তেতিয়া বৰষুণ দি আছিল। মোৰ ঘৰৰ বাহিৰত ক’লা ছাতি এটাৰ তলত চিন্নাই বিড়ি হুপি আছিল। ছাতিৰ পৰা বৰষুণৰ পানী নিগৰি মাটিত পৰিছে। তেওঁৰ মুখমণ্ডল কোনোমতে মনিব পৰা যায়।
“ভিতৰলৈ আহা চিন্না, তুমি বৰষুণত কিয় থিয় হৈ আছা?”
তেওঁ হুপি থকা বিড়িটোত উপৰ্যুপৰি তিনিটা হোপা মাৰি বিড়িৰ অৱশিষ্ট টুকুৰাটো পেলাই দিলে। তাৰ পিছত সোমাই আহি মোৰ বাৰান্দাত বহিল। ছাতিটো জপাই থ’লে। বিড়িৰ ধোঁৱাৰ বাবে হয়তো চকুকেইটা ৰঙা হৈ আছিল। তেওঁ কাহ মাৰি মোৰ চকুৰ ফালে চাই সুধিলে, “সিহঁতে মানুহক নিজৰ ঘৰলৈ উভতি যাবলৈ অনুমতি দিছেনে?”
“নাই চিন্না, ঘৰলৈ উভতি যাবলৈ জিলা দণ্ডাধীশৰ পৰা আমি বিশেষ অনুমতি পত্ৰ ল’ব লাগিব।”
“কথাটো সেইটোহে নেকি?” তেওঁ কথাটো কৈ আকৌ এবাৰ কাহিলে।
“হয়, আন এদিন ১৬ জন প্ৰব্ৰজনকাৰী শ্ৰমিকৰ দেহৰ ওপৰৰে এখন ৰেলগাড়ী চলি গ’ল।”
চিন্নাই গভীৰভাৱে মোৰ চকুলৈ এনেকৈ চালে যেন মই এটা নক’বলগীয়া কথা কৈ পেলালো।
তেওঁ তললৈ চাই থাকি ক’লে, “প্ৰায় ৬৫ বছৰৰ আগতে কাম বিচাৰি থুটুকুৰিৰ পৰা ত্ৰিবান্দমলৈ মোৰ দেউতাৰ লগত মোৰ আইতা কেনেকৈ আহিছিল, আইতাই শুনোৱা সেই কাহিনী মোৰ এতিয়া মনত পৰে।”
“গাঁৱৰ বাহিৰলৈ যাবলৈ আইতাই ভয় কৰিছিল, কিন্তু কেনেকৈবা ইয়ালৈ আহিবলৈ সাহস গোটালে। তেওঁ আমাক ভাল কাহিনীবোৰ শুনাইছিল বা হাঁহি উঠা কথাবোৰ কৈছিল। কিন্তু এতিয়া মোৰ আইতা কি পৰিস্থিতিৰ চিকাৰ হ’লহেঁতেন সেই কথা মই জানিছো। তেওঁ সদায় মুখত সন্তুষ্টিৰ ভাৱ প্ৰকাশ কৰিছিল।”
বৰষুণ আৰু বেছিকৈ আহিবলৈ ধৰিলেঃ জলমগ্ন পথৰ ওপৰেৰে হুৰমুৰকৈ এখন এম্বুলেন্স পাৰ হৈ গ’ল। “সকলো শ্ৰমিক ভালে-কুশলে উভতি গৈ নিজৰ ঠাইত উপস্থিত হওঁক,” চিন্নাই ক’লে।



