মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাদনাভিচে জুন মাহৰ ৬ তাৰিখে কৃষিঋণ ৰেহাই দিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰ সময়ত সংবাদ মাধ্যমৰ আগত কৈছিল যে ইয়ে হ'ব "ইতিহাসৰ সৰ্ববৃহত।"কিন্তু মুৰকত দেখা গ'ল যে 'ৰেহাই'ৰ বাবে দিয়া চৰ্তাৱলীৰ মেৰপেচৰ সংখ্যাহে সৰ্ববৃহত হ'লগৈ।
সেয়ে ঔৰাংগাবাদ জিলাৰ চিৰালফটা দিয়া পাৰুন্দি গাঁৱত সকাহ পাব বুলি আশা পালি ৰৈ থকা বাপ্পাচাহেব ইকবালে এই চৰ্তাৱলীবোৰ শুনাৰ পিছত হাঁহিবই নে কান্দিব সেয়া থিৰাং কৰিবই নোৱাৰিলে। "উৰ্ধতম সীমা (ৰেহাইৰ) হৈছে ১.৫ লাখ টকা,"পত্নি ৰাধা আৰু পিতৃ ভানুদাসৰ সৈতে ১৬ একৰ মাটিত বন নিৰাই থকাৰ মাজতে ৪১ বৰ্ষীয় খেতিয়কগৰাকীয়ে কয়। "মোৰ ৯ লাখ টকাৰ ঋণ আছে, মই যদি ৭.৫ লাখ টকা পৰিশোধ কৰো, তেতিয়াহে মই ১.৫ লাখ টকাৰ ৰেহাই পাম।"
তেওঁলোকৰ বেংকৰ ঋণ ২০১২-১৫ চনৰ খৰাং বতৰত একেধাৰে খেতি বেয়া হোৱাৰ ফলত বাঢ়ি গ'ল, ৰাধাই ক'লে। পৰিয়ালটোৱে পানীৰ বাবে ওচৰৰে বিল এখনৰ সৈতে সংযুক্ত কৰি চাৰি কিলোমিটাৰৰ পাইপলাইন বহুৱালে। "কিন্তু এইবছৰো ভালদৰে বৰষুণ নহ'ল," তেওঁ ক'লে। "ৰহ আৰু কপাহৰ খেতি একেবাৰে শুকাই থাকিল। যেতিয়া ফাদনাভিচে ক'লে যে তেওঁ সংকটত পৰা খেতিয়কৰ ঋণ ৰেহাই দিব, সেই কথাই আমাক কিছু আশাৰ ৰেঙনি দেখুৱালে। কিন্তু আমাক লৈ যেন উপহাসহে কৰা হ'ল। আমাৰ যদি পৰিশোধ কৰিবলৈ ধন থাকিলহেঁতেন, আমি নতুনকৈ মুৰৰ ওপৰত ঋণৰ বোজা ল'লোহেঁতেন নে?"



