“পাকঘৰৰ পৰা এয়া আৰম্ভ হৈছিল,” উত্তৰাখণ্ডৰ চামোলি জিলাৰ যোশীমঠৰ বাসিন্দা অজিত ৰাঘৱে ২০২৩ৰ ৩ জানুৱাৰীৰ ৰাতিপুৱাৰ সেই দুৰ্ভাগ্যজনক সময়ৰ কথা মনত পেলাই কয়।
জীপ টেক্সি চলোৱা ৩৭ বছৰ বয়সীয়া ৰাঘৱে বৰ্ণনা কৰে কেনেকৈ প্ৰথমে পাকঘৰত, তাৰ পিছত ঘৰৰ আন অংশত দ্ৰুত গতিত ফাঁট মেলিছিল। তেওঁৰ দুমহলীয়া সৰু ঘৰটোৰ ফাঁট কমকৈ মেলা কোঠা এটাত ততালিকে পাকঘৰৰ বস্তুবোৰ আনি সেইটোৱেই অস্থায়ী পাকঘৰ কৰা হৈছিল। ছজনীয়া পৰিয়ালটোৰ থাকিবলৈ ঠাইৰ অভাৱ হৈছিল।
“আমাৰ ডাঙৰ ছোৱালী দুজনী, ঐশ্বৰ্য্য (১২) আৰু সৃষ্টিক (৯) মোৰ ডাঙৰজনী ভনীৰ তাত থাকিবলৈ পঠিয়াই দিলো,” ৰাঘৱে কয়। পৰিয়ালৰ বাকীকেইগৰাকী - ৰাঘৱ, তেওঁৰ পত্নী গৌৰী দেৱী, ছবছৰীয়া কন্যা আয়েশা আৰু তেওঁৰ দুই বয়সস্থ খুৰীয়েকে ইয়াতেই খোৱা-বোৱা কৰে। কিন্তু ৰাতিৰ ভাগত তেওঁলোকে শুবলৈ সংস্কৃত মহাবিদ্যালয় স্কুললৈ যায়, সেই স্কুলখন হিমালয়ৰ বুকুৰ এই চহৰখনৰ বাবে অস্থায়ী আশ্ৰয়গৃহ। বিস্থাপিত প্ৰায় ২৫-৩০ টা পৰিয়ালে তাত আশ্ৰয় লৈ আছে।
২০২৩ৰ ২১ জানুৱাৰীত চামোলি জিলা কৰ্তৃপক্ষই জাৰী কৰা বিজ্ঞপ্তি অনুসৰি যোশীমোঠৰ নটা ৱাৰ্ডৰ ১৮১ টা ঘৰ অসুৰক্ষিত আৰু ৮৬৩ টা ঘৰত স্পষ্ট ফাঁট মেলা বুলি প্ৰকাশ পাইছিল। ৰাঘৱে তেওঁলোকৰ চুবুৰীটোৰ ঘৰবোৰত মেলা ফাঁটবোৰ দেখুৱাইছে। ‘‘ইয়াৰ সকলোবোৰ ঘৰেই যোশিমঠৰ কাহিনী কয়,’’ তেওঁ চহৰখনত হোৱা অবাধ উন্নয়নৰ প্ৰসংগ টানি কয়।
যোশীমঠৰ ঘৰবোৰৰ বেৰ, চিলিং আৰু মজিয়াত মেলা ফাঁট মেলিবলৈ আৰম্ভ হৈছিল ২০২৩ৰ ৩ জানুৱাৰীত, ৰাঘৱে কয়। কিছুদিনৰ ভিতৰতে এই সংকট তীব্ৰতৰ হৈ পৰিল। একে সময়তে ৰাষ্ট্ৰীয় দূৰসংবেদী কেন্দ্ৰ চমুকৈ এন.আৰ.এছ.চি.য়ে যোশীমঠত মাটি খহি যোৱাৰ তথ্য প্ৰকাশ কৰিছিল: ২০২২ৰ ডিচেম্বৰৰ শেষভাগৰ পৰা জানুৱাৰীৰ প্ৰাৰম্ভিক কেইটামান দিনলৈ ৫.৪ চেণ্টিমিটাৰ চহৰখনৰ ভূভাগ খহিছিল। এতিয়া এন.আৰ.এছ.চি.ৰ ৱেবচাইটত সেই ফটো পাবলৈ নাই।
ৰাঘৱে বাস কৰা সিংদাৰ ৱাৰ্ডত ১৫১ টা ঘৰ স্পষ্ট ফাঁট থকাটো চিনাক্ত কৰা হৈছে, ৯৮ টা ৱাৰ্ডক বসবাসৰ বাবে নিৰাপদ নহয় বুলি ঘোষণা কৰা হৈছে। বসবাসৰ অনুপযোগী আৰু নিৰাপদ নহয় বুলি জিলা কৰ্তৃপক্ষই এই আটাইবোৰ ৰঙা পূৰণ চিনেৰে চিহ্নিত কৰা হৈছে।
গোটেই জীৱনটো ইয়াতেই কটোৱা ৰাঘৱে তেওঁৰ ঘৰটোত এই ৰঙা দাগ নালাগক বুলি যৎপৰোনাস্তি চেষ্টা কৰিছে। “ঘৰৰ চাদত ৰ’দ পুৱাই মই পৰ্বতবোৰ চাব খোজো,” তেওঁ কয়। তেওঁ ইয়াত জন্মৰে পৰা মাক-দেউতাক আৰু ডাঙৰ ভায়েকৰ লগত থাকিছে, কেউজনে এতিয়া ঢুকাইছে।
“ৰঙা চিন মানে কৰ্তৃপক্ষই (চামোলি জিলা কৰ্তৃপক্ষ) ঠাইটুকুৰা ছীল কৰিব। তাৰ অৰ্থ এয়াও যে মানুহবোৰ তেওঁলোকৰ নিজ ঘৰলৈ ঘূৰি আহিব নোৱাৰে,” তেওঁ আঙুলিয়াই দি কয়।
ৰাতি হৈছে আৰু পৰিয়ালটোৱে নৈশ আহাৰ খাই উঠিছে। ৰাঘৱৰ খুৰীয়েকে তেওঁলোকৰ অস্থায়ী ঘৰ - স্কুলখনলৈ শুব যাবলৈ আনবোৰলৈ বাট চাইছে।
তেওঁৰ ঘৰটো বিশৃংখল হৈ আছে। খোলা চুটকেচ এটাত কাপোৰবোৰ হেচি-ঠেলি ভৰাই থোৱা আছে। লোহাৰ আলমাৰিবোৰ খালি কৰি পেলোৱা হৈছে। ফ্ৰীজটো বেৰৰ পৰা আঁতৰাই ৰখা হৈছে আৰু সৰু সৰু বেগবোৰত পৰিয়ালৰ কাপোৰবোৰ ভৰাই থোৱা আছে। ষ্টীল আৰু প্লাষ্টিকৰ বাচন-বৰ্তন আৰু বাকচবোৰ অ’ত-তত সিঁচৰতি হৈ আছে। আটাইবোৰ লৈ যোৱাৰ বাবে সাজু কৰা আছে।
“মোৰ হাতত এতিয়া কেৱল ২০০০ টকা আছে, সেইখিনি টকা দি ঘৰৰ আটাইবোৰ বস্তু নিবলৈ ট্ৰাক ভাৰা কৰিব নোৱাৰিম,” ৰাঘৱে চাৰিওফালে চাই কয়।
তেওঁৰ পত্নী গৌৰীয়ে মোক মনত পেলাই দিয়ে যে জিলা কৰ্তৃপক্ষই “ঘৰবোৰ দুদিনত খালি কৰি দিবলৈ মাইকত ঘোষণা কৰি অতিষ্ঠ কৰি পেলাইছে।”
তেওঁ সঁহাৰি দি কয়, “মই যোশীমঠ এৰি নাযাও। পলাই নাযাও। এয়া মোৰ প্ৰতিবাদ, মোৰ যুঁজ।”
সেয়া আছিল জানুৱাৰীৰ দ্বিতীয়টো সপ্তাহ।
*****
এসপ্তাহ পিছত, ২০২৩ৰ ২০ জানুৱাৰীত ৰাঘৱে দুজন দিনহাজিৰা কৰা মানুহ আনিবলৈ গৈছিল। আগদিনা ৰাতি প্ৰচুৰ তুষাৰপাত হোৱাত যোশীমঠৰ পৰিস্থিতিৰ অধিক অৱনতি ঘটিছিল, ইতিমধ্যে বিপদসংকুল হৈ পৰা ঘৰবোৰত উদ্বিগ্নতাই বিৰাজ কৰিছিল। পিছবেলা ১ বজাত তেওঁ আৰু শ্ৰমিকে লগ লাগি ঘৰৰ গধুৰ সামগ্ৰী যেনে বিচনা আৰু ফ্ৰীজ আদি ঠেক গলিৰে দাঙি আনি ট্ৰাকত বোজাই কৰিছিল।
“তুষাৰপাত কমিছে কিন্তু ৰাস্তাবোৰ তিতি আছে আৰু পিচল হৈ আছে। আমি খহি গৈ আছো,” ৰাঘৱে ফোনত কয়। “ঘৰৰ বস্তুবোৰ নিয়াটো কঠিন হৈ পৰিছে।” তেওঁ তেওঁৰ পৰিয়ালটোক ৬০ কিলোমিটাৰ দূৰৰ নন্দপ্ৰয়াগ চহৰলৈ নিব লৈছে। তাতে তেওঁৰ ভনীয়েক থাকে, তেওঁৰেই কাষতে এটা ঘৰ ৰাঘৱে ভাৰা লোৱাৰ চিন্তা কৰিছে।
গোটেই যোশীমঠ চহৰখনৰ আবাসস্থলীবোৰ বৰফৰ ডাঠ তৰপে ঢাকি পেলাইছে যদিও ঘৰৰ বাহিৰত থকা ৰঙা ডাঠ পূৰণ চিনবোৰৰ দৰে ফাঁটবোৰো ফটফটীয়াকৈ ওলাই আছে। যিবোৰ ঘৰ, দোকান আৰু প্ৰতিষ্ঠানৰ ভেটিত গভীৰ ফাঁট মেলিছে, তাৰে বাসিন্দাই ঘৰ খালি কৰিছে।
ৰঞ্জিত সিং চৌহানে (৪৩) সুনিল ৱাৰ্ডৰ তেওঁৰ দুমহলীয়া ঘৰটোৰ তুষাৰাবৃত চৌহদত থিয় দিছে, ঘৰটোত ৰঙা পূৰণ চিন দিয়া আছে। সিং, তেওঁৰ পত্নী আৰু তেওঁলোকৰ তিনি সন্তানক ওচৰৰে হোটেল এখনত অস্থায়ীভাৱে আশ্ৰয়ৰ সুবিধা কৰি দিয়া হৈছে। ঘৰৰ প্ৰায়ভাগ বস্তু তেওঁলোকৰ ঘৰটোতে আছে। তুষাৰপাত হৈ থকা স্বত্বেও সিঙে চোৰ সোমাইছে নেকি চাবলৈ প্ৰতিদিনে তেওঁৰ ঘৰটোলৈ আহে।
“পৰিয়ালটোক যেনেতেনে দেহৰাডুন বা শ্ৰীনগৰলৈ - কোনো নিৰাপদ স্থানলৈ নিয়াৰ চেষ্টা কৰিম,” তেওঁ কয়। চৌহানে বদ্ৰিনাথত এখন হোটেল চলায়, গ্ৰীষ্মকালৰ মাহকেইটাত হোটেলখন খোলা থাকে। এতিয়া ভৱিষ্যতে কি হ’ব তেওঁ একো থিৰাং কৰিব পৰা নাই। কিন্তু এটা কথা লৈ তেওঁ নিশ্চিত যে তেওঁলোক নিৰাপদে থাকিব লাগিব। এইখিনি সময়ত তেওঁ ২০২৩ৰ ১১ জানুৱাৰীত উত্তৰাখণ্ড চৰকাৰে ঘোষণা কৰা ১.৫ লাখ টকাৰ সাময়িক সাহায্যৰ অপেক্ষা কৰিছে।
হিমালয়ৰ এই খহি যাব ধৰা চহৰখনত টকাৰ অভাৱে দেখা দিছে। ৰাঘৱে কেৱল তেওঁৰ ঘৰটো হেৰুওৱাক লৈয়ে দুঃখিত নহয়, ঘৰটোৰ নামত তেওঁ ব্যয় কৰা টকাখিনিক লৈও তেওঁ দুখ কৰে। “নতুন ঘৰটো বনাওতে মোৰ ৫ লাখ টকা খৰছ হৈছে। আৰু এটা ঋণ লৈ থৈছো যিটো পৰিশোধ কৰিবলগীয়া হৈ আছে,” তেওঁ কয়। আৰু বেলেগ পৰিকল্পনাও তেওঁৰ আছিল - গেৰেজ এটা খুলিব, বাওঁ চকুটোৰে দেখাত অসুবিধা হোৱা কাৰণে গাড়ীচালকৰ কামটো এৰিব। “সকলো পণ্ড হ’ল।”
*****
এই ক্ষতিৰ কাৰণ হিচাপে ধৰা হৈছে কেতবোৰ উন্নয়নমূলক কাম, বিশেষকৈ ৰাষ্ট্ৰীয় তাপশক্তি নিগম (এনটিপিচি)য়ে তপোবন বিষ্ণুগড় জলবিদ্যুৎ প্ৰকল্পৰ বাবে খন্দা সুৰংগৰ কাম। সম্প্ৰতি উত্তৰাখণ্ডত প্ৰায় ৪২ টা কাৰ্য্যক্ষম জলবিদ্যুৎ শক্তি প্ৰকল্প আছে আৰু বহুত কাৰ্য্যক্ষম হোৱাৰ পথত আছে। যোশীমঠৰ দুৰ্যোগৰ সৈতে জলবিদ্যুৎ শক্তি প্ৰকল্পৰ সম্পৰ্কৰ উল্লেখ এয়াই প্ৰথম নহয়।
চহৰখনৰ আনবোৰৰ দৰে ৰাঘৱে স্থানীয় টেহচিল কাৰ্য্যালয়ত এনটিপিচিৰ বিৰুদ্ধে নিয়মীয়াকৈ ধৰ্ণাত বহে। প্ৰতিবাদৰ আৰম্ভণিতে যোগ দিয়া অনিতা লাম্বাই কয়, “আমাৰ ঘৰবোৰ ভাঙি গৈছে, কিন্তু আমাৰ চহৰখন জনশূন্য হ’ব নালাগিব।” ত্ৰিশোৰ্ধ অংগনবাদী শিক্ষয়িত্ৰীগৰাকীয়ে ঘৰে ঘৰে গৈ মানুহক “এনটিপিচি আৰু নিগমৰ বিধ্বংসী প্ৰকল্প আঁতৰোৱাৰ যুঁজত” ভাগ ল’বলৈ বুজায়।
ৱাটাৰ এণ্ড এনাৰ্জি ইণ্টাৰনেচনেলৰ দ্বাৰা প্ৰকাশিত হাইড্ৰ’পাৱাৰ ডেভলপমেণ্ট ইন উত্তৰাখণ্ড ৰিজ’ন অৱ ইণ্ডিয়ান হিমালয়াচ শীৰ্ষক ২০১৭ৰ এক অধ্যয়নত লিখক সঞ্চিত সৰণ আগৰৱাল আৰু এম. এল. কানচালে উত্তৰাখণ্ডত জলবিদ্যুৎ প্ৰকল্পৰ পৰা হোৱা কেতবোৰ পৰিৱেশজনিত সমস্যাৰাজি দাঙি ধৰিছে। আকৌ সীমান্ত পথ সংস্থাৰ দ্বাৰা নিৰ্মীয়মান চৰ ধাম প্ৰকল্পৰ নিৰ্মাণ আৰু হেলাং বাইপাছে পৰিস্থিতি অধিক শোচনীয় কৰি তুলিছে।
যোশিমথত আন এক অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী চলোৱা এগৰাকী পৰিৱেশকৰ্মী অতুল সতি। তেওঁ কয় যে বদ্ৰিনাথলৈ তীৰ্থভ্ৰমণ জনপ্ৰিয় কৰি তোলাৰ কাৰণে হোটেল আৰু বাণিজ্যিক ভৱন নিৰ্মাণ বাঢ়িছে, সেয়ে মাটিৰ ওপৰত হেঁচাও বেছি পৰিছে। প্ৰমুখ ধৰ্মীয় প্ৰাণকেন্দ্ৰ তথা পৰ্বতাৰোহণৰ বাবে প্ৰিয় ঠাই বদ্ৰিনাথ মন্দিৰলৈ যোৱা তীৰ্থযাত্ৰীৰ বাবে চহৰখন এটা ঘাটি। ২০২১ত দুয়োখন চহৰ মিলি যোশীমঠৰ জনসংখ্যাৰ (২০১১ৰ লোকপিয়ল) প্ৰায় ১০ গুণ বেছি সংখ্যক লোক, ৩.৫ লাখ পৰ্য্যটকৰ সমাগম ঘটিছিল।
*****
ৰাঘৱে চকী এখনত তিনিডাল ধূপ জ্বলাই ধূপদানি এটাত ৰাখিছে। ধূপৰ সুগন্ধ গোটেই কোঠাটো ভৰি পৰিছে।
তেওঁলোকৰ আটাইবোৰ সামগ্ৰী বান্ধি থোৱা আছে, কিন্তু ইশ্বৰৰ ফটো আৰু পুতলাবোৰত কোনেও হাত দিয়া নাই। ইমান বিষণ্ণ আৰু অশুভ সময়ৰ মাজতো তেওঁৰ পৰিয়ালৰ লোকে শীতকালৰ প্ৰস্থানৰ সময়ত উদযাপিত শস্য চপোৱা উৎসৱ ছুন্যাতাৰ উদযাপন কৰিব লৈছে। এই উৎসৱৰ সময়ত ছুনী ৰুটি বনাই খোৱা হয়।
সন্ধিয়াৰ ক্ষীণ পোহৰত আয়েশাই দেউতাকৰ শ্লোগান দোহাৰিছে:
“ছুনী ৰুটি খাম, যোশীমঠ বচাম।”
মণীষ উন্নিয়াল দিল্লীৰ এগৰাকী ফটোগ্ৰাফাৰ আৰু ভিডিঅ ’ গ্ৰাফাৰ ।
অনুবাদ: পংকজ দাস