আইশা মহম্মদে সাত বছৰ বয়সতে কেৰম খেলিবলৈ আৰম্ভ কৰিছিল যেতিয়া তেওঁৰ পিতৃ সন্তোষ হায়ালিংগেয়ে তেওঁলৈ এখন কেৰম বৰ্ড আনিছিল। থানে জিলাৰ উলহাসনগৰৰ ঘৰৰ ভিতৰতে তেওঁ কেৰমৰ অনুশীলন কৰিছিল, কিয়নো পুৰুষেৰে ভৰি থকা কেৰম ক্লাবলৈ তেওঁ যাব পৰা নাছিল।
আঠ বছৰ বসয়তে তেওঁ প্ৰথমবাৰৰ বাবে এগৰাকী জেষ্ঠ প্ৰতিপক্ষৰ সৈতে টুৰ্ণামেণ্টত ভাগ লয়। তেওঁ সেই খেলখনত হাৰিছিল, কিন্তু ইয়াৰপৰাই তেওঁৰ যাত্ৰা আৰম্ভ হয়। সেই যাত্ৰাত তেওঁ ভালেমান সন্মান বুটলিবলৈ সফল হয়। আনকি মহাৰাষ্ট্ৰৰ খেলৰ ক্ষেত্ৰখনত আটাইতকৈ সন্মানীয় বঁটা শিৱ ছত্ৰপতি ক্ৰীড়া বঁটা, ২০০৩-০৪ তেওঁ লাভ কৰে।
তেনে এখন টুৰ্ণামেণ্টতে তেওঁ এগৰাকী কেৰম চেম্পিয়ন মহম্মদ চাজিদক লগ পায়। পৰিয়ালৰ বিৰোধীতাৰ স্বত্বেও দুয়োয়ে বিয়া পাতে। এতিয়া জলগাঁৱত এটা সন্তানৰ সৈতে তেওঁ নিজ পিতৃ আৰু স্বামীৰ সৈতে বাস কৰে। তেওঁ জৈন ইৰিগেছন চিষ্টেমচ্ লিমিটেডত কাম কৰাৰ উপৰিও এখন বিদ্যালয়ত কেৰমৰ প্ৰশিক্ষক হিচাপেও শিকায়।
আইশাই বিশ্বাস কৰে যে ক্ৰীড়া সকলো ধৰণৰ ভেদাভেদৰ উৰ্ধত। তেওঁ কয়, 'খেল সকলোৰে বাবে আৰু ইয়ে সকলোকে একগোট কৰে। আপুনি অকলে এই খেলখন সৃষ্টি কৰিব নোৱাৰে, এযা সকলোৱে খেলিব পাৰে। দুখীয়াৰো দুখীয়াজনৰপৰা আৰম্ভ কৰি ধনীৰো ধনীজনে-সকলোৱে খেলিব পাৰে।'
অনুবাদকঃ ৰশ্মি ৰেখা দাস