ধ্বংসস্তুপত পৰিণত হোৱা ২ নং পানীখাইটি নিম্ন প্ৰাথমিক বিদ্যালয়খন ব্ৰহ্মপুত্ৰত কবলত পৰিবলৈ এক মিটাৰতকৈও কম দুৰত্ব ৰৈছেগৈ। প্ৰাথমিক শিক্ষা প্ৰতিগৰাকী শিশুৰে মৌলিক অধিকাৰ বোলা শাৰীটো এতিয়াও ভাঙি যোৱা স্কুলখনৰ ভঙা দেৱালত দেখা গৈছে। দেৱালখনৰ সিপাৰে নৈখনৰ ফালে মুখ কৰি দেখা গৈছে মহাত্মা গান্ধীৰ ছবি আৰু লিখা আছেঃ 'সত্যৰ সদায় জয়'।


Kamrup, Assam
|THU, SEP 07, 2017
যেতিয়া স্কুলখন নৈয়ে গ্ৰাস কৰিছিল
অসমৰ সোণতলী চৰৰ পানীখাইতিত থকা একমাত্ৰ স্কুলখন ব্ৰহ্মপুত্ৰ নদীৰ বুকুত বিলীন হৈ গ'ল। তাতে পঢ়া ১৯৮ জন ছাত্ৰ-ছাত্ৰীৰ মাত্ৰ ৮৫ জনেহে হেডমাষ্টৰ তাৰিক আলীৰ ঘৰতে পতা অস্থায়ী স্কুলখনত শিক্ষা অব্যাহত ৰাখিছে।
Author
Translator

Ratna Bharali Talukdar
পানীখাইতিৰ সোণতলী চৰত থকা একমাত্ৰ চৰকাৰী শিক্ষানুষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰী আৰু একমাত্ৰ শিক্ষকজনৰ বাবে এয়া চকুৰ আগতে ভাঁহি থকা এক ৰুঢ় বাস্তৱ। নৈখনৰ খহনীয়া আৰু নৈত জাহ যাব ধৰা স্কুলখনেই ব্ৰহ্মপুত্ৰৰ চৰত জীৱনৰ অস্থায়ী স্বৰূপ দাঙি ধৰিছে। "বিদ্যালয়খন নৈয়ে খহাই নিলে। আমি একেলগে বিদ্যালয়লৈ যোৱাৰ ভাললগা দিনবোৰ মনত আছে…"
২০১৬ চনৰ অক্টোবৰ মাহত নৈখনে তীব্ৰ ৰূপ ধাৰণ কৰিছিল আৰু শাম কটাৰ নামে লোৱা নাছিল। সেই সময়তে তেওঁলোকে অসম চৰকাৰক খহনীয়া ৰোধ কৰি স্কুলখন বচোৱাৰ বাবে অনুৰোধ জনাইছিল যদিও কোনোৱে গুৰুত্ব দিয়া নাছিল। গাঁৱৰ মানুহে মিলি পানীত জাহ যাবধৰা স্কুলঘৰটোৰ দৰ্জা, টিনপাত, চকী-মেজ আৰু ডেস্ক-বেঞ্চবোৰ আঁতৰাই নিছিল।
চৰ হৈছে ব্ৰহ্মপুত্ৰ নৈৰ পাৰে পাৰে অসমৰ বিভিন্ন ঠাইত খনন প্ৰক্ৰিয়াৰে গঢ় লৈ উঠা বালিময় দ্বীপ (PARI ত চৰাঞ্চলৰ মানুহৰ সংগ্ৰাম চাব পাৰে)। এনে দ্বীপবোৰৰ জনসংখ্যা ২৪ লাখৰ ওচৰা-ওচৰি হ'ব। পানীখাইতি গাওঁ আৰু বৃহত্তৰ সোণতলী চৰ এলেকা কামৰূপ জিলাৰ বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত।

২০১৬ চনৰ ২৮ নবেম্বৰত দ্বিতীয়বাৰৰ সাক্ষাতৰ কেইসপ্তাহমানৰ পিছতে স্কুলখন সম্পুৰ্ণৰূপে পানীত জাহ যায়। সেই স্কুলঘৰটোৰ ঠাইত এতিয়া পানীৰ সোঁত। এতিয়া এই নতুন জলৰাশিত ভুটভুটিৰে মানুহ আহ-যাহ আৰু সা-সামগ্ৰীৰ অনা-নিয়া চলে।
স্কুলখন য'ত জাহ গৈছিল, তাৰপৰা ৫০০ মিটাৰমান দুৰৈত এতিয়া অস্থায়ী টিনপাতৰ চালি দিয়া ঘৰ এটাত স্কুলখন চলে। হেডমাষ্টৰ তাৰিক আলিৰ ঘৰৰ চোতালতে পতা এই চালিখন নৈৰ পাৰৰ পৰা খুব বেছি ১৫ মিটাৰমান দুৰৈত আছে। ইয়াতে নিয়মীয়াকৈ পাঠদান আৰু পৰীক্ষা আদি চলে।

Ratna Bharali Talukdar
১৯৭৪ চনত ৬ পৰা ১১ বছৰ বয়সৰ ল'ৰা-ছোৱালীৰ কাৰণে পানীখাইতি অঞ্চলৰ লোকসকলে মিলি স্কুল এখন পতাৰ চিন্তা কৰিছিল আৰু সেই সময়তে ৰুবেয়া খাতুন নামৰ মহিলাগৰাকী (এতিয়া বয়স ৭০ বছৰ)য়ে দুবিঘা মাটি দিবলৈ আগবাঢ়ি আহিছিল। ১৯৮২ চনত প্ৰাথমিক শিক্ষা বিভাগে স্কুলখন স্বীকৃতি দি তাৰিক আলিক শিক্ষক হিচাপে নিযুক্তি দিয়াৰ আগলৈকে গাওঁবাসীয়ে নিজেই বিদ্যালয়খন চলাইছিল। চৰাঞ্চলত কেইখনমান ব্যক্তিগত খণ্ডৰ বিদ্যালয় আৰু মাদ্ৰাছা আছে, কিন্তু ২ নং পানিখাইতি নিম্ন প্ৰাথমিক বিদ্যালয়খনেই হৈছে তেতিয়াৰ দিনৰে পৰা চলি অহা একমাত্ৰ চৰকাৰী খণ্ডৰ বিদ্যালয়। এই স্কুলখনতে গাঁৱৰ সামুহিক মেল-মিটিং আদিও পতা হয়। এজনমাত্ৰ শিক্ষক থকা স্কুলখনলৈ ওচৰৰ চৰ আৰু গাঁৱৰপৰা ল'ৰা-ছোৱালী পঢ়িবলৈ আহিছিল।

Ratna Bharali Talukdar
২০১৬ চনৰ দুটা মাহতে ব্ৰহ্মপুত্ৰৰ পানীয়ে পানীখাইতিৰ দুই-তৃতীয়াংশ মাটি খহাই নিছে আৰু ২০০ ৰো অধিক পৰিয়াল স্থানচ্যুত হৈছে। "ব্ৰহ্মপুত্ৰৰ বুকুত এখনৰ পিছত আনখন গাওঁ খহি যাবলৈ ধৰাৰ সময়তে মই গাঁৱৰ কিছু লোকৰ সৈতে স্কুলখনৰ পৰিচালন সমিতিৰ সভাপতিক লৈ খণ্ডৰ প্ৰাথমিক শিক্ষা উন্নয়ন বিষয়াৰ কেবাবাৰো কাষ চাপিছিলো আৰু নিৰাপদ স্থানলৈ স্কুলখন নিয়াৰ বাবে সহায় বিচাৰিছিলো," তাৰিক আলিয়ে কয়। "স্কুল স্থানান্তৰ কৰাৰ বাবে কোনোধৰণৰ পুঁজিৰ আবণ্টন কৰা হোৱা নাই বুলি তেওঁলোকে আমাক বিমুখ কৰি পঠিয়াইছিল।"

Ratna Bharali Talukdar
এনেদৰে খহনীয়া হৈ থাকিলে নৈৰপৰা কেইমিটাৰমান আঁতৰত থকা নিজা ঘৰটো আৰু স্কুলঘৰটো ক'লৈ লৈ যাব সেই কথা ভাবি তাৰিক আলিয়ে একো উৱাদিহ পোৱা নাই। স্থানচ্যুত বহুতেই জীৱিকা আৰু মাটিৰ সন্ধানত অসমৰ বিভিন্ন চহৰ-নগৰলৈ ওলাই গৈছে আৰু বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ১৯৮ জনৰপৰা কমি গৈ ৮৫ জন হৈছে।
"ইতিমধ্যে স্কুল এৰা ছাত্ৰ-ছাত্ৰীসকলৰ সন্ধান কৰাটো খুবেই টান কাম," আলীয়ে কয়। "অনিশ্চয়তা আৰু ৰিস্ক ইমানেই বেছি যে প্ৰায়ভাগ অভিভাৱকেই সিহতৰ ল'ৰা-ছোৱালীৰ প্ৰমাণপত্ৰই সংগ্ৰহ কৰাৰ কথা চিন্তা নকৰে। এনেদৰেই এই ল'ৰা-ছোৱালীবোৰে স্কুলীয়া শিক্ষা এৰে।"
২০১৪ চনৰ অসম মানৱ বিকাশ প্ৰতিবেদন মতে চৰ এলেকাত ৬-১৪ বছৰ বয়সৰ ৯৩.৩৩ শতাংশ ল'ৰা-ছোৱালীয়ে স্কুলত নামভৰ্তি কৰে আৰু ১৫-১৬ বছৰ বয়সৰ ল'ৰা-ছোৱালীয়ে এতিয়াও সিহতৰ শিক্ষা অব্যাহত ৰাখিছে। অসমৰ ক্ষেত্ৰত এই হাৰ হৈছে ক্ৰমে ৯৩.৮৫ আৰু ৭৪.৫৭ শতাংশ। প্ৰতিবেদন মতে স্কুলৰপৰা ওলাই অহা বা স্কুললৈ কেতিয়াও নোযোৱা ল'ৰা-ছোৱালীৰ সংখ্যাৰ ৩৩.২১ শতাংশই হৈছে চৰ এলেকাৰ।

Ratna Bharali Talukdar
"পানীখাইতিৰ আগতে লটৰিয়া, লটৰিয়া বিলৰ জান, লটিৰটাৰি, গৰাইটাৰি, বৰগুল, কুচিয়াৰদিয়া পথাৰ, ১ নং আৰু ২ নং জটীয়া দিয়া- এইবোৰকে ধৰি ভালেকেইখন ৰাজহ গাওঁ নৈয়ে খহাই নিছিল," স্থানীয় বাসিন্দা আব্দুছ চামাদে এনেদৰে কয়। "আমি চৰকাৰক খহনীয়া ৰোধৰ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণৰ বাবে বাৰম্বাৰ অনুৰোধ কৰিছিলো যদিও কোনোৱে কাণ নিদিলে।" সেনাৰ প্ৰাক্তন জোৱান চামাদে তেওঁৰ ঘৰ অতিকমেও পাঁচবাৰ সলাবলগীয়া হৈছে আৰু এতিয়া সোণতলী এলেকাৰ পানীখাইটিৰ কাষতে বাৰ আৰিকাটি গাঁৱত থিতাপি লাগিছে।
অসমৰ জলসম্পদ বিভাগৰ তথ্যমতে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহে ১৯৫০ চনৰ পৰা এতিয়ালৈ ৰাজ্যখনত ৪.২৭ হেক্টৰ মাটী খহাই নিছে। ৰাজ্যখনৰ মুঠ ভৌগোলিক ক্ষেত্ৰৰ এয়া ৭.২০ শতাংশ। প্ৰতিবছৰে খহনীয়াৰ ফলত ৮ হাজাৰৰো অধিক হেক্টৰ মাটি হেৰুৱাবলগা হৈছে।
আনকি স্কুলখনৰ বাবে মাটি দান কৰা ৰুবেয়া খাতুনকো নৈখনে ৰেহায় নিদিলে। খহনীয়াৰ ফলত খেতিৰ আৰু বসবাসৰ যোগ্য ১০ বিঘা মাটি হেৰুওৱাৰ পিছত এতিয়া নৈৰ পাৰতে তেওঁ আৰু তেওঁৰ পৰিয়াল থাকে। তদুপৰি তেওঁ বৃদ্ধকালীন বা বিধবা পেঞ্চন নাপায়।
নৈখন এটা সুঁতিৰ পিনে আগবাঢ়ি আহি ৫০ মিটাৰমান দুৰৈত থকা দেখি পানীখাইটি আৰু সোণতলী চৰৰ বাসিন্দাসকল চিন্তিত হৈ পৰিছে। যদিহে সেই সুঁতিটোতে আহি নৈখন মিলে, তেন্তে সম্পুৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰাটো খাটাং, আনকি সোণতলী বজাৰৰ সৈতেও যোগাযোগ নোহোৱা হ'ব। এয়াই চৰাঞ্চলৰ জীৱন।
ফটোবোৰঃ ৰত্ন ভড়ালী তালুকদাৰ
Want to republish this article? Please write to [email protected] with a cc to [email protected]
Donate to PARI
All donors will be entitled to tax exemptions under Section-80G of the Income Tax Act. Please double check your email address before submitting.
PARI - People's Archive of Rural India
ruralindiaonline.org
https://ruralindiaonline.org/articles/যেতিয়া-স্কুলখন-নৈয়ে-গ্ৰাস-কৰিছিল

