চংগা খেতি কৰু কাছি, কৰু কাছি?
পটাছি খালগি ভাৰু কাছি, ভাৰু কাছি...?
কোৱা কেনেকৈ কৰোঁ মই খেতি? কেনেকৈ কৰোঁ কোৱা?
কেনেকৈ পেট পোহো কোৱা? কেনেকৈ কোৱা?



চংগা খেতি কৰু কাছি, কৰু কাছি?
পটাছি খালগি ভাৰু কাছি, ভাৰু কাছি...?
কোৱা কেনেকৈ কৰোঁ মই খেতি? কেনেকৈ কৰোঁ কোৱা?
কেনেকৈ পেট পোহো কোৱা? কেনেকৈ কোৱা?
বিলাই-বিপত্তিৰ সীমা নোহোৱা ভাৰতীয় কৃষকৰ মনলৈ সততে আহে এইকেইটা প্ৰশ্ন। কিন্তু গোটেই পৃথিৱীখনক অন্নৰ যোগান ধৰা এইসকলৰ কথা শুনিব কোনে? গায়ক আৰু গীতিকাৰ অজিত শেলকেয়ে সোধে।
‘খেতিয়কে কেনেদৰে মুৰৰ ঘাম মাটিত পেলাই খেতি কৰে আৰু তাৰ পাছত শস্যৰ উচিত মূল্য বিচাৰি হাবাথুৰি খায় সেয়া মই নিজ চকুৰে দেখিছোঁ। নূন্যতম সমৰ্থন মূল্য আৰু ঋণ ৰেহাইৰ প্ৰতিশ্ৰুতি কেৱল ৰাজনৈতিক উদ্দেশ্যতহে ব্যৱহৃত হয়,’ ২২ বৰ্ষীয় মহৰাষ্ট্ৰৰ সোলাপুৰ জিলাৰ বৰ্ষি চহৰৰ এখন অভিযান্ত্ৰিক মহাবিদ্যালয়ত পঢ়া অজিত শেলকেয়ে কয়।

ওছমানাবাদ জিলাৰ কালাম্বা তালুকৰ শেলকা-ধানোৰা গাঁৱত অজিতৰ পৰিয়ালৰ আঠ একৰ মাটি আছে। তাতে তেওঁলোকে ছয়াবিন আৰু দাইলৰ খেতি কৰে। বৰষুণ ভাল হ’লে তেওঁলোকে কুঁহিয়াৰৰ খেতিও কৰে। ‘আমাৰ শিক্ষাৰ কাৰণে মোৰ দেউতাই লোৱা ঋণ পৰিশোধ কৰিবলৈ কৰা সংগ্ৰাম মই দেখিছো,’ তেওঁ কয়। ‘বহু বছৰলৈ আমি অভাৱ-অনাটনত দিন কটাবলগীয়া হৈছিল।’
চহৰত থকা বহুতৰেই গাঁৱৰ কৃষকৰ সংগ্ৰামৰ প্ৰতি সহমৰ্মিতা নাই, তেওঁ কয়। ‘বজাৰত মানুহে দুখীয়া-নিচলাৰ লগত পাচলিৰ দৰদাম কৰি থাকে। কিন্তু সেই একেই মানুহে ডাঙৰ ডাঙৰ শ্বপিং মলত দৰদাম নকৰাকৈ ব্যয়বহুল সা-সামগ্ৰী কিনে।’
এই ভিডিঅ’টোৰ প্ৰডিউচাৰ চেতন গৰুড়ে মাৰাঠী মনোৰঞ্জনমূলক টিভি চেনেলত ১০ বছৰ ধৰি কাম কৰিছে। কিছু বছৰ আগতে তেওঁ নিজাকৈ প্ৰডাক্সন গৃহ প্ৰতিস্থা কৰিছে আৰু গাঁৱৰ যুৱ শিল্পীক কাম কৰাৰ সুযোগ দি আহিছে। চেতনৰ পৰিয়ালটোৰ জীৱিকাও খেতি।
सांगा शेती करु कशी?
जनता सारी झोपली का?
शेतकऱ्यावर कोपली का?
आत्महत्येची कारणे त्याच्या
सांगा तुम्ही शोधली का?
शोभली का तुम्हाला
भाकरी त्याचा कष्टाची?
दोन रूपयाच्या भाजीसाठी
वाद केला त्याच्याशी
चार घोट पानी पिऊन
खेटर घेतलं उशाशी
पोशिंदा तो जगाचा
आज झोपला रं उपाशी
सांगा शेती करु कशी?
करु कशी?
पोटाची खळगी भरु कशी?
भरु कशी?
कांद्याला भाव नाय
उसाला भाव नाय
तुरीला भाव नाय
खाऊ काय?
आलेल्या पैश्यात
उधारी दिली मी
सावकाराला देऊ काय?
पोराच्या शाळेची
फीस नाय भरली
पोराला घरीच
ठेवू काय?
एकच दिसतो
पर्याय आता
गळ्याला फास मी
लावू काय?
व्यापाऱ्याची मनमानी
सरकारची आणीबाणी
शान के साथ यांचा थाट
कष्टकऱ्याच्या डोळ्यात पानी
पानी कसं शेताला देऊ
वीज दिली रात्रीची
रात्रीच्या त्या काळोखात
भीती विंचू सापाची
सांगा शेती करु कशी?
करु कशी?
पोटाची खळगी भरु कशी?
भरु कशी?
मेहनत करुन पिकवलेल्या
मालाला आमच्या कमी भाव
सरकार जरी बदललं तरी
कागदावरच हमी भाव
भेगा पडल्या धरणीमायला
दुष्काळी झाली परिस्थिती
सर्वे, दौरे खोटे सगळे
प्रचारासाठीची उपस्थिती
जिवाच्या पल्याड जपलेली
माझी सर्जा-राजा उपाशी
उपाशी त्यांना ठेऊन सांगा
भाकरी मी खाऊ कशी
प्रश्न माझा, उत्तर द्या
सांगा शेती करु कशी?
सांगा शेती करु कशी?
करु कशी?
पोटाची खळगी भरु कशी?
भरु कशी?
কেনেকৈ খেতি কৰোঁ মোক কোৱা
মানুহবোৰ কি শুই আছে?
সিহঁতে কি খেতিয়কৰ ওপৰত খং কৰিছে?
তেওঁ কিয় আত্মহত্যা কৰিলে তাৰ কাৰণ
আপুনি খুঁচৰি চাইছে?
আপোনাক শোভা পাইছিল?
যেতিয়া আপুনি তেওঁৰ কষ্টোপাৰ্জিত ভাত কাঢ়ি খাইছিল
যেতিয়া দুটকাৰ পাচলিতো আপুনি দৰদাম কৰিছিল।
চাৰি ঢোক পানী খাই
চেন্দেলতে মুৰ থৈ জীৰাই
কেনেকৈ মই মোৰ পেট পোহো?
কেনেকৈ কোৱা?
কেনেকৈ মই খেতি কৰোঁ কোৱা?
কেনেকৈ কোৱা?
কেনেকৈ মই মোৰ পেট পোহো?
কেনেকৈ কোৱা?
পিয়াজৰ দাম নাপায়
কুঁহিয়াৰৰো দাম নাপায়
দাইল পানীৰ দামত যায়
কোৱা কি খোৱা যায়?
যি দুটকা উপাৰ্জন কৰোঁ
তাকো ঋণ শুজো
সুদখোৰক দিও ক’ৰ পৰা?
মোৰ ল’ৰাৰ স্কুলৰ মাচুল
দিয়া নাই মই এতিয়াও
তাক স্কুলৰ পৰা উলিয়াই আনি
ঘৰতে ৰাখো নেকি?
এটাই বিকল্প
এতিয়া দেখিছো মই
চিপজৰী লগাওঁ নে মই?
বেপাৰীৰ মনমানি
চৰকাৰৰ লৰালৰি
সিহঁতৰ বিলাসী জীৱন
খেতিয়কৰ চকুত পানী
কেনেকৈ খেতিত পানী দিও?
বিজুলী ৰাতিহে আহে
ৰাতিৰ আন্ধাৰত
সাপ আৰু বৃশ্চিকৰ ভয়ত আমাৰ জীৱন
কোৱা, কেনেকৈ কৰোঁ মই খেতি?
কেনেকৈ কোৱা?
কেনেকৈ মই মোৰ পেট পোহো?
কেনেকৈ কোৱা?
কঠোৰ পৰিশ্ৰমত আমাৰ জন্ম
আমাৰ শস্যৰ দাম নাপাও
চৰকাৰ সলনি হ’লেও
এমএছপি কেৱল কাগজে-কলমে ৰয়
মা ধৰিত্ৰী শুকাই গৈছে
সকলোতে খৰাঙে পাইছে
সমীক্ষা, সাক্ষাৎ আদিবোৰ
কেৱল নিৰ্বাচনী প্ৰচাৰ
নিজৰ জীৱনত কৈও বেছি যাৰ আমি যত্ন লওঁ
মোৰ সৰজা-ৰাজা আজি উপবাসে
কোৱা সিহঁতক ভোক ৰাখি
মই কেনেকৈ ভাখৰি খাওঁ
এয়াই মোৰ প্ৰশ্ন
মোক উত্তৰ লাগে
কোৱা কেনেকৈ কৰোঁ মই খেতি?
কোৱা, কেনেকৈ কৰোঁ মই খেতি?
কেনেকৈ কোৱা?
কেনেকৈ মই মোৰ পেট পোহো?
কেনেকৈ কোৱা?
এই গানটোৰ ইউটিউব পেজত এনেদৰে লিখা আছেঃ या गीताचा (शेतकऱ्यांच्या भावनांचा) वापर कुठल्याही राजकीय पक्षाने स्वतःच्या हितासाठी करु नये (এই গীত আৰু কৃষকৰ মনৰ ভাৱক ৰাজনৈতিক দলে নিজৰ মুনাফাৰ বাবে ব্যৱহাৰ নকৰা উচিত।)
এই ভিডিঅ’টো শিল্পী ৰেপবছ (অজিত শেলকে) আৰু প্ৰডিউচাৰ চেতন গৰুড় প্ৰডাক্সনচৰ চেতন গৰুড়ৰ অনুমতি সাপেক্ষে প্ৰকাশ কৰা হৈছে।
প্ৰচ্ছদ আলোকচিত্ৰঃ পুৰোষোত্তম ঠাকুৰ/ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়া।
Want to republish this article? Please write to [email protected] with a cc to [email protected]
All donors will be entitled to tax exemptions under Section-80G of the Income Tax Act. Please double check your email address before submitting.
PARI - People's Archive of Rural India
ruralindiaonline.org
https://ruralindiaonline.org/articles/মাৰাঠী-ৰেপ-গীতঃ-কোৱা-কেনেকৈ-কৰোঁ-মই-খেতি