“তলাবন্ধই আমাক ধ্বংস কৰিলে,” আব্দুল মাঝিদ ভাটে কয়। “মাৰ্চ মাহতে শেষবাৰৰ বাবে মোৰ দোকানলৈ পৰ্যটক আহিছিল।”
শ্ৰীনগৰৰ ডাল সৰোবৰত ভাটে চলাই থকা তিনিখন দোকানত চামৰাৰ সামগ্ৰী আৰু স্থানীয় হস্তশিল্পৰ সামগ্ৰী বিক্ৰী কৰে। কিন্তু জুনৰ পৰা তলাবন্ধ শিথিল কৰা স্বত্ত্বেও দোকানলৈ কোনো গ্ৰাহক অহা নাই। ২০১৯ৰ ৫ আগস্তত কাশ্মীৰত সংবিধানৰ অনুচ্ছেদ ৩৭০ বিলোপকৰণৰ সময়ৰে পৰা প্ৰায় এবছৰ ধৰি এতিয়ালৈকে বেপাৰ-বাণিজ্যৰ বাবে অতি বেয়া দিন চলিছে।
পৰ্যটনৰ ওপৰত দুয়োটাৰে প্ৰভাৱ পৰিছে, ভাটৰ দৰে বহুতৰে উপাৰ্জন বাট সমূলি মাৰ গৈছে।
“ছয়-সাত মাহ বন্ধ থকাৰ পিছত পৰ্যটনৰ বতৰ মাথো আৰম্ভ হ’বলৈ ধৰোতেই ক’ৰণা তলাবন্ধ আৰম্ভ হ’ল,” ডাল সৰোবৰ অঞ্চলৰ বাতাপোৰা কালানৰ বাসিন্দা তথা সন্মানীয় জ্যেষ্ঠ নাগৰিক ৬১ বছৰ বয়সীয়া ভাটে কয়। তেওঁ লেকছাইড টুৰিষ্ট ট্ৰেডাৰ্ছ এছচিয়েছনৰ সভাপতি, তেওঁৰ হিচাপ মতে সংগঠনটোৰ প্ৰায় ৭০ জন সদস্য আছে।
যিসকল শিকাৰা চালকে হালধীয়া টেক্সি নাও চলায়, ফেৰীৱালাৰ কাম কৰে আৰু দোকান চলায়। তেওঁলোক সকলো ডাল সৰোবৰৰ পৰ্যটন অৰ্থনীতিৰ ওপৰত নিৰ্ভৰশীল। শ্ৰীনগৰৰ এনেধৰণৰ কাম কৰা সকলো লোকৰ কণ্ঠত ভাটৰ আক্ষেপৰ সুৰেই ফুটি উঠে। তেওঁলোকৰ বাবে যোৱা ১২ টা মাহ এনেয়ে পাৰ হৈ গ’ল - পৰ্যটন বিভাগৰ পুস্তিকাত থকা মনোমোহা ডাল সৰোবৰৰ নিষ্প্ৰাণ ছবিবোৰৰ দৰে। (শ্ৰীনগৰৰ শিকাৰাবোৰঃ পৰ্যটকৰ অভাৱত ক্ষতিগ্ৰস্ত জীৱিকা- দ্ৰষ্টব্য)
নেহৰু উদ্যানৰ ২৭ বছৰীয়া হাফছা ভাট এইসকলৰ মাজৰে এজন। ক’ৰণা ভাইৰাছ তলাবন্ধ আৰম্ভ হোৱাৰ আগতে ঘৰৰ পৰাই তেওঁ এক ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰিছিল। জম্মু আৰু কাশ্মীৰৰ উদ্যোগ উন্নয়ন প্ৰতিষ্ঠানত ২৪ দিনৰ প্ৰশিক্ষণ সমাপ্ত কৰি হাফছাই প্ৰতিষ্ঠানৰ পৰা কম সুতত চাৰি লাখ টকাৰ ঋণ পাইছিল। তেওঁ শ্ৰীনগৰৰ বিদ্যালয়ত শিক্ষকতাও কৰে। “মই সাজ-পোচাক ক্ৰয় কৰি মজুত কৰিলো। জমা কৰা সামগ্ৰীৰ ১০-২০ শতাংশমান বিক্ৰী কৰিছিলোহে মাত্ৰ, হঠাৎ তলাবন্ধ ঘোষণা কৰা হ’ল। এতিয়া মই ঋণৰ কিস্তি দিয়াই টান হৈ পৰিছে,” তেওঁ কয়।











