'কি কোৱা, আজি ট্ৰেইনত বহিবলৈ পাম নে?’ দক্ষিণ কলকাতাৰ যাদৱপুৰ ৰেল ষ্টেচনৰ ভিৰৰ মাজত থিয় দি থকা ব্ৰেস্পতি চৰ্দাৰে চিৎকাৰ কৰি উঠিল। কাষতে থিয় দি থকা মহিলাবোৰে মুৰ লৰাই না বুলি ক’লে। লগতে তেনে এটা প্ৰশ্ন শুনি হাঁহিলে।
ব্ৰেস্পতিয়ে ৪.৩৫ৰ ৰেলখনৰ বাবে ৰৈ আছে। ৰেলখন যাদৱপুৰ ষ্টেচনলৈ যাব। ৰেলখন আহি পালে। ইতিমধ্যে ভৰ্ত্তি হৈ থকা মহিলা কম্পাৰ্টমেণ্টত সোমাৱাৰ বাবে মহিলাবোৰে হেঁচা-ঠেলা আৰম্ভ কৰি দিলে।
ৰেলখন আহিছে উত্তৰ কলকাতাৰ শিয়ালদহৰ পৰা। যাত্ৰাপথত পাৰ্ক চাৰ্কাচ, বেলিগুঞ্জ জংচন আৰু ঢাকুৰিয়াত ৰৈছে। যাদৱপুৰৰ পিছত বাঘা যতিন, নিউ গৰিয়া আৰু গৰিয়াত ৰ’ব। এই আটাইবোৰ দক্ষিণ কলকাতাৰ মধ্যবিত্ত আৰু ধনী মানুহ থকা ঠাই। যাদৱপুৰত ৰৈ থকা মহিলাবোৰ, লগতে সেই ৰেল লাইনত পৰা ষ্টেচনবোৰত ৰৈ থকা মহিলাৰ প্ৰায়বোৰেই দক্ষিণ কলকাতাৰ বিভিন্ন ঠাইত গৃহকৰ্মী হিচাপে কাম কৰে।
বহুতেই শিয়ালদহ-কানিঙৰ ৪৫ কিলোমিটাৰৰ দীঘলীয়া বাটেৰে অহা-যোৱা কৰে। এই ৰাস্তাত ১৬ টা ষ্টেচন পৰে। কিছুমানে ৬৫ কিলোমিটাৰ বাট বুলা শিয়ালদহ-লক্ষ্মীকান্তপুৰ ৰেল ধৰে। সেইটো বাটত ২৫ টা ষ্টেচনত ৰেল ৰখায়। আন কিছুমানে শিয়ালদহ-নামখান ৰ দীঘলীয়া বাট অতিক্ৰম কৰা ৰেলত উঠে। সেইখন দক্ষিণৰ দিশত বেছি দুৰলৈ যায়। কলকাতাৰ কিছুমানে এই পূৰ্ৱাঞ্চলৰ ৰেলবোৰক ঝি বিশেষ ৰেল বুলি কয়। ঝি মানে হৈছে বাঙালী ভাষাত ঘৰুৱা কাম কৰা মহিলা।









