ৰাম ৱাকচৌৰে সদায় পুৱা ২৭৫ ছাত্ৰ আৰু আনসকলৰ বাবে ঘৰৰ ওচৰৰ বজাৰৰ পৰা শাক-পাচলি বজাৰ কৰে- তিনি কিলোগ্ৰাম আলু, ফুলকবি, বিলাহী আৰু আন আন শাক-পাচলি আদি তেওঁৰ তালিকাত থাকে। ‘মই প্ৰতিবিধ শাক-পাচলিৰ দাম ভালকৈ জানো। পাচলিৰ টোপোলাবোৰ মটৰ চাইকেলত ওলোমাই লৈ স্কুললৈ যাও।’ ভিৰগাওঁ গাঁৱৰ জিলা পৰিষদ বিদ্যালয়ৰ শিক্ষকজনে ক’লে।
আহমেদনগৰৰ আকোলা তালুকৰ কালাসগাওঁ গাঁৱৰ ৪৪ বছৰীয়া বাসিন্দা ৱাকচৌৰক জুন মাহত ২১ কিলোমিটাৰ দূৰৰ ভিৰগাওঁ স্কুললৈ বদলি কৰিছিল। তেওঁ ১৮ বছৰ ধৰি কালাসগাওঁ প্ৰাথমিক বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰি আহিছে। এতিয়া তেওঁৰ প্ৰধান দায়িত্ব হৈছে মধ্যাহ্ন ভোজন আঁচনিৰ ৰূপায়ণ (প্ৰাথমিক শিক্ষাৰ পৰিপুষ্টিৰ ৰাষ্ট্ৰীয় আঁচনিৰ অধীনত) নিশ্চিত কৰা।
‘অধ্যক্ষই সকলো কাম কৰিব নোৱাৰে, তেওঁ দায়িত্ববিলাক আন শিক্ষকসকলৰ মাজত ভগাই দিছে।’ মধ্যাহ্ন ভোজনৰ পঞ্জীয়ন তালিকাৰ পৰা মুৰ নোতোলাকৈয়ে তেওঁ কয়। ‘চৰকাৰী চাকৰিয়ে আপোনাক কৰ্ম-নিৰাপত্তা দিয়ে, কিন্তু এতিয়া মই নিজকে এজন শিক্ষকৰ দৰে নাভাবো।’
ৱাকচৌৰৰ পাঠ্যক্ৰম বহিৰ্ভূত কাম-কাজ অস্বাভাৱিক নহয়, মহাৰাষ্ট্ৰৰ জিলা পৰিষদৰ স্কুলসমূহত অনা-শিক্ষামূলক কাম-কাজৰ দায়িত্ব সঘনে দিয়া হয়। ইয়াৰ ফলত তেওঁলোকে ছাত্ৰ-ছাত্ৰীক পাঠদান কৰিবলৈ খুব কম সময় উলিয়াব পাৰে।
ভিৰগাওঁ জিলা পৰিষদ বিদ্যালয়ৰ শিক্ষক ৱাকচৌৰৰ সহকৰ্মী ৪২ বছৰীয়া সবাজি ডাতিৰৰ ৭ম শ্ৰেণীলৈকে পাঠদান কৰাৰ দায়িত্ব আছে। তেওঁ ক’লে যে বছৰটোৰ পাঠ্যক্ৰমৰ ভিতৰত তেওঁ শ্ৰেণীত ১০০ টাৰ বেছি পাঠদান কৰিব লাগে। সপ্তাহত গড়ে কমেও ১৫ ঘণ্টা ডাতিৰে অনা-শৈক্ষিক কামত দিবলগীয়া হয়। ‘শিক্ষাদানৰ লগত সম্পৰ্ক নথকা কামবোৰ পাঠদানৰ সময়তে কৰিবলগীয়া হয় (দৈনিক চাৰি ঘণ্টাকৈ)।’ তেওঁ কয়, ‘আমি স্কুল ছুটীৰ পিছতো যিমান পাৰো কাম কৰো।’ দুয়োটা কাম যেতিয়া একে সময়তে কৰিবলগীয়া হয়, তেতিয়া অনা-শৈক্ষিক কামৰ ওপৰত অগ্ৰাধিকাৰ দিয়া হয়।









