শান্তিলাল, শান্তু, তিন্যো: নাম তিনিটা, মানুহ একেজনেই। কিন্তু আমি চাগে চতুৰ্থ নামটোৰে কাহিনীটো আৰম্ভ কৰিম। সবৰকান্তা জিলাৰ বাদালি গাঁৱৰ তেওঁলোকৰ নিজ কথিত ভাষাত তেওঁৰ নামটো শন্তু হ’ব। সেয়ে তেওঁক সেই নামেৰেই মাতো আহক।
শন্তু এক ব্যতিক্ৰমী চৰিত্ৰ। প্ৰখ্যাত, অসাধাৰণ বা অনন্য বুলি কোৱা নাই। নৈতিকতাৰ ফালৰ পৰা অলৰ-অচৰ, দৰিদ্ৰ, নিষ্পেষিত বা দলিত - সেয়ে তেওঁৰ বিশৃংখল হৈ পৰা জীৱনটো কষ্টসহিষ্ণুতাৰ এক কাহিনী। সকলো সময়তে শন্তু যেন অস্তিত্ববিহীন। আন সময়ত তেওঁ কেতিয়াবা সাধাৰণ এজন মানুহৰ শাৰীত পৰেগৈ।
তেওঁ তেনেকুৱা ছজনীয়া পৰিয়াল এটাত ডাঙৰ হৈছিল। এটা ডাঙৰ ভাই, দুজনী ভনী (এজনী তেওঁতকৈ সৰু)। ডাল-দৰিদ্ৰ জীৱন। বাঢ়ি অহা ল’ৰা-ছোৱালীকেইটাৰ প্ৰয়োজনো বাঢ়িছিল, কিন্তু সদায়ে তাক দ’মাই ৰাখিবলগীয়া হৈছিল। মাক-দেউতাক আৰু ডাঙৰকেইজনে কোনোমতে দুবেলা দুমুঠি যোগাৰ কৰিছিল। দেউতাকে বয়-বস্তু কঢ়িওৱা গাড়ী এখন চলাইছিল যদিও কোনো অতিৰিক্ত যাত্ৰী কঢ়িওনা নাছিল, সেয়ে অতিৰিক্ত পইচাও নাছিল। মাকে কৰিছিল দিনহাজিৰা। কেতিয়াবা কাম পাইছিল, কেতিয়াবা নাপাইছিল। ভাগ্য ভাল যে দেউতাকে মদ নাখাইছিল, সেয়ে দৰিদ্ৰ হ’লেও ঘৰখন শান্তিত চলিছিল, সেয়া আছিল এক আশীৰ্বাদ। কিন্তু শন্তুৱে সেই কথা বুজোতে অলপ পলম হৈছিল।
বাদালিৰ শাৰদা হাইস্কুলত শন্তু তেতিয়া ৯ম মানত পঢ়ি আছিল। গাঁৱত চাৰ্কাছ পাৰ্টি আহিছিল। কিন্তু টিকট আছিল মহঙা। অৱশ্যে স্কুলীয়া ছাত্ৰ-ছাত্ৰীক পাঁচ টকাতে টিকট দিয়া হৈছিল। শন্তুৱে স্কুল যাবলৈকে পইচা নাছিল। “থিয় হ,” শিক্ষয়িত্ৰীগৰাকীয়ে কৈছিল। “পইচা কিয় অনা নাই, বাচা?” শিক্ষয়িত্ৰীগৰাকীক অলপ মৰমীয়াল যেন লাগিছিল। “বাইদেউ, মোৰ দেউতাৰ অসুখ। মায়েও কপাহৰ পইচা পোৱা নাই,” শন্তুৱে এইবুলি কৈ উচুপিব ধৰিলে।
পিছদিনা তেওঁৰ সহপাঠী কুসুম পাঠানে তেওঁক দহটকা দি ‘ৰমজানৰ আশীৰ্বাদ লৈছিল।’ পিছদিনা তাই সুধিছিল, “মই দিয়া পইচাখিনিৰে কি কৰিলা?” শন্তুৱে মিছা নামাতিলে। “পাঁচ টকা দি চাৰ্কাছ চালো, বাকীখিনি ঘৰত দিলো।” সি ক’লে। কুসুম, ৰমজান, শন্তু আৰু চাৰ্কাছ - এখন নিমাখিত পৃথিৱী।
তেওঁ তেতিয়া একাদশ শ্ৰেণীত। তেওঁলোকৰ ঘৰটো প্লাষ্টাৰ নকৰাকৈ ইটা-চিমেণ্টেৰে নতুনকৈ বনাবলগীয়া আছিল। সেয়া তেওঁলোকৰ সাধ্যৰ ভিতৰত নাছিল। এজন মাত্ৰ মিস্ত্ৰী তেওঁলোকে মাতিছিল, বাকীখিনি কাম নিজেই কৰিছিল। এই কামত বহুত সময় পাৰ হৈছিল আৰু চূড়ান্ত পৰীক্ষা কাষ চাপিছিল। তেওঁৰ উপস্থিতিৰ হাৰ কম আছিল। প্ৰধান শিক্ষকক কাবৌ-কাকূতি কৰাৰ পিছত শন্তুক পৰীক্ষা দিবলৈ অনুমতি দিয়া হৈছিল।
তেওঁ দ্বাদশ শ্ৰেণীলৈ উন্নীত হ’ল আৰু ভালকৈ পঢ়াৰ পণ ল’লে। শন্তুৱে কঠোৰ পৰিশ্ৰমেৰে আগবাঢ়িছিল মাত্ৰ, মাকৰ টান অসুখ আৰম্ভ হ’ল। তেওঁৰ অসুখ নকমিল, শন্তুৰ চূড়ান্ত পৰীক্ষাৰ আগে আগে মাক ঢুকাল। ১৮ বছৰীয়া শন্তুৰ বাবে সেই ক্ষতি আৰু দুখ আছিল অভাৱনীয়। পৰীক্ষা অহাৰ কথা তেওঁ অনুভৱ কৰিছিল, কিন্তু তেওঁ যিমানেই কষ্ট নকৰক, মন বহাব পৰা নাছিল। তেওঁ ৬৫ শতাংশ নম্বৰ পালে। শন্তুৱে আগলৈ আৰু নপঢ়াৰ সিদ্ধান্ত ল’লে।
শন্তুৱে পঢ়ি ভাল পাইছিল। সেয়ে তেওঁ ৰাজহুৱা গ্ৰন্থাগাৰলৈ গৈ কিতাপ ঘৰলৈ লৈ আহিছিল। তেওঁৰ আগ্ৰহ দেখি বন্ধু এজনে বাদালি আৰ্টছ কলেজত বুৰঞ্জী বিষয়ত স্নাতক ডিগ্ৰী পঢ়িবলৈ তেওঁক পতিয়ন নিয়ালে। “তুমি বহুত ভাল ভাল কিতাপ পঢ়িবলৈ পাবা,” তেওঁ ক’লে। শন্তুৱে কলেজত নামভৰ্তি কৰিলে, কিন্তু কলেজৰ লাইব্ৰেৰীৰ পৰা কিতাপ অনা-নিয়াত বাদে তেওঁ আন একো নকৰিলে। দিনটোৰ বাকীখিনি সময়ত তেওঁ কপাহৰ সূতাৰ কাম কৰিলে। সন্ধিয়া তেওঁ কিতাপখিনি পঢ়ে আৰু ইফাল-সিফাল অলপ ঘুৰেও। স্নাতক প্ৰথম বৰ্ষৰ পৰীক্ষাত তেওঁ ৬৩ শতাংশ নম্বৰ পালে।
অধ্যাপকসকলে তেওঁৰ পৰীক্ষাৰ ফলাফল দেখি কলেজলৈ নিয়মিত আহিবলৈ অনুৰোধ জনালে। শন্তুৱেও অধ্যয়নৰ জীৱনটো ভাল পাবলৈ ধৰিলে। কলেজৰ সেয়া তেওঁৰ তৃতীয় বৰ্ষ আছিল। বাদালি আৰ্টছ কলেজে সুদক্ষ পঢ়ুৱৈজনক মেধাৰ এখন প্ৰমাণপত্ৰ দিয়াৰ বিবেচনা কৰিলে। শন্তুৱে সেই স্বীকৃতি পালে। “লাইব্ৰেৰীৰ পৰা কিতাপ আনি পঢ়াৰ কেতিয়া তুমি সময় পোৱা শন্তু?” আচৰিত হৈ অধ্যাপক এজনে তেওঁক সুধিছিল। ২০০৩ত শন্তুৱে স্নাতক ডিগ্ৰী লাভ কৰিলে, ৬৬ শতাংশ নম্বৰ।







