যোৱা কেইটামান বছৰ দিলীপ কলিৰ ভাল যোৱা নাছিল। ঘূৰ্ণীবতাহ, ধৰা মাছৰ পৰিমাণ কমি অহা, মাছৰ বিক্ৰী হ্ৰাস পোৱা আদিৰে তেওঁৰ দিনবোৰ আছিল সমস্যাবহুল। কিন্তু ২০২০ৰ মাৰ্চত আৰম্ভ হোৱা লকডাউনৰ দিনকেইটা তেওঁৰ বাবে তাতোকৈ বেছি কষ্টকৰ হৈ ধৰা দিছে।

“আগতে আমি সন্মুখীন হোৱা সমস্যাসমূহ যোৱা বছৰটোত যিমান বেয়া আছিল তাৰ তুলনাত আধাখিনিও নহয়।” দক্ষিণ মুম্বাইৰ কোলাবা অঞ্চলৰ কলিৱাড়াৰ ৫০ বছৰীয়া মাছমৰীয়া দিলীপে কয়। “মাছ ধৰিবলৈ আৰু মাছ খাবলৈ ইচ্ছা কৰা মানুহ আছিল, কিন্তু মাছৰ বিক্ৰী একেবাৰে নাছিল (লকডাউনৰ বাবে ২০২০ৰ চেপ্তেম্বৰ পৰ্যন্ত)। বজাৰবোৰ বন্ধ হৈ পৰিল আৰু আমি ধৰি অনা মাছবোৰ পুনৰ সাগৰতে পেলাই দিবলগীয়া হৈছিল।”

দিলীপে প্ৰায় ৩৫ বছৰ ধৰি দক্ষিণ মুম্বাইৰ ছাছুন ডকত কাম কৰি আহিছে। তেওঁৰ তিনিখন নাও আছে আৰু তেওঁ ৮-১০ জন মাছমৰীয়াক কামত লগায়। “লকডাউনৰ সময়ত আমি অন্ততঃ ৰেচনখিনি যোগাৰ কৰিব পাৰিছিলোঁ, কিন্তু অন্য দুখীয়া কলি সম্প্ৰদায়ৰ মাছমৰীয়াসকলৰ খাদ্য বা টকা-পইচা একোৱেই নোহোৱা হৈ পৰিছিল,” তেওঁ কয়।

পুৱা প্ৰায় ৪ বজাতেই মাছমৰীয়াসকলৰ দিনটোৰ কাম আৰম্ভ হয়।বাৰিষাৰ মাহকেইটাত তেওঁলোকে পাৰৰ ওচৰে-পাঁজৰে সাগৰত ৪০ মিনিটকৈ কেইবাবাৰো অহা-যোৱা কৰিবলগীয়া হয়। জোৱাৰ সলনি হ’লে তেওঁলোকে প্ৰায় এঘণ্টামান জিৰণি লৈ পুনৰ সাগৰলৈ যায়। “আমি খুব পুৱাই কাম আৰম্ভ কৰোঁ আৰু আবেলি ২-৩ বজাত শেষ কৰোঁ। আমি চন্দ্ৰৰ জৰিয়তে জোৱাৰ-ভাটাৰ বিষয়ে গম পাওঁ। অতি কম বা অতি বেছি জোৱাৰ থাকিলে আমি মাছ ধৰিবলৈ নাযাওঁ,” দিলীপে কয়।

তেওঁৰ নাওখনত কাম কৰি থকা মাছমৰীয়াসকলৰ বেছিভাগেই কলি সম্প্ৰদায়ৰ। তেওঁলোকৰ কিছুসংখ্যকে ৰায়গড় জিলাৰ তালা তালুকৰ ৱাশ্বি হাভেলি (২০১১ৰ লোকপিয়লৰ মতে জনসংখ্যা ১০৪০) নামৰ গাঁওখনৰ পৰা ৰেল বা ভাৰা কৰি লোৱা বাহনেৰে প্ৰায় ১৫০ কিলোমিটাৰ যাত্ৰা কৰি দক্ষিণ মুম্বাইৰ ছাছুন ডকলৈ আহে। ইয়াত তেওঁলোকে জুনৰ পৰা আগষ্ট মাহলৈ গণপতি উৎসৱ আৰম্ভ হোৱাৰ আগলৈকে কাম কৰে। বছৰটোৰ বাকীখিনি সময়ত তেওঁলোকেপ্ৰধানকৈ ৰত্নগিৰি আৰু ৰায়গড় জিলাত থকা মহাৰাষ্ট্ৰৰ অন্য উপকূলীয় অঞ্চললৈ যাত্ৰা কৰে আৰু অন্য লোকৰ নাৱত কাম কৰি মাহে ১০,০০০-১২,০০০কৈ উপাৰ্জন কৰে।

PHOTO • Shraddha Agarwal

ৰায়গড় জিলাৰ এখন মাছমৰীয়া গাঁও ৱাশ্বি হাভেলীৰ পৰা অহা কলি মাছমৰীয়াসকলে বাৰিষাৰ মাহকেইটাত ছাছুন ডকত কাম কৰে। বেছিভাগেই ঋতুকালীন বম্বিল (ব’ম্বে ডাক) মাছৰ কাৰণে তালৈ আহে। তেওঁলোকে পুৱা ৪ বজাৰ পৰা কাম আৰম্ভ কৰে আৰু আবেলি ২ বা ৩ বজাত সামৰে

দিলীপে কয়, “মে’ মাহৰ শেষৰ পৰা আগষ্টৰ প্ৰথম ভাগলৈকে সাগৰৰ গভীৰত মাছ ধৰা কাৰ্য নিষিদ্ধ, তথাপিও ইয়াত খাত বা ক্ৰিকত মাছ ধৰাৰ (দোল জালেৰে সৈতে) অনুমতি আছে। আমি এয়া বছৰ ধৰি কৰি আহিছোঁ। আমাৰ কোলাবা খাতটো বম্বিল (ব’ম্বে ডাক)ৰ বাবে বিখ্যাত আৰু এই মাছবিধ ইয়ালৈ কেৱল জুন আৰু জুলাইত আহে। আমাৰ ব’ম্বে ডাকৰ বাবে মহাৰাষ্ট্ৰৰ সৰু সৰু গাঁৱৰ পৰা মাছমৰীয়া ইয়ালৈ আহে। ২-৩ মাহৰ বাবে কোলাবা তেওঁলোকৰ ঘৰ হৈ পৰে। এয়া বৰ ভাল ব্যৱসায়।”

ছাছুন ডকত থকা সেই মাহকেইটাত ৱাশ্বি হাভেলী গাঁৱৰ প্ৰিয়ল দুৰি আৰু অন্য মাছমৰীয়াসকলে শতকৰা ভিত্তিত কাম কৰে। তেওঁ কয়, “এদিনত মাছ ধৰি যি লাভ হয় তাৰ আধা নাৱৰ গৰাকীলৈ যায় আৰু বাকীখিনি আমাৰ মাজত ভাগ হয়।” যোৱা বছৰ তিনিমাহৰ ভিতৰতে প্ৰিয়লৰ দেউতাকৰ ক’ভিডত আৰু মাকৰ লিউকেমিয়াত মৃত্যু হয়। ২৭ বছৰীয়া প্ৰিয়লে প্ৰায় ১০ বছৰ মাছ ধৰি আহিছে। মাকৰ চিকিৎসাৰ বাবে যথেষ্ট টকা-পইচাৰ দৰকাৰ হোৱাৰ বাবে তেওঁ দ্বাদশ শ্ৰেণীৰ পঢ়া সম্পূৰ্ণ কৰিব নোৱাৰিলে।

“বাৰিষাৰ সময়ছোৱাত আমি দিনে প্ৰায় ৭০০ টকাকৈ উপাৰ্জন কৰোঁ, কিন্তু যোৱা বছৰ আমি দৈনিক মাত্ৰ ৫০ টকাহে পাইছিলোঁ। ক’ভিডৰ বাবে আমি সম্পূৰ্ণ এটা বছৰ ঘৰত বহি থাকিবলগীয়া হৈছিল,” তেওঁ কয়। কাম নথকাৰ বাবে ২০২০ৰ মে’ মাহলৈ ৱাশ্বি হাভেলীৰ মাছমৰীয়াসকল আৰু তেওঁলোকৰ পৰিয়ালৰ হাতত ৰেচনো নোহোৱা হৈ পৰিছিল।“ওচৰে-পাঁজৰে খাতত ধৰা মাছবোৰকে যিমান পাৰি ধৰি আমি খাইছিলোঁ। কিন্তু ঘূৰ্ণীবতাহ (নিসৰ্গ)ৰ পাছত আমি কোনোমতেহে খাদ্য আৰু পানী যোগাৰ কৰিব পাৰিছিলোঁ। এইটো বছৰেই (২০২০) আছিল আমি দেখা আটাইতকৈ বেয়া বছৰ,” প্ৰিয়লে কয়।

২০২০ৰ ৩ জুনত ঘূৰ্ণীবতাহ নিসৰ্গই মহাৰাষ্ট্ৰৰ উপকূলীয় জিলাসমূহ জোকাৰি গৈছিল। “এমাহ ধৰি আমাৰ বিদ্যুতৰ আৰু ফোনৰ সংযোগ নাছিল। আমাৰ ঘৰবোৰ সম্পূৰ্ণৰূপে ধ্বংস হৈছিল আৰু আমি চৰকাৰৰ পৰা কোনো ক্ষতিপূৰণো পোৱা নাছিলো,” প্ৰিয়লে কয়। তেওঁ ঘৰটো পুনৰ নিৰ্মাণ কৰিবলৈ বন্ধুৰ পৰা ৪০,০০০ টকা ধাৰলৈ ল’বলগীয়া হৈছিল। ঘৰটোত এতিয়া তেওঁ আৰু তেওঁৰ ককায়েক চন্দ্ৰকান্ত (এগৰাকী মাছমৰীয়া) থাকে।

Dilip Koli holding a crab: “During a crisis, farmers at least get some compensation from the government. But fishermen don’t get anything even though farmers and fishermen are both like brothers.”
PHOTO • Shraddha Agarwal
Dilip Koli holding a crab: “During a crisis, farmers at least get some compensation from the government. But fishermen don’t get anything even though farmers and fishermen are both like brothers.”
PHOTO • Shraddha Agarwal

দিলীপ কলিয়ে এটা কেঁকোৰা ধৰিছেঃ 'সংকটৰ সময়ত অন্ততঃ কৃষকসকলে চৰকাৰৰ পৰা কিছু হ’লেও ক্ষতিপূৰণ লাভ কৰে। কিন্তু মাছমৰীয়া আৰু কৃষকসকল ভাতৃৰ দৰে হোৱা স্বত্বেও মাছমৰীয়াসকলে একোৱেই নাপায়'

২০২১ চনৰ ১৪ মে’ত টওক্টে ঘূৰ্ণিবতাহ আহিছিল। “খুব বেছিকৈ অহা জোৱাৰত আমাৰ নাওবোৰ ধ্বংস হৈছিল। আমাৰ লাখ টকাৰ লোকচান হৈছিল। চৰকাৰে আমাক কেইহাজাৰমান টকা দিও সহায় নকৰিলে। মাছমৰীয়াসকলৰ এতিয়াও খং আছে (এই বিষয় লৈ),” দিলীপ কলিয়ে কয়। তেওঁৰ তিনিজন পুত্ৰও মাছমৰীয়া, আনহাতে তেওঁৰ পত্নী ৪৯ বছৰীয়া ভাৰতীয়ে ছাছুন ডকত পাইকাৰী ক্ৰেতাক মাছ বিক্ৰী কৰে (এয়া চাওঁকঃ কলি মহিলাৰ গাথা: মাছ, বন্ধুত্ব আৰু অদম্য উদ্যম ) । “তেওঁলোকে আমাৰ কলি সম্প্ৰদায়ৰ মাছমৰীয়াসকলৰ বাবে কেতিয়াও একোৱেই কৰা নাই,” তেওঁ আকৌ কয়, “কিন্তু সেই ঘূৰ্ণিবতাহবোৰ অহাৰ সময়ত আমি সম্পূৰ্ণ ক্ষতিপূৰণ পাব লাগিছিল।”

এই বিপৰ্যয়বোৰৰ লগতে মাছ ধৰাৰ পৰিমাণো নিয়মীয়া হাৰত হ্ৰাস পাইছে। “আমি ডেকা হৈ থাকোঁতে মাছৰ মূল্য কম আছিল, কিন্তু ডিজেলৰ মূল্যও (নাৱৰ বাবে) এক লিটাৰত ২০ টকাহে আছিল। এতিয়া ডিজেলৰ মূল্য বাঢ়ি গৈ এক লিটাৰত প্ৰায় ১০০ টকা হ’লগৈ আৰু মাছ ধৰাটো কমি আহিল,” দিলীপে কয়।

মাছমৰীয়াসকলৰ জালত কেতিয়াবাহে সুৰমাই, ৰূপছন্দা আৰু ছাৰ্ডিনৰ দৰে জনপ্ৰিয় মাছবোৰ উঠে, তেওঁ কয়। কেন্দ্ৰীয় সামুদ্ৰিক মীনমহল গৱেষণা প্ৰতিষ্ঠানৰ তথ্য অনুসৰি, ২০১৯ চনত আগৰ বছৰৰ তুলনাত মহাৰাষ্ট্ৰৰ উপকূল অঞ্চলত মাছ ধৰাৰ পৰিমাণ ৩২ শতাংশ হ্ৰাস পাইছিল। প্ৰতিবেদনটোৱে সেই বছৰটোত ভাৰতত হোৱা ঘূৰ্ণিবতাহেই ইয়াৰ কাৰণ বুলি উল্লেখ কৰে। সেইসমূহৰ ভিতৰত ছটা ঘূৰ্ণিবতাহ আছিল যথেষ্ট বিপৰ্যয় সৃষ্টিকাৰী।

“আমাৰ জীৱিকা সম্পূৰ্ণৰূপে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল,” দিলীপে কয়। “প্ৰকৃতি যদি আমাৰ বাবে অনুকূল নহয়, আমি আমাৰ কাম আৰু জীৱন দুয়োটাই হেৰুৱাম।”

আৰু ইয়াৰ পিছতে, ক’ভিড-১৯ অতিমাৰী অহাৰ লগে লগে ছাছুন ডকৰ এই মাছমৰীয়াসকলে সেই ধুমুহাৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিছে।

PHOTO • Shraddha Agarwal

বাৰিষাৰ মাহকেইটাত মাছমৰীয়াসকলে মাছ ধৰিবলৈ ৪০ মিনিট অহা -যোৱা কৰি প্ৰায় ৪০০-৫০০ কিলোগ্ৰাম মাছ ধৰে আৰু ১০-১২ ঘণ্টাত তেনেদৰে কেইবাবাৰো অহা-যোৱা কৰে


PHOTO • Shraddha Agarwal

মাছমৰীয়াসকলে কয় , জেলীফিশ্ববোৰ পালে তেওঁলোকে সাগৰত এৰি দিয়ে কাৰণ ভাৰতত এইবিধ প্ৰাণী কোনেও নাখায় বুলিয়েই ক’ব পাৰি


PHOTO • Shraddha Agarwal

১০ বছৰৰো অধিককাল মাছ ধৰি অহা ৩৪ বছৰীয়া ৰামনাথ কলিয়ে জালত লগা এডাল সাপ ধৰিছে “আমি দিনে-ৰাতিয়ে কাম কৰিবলগীয়া হয় আমাৰ কামৰ কোনো নিৰ্দিষ্ট সময় নাই আৰু উপাৰ্জনো নিৰ্দিষ্ট নহয় ,” তেওঁ কয়


PHOTO • Shraddha Agarwal

৪৯ বছৰীয়া নাৰায়ণ পাটিলৰ তিনিজনী জীয়েক আৰু ৱাশ্বি হাভেলী গাঁৱৰ স্থানীয় জিলা পৰিষদ বিদ্যালয়ত পঢ়ি থকা এজন পুত্ৰ আছে , তেওঁৰ পত্নীয়ে ঘৰখন পৰিচালনা কৰে পাটিলে প্ৰায় ২০ বছৰ ধৰি মাছ ধৰি আহিছে তেওঁ কয় , 'মই কেতিয়াও মোৰ সন্তান এই ব্যৱসায়ত জড়িত হোৱাটো নিবিচাৰোঁ'


PHOTO • Shraddha Agarwal

মাছমৰীয়াসকলে সাগৰত ডাঙৰ মাছ বিচাৰি আগবাঢ়িছে


PHOTO • Shraddha Agarwal

ৰামনাথ কলিয়ে সাগৰৰ তলিলৈ ডুব মাৰিছে আৰু জালখন আধাভাগত ভাগ কৰি লৈছে যাতে মাছৰ ওজন সমানে ভাগ হয় আৰু তেতিয়া জালখন নাৱলৈ পুনৰ তুলি অনাটো সহজ হ ’ব


PHOTO • Shraddha Agarwal

পানীৰ পৰা জালখন নাৱলৈ পুনৰ টানি তুলি আনোতে তেওঁলোকৰ সমস্ত শক্তিৰ প্ৰয়োজন হৈছে


PHOTO • Shraddha Agarwal

নাওখনৰ এটা চুকত তেওঁলোকে জালৰপৰা মাছবোৰ খালি কৰিছে


PHOTO • Shraddha Agarwal

দুজন সৰু ল ’ৰা উঠি যোৱা পাৰ হৈ যোৱা অন্য এখন নাৱৰ পৰা মাছমৰীয়াসকলক অভিবাদন জনাইছে


PHOTO • Shraddha Agarwal

পাৰৰ পৰা ওচৰতে সাগৰলৈ এবাৰ অহা -যোৱা কৰোঁতে ৪০ মিনিট লাগে নাওখন জেটিলৈ উভতি অহাৰ লগে লগে কেইজনমান মাছমৰীয়াই ক্ৰেতাসকল ৰৈ থকা নাও পাৰত লগা অংশলৈ জাঁপ মাৰি আহে আৰু নাওখনত থকা অন্য মাছমৰীয়া সকললৈ ডাঙৰ প্লাষ্টিকৰ পাচিবোৰ পাৰ কৰি দিবলৈ আৰম্ভ কৰে


PHOTO • Shraddha Agarwal

২৬ বছৰীয়া গৌৰৱ কলিয়ে কয় , তেওঁ সদায় মাছমৰীয়া হ’ব বিচাৰিছিল তেওঁ দ্বাদশ শ্ৰেণীলৈকে পঢ়িছিল আৰু তেতিয়াৰ পৰাই দেউতাক দিলীপ কলিৰ সৈতে কাম কৰি আহিছে


PHOTO • Shraddha Agarwal

১৯ বছৰীয়া হৰ্ষদ কলি (সন্মুখৰ ফালে হালধীয়া টি-শ্বাৰ্ট পিন্ধি থকাজন)য়ে তিনিবছৰৰ আগতে দশম শ্ৰেণীৰ পঢ়া সম্পূৰ্ণ কৰিলে আৰু তেতিয়াৰ পৰা মাছ ধৰা কাম আহিছে ৱাশ্বি হাভেলী গাঁৱত তেওঁৰ পৰিয়ালটোৰ এখন নাও আছে , কিন্তু তেওঁ কয়, 'তাত গ্ৰাহক নাই, সেয়ে মই ইয়াত (মুম্বাইত) কাম কৰিবলৈ আহিছোঁ'


PHOTO • Shraddha Agarwal

মাছ কঢ়িয়াই অনা নাওবোৰলৈ জেটিত ক্ৰেতা আৰু নিলাম কৰোঁতাসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে


PHOTO • Shraddha Agarwal

মাছ বিক্ৰেতাসকলে বৰফত সংৰক্ষণ কৰি ৰখা বিভিন্ন প্ৰকাৰৰ মাছ


PHOTO • Shraddha Agarwal

কোনো কোনো মাছ বিক্ৰেতা পাইকাৰী ক্ৰেতাৰ সন্ধানত পালঘৰ জিলাৰ পৰা আহে


PHOTO • Shraddha Agarwal

ছাছুন ডকৰ এক মুকলি স্থানত মাছমৰীয়া মহিলাসকলে ৰ ’দত শুকুৱাবলৈ সতেজ কলিমবোৰ (সৰু মিছামাছ) মেলি দিছে


PHOTO • Shraddha Agarwal

মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ পৰা দক্ষ শ্ৰমিকসকলে মুম্বাইৰ ছাছুন ডকলৈ মাছ ধৰা জাল মেৰামতি কৰিবলৈ আহে আৰু দিনে ৫০০ -৬০০ টকা উপাৰ্জন কৰে


PHOTO • Shraddha Agarwal

’ভিড-১৯ অতিমাৰী অহাৰ আগতে, পুৱা ৪ বজাত ছাছুন ডক মাছমৰীয়া, মাছ বিক্ৰেতা, নাৱৰীয়া আৰু অন্যান্য শ্ৰমিকেৰে ভৰি পৰিছিল ২০২০ৰ মাৰ্চত আৰম্ভ হোৱা লকডাউনৰ পিছৰ পৰা এই ভিৰ খুব কমেইহে দেখিবলৈ পোৱা গৈছে


অনুবাদ: বন্যা বৰুৱা

Shraddha Agarwal

Shraddha Agarwal is a Reporter and Content Editor at the People’s Archive of Rural India.

यांचे इतर लिखाण Shraddha Agarwal
Translator : Bonya Baruah

Bonya Baruah is a freelance journalist and language expert based in Mumbai. She has been a recipient of many prestigious fellowships including UNICEF Media Fellowship, ZUBAAN-Sasakawa Peace Fellowship, Assam govt. media fellowship and Assam Science Technology and Environment Council Climate Change Reporting fellowship. Her areas of interest are women and gender, environment, human rights and development journalism.

यांचे इतर लिखाण Bonya Baruah