“মোৰ ছোৱালী দুজনীৰ জীৱনবোৰ বেলেগ হওঁক,” ৰূপালী মাছবোৰৰ ওপৰত নিমখ ছটিয়াবলৈ হাউলি পৰা বিশালাচ্চিয়ে কয়। ৪৩ বৰ্ষীয় এইগৰাকী মহিলাই তামিলনাডুৰ উপকূল অঞ্চলৰ কড়ালুৰ অ’ল্ড টাউন হাৰ্বাৰত যোৱা ২০ বছৰ ধৰি মাছ শুকুওৱা কাম কৰি আহিছে।
“ভূমিহীন দলিত পৰিয়াল এটাত মোৰ জন্ম। মা-দেউতাক আনৰ ধাননি পথাৰত দিনহাজিৰা কৰাত সহায় কৰিছিলো। তেওঁলোকৰ শিক্ষা-দীক্ষা নাছিল,” বাল্যকালৰ কথা তেওঁ কয়। ১৫ বছৰ বয়সতে তেওঁক শক্তিভেললৈ বিয়া দিয়া হয় আৰু কড়ালুৰ জিলাৰ ভিমা ৰাও নগৰ নামে ক্ষুদ্ৰ গাওঁখনত মাত্ৰ দুটা বছৰ পিছতেই তেওঁলোকৰ প্ৰথমজনী কন্যাসন্তান শালিনীৰ জন্ম হয়।
ভিমা ৰাও নগৰৰ খেতিপথাৰত কামৰ নাটনি দেখি বিশালাচ্চিয়ে জীৱিকাৰ সন্ধানত কড়ালুৰ অ’ল্ড টাউন হাৰ্বাৰত উপস্থিত হয়। তেওঁৰ বয়স তেতিয়া মাত্ৰ ১৭ বছৰ আছিল, যেতিয়া তেওঁক কমলাবেনিয়ে মাছ শুকুওৱা কলা আৰু ব্যৱসায়ৰ সৈতে পৰিচয় কৰাই দিয়ে। পিছলৈ সেই ব্যৱসায়েই বিশালাচ্চিয়ে নিজাকৈ কৰিবলৈ লয়।
মুকলিত মাছ শুকুওৱা কামটো মাছ সংৰক্ষণৰ আটাইতকৈ প্ৰাচীন পদ্ধতি আৰু এই পদ্ধতিত নিমখ ছটিওৱা, ধোঁৱা দিয়াকে আদি কৰি মাছ সংৰক্ষণৰ বিভিন্ন কাম কৰা হয়। কোচিৰ চেন্ট্ৰেল ফিচাৰিজ ৰিচাৰ্ছ ইনষ্টিটিউটৰ সামূদ্ৰিক মীনপালনৰ লোকপিয়ল, ২০১৬ অনুসৰি কড়ালুৰ জিলাৰ ৫,০০০ সক্ৰিয় মৎস্যজীৱিৰ প্ৰায় ১০ শতাংশ মাছ শুকুওৱা, বচা-কটা কৰা কামত নিয়োজিত। মীনপালন বিভাগৰ তথ্য অনুযায়ী তামিলনাডুত ২০২০-২১ত সামূদ্ৰিক মীনপালনৰ কামত নিয়োজিত মহিলাৰ সংখ্যা আছিল প্ৰায় ২.৬ লাখ।

















