঁত শ্রেণীকোঠালৈ ঘূৰি আহিব নোৱাৰে।

























