শীলা ৱাঘমাৰেৰ বাবে নিশাৰ ভাল টোপনি এতিয়া অতীত হৈ পৰিছে।
“ৰাতি মই শুব নোৱাৰো … কেইবাবছৰ এনেকৈ আছো,” মজিয়াত পাৰি থোৱা এখন তোচকত ভৰি মেলি বহি থকা ৩৩ বছৰীয়া শীলাই এইদৰে কয়, তেওঁৰ ৰঙা হৈ পৰা চকুত প্ৰকাশ পাইছিল গভীৰ বেদনা। নিশাৰ উজাগৰী অৱস্থাৰ কথা কৈ থকাৰ মাজে মাজে তেওঁ গাটো পোন কৰিবলৈ চেষ্টা কৰিছিল। “গোটেই ৰাতি মই কান্দো। মোৰ এনে লাগে যেন মোৰ শ্বাস-প্ৰশ্বাস বন্ধ হৈ পৰিব।”
মহাৰাষ্ট্ৰৰ বীড় নগৰৰ পৰা ১০ কিলোমিটাৰ দূৰৰ বীড় জিলাৰ ৰাজৌৰি ঘোড়কা গাঁৱত শীলাহঁত থাকে। দুটা কোঠাৰ ইটাৰ ঘৰটোত যেতিয়া তেওঁ শোৱে, তেওঁ স্বামী মানিক আৰু তিনি সন্তান ক্ৰমে কাৰ্তিক, বাবু আৰু ৰুটুজা তেওঁৰ কাষতে শোৱে, তেওঁৰ কান্দোনত সিহঁতৰ টোপনি ভাগে, তেওঁ কয়। “মোৰ কান্দোনে সিহঁতৰ টোপনি খতি কৰে। তেতিয়া মই জোৰকৈ চকু বন্ধ কৰি শুবলৈ চেষ্টা কৰো।”
কিন্তু টোপনি নাহে। চকুৰ পানীও বন্ধ নহয়।
“মই সদায় দুখ অনুভৱ কৰোঁ, উদ্বিগ্ন হৈ থাকো, মোৰ জৰায়ু অস্ত্ৰোপচাৰ কৰি অপসাৰণ কৰাৰ পিছত এই সমস্যাবোৰ আৰম্ভ হ’ল,” নিজৰ বিৰক্তি প্ৰকাশ কৰি গাটো সামান্য লৰচৰ কৰি শীলাই এইদৰে কৈছিল। ২০০৮ চনত জৰায়ু অপসাৰণ কৰাৰ অস্ত্ৰোপচাৰ কৰাৰ সময়ত শীলাৰ বয়স আছিল মাত্ৰ ২০ বছৰ। তেতিয়াৰ পৰা তেওঁৰ দুখ-বেদনাৰ অন্ত নাইকিয়া হ’ল। নিদ্ৰাহীন নিশা কটাবলগীয়া হ’ল, দীৰ্ঘকালৰ বাবে বিৰক্তিদায়ক আৰু গাৰ বিষ-বেদনাত ভূগিবলগীয়া হ’ল।















