আন বহুত শিশুৰ দৰে লাটুৰ চহৰৰ স্কুল বন্ধ হৈ থকাৰ বাবে পৰশ মাৰ্ডিকাৰ নামৰ ১১ বছৰীয়া শিশুটিয়েও নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁৰ চতুৰ্থ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰা বাবে ভাল পাইছে আৰু তলাবন্ধৰ সময়সীমা বৃদ্ধি হ’লে ভাল পায়।
অৱশ্যে সেইটো নহ’ল। তেওঁৰ পিতৃ ৪৫ বছৰীয়া শ্ৰীকান্তই গাড়ী চালকৰ চাকৰি হেৰুৱালে। এতিয়া তেওঁ কোনোমতে দিনমজূৰীৰ কাম যোগাৰ কৰিছে। গাড়ীচালিক হিচাপে কৰা উপাৰ্জনৰ তুলনাত দুই-তৃতীয়াংশ উপাৰ্জন কমিছে। ২৫ মাৰ্চৰ পৰা তলাবন্ধ বলবৎ হোৱা বাবে তেওঁৰ মাতৃ ৩৫ বছৰীয়া সৰিতাও ৰান্ধনীৰ কাম হেৰুৱালে।
পৰশে এতিয়া দিনটোৰ আগবেলাৰ সময়খিনি পাত-শাক মুৰত কঢ়িয়াই বেচিবলৈ যায়। সৰস্বতী আৰু লক্ষ্মী কলনি (জ্ঞান আৰু সম্পদৰ নামেৰে নামাকৰণ কৰা হৈছে) নামৰ ঠাই দুখনত দুখীয়া ছাত্ৰই এতিয়া সেৱা আগবঢ়াব লগা হৈছে। পৰশৰ ভনী ১২ বছৰীয়া শ্ৰুষ্টিয়ে ৰামনগৰ আৰু সীতাৰাম কলনিত শাক-পাচলি বিক্ৰী কৰে।
‘ৰাতি মোৰ ডিঙিৰ কি তীব্ৰ বিষ হয়, মই আপোনাক বুজাব নোৱাৰিম! মই ঘৰ গৈ পোৱাৰ পিছত মায়ে গৰম কাপোৰেৰে ডিঙিত সেক দি মালিচ কৰি দিয়ে, যাতে পিছদিনা মই আকৌ শাক-পাচলি বেছিবলৈ মুৰত লৈ যাব পাৰো।’ কণমানি পৰশে ক’লে। শ্ৰুষ্টিৰ সমস্যা বেলেগ। ‘দুপৰীয়া সময়ত সদায় মোৰ পেটত বিষ হয়, দুপৰীয়াৰ আহাৰ খোৱাৰ আগতে মই সদায় নেমুপানী খাও। তেতিয়া অলপ আৰাম পাও,’ শ্ৰুষ্টিয়ে কয়। তলাবন্ধৰ আগলৈকে এই সৰু ল’ৰা-ছোৱালী দুটাই কেতিয়াও শাৰীৰিক পৰিশ্ৰম কৰা নাছিল। এতিয়া অতি বেয়া পৰিস্থিতিৰ মাজত সিহঁত ঘৰৰ পৰা ওলাই যাবলগা হৈছে। ভালকৈ খোৱাৰ কথা বাদেই, যেনেতেনে পেট পুৰাব পৰাকৈ অলপ উপাৰ্জন কৰিব পাৰিলেই হ’ল।



