‘তুমি কেনে আছা? কি কৰিছা? এয়া কিমানদিন চলিব?’ চেনাকোণ্ডা বালাচামিয়ে তেওঁৰ ল’ৰাক ফোনতে সুধিছে। ‘পৰিস্থিতি বহুত বেয়া নেকি? আমাৰ তাত পুলিচ আহিছে নেকি? মানুহবোৰ কামলৈ (কৃষিশ্ৰমিক) গৈছেনে?’
বালাচামিয়ে তেওঁৰ লগৰ চাৰিজন গৰখীয়াৰ সৈতে দীপান্বিতাৰ পিছতে নৱেম্বৰ মাহত টেলেংগানাৰ ৱানাপাৰ্থি জিলাৰ কেথেপাল্লে গাওঁ এৰিছিল। তেওঁ প্ৰায় ১০০০ টা ছাগলী-ভেড়া চোৱাচিতা কৰে (তাৰে এটাও তেওঁৰ নিজৰ নহয়) আৰু জাকটোৰ বাবে খাদ্যৰ সন্ধানত ঘূৰি ফুৰিছে।
ক’ভিড-19ৰ সংক্ৰমণ ৰোধ কৰাৰ কাৰণে তলাবন্ধ ঘোষণা কৰাৰ দুদিন আগত, ২৩ মাৰ্চৰ দিনা টেলেংগানাৰ অনান্য পিছপৰা শ্ৰেণী হিচাপে সূচীবদ্ধ যাদৱ সম্প্ৰদায়ৰ বালাচামি আৰু আন চাৰিজন গৰখীয়াই কেথেপাল্লেৰ পৰা মোটামুটি ১৬০ কিলোমিটাৰ দূৰৰ কপ্পোলে গাঁও আহি পায়।
নালগণ্ডা জিলাৰ গুৰুমপড়ে মণ্ডলৰ কপ্পোলে গাঁৱত তলাবন্ধৰ পিছত তেওঁলোকে চাউল-দাইল, শাক-পাচলি, তেল আদি সামগ্ৰী যিবোৰ সাধাৰণতে তেওঁলোকে কম কমকৈ প্ৰতিদিনে কিনে, সেয়া পোৱাটো টান হৈ পৰিল।
ৰাজহুৱা পৰিবহন ব্যৱস্থা বন্ধ হৈ পৰাত আৰু তলাবন্ধক লৈ অনিশ্চিত পৰিস্থিতি সৃষ্টি হোৱাত পশুধনৰ কাৰণে দৰৱ-পাতি কিনাটো আৰু নিজৰ গাঁৱলৈ গৈ পৰিয়ালক দেখা কৰা (যিটো সাধাৰণতে তেওঁলোকে কৰে), ম’বাইল ৰিচাৰ্জ কৰা আৰু পশুধনৰ কাৰণে নতুন চৰণীয়া পথাৰ বিচৰাটো প্ৰায় অসম্ভৱ হৈ পৰিছে।
‘গাঁৱত থকাসকলে (বিচ্ছিন্ন হৈ) চলিব পাৰে। আমাৰ দৰে বাহিৰত ঘূৰি ফুৰাসকলে কেনেদৰে এই পৰিস্থিতিত চলিব পাৰে? আনুমানিক চল্লিশোৰ্ধ বালাচামিয়ে প্ৰশ্ন কৰে।
আমাক পাচলি কিনিবলৈকো গাওঁবোৰলৈ যাবলৈ দিয়া নহয়, বালাচামিৰ ভাতৃ গৰখীয়া চেনাকোণ্ডা তিৰুপতিয়াহে কয়।
সৌভাগ্যৰ কথা যে তেওঁলোকে যিখন চৰণীয়া পথাৰত ৰৈছে, তাৰে মালিকে তেওঁলোকক চাউল, দাইল আৰু পাচলি দি সহায় কৰি আছে।
কিন্তু অতি সোনকালে তেওঁলোকে আন এখন পথাৰ বিচাৰিব লাগিব। ‘আমি চাৰিদিন আগতে ইয়ালৈ আহিছিলো,’ তিৰুপতিয়াহে কয়। ‘ইয়াত বেছি ঘাঁহ নাই। আমি নতুন ঠাই বিচাৰিব লাগিব।’
গৰখীয়াসকলে খোজকাঢ়ি কৰা দীঘলীয়া যাত্ৰাবোৰ কষ্টকৰ। এতিয়া সেয়া আৰু কষ্টসাধ্য হৈ পৰিছে। ভাল চৰণীয়া পথাৰ বিচাৰি তেওঁলোকে বহুকিলোমিটাৰ বাট অতিক্ৰম কৰে, তাৰপিছত পথাৰৰ মালিকৰ সৈতে দৰদাম কৰে। সীমিত মুকলি পথাৰ থকা অঞ্চলত এয়া টান কাম, য’ত কৃষকে নিজৰ ছাগলী-ভেড়াৰ কাৰণে পথাৰবোৰ বেৰি ৰাখে। এতিয়া কোনোধৰণৰ যাতায়ত নোহোৱাৰ ফলত আৰু ভ্ৰমণৰ ওপৰত বাধা-নিষেধ আহি পৰাৰ ফলত চৰণীয়া পথাৰ বিচৰাটো দুৰূহ হৈ পৰিছে।
‘আমাক মটৰ চাইকেলতো যাবলৈ দিয়া নাই,’ বালাচামিয়ে কয়। কোনো কোনো সময়ত তেওঁলোকৰ গাঁৱৰ মানুহে মটৰ চাইকেলেৰে আহি তেওঁলোকক তুলি লৈ যায় আৰু কেইকিলোমিটাৰমানৰ ভিতৰত চৰণীয়া পথাৰৰ সন্ধান কৰে। ‘কিন্তু বোধকৰো সিহঁতক (মটৰ চাইকেল চলোৱাসকলক) বেয়াকৈ কোবাইছে,’ বালাচামিয়ে ম’বাইলত দেখা ভিডিঅ’ৰ প্ৰসংগত ক’লে।
বালাচামিয়ে এই সপ্তাহতে পাংগাল মণ্ডলৰ নিজৰ কেথেপাল্লে গাঁৱলৈ যোৱাৰ কথা ভাবি আছিল। গৰখীয়া হিচাপে তেওঁ বছৰি ১,২০,০০০ টকা পশুধনৰ গৰাকীৰ পৰা পায়। ঘৰলৈ গৈ তেওঁৰ পৰিয়ালক লগ কৰাৰ লগতে সেই দৰমহাৰ কিছু অংশ অনাৰো কথা আছিল। ঘৰলৈ যাব নোৱাৰা বালাচামিৰ লগতে আন গৰখীয়াকেইজনৰো হাতত থকা টকা শেষ হ’বলৈ ধৰিছে। ‘মই মোৰ পত্নি, ল’ৰা-ছোৱালীকেইটা আৰু মাক কেনেকৈ লগ পাম? নিমখ-দাইল আদি কেনেকৈ কিনিম?’ বালাচামিয়ে প্ৰশ্ন কৰে। ‘বাছবোৰ আকৌ কেতিয়া চলিব?’
কেতিয়াবা টকাৰ কাৰণে গৰখীয়াই এটা-দুটা ভেড়া বা ছাগলী বিক্ৰী কৰে, কিন্তু তলাবন্ধৰ কাৰণে কোনেও এই সপ্তাহটোত তেওঁলোকৰ কাষ চপা নাই
সাধাৰণতে নিজ গাঁৱলৈ উভতি যোৱাৰ বাটত গৰখীয়াকেইজনে তেওঁলোকৰ বৰ্তমান থকা ঠাইৰ পৰা ৬০ কিলোমিটাৰ দূৰত, তেওঁলোকৰ গাঁৱৰ ওচৰৰ মিৰ্যালাগুড়া চহৰ পায়। তাতে এপ্ৰিলত খেতি চপোৱাৰ পাছৰ সময়চোৱাত পৰ্যাপ্ত পশুখাদ্য পোৱা যায়। খাদ্য নথকাত আৰু যাতায়তত বাধা আহি পৰাত, তেওঁলোকে সেই ঠাই পোৱাৰ আগেয়েই যাত্ৰাপথ ধূসৰ হৈ পৰিছে।
কিন্তু ভেড়া-ছাগলীৰ জাকটোক চৰাবই লাগিব, সেয়ে খাদ্যৰ সন্ধান থমকিব নোৱাৰি। জুনত বাৰিষা অহাৰ আগেয়ে ঘৰ পোৱাটো সমস্যাৰ সমাধান নহয়, কিয়নো তাতে চৰণীয়া পথাৰ কম। ‘আমাৰ অঞ্চলটোত পাহাৰ আৰু তিলাৰে ভৰি আছে (সেইবোৰ অক্টোবৰৰ শেষৰফালে ঠৰঙা হৈ পৰে),’ তিৰুপতিয়াহে কয়। ‘তাৰোপৰি তাতে পশুধনৰ সংখ্যাও বহুত বেছি, আমাৰ গাওঁখনতে ২০ হাজাৰৰো অধিক ছাগলী আৰু ভেড়া আছে। সেয়ে আমি এই যাত্ৰা ৰখাব নোৱাৰো।’
বালাচামিয়ে পৰিয়ালটোৰ পাৰ্যমানে খবৰ ৰাখিছে আৰু কুশলবাৰ্তা লৈছে। ‘সিহঁতে ফোনবোৰো (ফোন সেৱা) বন্ধ কৰিব নেকি?’ তেওঁ সোধে। ‘তেতিয়া দেখোন মানুহ জীয়াই আছে নে নাই গমো নাপাম। মানুহে কৈছে এয়া (তলাবন্ধ) তিনিমাহ চলিব। যদি তেনেকুৱাই হয়, তেন্তে সেই ৰোগতকৈ তলাবন্ধইহে বেছি মানুহ মাৰিব।’
অনুবাদঃ পংকজ দাস