"সি দেখা নাই, তথাপিও আপোনাৰ ফালে চাই আছে," বোকা-মাটি আৰু ধুলিৰে আৱৰা চৌপাশৰ মাজত ঘুৰণীয়া, এঙাৰ ৰঙৰ দীপ্ত চকুহালিয়ে মোক মোহাবিষ্ট কৰি ৰখাৰ মাজতে মদনলাল মুৰমুৱে ক'লে। মই ততালিকে এখন ফটো তোলো বুলি আৰু কাষ চাপিলো, কিন্তু সি ঘুৰি দিলে। মই আকৌ ঘুৰি লৈ যেনেতেনে ফটো এখন তুলিলো।
মদনলালে সিহতৰ কাৰণে বিশেষ ধৰণ সংকেতশব্দ কৰে আৰু সিহতে সঁহাৰি দিয়া যেন লাগে। এনেতে তেওঁ মিচিকিয়াই হাঁহি মোক তেওঁৰ পোহনীয়া ফেঁচা দুটাৰ সৈতে চিনাকী কৰাই দিলে, এটাৰ নাম সিধু মুৰমু আৰু আনটো কানহু মুৰমু। 'সিহত মোৰ পৰিয়ালৰে এটা অংশ,' তেওঁ কয়।







